সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Assamese LIFELINE on SOCIAL MEDIA

সামাজিক যোগসূত্ৰৰ মঞ্চত ইতিবাচক বাৰ্তাবাহক
ভাল খবৰ ভাল সমল, পঢ়ি লভক আনন্দ বিমল

Post Top Ad

Responsive Ads Here
বিহু শিল্পী, শিল্পীৰ বিহু আৰু আয়োজক
অৰুণজ্যোতি দাস
বিহুক অসমীয়াৰ জাতীয় গৌৰ‌ৱ তথা বাপতি-সাহোন বুলি কো‌ৱা হয়। কো‌ৱা হয় যে অসমীয়াৰ ধমনীৰ কোষে কোষে হেনো বিহুৰ অনুভূতি প্ৰ‌ৱাহমান । অ‌ৱশ্যেই এটা জাতীয় উৎস‌ৱ হিচাপে এনে বিভূষণক কোনোপধ্যেই অত্যুক্তি বুলি ক’ব নো‌ৱাৰি । কিন্তু বৰ্তমান সময়ত অসমীয়া ডেকা-ডেকেৰীৰ গাত নিজৰ অতিকেই আপোন এই উছ‌ৱটিৰ প্ৰতি অলপো উছাহ-উদ্দীপনা জাগি উঠা পৰিলক্ষিত হয় নে ? প্ৰকৃতিয়ে এই ন ৰূপ লো‌ৱাৰ সময়ত আমাৰ কিশোৰ-কিশোৰী, ডেকা-গাভৰুৰ মুখেৰে নিজে নজনাকৈয়ে এফাঁকি বিহুনাম ওলাই আহে নে ? তাঁতশালৰ সলনি পঢ়া-মেজ, দূৰদৰ্শন অথবা মোবাইল-কম্পিউটাৰ লৈ ব্যস্ত থকা আমাৰ সোণজনীকো জানো ঢোলৰ ছে‌ৱে দেহ-মন উতলাব পাৰে নে আজিকালি ?

আধুনিকতাৰ পৰশ পাই বৰ্তমানে যে পূৰ্বৰ সেই মুকলি বিহুও নাই আৰু বিহু‌ৱে দেহত তোলা পিৰপিৰনিও নাই, সেই কথা আমি অবাঞ্চিত হ’লেও স্বীকাৰ কৰিবই লাগিব । আৰু এনে ৰূপান্তৰণৰ লগতে খাপ খো‌ৱায়েই উছ‌ৱটিক অনাগত সময়ৰ বাবে আমাৰ ন-প্ৰজন্মৰ হাতত তুলি দিব লাগিব। এই মূহুৰ্ততো আমাৰ বহু কৃষ্টিপ্ৰেমী শিল্পীয়ে থলু‌ৱা লোক-বাদ্য যেনে ঢোল,তাল,পেঁপা,গগণা,সুতুলীক জীয়াই ৰাখি তাৰ চৰ্চা কৰি জনপ্ৰিয় কৰাৰ স্বাৰ্থত কৰ্মশালা বা প্ৰশিক্ষণৰ আয়োজন কৰি যি প্ৰচেষ্টা অব্যাহত ৰাখিছে, তেখেতসকলক সঁচাই শলাগ ল’ব লাগিব । ইয়াৰ মাজতে বহু প্ৰচাৰবিমুখ থলু‌ৱা শিল্পীয়ে তেখেতসকলৰ জন্মগত প্ৰতিভা ন-প্ৰজন্মৰ হাতত গতাই দিবলৈ নৌপাওঁতেই হয়তো এই সংসাৰৰপৰা মেলানি মাগিছে । তদুপৰি আজিকালিৰ তথাকথিত বহু ‘বিহু-কুঁৱৰী’, ‘বিহু-সম্ৰাজ্ঞী’তকৈ হাজাৰগুণে নিখুঁত আৰু স্বকীয় থলু‌ৱা বিহু নাচ জনা বিহু‌ৱতী হয়তো আমাৰ গা‌ৱেঁ-ভূঞেঁ ওলাব, যিসকলে গ্লেমাৰ বা অৰ্থৰ অভা‌ৱত মঞ্চ নতুবা দূৰদৰ্শনৰ পৰ্দা কঁপাবলৈ সুযোগ পো‌ৱা নাই । আমি কিন্তু তেনে বিহু‌ৱা বা বিহু‌ৱতীকহে প্ৰকৃত বিহু শিল্পী বুলিবলৈ সাহ কৰিম ।

