কেৰিয়াৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা


সমুদ্ৰ বিষয়ক কেৰিয়াৰ গঢ়িবলৈ অচেন’গ্রাফী
ড° বুলজিৎ বুঢ়াগোহাঁই
অচেন’গ্রাফী (Oceanography) পঢ়ি ছাত্র-ছাত্রীসকলে এটা সুন্দৰ কেৰিয়াৰ গঢ়িব পাৰে। অচেন’গ্রাফী হ’ল বিজ্ঞানৰ এটা শাখা, ইয়াত সাগৰ-মহাসাগৰৰ শাৰীৰিক আৰু জৈৱিক বৈশিষ্ট্য তথা পৰিঘটনা আদি বিষয়ে অধ্যয়ন কৰা হয়। অচেন’গ্রাফীৰ কেইবাটাও শাখা আছে, যেনে – বায়লজিকেল অচেন’গ্রাফী (Biological Oceanography), কেমিকেল অচেন’গ্রাফী (Chemical Oceanography ), জিয়লজিকেল অচেন’গ্রাফী (Geological Oceanography), ফিজিকেল অচেন’গ্রাফী (Physical Oceanography ) আদি।

অচেন’গ্রাফী পাঠ্যক্রম সাধাৰণতে স্নাতকোত্তৰ স্তৰত পঢ়োৱা হয়। ইয়াৰ উপৰিও অচেন’গ্রাফীত স্নাতক, এম.ফিল., পি.এইচ.ডি. আদি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। অচেন’গ্রাফীৰ স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্তি কৰিব বাবে ছাত্র-ছাত্রীসকলে সাধাৰণতে প্ৰাণী বিজ্ঞান (Zoology), উদ্ভিদ বিজ্ঞান (Botany), ৰসায়ন বিজ্ঞান (Chemistry) , কৃষি বিজ্ঞান (Agriculture), মীন বিজ্ঞান (Fishery Science) , Earth Science, পদাৰ্থ বিজ্ঞান ( Physics), মাইক্ৰ’বায়’লজী (Microbiology), প্ৰায়োগিক বিজ্ঞান (Applied Sciences) আদি বিষয়ত স্নাতক পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগে। এই পাঠ্যক্রমত নাম ভৰ্তিৰ বাবে প্রয়োজন হোৱা ন্যূনতম নম্বৰ শিক্ষানুষ্ঠান অনুযায়ী বিভিন্ন হয়।

কিছুমান শিক্ষানুষ্ঠানত নাম ভৰ্ত্তিৰ বাবে বাছনি পৰীক্ষা অনুষ্ঠিত হয়। এজন সফল অচেন’গ্রাফাৰ হবলৈ হ’লে প্ৰাৰ্থীগৰাকীৰ কিছুমান গুণ থকা দৰকাৰ, যেনে –অনুসন্ধিৎসু মন, কষ্ট কৰাৰ মানসিকতা, যথেষ্ট ধৈৰ্য্য ধৰিব পৰা মানসিকতা , বৈজ্ঞানিক মানসিকতা, সু-স্বাস্থ্যৰ অধিকাৰী হোৱা আদি । ‘অচেন’গ্রাফী’ত শিক্ষা গ্রহণ কৰিব পৰা কেইখনমান শিক্ষানুষ্ঠান হ’ল – অন্ধ্ৰ বিশ্ববিদ্যালয় (http://www.andhrauniversity.edu.in), আন্না বিশ্ববিদ্যালয় (https://www.annauniv.edu), আন্নামালাই বিশ্ববিদ্যালয় ( http://annamalaiuniversity.ac.in),কোচিন ইউনিভাৰছিটি অৱ চাইঞ্চ এণ্ড টেকন’লজী (www.cusat.ac.in ), কলকতা বিশ্ববিদ্যালয় ( www.caluniv.ac.in), গোৱা বিশ্ববিদ্যালয় (https://www.unigoa.ac.in), ড° বাবাচাহেব আম্বেদকাৰ মৰাথৱাদা বিশ্ববিদ্যালয় (www.bamu.net), নেচনেল ইনষ্টিটিউট অৱ অচেন টেকন’লজী (https://www.niot.res.in/),বেৰহামপুৰ বিশ্ববিদ্যালয় (www.buodisha.edu.in),ভাৰতিদাসন বিশ্ববিদ্যালয় (www.bdu.ac.in ),ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান , মাদ্রাছ (https://www.iitm.ac.in) আদি।

‘অচেন’গ্রাফী’ৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ড (অইল ইণ্ডিয়া, জিঅ’লজিকেল’ ছাৰ্ভে অৱ ইণ্ডিয়া, ছাৰ্ভে অৱ ইণ্ডিয়া, মেটিয়ৰ’লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়া, অ’ এন জি চি, ডিপাৰ্টমেণ্ট অৱ অচেন’গ্রাফী আদি)ৰ বিভিন্ন পদত [(যেনে – চাইণ্টিষ্ট (Scientist) , ইঞ্জিনিয়াৰ (Engineer) , টেকনিছিয়ান (Technician) আদি] নিযুক্তি লাভ কৰিব পাৰে । ইয়াৰ উপৰিও মহাবিদ্যালয়/বিশ্ববিদ্যালয়ত অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ‘অচেন’গ্রাফী’ৰ সাংবাদিক হিচাপে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰৰ কেৰিয়াৰ আৰম্ভ কৰিব পাৰে। ‘অচেন’গ্রাফী’ৰ ওপৰত গৱেষণাও এটা কেৰিয়াৰ হ’ব পাৰে ।

No comments:

Post a Comment