চিন্তন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

নাৰীৰ বাবে এখন নিৰ্ভয়তাৰ দেশ 
প্ৰতিম প্ৰতাপ বৰুৱা
পৃথিৱীত মানৱ আৰু মানৱতাৰ বিৰুদ্ধে যিমানবিলাক অপৰাধ আছে তাৰ ভিতৰত নাৰী ধৰ্ষণেই সকলোতকৈ নৃশংস আৰু ঘৃণনীয় অপৰাধ বুলি আমি বিশ্বাস কৰো। এনেকৈ কোৱাৰ মূল কাৰণ হৈছে আমি ব্যক্তিগতভাৱে কেইবাটাও ধৰ্ষণৰ ঘটনাৰ অপৰাধী আৰু পীড়িতা দুয়োকে লগ পাইছো। কিছুমান অতি নিষ্ঠুৰ দৃশ্য, কিছুমান অতি হৃদয়বিদাৰক মৃত্যু আৰু কিছুমান মানুহ নামধাৰী অমানুহক মই নিজে ওচৰৰ পৰা দেখিছো, সেইবোৰ অমানুহৰ সৈতে মই কথা পাতিছো। এই দৃশ্যবোৰ দেখাৰ পিছত, সেই মানুহ নামধাৰী অমানুহবোৰ লগ পোৱাৰ পিছত এতিয়া মোৰ বিশ্বাস সম্পূৰ্ণ যে নাৰীধৰ্ষণেই হৈছে পৃথিৱীৰ সকলোতকৈ নৃশংস আৰু ঘৃণনীয় অপৰাধ। নাৰীধৰ্ষণ হঠাতে হোৱা বা আত্মৰক্ষাৰ বাবে বাধ্যত পৰি কৰা অপৰাধ নহয়। ই এটা পৰিকল্পিত, জানি-শুনি কৰো বুলি কৰা, এগৰাকী অসহায় নাৰীক ভয়ানক শাৰিৰীক কষ্ট দি আৰু চুড়ান্তভাৱে অপমান কৰি নিজে তৃপ্ত হোৱা এটা জঘণ্য অপৰাধ।

২০১২ চনৰ ১৬ ডিচেম্বৰ তাৰিখে দিল্লীত ঘটি যোৱা আৰু সমগ্ৰ ভাৰতৰ প্ৰায় প্ৰতিজন মানুহৰে বুকু কঁপাই তোলা নিৰ্ভয়াৰ দলবদ্ধ ধৰ্ষণ আৰু হত্যাকাণ্ডৰ ঘটনাটোৰ এয়া তিনি বছৰ পাৰ হ’ল। কিন্তু ইমান এটা নিৰ্মম ঘটনাৰ পিছতো আচলতে আমাৰ সমাজত একোৱেই সলনি নহ’ল। আনকি নিৰ্ভয়াৰ ঘটনাটোৰ দৰে ঠিক একে ধৰণৰ ঘটনা কিছুদিন আগতে আমাৰ অসমতো ঘটিল। কিন্তু সেই ঘটনাটোৱে বা সেই ধৰণৰ ঘটনাবোৰে পাবলগীয়া গুৰুত্ব নাপালে। আচলতে আমাৰ ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজখনত নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধৰ সীমা-সংখ্যা নাই। নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা এই অপৰাধবোৰৰ ভিতৰত সকলোতকৈ গুৰুতৰ অপৰাধ দুটা হৈছে ধৰ্ষণ আৰু নাৰী অপহৰণ তথা সেই অপহৃত নাৰীৰ চোৰাং সৰবৰাহ। ভাৰতত নাৰীৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ ভয়াবহতা অনুমান কৰিব পাৰি মাত্ৰ দুটা পৰিসংখ্যাৰ পৰা। ২০১৩ চনৰ চৰকাৰী পৰিসংখ্যা মতে ভাৰতত গড় হিচাপত দিনে ৯২ গৰাকী নাৰী ধৰ্ষিতা হয়। তাৰে প্ৰায় আধা সংখ্যকৰ বয়স ১৮ ৰ পৰা ৩০ বছৰৰ ভিতৰত। ভাৰতত আনকি ৫ দিনীয়া কেচুৱাৰ পৰা ৭০ বছৰীয়া বৃদ্ধাও ধৰ্ষিতা হয়। কিন্তু আমি নিশ্চিতভাৱে কব পাৰো যে এই চৰকাৰী পৰিসংখ্যাবোৰে আচল ছবিখন দেখুৱাব নোৱাৰে আৰু প্ৰকৃততে নাৰীধৰ্ষণৰ ঘটনাৰ সংখ্যা এই পৰিসংখ্যাতকৈ বহুত বেছি। এনে ধৰণৰ পৰিসংখ্যালৈ সেইবোৰ ঘটনাহে আহে যিবিলাক ঘটনাৰ বিষয়ে পুলিচৰ ওচৰত ৰিপৰ্ট কৰা হয়। কিন্তু আমাৰ ভাৰতীয় সমাজখনত, য’ত ধৰ্ষিতা নাৰীগৰাকীহে সামাজিকভাৱে লঘূ হয়, বেছিভাগ সময়ত এনে ধৰণৰ ঘটনাবোৰৰ বিষয়ে পীড়িতা আৰু পীড়িতাৰ পৰিয়াল নীৰৱ হৈ থাকিবলৈ বাধ্য হয় অথবা তেওঁলোকক নীৰৱ হৈ থাকিবলৈ বাধ্য কৰোৱা হয়। আন এক তথ্য মতে ভাৰতত মুঠতে ২ ৰ পৰা ৫ কোটি মানুহ হিউমেন ট্ৰেফিকিঙৰ কবলত পৰিছে আৰু তাৰে ৮০% নাৰী। এই নাৰীসকলৰ সৰহসংখ্যককে অনৈতিক কাৰ্য্যত অথবা দেহ ব্যৱসায়ত লিপ্ত হ’বলৈ বাধ্য কৰোৱা হয় বুলি বিশ্বাস কৰিবৰ থল আছে।

