Saturday, December 19, 2015

সাম্প্ৰতিক প্ৰসংগ


ৰাজহুৱা সংগঠনত বিধ্বস্ত গণতান্ত্ৰিক ব্যৱস্থা
অজয় লাল দত্ত
ভাৰতত যদিও গণতান্ত্ৰিক পৰম্পৰাৰ পালন কৰাৰ কথা আদৰ্শগত ভাবে কোৱা হয়, কিন্তু ৰাজহুৱা সংগঠন সমূহত ইয়াৰ 'সঠিক' পালন হোৱা দেখা নাযায়। সংগঠন সমূহত অন্তঃসাংগঠনিক নিৰ্বাচন তথা পদাধিকাৰী নিৰ্বাচনবোৰত এই গণতান্ত্ৰিক পদ্ধতিটোৱে বাস্তৱতঃ উশাহ নোপোৱা হৈ পৰে। এই কথা দেশৰ বেছি ভাগ (কেইটামান মুষ্টিমেয় দল বাদ দি) ৰাজনৈতিক দল, সামাজিক, ৰাজহুৱা সংগঠন আদিৰে ক্ষেত্ৰতে প্ৰযোজ্য হয়। কোনোবাটোত যদি পৰিয়ালগত আনুগত্যই মূল কাৰক হিচাবে জিলিকে, কোনোবাটোত আকৌ লবী, ছিণ্ডিকেট, ধনবল, ৰাজক্ষমতা আদিয়ে প্ৰভূত কাম কৰে। এই কাৰক কেইটাই দেশৰ ক্ৰীড়া, সাংস্কৃতিক, সাহিত্য আদি ক্ষেত্ৰৰ ৰাজহুৱা সংগঠনবোৰতো ক্ৰিয়া কৰা দেখা যায়। এটা সময়ত এনেকুৱা এটা অৱস্থা আহি পৰে যে, সংগঠনৰ ভিতৰত একাংশ লোকৰ দপদপনিয়ে স্বেচ্ছাচাৰীতাৰ ৰূপ পায়। আন সকলে তাত টিকি থাকিবলৈ হ'লে হয়তো এওঁলোকৰ আগত হেয় হৈ বা সেও মানি, তেওঁলোকে যি কৰে, যি কয় তাক বিনাবাক্যেই মানি লব লগীয়াত পৰে বা প্ৰতিবাদ কৰাৰ সত্তাটো হেৰুৱাই পেলোৱাৰ বাদে বিকল্প নাথাকে। একেখিনি মানুহেই চিৰদিন ক্ষমতা যিকোনো উপায়েৰে চলে-বলে কৌশলেৰে দখল কৰি থাকিব বিচাৰে। এনেকুৱা এটা অৱস্থাও পায়গৈ যে, সেই সংগঠনটো ৰাজহুৱা সংগঠনৰ সলনি কেইখনমান ফিক্সজ মুখৰ চেহেৰাৰ মানুহৰ 'ক্লাৱ হাউচ' লৈ ৰূপান্তৰিত হয়। কিছুমান লোকে এনেকুৱাকৈ খোপনি পুতি লয় যে সেই সংগঠনলৈ কোনো নতুন মানুহে সদস্য হৈ সংগঠনৰ ভিতৰত সাংগঠনিক কামেৰে শীৰ্ষ পদবীলৈ যোৱাৰ কথা ভবাৰ পৰিবেশটো দূৰৈৰ কথা তাত থকা পুৰণি মানুহবোৰৰে কোনো পদবী পোৱাৰ সম্ভাৱনা নাশ হৈ পৰে। একনায়কত্ববাদী চৰিত্ৰই যেতিয়া নেতৃত্ব খামুচি মাৰি ধৰে, তেতিয়াই তেনে সংগঠনত গণতান্ত্ৰিক ব্যৱস্থা পদানত হৈ পৰাৰ বাহিৰে উপায় নাথাকে। কিছুমান সংগঠনত খোদ সংগঠনৰ সংবিধানেই সুবিধাজনক ৰূপত শক্তিশালী লবীয়ে সা-সলনি কৰি লোৱাৰো বা-বাতৰি ওলায়েই থাকে!

