Friday, November 25, 2016

চিন্তন

আজিৰ শৰাইঘাট, ড° হীৰেন গোহাঁই ইত্যাদি
টুনুজ্যোতি গগৈ

আকৌ শৰাইঘাট, কালি ২৪ তাৰিখ পালিত হৈছে লাচিত দিৱস ৷ এটা অগ্ৰণী সামাজিক সংগঠনে লাচিত দিৱসৰ আয়োজন কৰি, সেই উপলক্ষে প্ৰকাশ হোৱা স্মৃতিগ্ৰন্থখনৰ বাবে এটা প্ৰবন্ধ বিচাৰিছিল।৷ সম্পাদকে নিৰ্দিষ্ট কৰি দিয়া বিষয়টো আছিল এনেকুৱা– "সাম্প্ৰতিক সময়ত লাচিত বৰফুকনৰ প্ৰাসংগিকতা আৰু ড° হীৰেন গোহাঁইৰ ভূমিকা"৷ বৰফুকন আৰু গোহাঁইৰ বিষয়ে অসমবাসীক নতুনকৈ পৰিচয় কৰাই দিয়াৰ প্ৰয়োজন নাই – অসম বুৰঞ্জীৰ অন্যতম চৰিত্ৰ লাচিতৰ দেশপ্ৰেম, বীৰত্ব, সাহস আদিয়ে অসমবাসীক যেনেদৰে যুগে যুগে উদ্বুদ্ধ কৰি আহিছে, তেনেদৰেই গোহাঁইৰ বিৰল মেধা, আদৰ্শনিষ্ঠা, সততা আদিয়ে যোৱা আশী দশকৰ পৰা প্ৰকৃত অসম হিতৈষী, মানৱতাবাদী আৰু যুক্তিনিষ্ঠসকলক অনুপ্ৰাণিত কৰি আহিছে বুলি আমি বিশ্বাস কৰো।

মাৰ্ক্সীয় দৰ্শনেৰে দীক্ষিত 
ড° গোহাঁয়ে অসমীয়া সমালোচনা সাহিত্যক এক বিশিষ্ট মাত্ৰা প্ৰদান কৰাৰ উপৰি সমাজ জীৱনৰ যিকোনো সংকটৰ মুহূৰ্তত, নিজৰ জীৱন তুচ্ছ কৰি হ'লেও, সাহসেৰে মাত মাতিছে আৰু উগ্ৰ জাতীয়তাবাদ-সাম্প্ৰদায়িকতাৰ সোঁতত বাৰে বাৰে উটি-ভাহি যাব বিচৰা অসমবাসীক সঠিক পথ দেখুৱাই আহিছে৷ লাচিত বৰফুকনে শত্ৰুৰ বিৰুদ্ধে যুঁজ দিবৰ সময়ত অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ পৰা সকলোধৰণৰ সহায়-সহযোগিতা, উৎসাহ-উদ্দীপনা লাভ কৰিছিল৷ অসমক বিদেশী শত্ৰুৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ সকলোৱে ব্যক্তিগত জীৱন-যৌৱনক তুচ্ছাতিতুচ্ছ জ্ঞান কৰি মাৰ বান্ধি থিয় হৈছিল৷

