প্ৰেৰণাময় ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

প্ৰেৰণাময় ব্যতিক্ৰম

প্ৰেৰণাময় ব্যতিক্ৰম

Share This

পখিলাৰ বাবে এখন পৃথিৱী 
অনন্ত নাথ

সময়ৰ পাখিলগা কাঁড়ত উঠি আকৌ এটা বছৰে মেলানি মাগিলে৷ এৰি থৈ গ'ল সুখ-দুখ, প্ৰাপ্তি-অপ্ৰাপ্তি, লাভ-লোকচানৰ বহু অলিখিত ঘটনা প্ৰবাহ৷ সময়ৰ চিৰাচৰিত গতিময়তাত বহু অনাকাংক্ষিত খবৰেও জোকাৰি গ'ল সচেতন লোকৰ চিন্তা-চেতনা৷ বিগত বৰ্ষৰ বিদায় আৰু নতুনৰ আগমনৰ আলিদোমোজাত কিছু যোগাত্মক বাতৰিয়েই নিৰ্ণয় কৰিব অগন্তুক বৰ্ষৰ কৰ্মৰ গতি আৰু উন্নয়ন উত্তৰণৰ বুনিয়াদ৷ সেই কথা চিন্তা কৰিয়েই জনসাধাৰণৰ চিন্তা-চেতনাক প্ৰভাৱিত কৰা কেইগৰাকীমান ব্যক্তিৰ অসাধাৰণ কৰ্ম-কুশলতাৰ খতিয়ান দাঙি ধৰাৰ এয়া এক বিনম্ৰ প্ৰয়াস ৷ হত্যা-হিংসা-অসূয়া-অপ্ৰীতিৰ পৰিৱৰ্তে এক অনাবিল প্ৰশান্তি আৰু জীৱনমুখী বাতাবৰণ গঢ় দিয়াৰ ক্ষেত্ৰত আহোপুৰুষাৰ্থ কৰি সমাজত ভাস্বৰ হৈ উঠা কেইটামান 'নক্ষত্ৰ'ৰ বিষয়ে অনন্ত নাথে যুগুতোৱা অৱলোকন অসমীয়াৰ সুখ-দুখৰ পাতত খণ্ড-খণ্ডকৈ প্ৰকাশৰ দিহা কৰা হৈছে।

(১)

পখিলাৰ বাবে পৃথিৱী গঢ়া ড° প্ৰণৱজ্যোতি চেতিয়া 
পখিলাৰ বাবে নিৰাপদ আৱাসথলী গঢ়া মানুহজনৰ কৰ্মৰাজি প্ৰকৃতিপ্ৰেমীসকলৰ বাবে এক সুখবৰ৷ পৰিৱেশৰ ভাৰসাম্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পখিলাৰ বাবে যোৰহাটত গঢ় লৈ উঠিছে এক নিৰাপদ আবাসথলী৷ বিভিন্ন পাৰিপাৰ্শ্বিক কাৰকৰ প্ৰভাৱত সমগ্ৰ বিশ্বতে বহু প্ৰজাতিৰ পখিলাৰ অস্তিত্ব বিপদাপন্ন হোৱাৰ লগতে বহু প্ৰজাতি বিলুপ্ত হৈ যোৱাৰ সময়ত উক্ত আৱাসথলীলৈ হাজাৰ হাজাৰ ৰং-বিৰঙী পখিলাই নিতৌ ভিৰ কৰিছেহি৷ 

যোৰহাট নগৰৰ মাজমজিয়াতে গঢ়ি উঠা এই নিৰাপদ বিচৰণথলী সম্ভৱ হৈ উঠিছে এদল প্ৰকৃতিপ্ৰেমী আৰু পৰিৱেশৰ প্ৰতি দায়বদ্ধ লোকৰ সু-প্ৰচেষ্টাত৷ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ কিউৰেটৰ ড° প্ৰণৱজ্যোতি চেতিয়াৰ নেতৃত্বত তাৰকাগৃহটোৰ প্ৰাংগণত পখিলাৰ বাবে গঢ়ি তোলা হৈছে এখন ফুলনি বাগিচা৷ সুখৰ কথা যে, ইতিমধ্যে বিজ্ঞানীসকলে দুষ্পাপ্য আৰু বিলুপ্ত বুলি ঘোষণা কৰা একাধিক প্ৰজাতিৰ পখিলা উক্ত বাগিচাৰ আলহী হৈছে৷

কেইবছৰমান আগতে স্থাপিত উজনি অসমৰ প্ৰথমটো তাৰকাগৃহৰ কৰ্মচাৰীসকলৰ যৌথ প্ৰচেষ্টাত উক্ত বাগিচাখনে সম্প্ৰতি পখিলাৰ গৱেষক, প্ৰাণী বিজ্ঞানী তথা পৰিৱেশবিদৰো দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে৷ তাৰকাগৃহ চৌহদত অৱস্থিত বিজ্ঞান উদ্যানৰ মাজে মাজে ৰোপন কৰা বিভিন্ন ধৰণৰ ফুলগছে বিভিন্ন প্ৰজাতিৰ পখিলাক আকৰ্ষণ কৰি সৃষ্টি কৰিছে এক মনোৰম পৰিৱেশৰ৷ কেৱল পখিলাৰ বিচৰণেই নহয় ইহঁতৰ বংশবৃদ্ধিৰ বাবেও তাৰকাগৃহত কৰ্তৃপক্ষই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷ 

এই সন্দৰ্ভত ড° প্ৰণৱজ্যোতি চেতিয়াই জানিবলৈ দিয়া মতে, কোনো এবিধ প্ৰজাতিৰ পখিলাৰ সম্পূৰ্ণ জীৱনচক্রৰ উপযোগী হোৱাকৈ গঢ়ি তোলা বাগিচাখনত ইতিমধ্যে পখিলাৰ আহাৰ, কণী পৰা, প্ৰজনন, বাহ বন্ধা আদি কামৰ বাবে প্ৰয়োজনীয় গছ-গছনি ৰোপন কৰা হৈছে৷ এইসমূহৰ ভিতৰত লেটেনা কেমেৰা, আম, মধুৰী, তেজপাত, দালচেনী, দেবদাৰু, বেল, খৰগছ, শুকলতি, এৰা, পামট্ৰী, পিটনিয়া, মছন্দা, এছটাৰ, জিনীয়া, ভৰ্বেনা, চায়েন্থাছ, অশোক, বেলিফুল আদিয়েই প্ৰধান৷ মতা পখিলাই প্ৰজননৰ পূৰ্বে প্ৰয়োজন হোৱা খনিজ লৱন যোগান ধৰাৰ বাবেও চৌহদটোত বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে৷ 

কমন য়েল্ল' স্বোৱেল' ট্ৰেইল, বুছ হপাৰ, কমাণ্ডাৰ, কমন পাইৰুট, নৰ্দাণ লাইম, এগ বাটাৰফ্লাই আদি বহু দুষ্পাপ্য প্ৰজাতিৰ পখিলাৰ আগমন ঘটা তাৰকাগৃহটো পখিলাৰ এক গৱেষণা কেন্দ্ৰলৈ পৰিণত কৰাৰ বাবেও কৰ্তৃপক্ষই প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ পূৰ্বে কেৱল দক্ষিণ আমেৰিকাত দৃষ্টিগোচৰ হোৱা লুনা মথ প্ৰজাতিৰ এজনী বৃহদাকায় পখিলা নকছাৰীৰ পৰা উদ্ধাৰ কৰি তাৰকাগৃহৰ কিউৰেটৰ ডঙ্ম প্ৰণৱজ্যোতি চেতিয়াই ইয়াৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰি বংশ বিস্তাৰ কৰিবলৈও সক্ষম হয়৷ সম্প্ৰতি উক্ত পখিলাজনীৰ লগতে মালয়েছিয়া, অষ্ট্ৰেলিয়া, ছিংগাপুৰ, ভিয়েটনাম আদিত উপলব্ধ কমন য়েল্ল' স্বোৱেল' টেইল প্ৰজাতিৰ পখিলা বিধৰ মৃতদেহ সযতনে সংৰক্ষণ কৰা হৈছে৷ উল্লেখ্য, পূৰবী দেবীৰ সহযোগত উদ্যানখনত পখিলাৰ গতিবিধি অধ্যয়নৰ বাবে ড° চেতিয়াই এটা দল গঠন কৰে৷ বৰ্তমানলৈকে তেওঁলোকৰ কষ্টসাধ্য প্ৰয়াসৰ ফলশ্ৰুতিত উদ্যানখন দুকুৰৰো অধিক প্ৰজাতিৰ পখিলাৰ ৰম্যভূমিত পৰিণত হৈছে৷ ইতিবাচক ব্যতিক্ৰম ৰূপে জিলিকি উঠা এই উদ্যমৰ সকলো কৰ্মকৰ্তালৈ নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰি, অনাগত দিনটো সু-কৰ্মৰে অসমক উজ্বলাই নিব বুলি আশা কৰি আমি জনাইছো আন্তৰিক অভিনন্দন।
লেখক এগৰাকী ফ্ৰী-লেঞ্চ সাংবাদিক, লেখকৰ যোগাযোগৰ নম্বৰঃ ৯৮৫৯৩০২৭৯৭

No comments:

Post a Comment