প্ৰৱন্ধঃ ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ":: মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰৱন্ধঃ ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ":: মণিকংকনা দাস

প্ৰৱন্ধঃ ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ":: মণিকংকনা দাস

Share This
ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ", RANA AYUB, THE GUJRAT FILES, MODI, SHAH
ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ"
মণিকংকনা দাস
ৰাণা আয়ুব, যি গৰাকী নাৰীৰ কলমৰ শক্তিৰ বাবে গুজৰাটৰ গৃহমন্ত্ৰী হৈ থকা অৱস্থাত কাৰাগাৰলৈ যাবলগীয়া হৈছিল বিজেপিৰ একালৰৰ ৰাষ্ট্ৰীয় অধ্যক্ষ তথা বৰ্তমানৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইতিহাস লজ্জিত কৰি প্ৰথমবাৰৰ বাবে দেশৰ এগৰাকী গৃহমন্ত্ৰী ৰাওনা হৈছিল কাৰাগাৰ অভিমুখে। ২০০২ চনৰ সাম্প্রদায়িক সংঘৰ্ষৰ পৰৱৰ্তী সময়ত গুজৰাটত আৰক্ষীয়ে ভুৱা সংঘর্ষৰে কৰা হত্যাকাণ্ডক লৈ এগৰাকী সাংবাদিকে চলাইছিল লেখত ল'বলগীয়া এক অনুসন্ধান। 
ৰাণা আয়ুবৰ কলমৰ জীয়া ছবি "গুজৰাট ফাইলছ এনাট'মী অৱ এ ক'ভাৰ আপ", RANA AYUB, THE GUJRAT FILES, MODI, SHAH
নিচেই কম বয়সতে গুজৰাট কাণ্ডৰ বিশেষ দিশ উন্মোচনৰ বাবে ষ্টিং অপাৰেচন চলাই সকলােৰে দৃষ্টি আকর্ষণ কৰা এইগৰাকী সাংবাদিক হ'ল ৰাণা আয়ুব। এগৰাকী মহিলা সাংবাদিক হৈ ৰাণাই নিজৰ প্ৰাণ সংশয়ত পেলাই যি কাম কৰিছিল, তাক বহুতে মুকলিকৈ প্রশংসা নকৰিলেও তেওঁৰ সাহসৰ কথা অস্বীকাৰ কৰিব নিশ্চয় নোৱাৰে। বৰ্তমানে ফ্ৰী-লাঞ্চাৰ হিচাপে সাংবাদিকতা কৰি থকা ৰাণা যোৱা কিছু সময়ৰ পৰা সঘনে ছ'চিয়েল মিডিয়াত ট্ৰোলিংৰ বলি হৈ আহিছে৷ বলাৎকাৰ আৰু প্ৰাণৰ ভাবুকি পাইছে সময়ে সময়ে৷ মুঠতে বিভিন্ন ধৰণে মানসিক আতিশায্য চলোৱা হৈছে৷ ৰাণালৈ আহি থকা ভয় ভাবুকিক লৈ অতি শেহতীয়াকৈ উদ্বিগ্নতা ব্যক্ত কৰিছে ৰাষ্ট্ৰ সংঘয়ো৷ ‘গুজৰাট ফাইলছ : এনাট'মী অৱ এ ক'ভাৰ আপ'। 

ৰাণা আয়ুবৰ এই কিতাপখন প্রকাশ পাইছিল ২০১৬ বৰ্ষত৷ প্ৰকাশৰ পাছতে বিক্ৰীৰ অভিলেখ সৃষ্টি কৰা কিতাপখন আছিল গুজৰাটৰ সাম্প্রদায়িক সংঘৰ্ষৰ পাছত ভুৱা সংঘৰ্ষৰে চলা হত্যাক লৈ ৰাণা আয়ুবে চলােৱা অনুসন্ধানমূলক সাংবাদিকতাৰ লিখিত দস্তাবেজ। 'তেহেলকা' নামৰ সংবাদ প্রতিষ্ঠানটোত কাম কৰি থকাৰ সময়ত ৰাণাই ২০১০ চনত আঠ মাহৰ বাবে গুজৰাটত চলাইছিল ছদ্মবেশেৰে ষ্টিং অপাৰেচন। মৈথিলী ত্যাগী নাম লৈ আমেৰিকান ফিল্ম ইনষ্টিটিউটৰ ছবি নির্মাতাৰ পৰিচয়েৰে ৰাণাই আঠ মাহে লাগি পৰিছিল সত্য উদঘাটনৰ বাবে। এইক্ষেত্ৰত প্ৰতিটো ক্ষেত্ৰতে সহায় আগবঢ়াবলৈ সহযােগী হিচাপে আহিছিল সুদূৰ ফ্ৰান্সৰ এজন বন্ধু। 