কিন্তু, সময় সলনি হ'ল আৰু শত্ৰুৰ ৰণকৌশলো সলনি হ'ল৷ এতিয়া শত্ৰু আহে পৰম মিত্ৰৰ বেশেৰে, অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত হৈ আক্ৰমণকাৰীৰ বেশেৰে নহয়৷ এইবিধ শত্ৰুৱে পোনেই বিভিন্ন চল-চাতুৰীৰে অসমবাসীৰ মন-হদয় জয় কৰে আৰু তাৰ পাছতেই জাতিধ্বংসী আৰু লুন্ঠনৰ অভিযান আৰম্ভ কৰে৷ এইবিধ নোমটেঙৰ শত্ৰুৰ ফুচুলনিত সুবিধাবাদী মধ্যবিত্ত শ্ৰেণীটো সহজেই ভোল যায় আৰু ভৱিষ্যতৰ পৰিণতিৰ বিষয়ে নাভাবি-নিচিন্তি তেওঁলোকৰ ওচৰত নিল্লৰ্জভাৱে আত্মসমৰ্পণ কৰে৷ সন্দেহ নাই যে ঘৰুৱা সুবিধাবাদীসকলৰ সমৰ্থনপুষ্ট এনে শত্ৰুৰ বিৰুদ্ধে যুঁজ দি জয়ী হোৱাটো এক কঠিন প্ৰক্ৰিয়া৷ ‘জাতি-মাটি-ভেটি' ৰক্ষাৰ ভুৱা প্ৰতিশ্ৰুতিৰে অসমৰ শাসনভাৰ দখল কৰা বিজেপিৰ দৰে এক সাম্প্ৰদায়িক ৰাজনৈতিক দল যে বিভিন্ন জনগোষ্ঠী আৰু ধৰ্মাৱলম্বীক লৈ এক ঐতিহাসিক সমন্বয়ৰ প্ৰক্ৰিয়াৰে গঠিত অসমীয়া জাতি বা অসমৰ ঘোৰ শত্ৰুহে, সেয়া অসমৰ প্ৰায়ভাগ লোকেই লাহে লাহে উপলব্ধি কৰিছে ৷

‘শেষ শৰাইঘাট' নামৰ জনপ্ৰিয় নাটকখনত ‘পৰম মিত্ৰ'ৰ ভাও লোৱা সৰ্বভাৰতীয় ৰাজনৈতিক দলটোৰ আচল স্বৰূপ খুব সোনকালেই – বিশেষকৈ ঐতিহাসিক অসম চুক্তিক অৱমাননা কৰি নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ৰ জৰিয়তে অসমত নতুনকৈ লাখ লাখ বাংলাদেশী সংস্থাপন কৰিব খোজাৰ লগে লগেই উন্মোচিত হ'ল৷ বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই কেৱল ৰাজনৈতিক ভৱিষ্যৎ সুৰক্ষিত কৰাৰ স্বাৰ্থতে, এতিয়াও শত্ৰুকেই মিত্ৰ বুলি ভাবি থকা বা নাভাবিলেও ব্যক্তিগত স্বাৰ্থ সিদ্ধিৰ বাবে মনে মনে থকা নেতা-পালিনেতাসকলৰ সহযোগত, বাংলাদেশত সুৰক্ষিত হৈ থকা হিন্দুসকলকেই অসমত সংস্থাপিত কৰিব বিচাৰিছে৷ বিজেপিৰ এই পৰিকল্পনা কেনেবাকৈ বাস্তৱায়িত হ'লে অসম আৰু অসমীয়া জাতিৰ অস্তিত্ব বিপন্ন হৈ পৰাটো নিশ্চিত৷ সংকটৰ গৰাহত পৰিব অসমীয়া ভাষা-সংস্কৃতিৰ লগতে জনগোষ্ঠীয় ভাষা-সংস্কৃতিসমূহো৷

অসম আৰু অসমীয়া জাতিৰ আত্মবিলোপনৰ সেউজ সংকেত ফুটি উঠাৰ সময়ত অসমৰ সৰ্বসাধাৰণে কেন্দ্ৰীয় চৰকাৰৰ নাগৰিকত্ব (সংশোধনী) বিধেয়ক-২০১৬ খনৰ প্ৰবল বিৰোধিতা কৰিছে আৰু অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পাছত অহা এজনো অবৈধ বিদেশীৰ বোজা অসমে বহন নকৰে বুলি স্পষ্ট কৰি দিছে৷ নাগৰিকত্ব (সংশোধনী) বিধেয়ক খনৰ বিৰোধিতা কৰি বিভিন্ন দল-সংগঠনৰ উদ্যোগত বিক্ষিপ্তভাৱে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচীও ৰূপায়িত হৈছে৷ পৰিতাপৰ বিষয় যে কেন্দ্ৰীয় চৰকাৰে এনে প্ৰতিবাদ-বিক্ষোভ আদিক সম্পূৰ্ণৰূপে উপেক্ষা কৰি অসমত হিন্দু বাংলাদেশীৰ বোজা জাপি দিবলৈহে পূৰ্ণ প্ৰস্তুতি চলাইছে৷ ক্ষমতাৰ উদগ্ৰ লোভত পৰি ‘জাতীয় নায়ক' ৰূপে পৰিচিত হৈ অহা ৰাজ্য চৰকাৰৰ মূৰব্বীজনেই চাবি দিয়া পুতলাৰ দৰে আচৰণ কৰিলে বা নূন্যতম ৰাজনৈতিক মূল্যবোধকণো নথকা কোনো মন্ত্ৰীয়ে হিন্দু বাংলাদেশীৰ সপক্ষে ওকালতি কৰিলে সৰ্বসাধাৰণৰ প্ৰতিবাদ-বিক্ষোভৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰ উদাসীন হোৱাটোৱেই স্বাভাৱিক৷

কিন্তু, কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰৰ এনে উন্নাসিকতা আৰু হঠকাৰী কাৰ্যকলাপে অসমৰ ক্ষোভিত সৰ্বসাধাৰণক আৰু বেছি ক্ষোভিত কৰি তোলাৰ সম্ভাৱনাহে আছে৷ সৰ্বসাধাৰণ মাৰ বান্ধি সাজু হ'ব অন্য এখন শৰাইঘাটৰ বাবে – যি শৰাইঘাটৰ ফলাফলেই নিৰ্ণয় কৰিব অসম আৰু অসমীয়া জাতিৰ ভৱিষ্যত৷ প্ৰশ্ন হয়, জাতিৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত আৰম্ভ হ'বলগীয়া এই নতুন শৰাইঘাটখনত লাচিত বৰফুকনৰ ভূমিকা কোনে গ্ৰহণ কৰিব? এসময়ত জাতীয় বা জনগোষ্ঠীয় অনুষ্ঠান ৰূপে পৰিচিত হৈ অহা বিয়াগোম বিয়াগোম দল-সংগঠনবোৰে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰশ্নত গুজৰি-গুমৰি উঠিছিল বাবে কেন্দ্ৰীয় চৰকাৰে অসমবাসীৰ ওপৰত একপক্ষীয়ভাৱে কোনো এটা সিদ্ধান্ত জাপি দিবলৈ ভয় কৰিছিল৷ কিন্তু, মিত্ৰৰ বেশেৰে অহা জাতিৰ শত্ৰুৰ প্ৰলোভনত সেই সংগঠনবোৰৰ নেতৃত্ব এতিয়া ‘নিমাতী কইনা'লৈ পৰিণত হ'ল৷ এসময়ত জাতীয় মুক্তিৰ প্ৰশ্নত সততে সৰৱ হৈ থকা বাঘা বাঘা জাতীয়তাবাদী সাহিত্যিক-সাংবাদিকসকলো ৰজাঘৰীয়া হৈ পৰিল৷ এনে এক সন্ধিক্ষণত জাতিৰ অস্তিত্ব ৰক্ষাৰ যুঁজখনৰ নেতৃত্ব প্ৰদান কৰিবলৈ আগুৱাই আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দৰে বাওঁ মতাদৰ্শৰে পৰিচালিত সংগঠনৰ নেতৃত্ব, হীৰেন গোহাঁইৰ দৰে বামপন্থী শিবিৰৰ লেখক-সাহিত্যিক৷

কৃষক নেতা অখিল গগৈক ফেচিষ্ট চৰকাৰখনে ষড়যন্ত্ৰমূলকভাৱে কাৰাবন্দী কৰি ৰখাৰ মুহূৰ্তত গোহাঁয়েই অস্তিত্ব ৰক্ষা যুঁজখন কলমেৰে আৰু ৰাজপথেৰে আগুৱাই নিছে৷ সমৰ বিশাৰদ লাচিত বৰফুকনৰ সৈতে সমাজ-সাহিত্যৰ সচেতন পৰ্যবেক্ষক ডঃ হীৰেন গোহাঁইক তুলনা কৰিব নোৱাৰি৷ কাৰণ, দুয়োগৰাকী দুটা পৃথক যুগৰ উল্লেখযোগ্য প্ৰতিনিধি আৰু দুয়োৰে দেশ বা সমাজসেৱাৰ মাধ্যমো পৃথক৷ তথাপি, ক'ব লাগিব যে জাতিৰ সংকটকালত গোহাঁয়ে গ্ৰহণ কৰা ভূমিকা মধ্যযুগত লাচিতে গ্ৰহণ কৰা ভূমিকাৰ দৰেই প্ৰশংসনীয়, আদৰণীয় আৰু অৱশ্যে প্ৰয়োজনীয়৷