এই বেমাৰৰ দ্বাৰা সৰ্বভাৰতীয় পৰ্যায়ৰ পৰা স্থানীয় ৰাজনৈতিক দল, সামাজিক সংগঠন, স্বেচ্ছাসেৱী সংগঠন, সাহিত্য-সংস্কৃতি-কলা সংগঠন, আনকি শ্ৰমিক সংগঠনো আক্ৰান্ত হৈছে। বেছি ভাগতে এই সংগঠনবোৰ কাৰোবাৰ পৈত্তিক সম্পত্তিলৈহে পৰিণত হোৱাৰ উপক্ৰম হৈছে। সংগঠনৰ বিধি-বিধান, সংবিধানৰ কথা দোহাই দি, পদবীত খোপনি পোতা সকলক আঁতৰ কৰিবলৈ বা কু-কৰ্মৰ প্ৰতিবাদ কৰিলেই জোৰ-জুলুম কৰি বিৰোধী শক্তিক সংগঠনৰ পৰা বাহিৰেই কৰি দিয়াৰ নিয়মেই গঢ় লৈ উঠিছে। এনেকুৱা এটা ইমেজ দিবলৈ চেষ্টা কৰা হয় যে, অমুক সংগঠন মানেই অমুক, তেওঁৰ অবিহনে সেই সংগঠন আগলৈ নচলিবই! অমুক ইমানেই অত্যাৱশ্যকীয় যে তেওঁৰ অবিহনে সেই সংগঠনৰ ৰবি অস্ত যোৱাটো খাটাঙেই! কিন্তু প্ৰকৃতাৰ্থত এনে নহয়, যেনেকৈ একেবোৰ মানুহ চিৰদিন জীয়াও নাথাকে, একেদৰেই ৰাজহুৱা সংগঠন সমূহো নিজা লক্ষ্য, উদ্দেশ্যৰ ভিত্তিত মানুহেই জীয়াই ৰাখিব। ইংৰাজীত এষাৰ কথা আছে, No body is essential in this word. কোনোবা এজন আঁতৰি গলেও কাইলৈ পুৱা যেনেকৈ সূৰ্য ওলাবই সেই কথাটো যেনেকৈ চিৰসত্য, তেনেকৈ সংগঠন চলাটোও! সেই সত্যটো কিন্তু অনুধাৱন কৰিবলৈ এই গাদী খামোচা শক্তিশালী পক্ষই কেতিয়াও সুবিধা দিব নোখোজে! তেওঁলোকে ধনবল-জনবল-বাহুবলেৰে এই নিয়ন্ত্ৰণ চিৰদিনৰ বাবে নিজৰ অধীনতে ৰাখিব খোজে।

এই বেমাৰৰ দ্বাৰা অসমৰ সাহিত্য সভা, ক্ৰীড়া সংগঠন, ৰাজনৈতিক দলৰ কোনবোৰ বেছিকৈ আক্ৰান্ত হৈছে ৰাইজে নিজেই বিচাৰ কৰক। পুৰণিক আঁতৰাই, নতুনক নতুন ৰূপত সংগঠনটোক লক্ষ্য উদ্দেশ্যৰ ফালে আগুৱাই নিবৰ বাবে এৰি দিব নোৱাৰাৰ মানসিকতাই অসমৰ আঞ্চলিকতাবাদী শক্তিকো নিঃশেষৰ ফালে ঠেলি দিছে। লবী কেন্দ্ৰিক, পৰিয়াল কেন্দ্ৰিক, বৰ্ণবাদী, সাম্প্ৰদায়িক, অঞ্চলগত শক্তি আদি বিভিন্ন শক্তিয়ে এই গণতান্ত্ৰিক ব্যৱস্থাটোক সংগঠনবোৰৰ মজিয়াত বাধাগ্ৰস্ত কৰাত সহায়ক ভূমিকা পালন কৰি আহিছে। আজিকালি ক্ৰিকেটেই হওক বা দবা সন্থাৰ নিৰ্বাচনেই হওক, ধনবল-বাহুবলেৰে একেখিনি মানুহেই পুনৰ পুনৰবাৰ ক্ষমতা দখল কৰাৰ বাতৰিবোৰে তাকেই প্ৰতীয়মান কৰা নাইনে। আনকি শ্ৰমিক, কৰ্মচাৰী সংগঠন, শিক্ষক সন্থা আদিৰ নিৰ্বাচনত ৰাতি ৰাতি শক্তিশালী সকলে মদ-ভাত-টকাৰ প্ৰলোভনৰ খেলা কৰাৰ বাতৰিবোৰে কি সূচাইছে। একোটা সংগঠন মানেই একোজন মানুহেই সৰ্বেসৰ্বা হোৱাৰ বৰ্ধিত উদাহৰণবোৰে সঁচাকৈ ৰাজহুৱা সংগঠনবোৰলৈকে অশনি সংকতকে কঢ়িয়াই অনা নাইনে? অসমৰ ক্ৰিকেট, সাহিত্য আদিৰ ক্ষেত্ৰতো কেইজনমানৰ দপদপনিৰ বিৰুদ্ধে বতৰীয়া বিদ্ৰোহ আৰু তাৰ পাছতে সেই একে কেইজনৰে কত দুৰ্নীতি-কেলেংকাৰীৰ অভিযোগৰ পাছতো নোম লৰাব নোৱাৰাৰ বাতৰিবোৰে সময়ে সময়ে সমাজত চিন্তাৰ উদ্ৰেক কৰেই৷