এই হিউমেন ট্ৰেফিকিং বিষয়টো, যাৰ মূল কাৰণটো হ’ল দৰিদ্ৰতা, এটা বেলেগ আলোচনাৰ বিষয় হ’ব পাৰে আৰু সেয়ে এই আলোচনাত আমি মুখ্যত: ধৰ্ষণ, উৎপীড়ন, আদি নাৰীৰ বিৰুদ্ধে হোৱা অপৰাধবোৰ আৰু সেইবোৰৰ প্ৰতিহত কৰাৰ উপায়ৰ বিষয়েহে আলোচনা কৰিম। এটা কথা আৰম্ভনিতে স্বীকাৰ কৰি লোৱা উচিত যে সামাজিক অথবা ভৌগোলিক অৱস্থান নিৰ্বিশেষে, যি কোনো ঠাইতে, যিকোনো পৰিস্থিতিতে ভাৰতত নাৰীসকল যিকোনো ধৰণৰ উৎপীড়নৰ সন্মুখীন হোৱাৰ সম্ভাৱনা সদায়েই থাকে। আনকি নিজৰ ঘৰৰ চাৰিবেৰৰ মাজতো এগৰাকী ভাৰতীয় নাৰী সুৰক্ষিত নহয়। আৰু এয়াই হৈছে আমি অস্বীকাৰ কৰিব নোৱাৰা, লজ্জাজনক সত্য। নাৰীৰ বিৰুদ্ধে সংঘটিত হোৱা যিকোনো অপৰাধৰ মূল কাৰণটো আছে ভাৰতীয় পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাটোত, য’ত বৰ্তমানেও বৰ্তি আছে লিংগ-বৈষম্য, য’ত এগৰাকী নাৰীক সদায় নাৰী হিচাপেহে, দুৰ্বল হিচাপেহে আৰু পুৰুষৰ অধীন হিচাপেহে চোৱা হয়, য’ত এগৰাকী নাৰীক পদে পদে অসুৰক্ষিত অনুভৱ কৰোৱা হয়, তেওঁক কেতিয়াও সম-অধিকাৰপ্ৰাপ্ত এক স্বাধীন সত্তা হিচাপে গ্ৰহণ কৰা নহয়। নাৰীৰ বিৰুদ্ধে অপৰাধ ৰোধ কৰিবলৈ হ’লে প্ৰথমে এই মূল কাৰণটোতে আঘাত কৰিব লাগিব। এইধৰণৰ অপৰাধবোৰ ৰোধ কৰাৰ দায়িত্ব অকল চৰকাৰৰে নহয়, এই দায়িত্ব আমাৰ সকলোৰে – এই কথাটোও আমি প্ৰথমেই মানি লব লাগিব। ইয়াৰ বাবে বহুত কৰিবলগীয়া আছে যদিও সদ্যহতে আমি দুটা উপায়ৰ কথা চিন্তা কৰিছো –