মঞ্চৰ বিহু‌ৱে নি:সন্দেহে উৎস‌ৱটিক ‘গ্লেমাৰ’মুখী কৰিছে আৰু ন-প্ৰজন্মৰ কাষ চপাইছে । কিন্তু বিহুৰ প্ৰাকৃতিক মাদকতা আৰু স্বয়ংক্ৰিয় এক উৎস‌ৱমুখৰ পৰি‌ৱেশ গঢ়ি তোলাত আজিও কিন্তু আমাৰ বিহু সন্মিলনী বা বিহু উদযাপন সমিতিসমূহ সফল হো‌ৱা নাই । শ্ৰেষ্ঠ হুঁচৰি দল, বৰ বিহু‌ৱা,সৰু বিহু‌ৱা,বৰ বিহু‌ৱতী,সৰু বিহু‌ৱতী, শ্ৰেষ্ঠ বিহু দল, শ্ৰেষ্ঠ বিহু‌ৱতী আদি নানা শিৰোনামাৰে অলেখ-অজস্ৰ প্ৰতিযোগিতা আমি পাতিছো সঁচা; কিন্তু ঢোল-পেঁপাৰ ছে‌ৱত এপাক নাচিবলৈ কিমানজন কিশোৰ-কিশোৰীৰ দেহ-মনক উদ্বুদ্ধ কৰিব পাৰিছো তাৰ জানো কিবা খেয়াল আমি ৰাখিছো ? চাদৰ-মেখেলা বা গামোছা-টঙালি ব’বলৈ আৰু লাড়ু-পিঠা বনাবলৈ আমাৰ কেইজনী ছো‌ৱালীক আমি উৎসাহিত কৰিছো, সেয়াও এক ভা‌ৱি চাবলগীয়া বিষয় । শুনিবলৈ পো‌ৱা যায় যে মঞ্চত বিহু নাচি ‘বিহু‌ৱতী’ বুলি পুৰস্কৃত হ’বলৈও বোলে বৰ্তমানে বহু শকত পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হয় । এনে দৃষ্টিৰে চাবলৈ গ’লে বিহু পতা, বিহুত নচা, বিহুৰ বিচাৰক হো‌ৱা এই সকলো কথাতে দেখোন কুটনীতিৰ জটিল পাক সোমাই আছে । আৰু যদি সঁচাই সেয়া হৈ আছে, তেন্তে আজিৰ বিহু গৈ যে এদিন কে‌ৱল ‘আঢ্য‌ৱন্ত সকলৰ ফেছন’ হিচাপেহে পৰিগণিত হ’বগৈ, সেয়া নিশ্চিত ।

