মনৰ কথাঃ গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতা:: শৈলেন বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতা:: শৈলেন বৰুৱা

মনৰ কথাঃ গাড়ী চালকৰ ৰূপত আপুনি লব লগা সাৱধানতা:: শৈলেন বৰুৱা

Share This
সিদিনা শিৱসাগৰত দিখৌ নৈত পৰি এটা পৰিয়াল সন্ধানহীন হোৱা মৰ্মন্তুদ ঘটনাটোৱে সৰু গাড়ী চলোৱা আমাৰ দৰে মানুহবোৰলৈ কেইবাটাও "শিক্ষা" এৰি গ'ল ৷ আমি নিজে গাড়ী ঠিকেই চলাওঁ বুলি ভাবো যদিও আমাৰ দৃষ্টিত তলৰ কথাকেইটা জানি থোৱা ভাল ৷ 

১. মাৰুতি, হুণ্ডাই আদি কোম্পানীৰ সৰু যিবোৰ গাড়ী আমি ব্যক্তিগত বাহনৰূপে চলাও সেইবোৰ গাড়ীৰ আগ চকাযোৰে গাড়ীখন টানি নিয়ে (Front Wheel driven) ৷ ইঞ্জিনটো আগফালে থকা বাবে আগ চকাযোৰে গাড়ীখন আগলৈ টানি নিয়ে ৷ সেয়ে ঠেক ঠাইত গাড়ীখন ঘূৰাব মেলিব লগা হলে সদায় আগচকাযোৰ নিপিচলা ঠাইৰ পৰা যাতে কিঞ্চিতমানো আঁতৰিব নোৱাৰে তাৰবাবে সচেতন হব লাগে ৷ বৰষুণীয়া বতৰত সৰু পথত গাড়ী ঘূৰাব লগা হলে আগচকাযোৰ পথৰ পীটচ বা শিলগুটি দিয়া অংশৰ পৰা যাতে বননি নাপাইগৈ তাৰ বাবে সচেতন হোৱা প্ৰয়োজন ৷ কাৰণ পীটচ বা শিলগুটি দিয়া অংশতহে চকাযোৰে ভালদৰে খোপনি লব পাৰে ৷ বৰষুণীয়া বতৰত বননিত গাড়ীৰ চকা পিচলি যোৱাৰ আশংকা অধিক আৰু তেনে সময়ত ব্ৰেক মাৰিলেও গাড়ীৰ ওজনে গাড়ীখন দ ফাললৈ টানি নিয়ে ৷

২. বনভোজলৈ গলে নদীৰ পাৰৰ বলুকাত গাড়ী ফচি যোৱাটো এক সাধাৰণ ঘটনা ৷ এনে সময়ত যিমানেই গাড়ীখন আগুৱাই উলিয়াবলৈ যত্ন কৰা যায়, সিমানেই আগ চকাযোৰ বালিত সোমাই গৈ থাকে ৷ ফলত একেঠাইতে চকা ঘূৰি থাকিলেও গাড়ী অকণো আগ নাবাঢ়ে ৷ এনে সময়ত আগুওৱাৰ চিন্তা পৰিহাৰ কৰি গাড়ী পিছুৱাই উলিয়াই আনিব পাৰি ৷ তেনে কৰিলে ইঞ্জিনটোৱে গাড়ীখন নাটানে, পিছৰ পৰা থেলেহে ৷ টনাত যিমান জোৰ লাগে তাতকৈ ইঞ্জিনে থেলিবলৈ ভাল পায় ৷ তাৰ আগতে আগ চকাযোৰ যাতে সুকলমে পিছুৱাব পাৰে তাৰ বাবে চকাৰ জোখত হাতেৰে বালি আঁতৰাই লীক দুটা বনাই লব লাগে ৷ 