প্ৰথম – আমাৰ পুলিচ ব্যৱস্থাটোক আৰু বেছি সক্ষম কৰি তোলাৰ, নাৰীৰ বাবে অতি সহজে উপলব্ধ (women friendly) কৰি তোলাৰ ব্যৱস্থা লোৱা উচিত। এই ব্যৱস্থাটোত বিজ্ঞান আৰু প্ৰযুক্তিৰ শেহতীয়া অৱদানবোৰ ব্যৱহৃত হোৱা উচিত। আৰু লগতে আমাৰ আইনী ব্যৱস্থাটোত থকা কিছুমান অস্পষ্টতা দূৰ কৰা উচিত। এগৰাকী নাৰীৰ অ-সন্মতিক্ৰমে তেওঁৰ বিৰুদ্ধে শাৰীৰিক বা মানসিকভাৱে হোৱা যিকোনো উৎপীড়নকে সামূহিকভাৱে “নাৰীৰ বিৰুদ্ধে অপৰাধ” বুলি গণ্য কৰা উচিত। ধৰ্ষণ, শাৰীৰিক-মানসিক অত্যাচাৰ, ডমেষ্টিক ভায়্লেন্স, যৌতুকৰ বাবে অত্যাচাৰ, এচিদ আক্ৰমণ আদি সকলোবোৰ নাৰীজনিত অপৰাধকে একেলগে “এটা নিৰ্দিষ্ট অপৰাধ”ৰ (one cognizable offence) অধীনলৈ আনিব লাগে আৰু অপৰাধ প্ৰমাণিত হ’লে প্ৰতিটো তেনে অপৰাধৰ বাবে এক নিশ্চিত নুন্যতম শাস্তিৰ (minimum possible punishment) ব্যৱস্থা থাকিব লাগে। অৰ্থাৎ, উদাহৰণস্বৰূপে কোনোবা উদ্দণ্ড পুৰুষে এগৰাকী নাৰীক আনকি মাত্ৰ এনেয়ে স্ফূৰ্তি কৰিবৰ বাবেও যদি বাটত আগচি নিন্মখাপৰ মন্তব্যৰে নাৰীগৰাকীৰ শ্লীলতা হানি কৰিছে তথাপিও সেই অপৰাধ প্ৰমাণিত হোৱাৰ লগে লগে দোষীয়ে অতি কমেও ১ বছৰৰ সশ্ৰম কাৰাদণ্ড ভূগিবই লাগিব আৰু ইয়াৰ কোনো অন্যথা নাথাকিব - এনে ধৰণৰ নুন্যতম শাস্তিৰ ব্যৱস্থা প্ৰতিটো নাৰীজনিত অপৰাধৰ বাবে নিশ্চিত কৰা উচিত। বৰ্তমানৰ ব্যৱস্থাটোত ধৰ্ষণৰ এটা ঘটনাক ধৰ্ষণ বুলি আইনীভাৱে প্ৰমাণ কৰিবলৈকে যথেষ্ট সময় লাগি যায় আৰু লগতে এই প্ৰক্ৰিয়াটোত এগৰাকী ধৰ্ষিতাই নানা ধৰণৰ অশান্তিজনক প্ৰশ্নৰ সন্মুখীন হ’বলগীয়া হয় যিবোৰৰ উত্তৰ দিয়াটো এগৰাকী নাৰীৰ বাবে অতিশয় যান্ত্ৰণাদায়ক আৰু সন্মান হানিকৰ। নাৰীগৰাকীৰ সেই দুৰ্বলতাই একো একোজন ধুৰন্ধৰ অপৰাধীক আইনৰ সুৰুঙা বিচাৰি উলিওৱাত সহায় কৰে। এই ব্যৱস্থাটো সলনি কৰা দৰকাৰ। একেসময়তে নাৰীৰ বিৰুদ্ধে অপৰাধ সংঘটিত কৰা কিশোৰ অপৰাধীবোৰৰ ক্ষেত্ৰতো আইনৰ সংশোধনৰ প্ৰয়োজন আছে বুলি আমি বিশ্বাস কৰো। মাত্ৰ এক নিৰ্দিষ্ট বয়সতকৈ কম বয়সৰ হোৱাৰ বাবেই এজন অপৰাধী শাস্তিৰ সন্মুখীন নোহোৱাকৈ সাৰি যোৱা অনুচিত। নাৰীৰ বিৰুদ্ধে অপৰাধ কৰা কিশোৰ অপৰাধীৰ ক্ষেত্ৰত মূল বিচাৰ্য্য বিষয়টো হোৱা উচিত – সেই অভিযুক্ত কিশোৰজনে সেই অপৰাধটো কৰিবলৈ শাৰীৰিকভাৱে সক্ষম হয় নে নহয়।

দ্বিতীয় – স্কুলীয়া পাঠ্যক্ৰমৰ কিছু সালসলনি। অপ্ৰিয় হ’লেও সত্য যে আমাৰ শিক্ষা ব্যৱস্থাই এজন ছাত্ৰক এজন সংবেদনশীল আৰু দায়িত্বশীল নাগৰিক কৰি গঢ়ি তোলাত সিমান সহায় নকৰে। স্কুলেই হ’ল এজন কুমলীয়া বয়সৰ শিশুৰ জীৱনৰ প্ৰথম স্থান য’ত সেই শিশুজনে জীৱনত প্ৰথমবাৰৰ বাবে অকলে এখন বহল সমাজৰ সন্মুখীন হয় আৰু এজন শিশুক জীৱনৰ প্ৰতি, মানুহৰ প্ৰতি সংবেদনশীল কৰি তুলিবলৈ সেইখিনি সময়েই সকলোতকৈ উপযুক্ত সময়। বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে নাৰীৰ বিৰুদ্ধে অপৰাধ সেইসকল মানুহে বেছিকৈ কৰে যিসকল মানসিকভাৱে আৰু মনোবৈজ্ঞানিকভাৱে কিছু অস্বাভাবিক। তেওঁলোকৰ সেই মনোবৈজ্ঞানিক অস্বাভাবিকতা বাহিৰৰ পৰা ধৰিব পৰা নাযায়। ইয়াৰ বহুতো কাৰণ থাকিব পাৰে, যেনে – দৰিদ্ৰতা, ঘৰুৱা অশান্তিময় পৰিৱেশ, ব্যক্তিগত অপমান, অশ্লীলতা বা হিংস্ৰতাৰ যিকোনো প্ৰদৰ্শন ইত্যাদি। এইবোৰে এজন মানুহৰ ওপৰত যি ধৰণৰ প্ৰভাৱ পেলায় সেই প্ৰভাৱৰ পৰা মুক্ত হৈ থাকিবলৈ মানুহজন সংবেদনশীল আৰু মনোবৈজ্ঞানিকভাৱে সবল হ’ব লাগিব। সেয়ে আমাৰ বোধেৰে স্কুলীয়া পাঠ্যক্ৰমত মনোবিজ্ঞান আৰু চৰিত্ৰ গঠনৰ বিষয়টো বাধ্যতামূলক হ’ব লাগে।

ইয়াৰ উপৰিও সামাজিকভাৱে আমি প্ৰতিজনৰে এই ক্ষেত্ৰত কৰিবলগীয়া বহুত আছে। মাত্ৰ আইন সলনি কৰিয়েই বা অপৰাধীক শাস্তি দিয়েই আমি এই অৱস্থাৰ পৰা মুক্তি নাপাওঁ। আমি আমাৰ চিন্তাধাৰা আৰু আমাৰ মানসিকতা সলনি কৰিব লাগিব আৰু নিজৰ লগতে আনকো সলনি কৰিব লাগিব। কিছুমান ধৰ্মীয় নীতি-নিয়্ম আৰু অন্ধবিশ্বাসৰো অন্ত পেলাব লাগিব। অস্বীকাৰ কৰি লাভ নাই যে হিন্দু বা ইছলাম বা আন ধৰ্মবিশ্বাস কিছুমানেও নাৰীৰ বাবে অপমানজনক, নাৰীক অৱদমিত কৰি ৰখা নীতি-নিয়ম কিছুমানৰ পোষকতা কৰে আৰু বহুতে সেই নীতি-নিয়মবোৰৰে সুবিধা লৈ নাৰীৰ বিৰুদ্ধে কিছুমান অপৰাধ কৰে। একেসময়তে আমি আমাৰ নতুন প্ৰজন্মক নাৰীক নাৰী হিচাপে চাবলৈ নহয়, এগৰাকী সমান সামৰ্থৱান আৰু সমান অধিকাৰৰ মানুহ হিচাপে চাবলৈ আৰু গ্ৰহণ কৰিবলৈ শিকাব লাগিব। এগৰাকী নাৰীক ৰক্ষা কৰিব লাগিব, এগৰাকী নাৰীক সংগী হিচাপে সন্মান কৰিব লাগিব – ইত্যাদিবোৰৰ আচলতে প্ৰয়োজন নাই। মূল প্ৰয়োজনটো হ’ল আমাক এনে এখন নিংগ-বৈষম্যহীন সমাজ লাগে য’ত নাৰীয়ে নিজকে মুকলি আৰু সুৰক্ষিত অনুভৱ কৰে, য’ত নাৰীয়ে নিজৰ জীৱন নিজে নিয়ন্ত্ৰণ কৰে, য’ত নাৰীয়ে নিজৰ বাবে নিজে সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তক সন্মান জনোৱা হয়, য’ত নাৰী পুৰুষৰ অধীন নহয়, য’ত নাৰীক সমান অধিকাৰেৰে সামাজিকভাৱে সকলো স্থানতে গ্ৰহণ কৰা হয়।