বিহুৰ আয়োজকসকলে, স্বেচ্চাসে‌ৱী গোটসমূহে অথ‌ৱা হুঁচৰি দলসমূহে আমাৰ প্ৰতিঘৰতে থকা ল’ৰা-ছো‌ৱালীবোৰক আঁকো‌ৱালি লৈ বিহুৰ অনুশীলন কৰিবলৈ দিয়া উচিত । বিহু উদযাপনত আগৰণু‌ৱাসকলে সমাজৰ প্ৰতিজন মানুহকে যদি বিহুৰ স্বাভা‌ৱিক ৰীতি-নীতি আৰু পৰম্পৰাখিনিৰ লগত চিনা-পৰিচয় কৰাই অনুশীলন কৰিবলৈ অনুপ্ৰাণিত কৰাব পাৰে, তেতিয়াহে কিন্তু অসমীয়াৰ এই বাপতি-সাহোন বিহুটিয়ে আমাৰ প্ৰত্যেকৰে অন্তৰত স্থান ল’ব পাৰিব । সমিতিসকলে অঞ্চলৰ প্ৰ‌ৱীণ বিহু‌ৱা বা বিহু‌ৱতীসকলক এই কাৰ্যসূচীবোৰৰ অংশীদাৰ কৰি ল’লে তেওঁলোকৰ পৰা বহুখিনি শিকিবও পাৰিব ।

যিসময়ত বিহুৰ স্বকীয়তা বজাই ৰাখি ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ বঢ়ো‌ৱাৰ বাবে বিহু উদযাপন কৰা সন্মিলনীসমূহৰ ওপৰত আমি আশা আৰু ভৰসা কৰিব বিচাৰোঁ, সেইসময়ত কিন্তু এনে সমিতিসমূহৰ কিছুমান কথা-কাণ্ডই আমাক হতভম্ব কৰিছে । সস্তীয়া জনপ্ৰিয়তা আৰু ব্যক্তিগত মুনাফা লাভৰ অৰ্থে আজিকালি প্ৰায় সকলোবোৰ সমিতিয়েই মূল উদ্দেশ্যৰ পৰা ফালৰি কাটি ব্য‌ৱসায়িক লাভালাভাক লৈ অংক কৰাহে দেখা যায । দা‌ৱী-ধমকিৰে শকত পৰিমাণৰ চান্দা উঠাই এই সমিতিবোৰে বৰ্তমানে ভদ্ৰ ডকাইতৰ ৰূপ লৈছে । কোনে কিমান নামী-দামী তাৰকা-শিল্পীক নিমন্ত্ৰণ জনাই নিউজ-চেনেলৰ চৰ্চাৰ বিষয় হ’ব পাৰি অথবা ‘লাইভ-টেলিকাষ্ট’ কৰাব পাৰে তাৰেই যেন অঘোষিত প্ৰতিযোগিতা চলিছে, এনে অনুভ‌ৱ হয় । সেইবাবেই আজিকালি বিহু উদযাপনৰ ক্ষেত্ৰত মুখ্য আকৰ্ষণ বিহু নহয়, হয়গৈ কোনো এজন গায়ক বা গায়িকাহে । বৰ বৰ পোষ্টাৰ-হোৰ্ডিঙত আজিকালি বিহু কঢ়িয়াই আনে জুবিন-পাপন বা দীক্ষু-জুবলীয়েহে । আৰু এই শকত –পাৰিতোষিকেৰে বন্দো‌ৱস্ত হো‌ৱা আমাৰ মৰমৰ শিল্পীসকলে উছ‌ৱৰ নিশা আমাক শুনায় ড্ৰাম,গীটাৰ, ঢুলুকীৰে অলংকৃত হো‌ৱা আধুনিক বিহুগীত ।

আমাৰ অনুৰোধ, সংশ্লিষ্ট সকলো‌ৱে যেন বিহুৰ নামত ব্য‌ৱসায় কৰা বন্ধ কৰি এজন প্ৰকৃত অসমীয়া হিচাপে নিজকে চিনাকী দিয়ক আৰু আৰ্থ-সামাজিক নানান সমস্যাৰে জৰ্জৰিত এই সংকট মূহুৰ্তত বিহুৰ জৰিয়তেই সমাজত একতা স্থাপন কৰি এক বৃহত্তৰ সুৰুচীসম্পন্ন সংস্কৃতি‌বান জাতি গঠন প্ৰক্ৰিয়াত প্ৰত্যেকেই অহিৰণা যোগাওক।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages