সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

অসমীয়াৰ সংজ্ঞা বিচাৰি ফুৰা সকললৈ
এটি স্পষ্ট মতামত
আব্দুছ চুবুৰ
সম্পাদক মহোদয়,
অসমীয়া জাতিটো কোনো নির্দিষ্ট ধর্ম,জাতি,সম্প্ৰদায় বা ভাষাৰ ভিত্তিত গঢ়ি উঠা নাই। অতীজৰে বিভিন্ন ভাষা ভাষী তথা ধর্মাৱলম্বী মানুহৰ সংমিশ্রণতহে বৃহত্তৰ অসমীয়া জাতি গঢ় লৈ উঠিছে। কিন্তু আজি একাংশ তথাকথিত নেতাৰ প্রৰোচনাত একপ্রকাৰ ভাঙোনমুখী কৰি তুলিছে অসমীয়া জাতিটোক। অসমৰ একাংশ তথাকথিত নেতা আৰু অসমীয়াৰ সংজ্ঞা নিৰূপণৰ ঠিকাদাৰে সমগ্র অসমবাসীকে একপ্রকাৰ ব্লেকমেইলিং কৰি আহিছে। ভাটৌ চৰাইৰ দৰে কেইটামান নির্দিষ্ট বাক্য যেনে, খিলঞ্জীয়াৰ অধিকাৰ ৰক্ষা হবই লাগিব, অসমত খিলঞ্জীয়া অসমীয়াৰ প্রভুত্ব চলিব লাগিব, খিলঞ্জীয়াৰ বাবে এশ শতাংশ সংৰক্ষণৰ ব্যবস্থা হব লাগিব, সাংবিধানিক ৰক্ষাকবচ ইত্যাদি, ইত্যাদি মুখস্থ মাতি মাতি অসমবাসীৰ কাণ দুখন ঘোলা কৰি দিছে। আচলতে এইবোৰ সংৰক্ষণ-টংৰক্ষণ বাস্তৱত একো নহয়।

আচল কেৰোণটো আন ক'ৰবাত হে।অসমত থকা অধিকাংশ বাংলাভাষী মুছলমান বা হিন্দু বঙালী জাতিৰ ভাষা হ'ল বাংলা৷সেই বুলি কি সকলো বাংলাভাষী ব্যক্তিয়েই কি বাংলাদেশী নেকি? বাংলাভাষী মুছলমান আৰু হিন্দু বঙালীসকলক অর্থনৈতিক, ৰাজনৈতিক তথা শৈক্ষিক আদি সর্বদিশতে নিঃশেষ কৰাৰ ষড়যন্ত্রই হ'ল প্ৰমাণ বিহীনভাৱে বাংলাদেশী আখ্যা দিয়া৷ উগ্র হিন্দুত্ববাদৰ পদলেহেনকাৰী আৰু তথাকথিত জাতীয়তাবাদৰ ধ্বজা বহনকাৰী এচাম ধুৰন্ধৰ তথাকথিত নেতাৰ প্রৰোচনাত এনে আত্মঘাতী চক্রান্ত ৰচনা হৈ আছে।

এটা নির্দিষ্ট জাতি আৰু ভাষালম্বী মানুহক ধ্বংস কৰাৰ এনে কুচক্রান্তই এদিন সমগ্র অসমীয়া জাতিটোৰে অস্তিত্ব নাইকিয়া কৰিব যে সেয়া নিশ্চিত। কিয়নো কোনোবাই মানক বা নামানক, এটা কথা এশ শতাংশই সত্য যে আজি যদি অসমত অসমীয়া ভাষা তথা পৰিচয় জীয়াই আছে সেয়া এই বাংলাভাষী হিন্দু বঙালী আৰু মুছলমানৰ অক্সিজেনতহে। গতিকে সেই অক্সিজেনখিনি যাতে কার্বন ডাই অক্সাইডলৈ ৰূপান্তৰ নহয় তাৰ প্রতি গুৰুত্ব দিয়া উচিত।

কাৰণ অসমীয়া বাংলাভাষী মুছলমান আৰু হিন্দু বঙালীৰ মাতৃভাষা কিন্ত্ত সম্পূৰ্ণৰূপে অসমীয়াহে৷অন্যথা আজি যিসকলে অসমীয়াৰ সংজ্ঞাক লৈ উবুৰি খাই পৰিছে, আৰু সংজ্ঞাৰ জৰিয়তে অসমীয়া জাতিটোক এক ঠেক গণ্ডিৰ মাজত আৱদ্ধ কৰিব বিচাৰিছে সেই সকলৰ বাবেই হয়তো এদিন অসমীয়া ভাষাটোও ইতিহাসত পৰিণত হ'ব বুলি মই ভাৱো।

No comments:

Post a Comment