অপ্ৰিয় হ’লেও সত্য যে আমাৰ ভাৰতীয় সমাজত বহুত পুৰুষে নিজকে নাৰীতকৈ সকলো ক্ষেত্ৰতে শ্ৰেষ্ঠ বুলি ভাবে। নাৰীৰ ওচৰত তেওঁলোকৰ এক আচৰিত ধৰণৰ ছুপিৰিয়ৰিটি কমপ্লেক্স থাকে। তেওঁলোকে ভাবে নাৰীৰ জন্ম মাত্ৰ তেওঁলোকক সুখৰ যোগান ধৰিবলৈহে হৈছে। এনেধৰণৰ মানুহবোৰে যেতিয়া বহল সমাজখনৰ সন্মুখীন হয় তেতিয়া তেওঁলোকৰ মনত দলৈকে শিপাই থকা এই পুৰনিকলীয়া বিশ্বাস আৰু মতবাদবোৰ লৈ তেওঁলোকে একধৰণৰ হতাশাত ভূগে যি তেওঁলোকৰ মনত নাৰীৰ প্ৰতি হিংস্ৰতা আৰু অপৰাধপ্ৰৱণতাৰ জন্ম দিয়ে। তেনেধৰণৰ মানুহবোৰে বহুসময়ত আনকি ব্যক্তিগত জীৱনত সন্মুখীন হোৱা যিকোনো সমস্যা বা অসফলতাৰ বাবেও নাৰীৰ প্ৰতি হিংস্ৰ হৈ উঠে। ব্যক্তিগত জীৱনত অসফল হৈ নিজৰ পত্নীক নিৰ্মমভাৱে মাৰধৰ কৰা তেনে ধৰণৰ অপদাৰ্থ লোক মই নিজেই বহুত দেখিছো। আমি নিজকে প্ৰশ্ন কৰা উচিত – আমি নিজেও তেনেধৰণৰ অপদাৰ্থ নেকি? যদি হয়, তেন্তে আমি তৎক্ষণাত নিজৰ সেই অহং মনোবৃত্তি ত্যাগ কৰা উচিত। আৰু যদি নহয়, তেন্তে আমি নাৰীৰ বাবে এখন সুৰক্ষিত, সম-অধিকাৰপূৰ্ণ সমাজ গঢ়াৰ বাবে নিজৰ অৱদান আগবঢ়োৱা উচিত।

শেষত মানুহ হিচাপে এয়া আমাৰ সকলোৰে এক পৱিত্ৰ দায়িত্ব আৰু কৰ্তব্য যে আমি এখন সুন্দৰ পৃথিৱী গঢ়ি তুলিম য’ত আমাৰ সন্তানসকলে আনন্দৰে, সুৰক্ষিতভাৱে জীৱন কটাব। আৰু লগতে এইটোও আমাৰ দায়িত্ব যে সেই সুন্দৰ সমাজখন ধ্বংস কৰিব খোজা, জীৱনৰ সুন্দৰতা বুজি নোপোৱা আৰু সেই সুন্দৰতাক ধ্বংস কৰিব খোজা সেই হিংস্ৰ অমানুহবোৰক আমাৰ সমাজৰ পৰা আঁতৰাই আইনৰ হাতত তুলি দিম।

(লেখাটোত প্ৰকাশিত মতামত লেখকৰ একান্ত ব্যক্তিগত আৰু পদৱী/কাৰ্য্যালয় আদিৰ সৈতে কোনো সম্পৰ্ক নাই।)

No comments:

Post a Comment