৩. গাড়ীৰ চাৰিওখন খিৰিকি আজিকালি বুটাম টিপি উঠোৱা নমোৱা (Power windows) কৰিব পাৰি ৷ কিন্তু বিপদৰ সময়ত এই কথাটো পাহৰি যাব পাৰে বা বুটামে কাম নকৰিব পাৰে ৷ কাৰণ ষ্টাৰ্ট বন্ধ হৈ গলে বুটামে কাম নকৰে ৷ সেয়ে পৰাপক্ষত পিছৰ দুখন খিৰিকি হাতেৰে ঘূৰাই উঠোৱা নমোৱা ব্যৱস্থা কৰি লব লাগে ৷ আচম্বিতে গাড়ী পানীত পৰিলে দুৱাৰ খোলাৰ বৃথা চেষ্টা নকৰাই ভাল ৷ কাৰণ পানীৰ হেঁচাত দুৱাৰ খুলিব নোৱাৰি ৷ তেনে সময়ত পিছৰ খিৰিকিৰ হেণ্ডেল ঘূৰাই নমাই খিৰিকিৰে বাহিৰ ওলাব পাৰি ৷ অথবা গাড়ীৰ ছীটৰ ওপৰত থকা হেড ৰেষ্ট খুলি ললে তাত দুডাল ৰড থাকে ৷ সেই ৰডৰ আগটো জোঙা ৷ সেই ৰডেৰে খিৰিকীত আঘাত কৰি আইনা ভাঙিব পাৰি ৷ কিছুমান গাড়ীত কিন্তু হেড ৰেষ্ট নাথাকে ৷ মনত ৰখা ভাল যে খিৰিকিৰ কিছুমান আইনা প্ৰকৃততে গ্লাছৰ নহয় ৷ প্লাষ্টিক জাতীয় সামগ্ৰীৰ ৷ তেনে প্লাষ্টিকৰ আইনা যথেষ্ট বল প্ৰয়োগ কৰিলেও ভাঙিব পৰা নাযায় ৷ সেয়ে নিজৰ গাড়ীৰ খিৰিকি গ্লাছৰ নে প্লাষ্টিকৰ সেইটো সকলোৱে জানি থব লাগে ৷

৪. ঘৰত শিশু থাকিলে, গাড়ী লৈ ওলোৱা সোমোৱা কৰা সময়ত শিশুটি যাতে ডাঙৰ মানুহৰ কব্জাত/নিয়ন্ত্ৰণত থাকে সেইটো নিশ্চিত হৈ লব লাগে ৷ নহলে পিতৃ মাতৃক গাড়ীত দেখিলে শিশুৱে সাউৎকৈ চোতাললৈ আহি যাব পাৰে ৷

৫. পথত আগে আগে গৈ থকা গাড়ীখনলৈ যিদৰে নজৰ দিয়ে, ঠিক একেদৰে পিছে পিছে আহি থকা বাহনৰ 'মটিভ' বুজিবলৈ চেষ্টা কৰিব লাগে ৷ 

৬. হাইৱেত ঘনে ঘনে গাড়ীৰ পিছলৈ চোৱা আইনাত চাই পিছৰ পৰা কিবা আহিছে নেকি বুজ লৈ থাকিব লাগে ৷ 

৭. সন্মুখৰ পৰা যদি বাণিজ্যিক বাহন যেনে বাছ, ট্ৰাক, ট্ৰেভেলাৰ, ডাম্পাৰ আদি আহে তেন্তে তেওঁলোকক সন্মান সহকাৰে পথৰ বেছি অংশ এৰি দিয়া ভাল ৷ প্ৰয়োজনত নিজৰ গাড়ীৰ বাওঁ চকা পীটছৰ পৰা নমাই দিয়াটো আৰু ভাল ৷ 

৮. বাণিজ্যিক বাহনক অতিক্ৰম কৰি যাব লগীয়া হলে পোন পথত অতিক্ৰম কৰিব লাগে আৰু এনে সময়ত সন্মুখৰ পৰা অহা গাড়ী যথেষ্ট দূৰত থাকিলেহে অতিক্ৰম কৰা উচিৎ ৷

৯. চিনাকী ঠাই বা নগৰত মূল পথেৰে গাড়ী চলাই গলে উপপথ পোৱাৰ সময়ত সোভৰি ব্ৰেকত ৰখা ভাল ৷ কেতিয়াবা উপপথে কোনোবা ভুটুংকৈ সন্মুখত ওলাই দিয়ে ৷ একে পন্থা অৱলম্বন কৰিব লাগে উপপথেৰে আহি মূল পথ পোৱাৰ সময়তো ৷