পিছে এটা সময়ত, এই সকলৰ সৈতে যুঁজিব নোৱাৰি, প্ৰতিদ্বন্দী বা বিৰোধী সদস্য সকলে সংগঠন ত্যাগ কৰি সন্থাৰ ঠাইত সন্মিলনী, সন্মিলনীৰ ঠাইত সংঘ নাম দি বিকল্প সংগঠন খুলি লোৱাৰ বাটটোও চিকুনাই লোৱা দেখা গৈছে। তাৰ ফলত সংগঠনৰ 'দোকান' এৰিবলৈ বাধ্য কৰাৰ নোৱাৰা সকলক সেইসমূহ এৰি দি নতুন 'দোকান' খুলি লোৱাৰ ধাৰাৰ ফলতে এতিয়া হাজাৰৰ ঘৰত ৰাজহুৱা সংগঠনে কাঠফুলাৰ দৰে পোখা মেলিছে। তাৰ সৈতে বৃদ্ধি পাইছে, প্ৰতিটো সংগঠনৰ বাবে চান্দা-বৰঙণিৰ পৰিমানো। একেদৰেই এই সকলেও পাছলৈ সেইবোৰ সংগঠনক পৈত্তিক সম্পত্তিলৈ ৰূপান্তৰ কৰিছে! কিন্তু ধাৰাবাহিকতাৰ কু-ফল যে ৰাজ্য বা দেশৰ ৰাইজে ভূগিবলৈ ধৰিছে সেই কথাও সংবাদ শিৰোনামতেই জিলিকি উঠিছে। ট্ৰাষ্টৰ নামতেই বিশ্বাসঘাত, দাতব্য সংস্থাৰ নামতেই টেক্স ৰেহাই, সম্পত্তি পাৰ্কিং আদিৰ ব্যৱস্থাৰ অনৈতিক কথাও ক্ৰমাত পোহৰলৈ আহিছে! এনেবোৰ ৰাজহুৱা সংগঠনত 'সকলোৰে' সান্দহ খোৱা বালি তল যোৱাৰ ভয়তে তথ্য জনাৰ অধিকাৰ আইনৰ আওতালৈ আহিবলৈকো ৰাজনৈতিক শক্তি সমূহে দিয়া নাই!