তেওঁলােকে নৰেন্দ্ৰ মােদীৰ বিকশিত গুজৰাট আৰ্হি আৰু এন আৰ আইৰ মাজত মােদীৰ জনপ্রিয়তা বৃদ্ধি পােৱাক লৈ ছবি নির্মাণ কৰিব বুলি ৰাজ্যখনৰ বিভিন্ন আমােলা-বিষয়া, বিশেষকৈ আৰক্ষী বিভাগৰ শীৰ্ষ বিষয়াসকলক সাক্ষাৎ কৰিবলৈ লৈছিল। যােৱা দশকটোত ৰাজ্যখনৰ ৰাজনীতিত চলা অস্থিৰাৱস্থা, ভুৱা সংঘৰ্ষৰে কৰা হত্যাকাণ্ড আদিক লৈ উদ্বিগ্ন ৰাণাই তথ্য-প্রমাণসহ সত্য উদঘাটনৰ বাবে গােপন কেমেৰা (স্পাই কেমেৰা), গােপন মাইক্রফোন লৈ নামি পৰিছিল অভিযানত। সেই সময়ছােৱাত তেওঁ লাভ কৰা তথ্য-প্রমাণসমূহৰ গৰাকী তথা আইনী স্বত্ব তেহেলকাৰ আছিল যদিও ষ্টিং অপাৰেচন আধাতে সামৰিবলৈ বাধ্য হৈছিল ৰাণাই। 
সাংবাদিকগৰাকীৰ মতে যেতিয়াই তেওঁ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্ৰ মােদীৰ সাক্ষাৎ পাইছিল আৰু মােদীৰ বিৰুদ্ধে তথ্য সংগ্রহ কৰাৰ সুযােগ আহিছিল, ঠিক তেনে সময়তে তেহেলকাৰ সেই সময়ৰ সম্পাদক তৰুণ তেজপাল আৰু সােমা চৌধুৰীয়ে ৰাণাক উভতি আহিবলৈ নির্দেশ দিছিল। ৰাষ্ট্ৰীয় স্তৰলৈ উত্থান ঘটিবলৈ লােৱা নৰেন্দ্ৰ মােদীৰ দৰে প্রভাৱশালী নেতাৰ বিৰুদ্ধে ষ্টিং চলােৱাৰ পৰিণাম অতিশয় ভয়াবহ হ'ব বুলিয়ে তেহেলকাই ৰাণাক সকলাে সামৰিবলৈ বাধ্য কৰাইছিল। আনকি ৰাণাৰ আঠ মাহজোৰা ছদ্মবেশেৰে সংগৃহীত তথ্য-প্রমাণক লৈ সম্পাদকীয় প্রকাশ কৰা নহয় বুলি স্পষ্ট কৰাও হৈছিল। আনহাতে প্রকাশক গোষ্ঠীৰ পৰাও সঁহাৰি নােপােৱাত অৱশেষত নিজাকৈয়ে কিতাপখন প্ৰকাশ কৰিছিল ৰাণাই। ২০১৩ চনত তেহেলকা সংবাদ প্রতিষ্ঠান বাদ দি স্বতন্ত্রভাৱে কাম কৰিবলৈ লােৱা ৰাণা আয়ুবৰ গুজৰাটৰ ভুৱা সংঘৰ্ষৰ অনুসন্ধানমূলক ৰিপ'ৰ্টসমূহ ২০টা শ্রেষ্ঠ লেখাৰ অন্যতম বুলি স্বীকৃতি দিছিল আউটলুকে। 