১০. দূৰ যাত্ৰাত যোৱাৰ আগেয়ে সদায় গাড়ী চেক কৰি লব লাগে ৷ বিশেষকৈ ইঞ্জিনৰ কাষত থকা কুলেন্ট (Coolant) নামৰ সেউজীয়া জুলীয়া পদাৰ্থবিধ পৰ্যাপ্ত নাথাকিলে আদবাটত গাড়ীৰ ষ্টাৰ্ট হঠাতে বন্ধ হৈ যাব পাৰে ৷ 

১১. পথত যদি একাঁঠুমান পানী থকা অংশ দেখে তেন্তে গাড়ী চিধাই পানীত নমাই দিব নালাগে ৷ উত্তপ্ত ইঞ্জিনত হঠাত পানী লাগিলে ইঞ্জিন ফাটি যোৱাৰ আশংকা থাকে ৷ 

১২. গাড়ী চলাই গৈ থকাৰ সময়ত যদি সন্মুখত স্কুল বাছ বা ভান ৰখোৱা দেখে তেন্তে নিজৰ গাড়ীৰ স্পীড কমাই ব্ৰেকত ভৰি থব লাগে ৷ কাৰণ স্কুল বাছ পথৰ যিফালেই নাৰাখক কিয় বাছ বা ভানৰ পৰা নমা কিশোৰ ছাত্ৰই দৌৰ মাৰি পথ পাৰ হব বিচাৰে ৷ ঘৰ গৈ পোৱাৰ উলাহত কিশোৰ বয়সৰ ছাত্ৰৰ এয়া মনস্তত্ব ৷

১৩. গাড়ীৰ চালকৰ আসনত বহি আপুনি GPS চাই গাড়ী চলাই নেকি৷ যদি আপুনি অভিজ্ঞ নহয়, GPS ব্যৱহাৰ নকৰিব পাৰে বা সন্মুখৰ ছীটত বহা আনজনক GPS চাই নিৰ্দেশনা মুখেৰে দিবলৈ কওক৷ GPS চাই চাই গাড়ী চলালে হয় আপোনাৰ গাড়ী কব নোৱাৰাকৈ পথৰ মাজলৈ আহি যাব পাৰে, নহয় গাড়ী পথৰ পৰা কাষলৈ নামি যাব পাৰে ৷ 

১৪. বৰষুণীয়া বতৰত সন্মুখৰ আইনাৰ ধোঁৱা- কোৱা আঁতৰাবলৈ এ চি ব্যৱহাৰ কৰিব পাৰে, নতুবা আগফালৰ দুয়োখন খিৰিকি ১ ছেণ্টিমিটাৰ মানকৈ খুলি ৰাখিব পাৰে ৷

১৫, দূৰ যাত্ৰা কৰিবলৈ হলে ভাত খোৱাৰ এঘণ্টা মানৰ পিছতহে যাত্ৰা কৰা উচিৎ ৷ ভাত খোৱাৰ পিছতে গাড়ী চলালে, গাত বতাহ লাগিলে বহুতৰে টোপনি আহি যায় ৷

১৬. পথত গাহৰি আৰু হাঁহ দেখিলে গাড়ী ৰখাই দিয়াৰ সিদ্ধান্তই উত্তম৷ সন্মুখত কুকুৰ দেখি খুন্দিয়াম বুলি ভাবিলেও কুকুৰ বাচি যায়, ঠাইতে ঘূৰিব পৰা জন্তু বাবে ৷ কিন্তু হাঁহ আৰু গাহৰিয়ে নিজা গতি পৰিৱৰ্তন কৰিব নোৱাৰে বা এই দুই জীৱৰ নিজৰে ব্ৰেক নাই ৷

অন্ততঃ এই কেইটা দিশত চালকৰ আসনত বহি সাৱধানতা অৱলম্বন কৰিলে, বহুতো দুৰ্ঘটনাৰ সম্ভাৱনাৰ পৰা বাচিব পৰা যাব বুলি আমাৰ দৃঢ় বিশ্বাস। 

No comments:

Post a Comment