দেশত ক্ৰিকেটৰ ক্ষেত্ৰত কেলেংকাৰীটো এতিয়া ৰাইজে স্বাভাৱিক পৰিঘটনা বুলিলেই মানি লবলৈ আৰম্ভ কৰিছে। দেশৰ আটাইতকৈ বেছি ধন সৰ্বস্ব ক্ৰীড়াৰ পৃথিৱীখনত শাসক বিৰোধী ৰাজনৈতিক নেতাই পাৰস্পৰিক বুজাবুজিৰে যে ধন আহৰণৰ পথ হিচাবে ব্যৱহাৰ কৰিছে সেয়া প্ৰমাণেই হৈ গৈছে। ক্ৰীড়া ক্ষেত্ৰৰ কাবাডীৰ পৰা সাঁতোৰ, বস্কিংৰ পৰা ফুটবললৈ সকলোতে অখেলুৱৈ ৰাজনীতিক-সমাজসেৱীৰ দপদপনিত খোদ প্ৰাক্তন খেলুৱৈৰ থাওনি হেৰুওৱাৰ উপক্ৰম হৈছে! সংসদত বেলেগ বিষয়ত তুলাধূনা দিয়া বিৰোধী দলৰ সাংসদেই ক্ৰীড়া সংগঠনত গা-ঘেলাই বহি ফাইভ ষ্টাৰ জীৱনত অংশীদাৰিত্ব উপভোগ কৰিছে। কাৰো একো অসুবিধাও নাই, কেলেংকাৰী আদিও দেখা নোপোৱা বা হলেও, এয়া লিমিটিড কোম্পানীহে, এয়া চ'চাইটিহে আদি বিভিন্ন আইনী সুৰুঙাৰ ব্যৱস্থা কৰি ৰাখিছে। এইবোৰ সংগঠন বা সংস্থাত আগতে আজীৱন সদস্যৰ ধাৰণাৰ কথা শুনিছিলো, এইবাৰ হকী ইণ্ডিয়াত আজীৱন সভাপতিৰ পদৰ কথায়ো খলকনি তুলিছে! নিৰ্বাচনৰ প্ৰশ্নই নাই, না-ৰহেগা বাঁছ, না বজেগা বাচুৰী ব্যৱস্থা!

এনেকুৱা ব্যক্তিগত সম্পত্তিৰ দৰে 'ৰাজহুৱা' সংস্থালৈ দেশৰ ৰাজহুৱা খণ্ডৰ উদ্যোগৰ পৰাও কৰ্পৰেট সামাজিক দায়িত্বৰ মোটা ধন স্পনচৰশ্বিপৰ নামত হেঁচা দি সৰকোৱাৰ নতুন ফন্দীও উদ্ঘাটন হৈছে। এইবোৰ সংস্থাত ঠিকাৰ নামত ঘৰৰে ভাগিন ভতিজাৰ নামত বেনামী কোম্পানী ৰাখি খৰছ দেখুওৱা, ঘৰৰে আইনী সেৱাৰ ফাৰ্মৰ নামত আইনী পৰামৰ্শৰ নামত কোটি কোটি টকা খৰছ কৰি বেলেঞ্চচীট শুৱনি কৰি অহা কথাবোৰো ক্ৰমাত পোহৰলৈ আহিছে। এই আপাহতে দেশৰ ৰাজহুৱা কাম কৰিবৰ বাবে দায়িত্ব লৈ গঠন হোৱা সমূহ সংস্থা, সংগঠনৰ ক্ষেত্ৰত আইন সুৰুঙা সমূহ বন্ধ কৰাৰ বাবে এক সুযোগ দেশেও লাভ কৰিছে। এয়া লাগিলে কংগ্ৰেছ নেতৃত্বৰ নেচনেল হেৰাল্ডৰ কেচেই হওক বা হকী ইণ্ডিয়া অথবা দিল্লী জিলা ক্ৰিকেট সংস্থাৰ কেলেংকাৰীৰ অভিযোগেই হওক। ৰাজহুৱা সংগঠনত স্বচ্ছতা, গণতান্ত্ৰিক ব্যৱস্থাৰ পুনৰ প্ৰতিষ্ঠাৰ বাবে দেশে লাভ কৰা এই সুযোগৰ সদ ব্যৱহাৰ হওক। এই প্ৰসংগত বহুল বিতৰ্ক-আলাপ-আলোচনাৰ প্ৰয়োজন আছে। দল-ৰাজনীতি, ন্যস্ত স্বাৰ্থৰ উৰ্ধলৈ গৈও, এই বিষয়ত যোগাত্মক পৰিবৰ্তনৰ বাবে চিন্তা-চৰ্চাৰ দৰকাৰ আছে। বিষয়টোত নৱ-প্ৰজন্ময়ো সমাজৰ বিভিন্ন ক্ষেত্ৰৰ যতন লোৱা এনে সংস্থা সমূহৰ নিৰোগী আৰু সশক্ত কৰি কিদৰে আগুৱাই নিব পাৰি, এই বিষয়ত দিক সন্ধান কৰিবলৈ আগবাঢ়ি আহিলে, নতুন দিনত যে বিষয়টোত আমূল সংস্কাৰ সাধন কৰাটো কঠিন কাম নহব, সেয়া কথা কিন্তু নিশ্চিত!

No comments:

Post a Comment