তেওঁ অনুসন্ধানমূলক তথা ৰাজনৈতিক সাংবাদিকতাৰ বাবে বহুকেইটা পুৰস্কাৰো লাভ কৰিছে। বিগত বৰ্ষত এই গ্ৰন্থখন উর্দুত প্ৰকাশ হােৱাৰ সময়ত ৰাণাই খােদ জনাইছিল যে তেওঁৰ অনুসন্ধানক লৈ বহুতে বিতর্ক কৰিলেও তথা ভুৱা ষ্টিং অপাৰেচন বুলি সমালােচনা কৰিলেও আজিলৈ কোনেও তাক আইনীভাৱে প্রত্যাহ্বান জনােৱাৰ সাহস কৰা নাই। অনুসন্ধানৰ সময়ৰ ৰেকর্ডিং তথা টেপসমূহৰ ফৰেনছিক পৰীক্ষা কৰাৰাে এতিয়ালৈ কোনেও সাহস নকৰিলে। মােদী তথা বিজেপি-আৰ এছ এছবিৰােধী বুলি চর্চিত ৰাণাই গুজৰাটৰ ভুৱা সংঘর্ষৰ দৰে স্পর্শকাতৰ বিষয় এটাক লৈ চলােৱা অনুসন্ধানৰ তথ্য-পাতিসমূহ পৰীক্ষা কৰিলে তাৰ ফলাফল কেনে হয়, সেয়া এতিয়াও স্পষ্ট নহ'লেও এটা কথা অনস্বীকার্য যে সাংবাদিকতাৰ দৰে ক্ষেত্ৰখনত ভৰি থােৱাৰ পাছতে এইগৰাকী সাংবাদিকে যি সাহস, কর্মস্পৃহা দেখুৱাইছে, সেয়া সঁচাকৈয়ে প্রশংসনীয়। 

নৰেন্দ্ৰ মােদী আজি দেশতেই নহয়, বিশ্বৰ বিভিন্ন স্থানত এগৰাকী জনপ্রিয় ৰাষ্ট্রনেতা হিচাপে চিহ্নিত হৈছে। দেশৰ সংবাদ মাধ্যম ব্যস্ত হৈ থাকে প্রধানমন্ত্রীক লৈ। কিন্তু মাত্র ২৬ বছৰ বয়সতে ছদ্মবেশেৰে গৈ গুজৰাটত প্ৰৱেশ কৰা ৰাণা আয়ুবে সংঘর্ষজৰ্জৰিত ৰাজ্যখনৰ পৰিস্থিতি সন্দৰ্ভত যি দস্তাবেজ লিখি উলিয়াইছে, তাৰ সত্যতাক জানাে কোনােবাই অস্বীকাৰ কৰিব পাৰিব? ৰাণা আয়ুবে যি সময়ত গুজৰাট অভিযান আৰম্ভ কৰিছিল, সেই সময়ছােৱা আছিল দেশৰ ৰাজনীতিৰ বাবে অতি জটিল সমীকৰণৰ। গতিকে আয়ুবৰ সকলাে সংগৃহীত তথ্য আজিৰ মুহূর্তত মিডিয়াৰ লাইম লাইটলৈ অহা নাই যদিও গুজৰাটত বিজেপিৰ ভূমিকা, তেতিয়াৰ মুখ্যমন্ত্রী মােদী আৰু তেতিয়াৰ গুজৰাটৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ কর্মকাণ্ডৰ বিভিন্ন তথ্য মজুত হৈ থাকিল গ্রন্থ আকাৰে। 

আয়ুবৰ কৃতিত্ব এইখিনিয়েই যে দেশৰ প্রশাসন যন্ত্র ব্যর্থ হােৱা সত্ত্বেও, সকলাে গণতান্ত্রিক প্ৰমূল্যৰ ওপৰত পদাঘাত চলা সত্ত্বেও সাহসেৰে গৈ গুজৰাটৰ এখন সঁচা ছবি প্রতিফলিত কৰিবলৈ সক্ষম হৈছে। সেইবাবে এগৰাকী সাংবাদিকৰ দৃষ্টিকোণেৰে চাবলৈ গলে ‘গুজৰাট ফাইলছ : এনাট'মী অৱ এ ক'ভাৰ আপ' এক অমূল্য গ্রন্থ। ভবিষ্যতে এই গ্ৰন্থই সৃষ্টি কৰিব পাৰে দেশৰ ৰাজনীতিত ধুমুহা।
 
লেখাটি পূৰ্বতে 'নিয়মীয়া বাৰ্তা', ৩০ আগষ্ট, ২০১৭তো প্ৰকাশ পাইছিল। কিছু অংশ সম্পাদিত৷ লেখিকাৰ ফোন- ৯৭০৭১৬৭৪৫০

No comments:

Post a Comment