বিজেপি দলৰ প্ৰকৃত সাম্প্ৰদায়িক স্বৰূপ গোহাঁইৰ দৰে সমাজৰ ভৱিষ্যদ্ৰষ্টাই উপলব্ধি কৰিব পাৰিছিল বাবেই যোৱা বিধানসভা নিৰ্বাচনত দলটোক ভোট নিদিবলৈ অসমৰ ৰাইজৰ প্ৰতি আহ্বান জনাইছিল৷ ‘পৰিৱৰ্তন'ৰ স্বপ্নত বিভোৰ অসমৰ সহজ-সৰল ৰাইজে তেওঁৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি নজনালে আৰু তাৰ পৰিণাম এতিয়া ৰাইজে ভূগিব লগা হৈছে৷ সন্দেহ নাই, নিৰ্বাচনৰ প্ৰাক্ মুহূৰ্তত তেওঁ অসমৰ ভোটাৰ ৰাইজলৈ তেনে আহ্বান জনোৱাটো এক ঐতিহাসিক দায়িত্ব বুলিয়েই গণ্য কৰিছিল৷ আজিও হিন্দু বাংলাদেশী সংস্থাপনৰ বিৰোধিতা কৰি তেওঁ এক ঐতিহাসিক দায়িত্বই পালন কৰিছে৷ সেই দায়িত্ব পালন কৰিবলৈ যাওঁতে তেওঁ অসমৰ সকলো শ্ৰেণীৰ লোকৰ পৰা আশানুৰূপ সমৰ্থন-সহযোগিতা লাভ কৰা নাই, বৰং বিজেপিৰ চল-চাতুৰী অদ্যপি উপলব্ধি কৰিব নোৱাৰা আৰু ‘পৰিৱৰ্তন'ৰ ৰঙীন বিতচকু পিন্ধি থকা একাংশ সুবিধাবাদী মধ্যবিত্তৰ নিৰন্তৰ অশালীন আক্ৰমণৰ সন্মুখীন হৈছে৷ কিন্তু ‘অন্ধ ভক্ত' ৰূপে পৰিচিত এইচাম মেৰুদণ্ডহীন অসংস্কৃত ব্যক্তিৰ আক্ৰমণে গোহাঁইৰ দৰে এজন স্থিতপ্ৰজ্ঞক অকণো বিচলিত কৰিব পৰা নাই, বৰং সেই আক্ৰমণক উপেক্ষা কৰি তেওঁ জাতিৰ স্বাৰ্থত নতুন উদ্যমেৰে কলম চলাই গৈছে, শত-সহস্ৰজনৰ প্ৰেৰণাৰ উৎসৰূপে পৰিগণিত হৈছে৷

উপসংহাৰত স্মৰণ কৰিব খুজিছো বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাৰ এষাৰি সোণসেৰীয়া উক্তি–‘এতিয়া লাচিতৰ দিনৰ শৰাইঘাট নাই, কিন্তু আন এখন শৰাইঘাট হ'লে আছে৷ এইখন শৰাইঘাটত সংঘবদ্ধ হৈ সদৌ অসমীয়া দেশ ৰক্ষাৰ মন্ত্ৰত একমুখী হোৱাৰ আৱশ্যকতা আছে৷ অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ আছিল সামৰিক, এতিয়াৰ সমস্যাবোৰ হ'ল সামাজিক, অৰ্থনৈতিক, ৰাজনৈতিক আৰু ঐতিহাসিক৷ ... ... লাচিত বৰফুকন মহাবীৰ আৰু তেওঁৰ লগৰ মহাৰথীসকলে যি মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেমেৰে সেই কালৰ সমস্যা সমাধান কৰিছিল, সেই মনোবৃত্তি আৰু একাগ্ৰ দেশপ্ৰেম আমাৰ প্ৰতি মুহূৰ্তে আৱশ্যক৷ অসমীয়াই যাতে এই ডাঙৰ কথাটো হৃদয়ংগম কৰে আৰু যাতে অসমীয়াৰ প্ৰতি প্ৰাণে শৰাইঘাটৰ আদৰ্শ কাৰ্যকৰী হৈ শিপা মেলে৷'

1 comment: