স্বাস্থ্য চৰ্চাঃ জেনেৰিক ঔষধ বনাম ব্ৰেণ্ডেড ঔষধ:: ডা০ ভূপেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

স্বাস্থ্য চৰ্চাঃ জেনেৰিক ঔষধ বনাম ব্ৰেণ্ডেড ঔষধ:: ডা০ ভূপেন শইকীয়া

স্বাস্থ্য চৰ্চাঃ জেনেৰিক ঔষধ বনাম ব্ৰেণ্ডেড ঔষধ:: ডা০ ভূপেন শইকীয়া

Share This
ব্ৰেণ্ডেড মেডিচিননো কি ?
যি কোনো ৰোগৰ এটা দৰব উদ্ভাৱন কৰোতে দৰবৰ কোম্পানীয়ে বহু ধন আৰু সময় খৰছ কৰিবলগীয়া হয়৷ সেই দৰবৰ গুণাগুণ পোনতে লেবৰেটৰীৰ এন্দুৰ, গিনিপিগ আদিত আৰু ক্ৰমে মানুহৰ দেহতো প্ৰয়োগ কৰি প্ৰমাণ চোৱা হয়৷ উপযোগী প্ৰমাণ হোৱা মৌলিক দৰবৰ বাবে কোম্পানীয়ে পেটেন্ট বিচাৰে৷ ১০,১২,১৫বছৰ বা ততোধিক সময়ৰ বাবে উপযুক্ত কৰ্তৃপক্ষৰ পৰা কোম্পানীয়ে পেটেন্ট লাভ কৰে৷ সেই সময়ছোৱাত আন কোনো কোম্পানীয়ে সেই দৰব প্ৰস্তুত কৰিব নোৱাৰে৷ পেটেন্ট লাভ কৰা কোম্পানীয়ে সমুদায় খৰছ আৰু লাভাংশ যোগদি দৰবৰ দাম আৰু ব্ৰেণ্ডৰ নাম নিজে নিৰ্ধাৰণ কৰে৷ সেই দৰবৰ প্ৰচাৰ আৰু বিক্ৰীৰ সমুদায় দায়িত্ব কোম্পানীটোৱে লাভ কৰে৷ এনেদৰে উদ্ভাৱন কৰি ওলোৱা স্ব-আবিষ্কৃত দৰববিলাক হ'ল ব্ৰেণ্ডেড মেডিচিন৷
জেনেৰিক মেডিচিননো কি?
পেটেন্টৰ ম্যাদ শেষ হোৱাৰ পিছত সেই ব্ৰেণ্ডেড মেডিচিনৰ ফৰ্মূলাৰে আন যি কোনো কোম্পানীয়ে একে দৰব তৈয়াৰ কৰিব পাৰে৷ তেনেদৰে প্ৰস্তুত কৰা দৰবক জেনেৰিক মেডিচিন বোলে৷ পৰৱৰ্তী সময়ত একে দৰব নিৰ্মাণ কৰোতে কোনো গবেষণাৰ আৰু মাৰ্কেটিংৰ খৰছ নাথাকে আৰু সেয়ে জেনেৰিক মেডিচিনৰ উৎপাদন ব্যয় বেচ কম৷ জেনেৰিক মেডিচিনৰ গুণাগুণ,চৰিত্ৰ,শক্তি,মানদণ্ড, প্ৰয়োগ বিধি,ব্যৱহাৰিক প্ৰয়োগ ব্ৰেণ্ডেড মেডিচিনৰ সৈতে হুবহু একে হব লাগে৷

উদাহৰণ:- জ্বৰ-মূৰৰ বিষৰ দৰব যাৰ ৰাসায়নিক ফৰ্মূলা বা জেনেৰিক নাম হ'ল পেৰাচিটামল তাৰ ব্ৰেণ্ড নাম 'ক্ৰচিন'৷ ক্ৰচিন ব্ৰেণ্ডৰ আবিষ্কাৰক মূল নিৰ্মাতা হ'ল বিদেশী কোম্পানী GSK ৷ আন এটা জেনেৰিক দৰবৰ উদাহৰণ হ'ল নিদ্ৰাৰ বাবে ব্যৱহৃত ঔষধ ডায়েজেপাম-যাৰ ব্ৰেণ্ড নাম ভেলিয়াম (মূল নিৰ্মাতা Roshe)৷

দৰবৰ সংক্ৰান্তত দুটি ভাৰতৰ আদালতৰ গোচৰ তলত লিপিবদ্ধ কৰাৰ মোহ সম্বৰণ কৰিব নোৱাৰিলোঁ:-

১) চুইজাৰলেণ্ডৰ নভাৰ্টিজ কোম্পানীয়ে Gleevee নামৰ পেটেন্ট দৰব এবিধ নিৰ্মাণ কৰে৷ ইয়াৰ ৰাসায়নিক নাম হ'ল Imatinib Mesylate ৷ এই দৰব তেজৰ কৰ্কট ৰোগ ক্ৰনিক মায়েল'য়েড লিউকোমিয়াত প্ৰয়োগ হয়৷ ভাৰতৰ এটা জেনেৰিক কোম্পানীয়ে পেটেন্টৰ ম্যাদ শেষ হোৱাৰ পূৰ্বেই ইয়াৰ মাৰ্কেটিং আৰম্ভ কৰি দিয়াত আদালতত গোচৰ চলে৷ ব্ৰেণ্ডেড ৩লাখ টকীয়া দৰবৰ ভাৰতত জেনেৰিকৰ মূল্য হ'ল ৮হেজাৰ টকা৷ আদালতে মানবীয়তাৰ কথা বিবেচনা কৰি জেনেৰিক দৰবৰ ক্ষেত্ৰত বাধা আৰোপ নকৰিলে৷

২)- কৰ্কটৰোগৰ আন এক ব্ৰেণ্ডেড দৰব হ'ল জাৰ্মানীৰ বেয়াৰৰ উৎপাদিত Nexavar - যাৰ জেনেৰিক নাম হ'ল Sorfenib tosylate ৷ এমাহৰ ব্ৰেণ্ডেড দৰবৰ মূল্য পৰে ২লাখ ৮০ হেজাৰ টকা৷ কিন্তু ভাৰতৰ চিপলাই নিৰ্মাণ কৰিলে ৬৮০০ টকাত আৰু নাটকো কোম্পানীয়ে নিৰ্মাণ কৰিলে ৮৮০০ টকাত৷ ভাৰতৰ চুপ্ৰিম কৰ্টে এইবাৰো দুখীয়া ৰোগীৰ স্বাৰ্থত এই দুই নিৰ্মাতাক সকাহ প্ৰদান কৰিলে৷

দুয়োবিধ মেডিচিনৰ দামৰ তাৰতম্য কেনে আৰু কিয়?
জেনেৰিক মেডিচিন আৰু ব্ৰেণ্ডেড মেডিচিনৰ মাজত মূল্যৰ বিৰাট প্ৰভেদ দেখা যায়৷ ঔষধভেদে জেনেৰিক মেডিচিন ৫০ শতাংশৰ পৰা ৮০ শতাংশলৈকে কম মূল্যত উপলব্ধ হব পাৰে৷ ইয়াৰ মূল কাৰণ আগতে উল্লেখ কৰা হৈছে৷

বিশ্বত আৰু ভাৰতত জেনেৰিক মেডিচিনৰ প্ৰচলন : - বুৰঞ্জী অৱলোকন কৰিলে পাওঁ ১৯২০ চনত জাৰ্মানীৰ বেয়াৰ কোম্পানীয়ে নিৰ্মাণ কৰা জেনেৰিক এচপ্ৰিনে আদালতত তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছিল৷ গতিকে বুজা যায় যে তাৰো আগতেই বিশ্বত জেনেৰিক ঔষধৰ প্ৰচলন আৰম্ভ হৈছিল৷ ১৯৩৮ চনত আমেৰিকাৰ Food and Drug Administration বিভাগে ঔষধিৰ প্ৰয়োগৰ ক্ষেত্ৰত কিছু নিয়মাৱলী জাৰি কৰে৷ কিন্তু কেইবা দশক জুৰি দেখা পোৱা কোনো কোনো দৰবৰ দৰবৰ ভয়াবহ পাৰ্শ্বক্ৰিয়াই ১৯৬২ চনত নতুনকৈ আইনৰ সংশোধন কৰিবলৈ চিকিৎসা জগতক বাধ্য কৰায়৷উদাহৰণস্বৰূপে Thalidomide নামৰ ঔষধৰ কথা কব পাৰি৷ এই দৰবে লেটিন আমেৰিকা,কেনেডা, ইউৰোপ, আফ্ৰিকা আৰু এচিয়াৰ বৃহৎ জনবসতিৰ লোকৰ মাজত বিকলাংগ শিশুৰ জন্ম দি ত্ৰাসৰ সৃষ্টি কৰিছিল৷ Thalidomade নামৰ জেনেৰিক দৰবৰ ব্ৰেণ্ড নাম হ'ল Immunoprin - এই ইমিউনিটিত প্ৰভাৱ পেলোৱা (immunomodulatory) ঔষধৰ প্ৰয়োগ কুষ্ঠ ৰোগ আৰু কিছুমান কৰ্কটৰোগ (যেনে multiple myeloma) তো কৰিব পাৰি৷ ইয়াৰ প্ৰয়োগ গৰ্ভৱতী আৰু স্তনপান কৰোৱা মাতৃৰ বাবে নিষেধ৷

১৯৮৭ চনৰ মেয়ো ক্লিনিকৰ Journal of the Society of Clinical Pharmacology & Therapeutics ত প্ৰকাশিত তথ্যমতে বিগত ৫টা দশকত সকলো প্ৰকাৰৰ ৰোগৰ চিকিৎসাত ব্যৱহৃত জেনেৰিক ঔষধৰ প্ৰভূত উন্নতি সাধন হয়৷

আমাৰ দেশ ভাৰতবৰ্ষত বৰ্তমানৰ মোডী চৰকাৰে দেশখনত জেনেৰিক মেডিচিনৰ প্ৰয়োগত গুৰুত্ব দিব আৰম্ভ কৰিছে আৰু ইয়াৰ বাবে আইন বলবৎ কৰাৰ সম্ভাৱনাও ব্যক্ত কৰিছে৷ আৰম্ভ কৰিছে 'প্ৰধানমন্ত্ৰী জন ঔষধি যোজনা'৷

ভাৰতবৰ্ষৰ দৰব নিৰ্মাণ কৰা উদ্যোগৰ স্থান বিশ্বত তৃতীয় সৰ্ববৃহৎ৷ হায়দৰাবাদ,মুম্বাই,বাংগালোৰ,আহমেদাবাদ হ'ল বৃহৎ প্ৰকল্পৰ ঘাই স্থান৷ কেবল জেনেৰিক মেডিচিন নিৰ্মাণ কৰা কোম্পানীৰ সংখ্যা হেজাৰৰো অধিক৷ কিছুমান কোম্পানীয়ে ব্ৰেণ্ডেড মেডিচিন আৰু জেনেৰিক মেডিচিন দুয়োবিধেই উৎপাদন কৰে৷ আমাৰ দেশৰ উৎপাদিত জেনেৰিক মেডিচিন ইউনিচেফ জাতীয় মান্যতা প্ৰাপ্ত সংস্থায়ো ক্ৰয় কৰে৷ যোৱা ৯আগষ্টৰ টাইমচ অফ ইণ্ডিয়াৰ বাতৰিমতে আমেৰিকাই নিজৰ দেশত প্ৰয়োজন হোৱা ৪০ শতাংশ জেনেৰিক মেডিচিন ভাৰতবৰ্ষৰ পৰা আমদানি কৰে৷

ইণ্ডিয়ান মেডিকেল কাউঞ্চিলে জেনেৰিক মেডিচিনৰ ক্ষেত্ৰত কি ভূমিকা লৈছে?

২১ চেপ্তেম্বৰ ২০১৬তাৰিখে ইণ্ডিয়ান মেডিকেল কাউঞ্চিলে এক নীতি নিৰ্দেশনা প্ৰকাশ কৰে৷ সেই অনুসৰি দুটা কথাত গুৰুত্ব দিয়া হয়৷ (১) সকলো ডাক্তৰেই প্ৰেচক্ৰিপচনত জেনেৰিক দৰব লিখিব লাগিব৷ (২) নিদান পত্ৰ অৰ্থাৎ প্ৰেচক্ৰিপচন গোট গোট পৰিষ্কাৰ আখৰেৰে লিখিব লাগিব৷

দ্বিতীয় দফাটো পঢ়ি মোৰ এটা কৌতুক মনত পৰিছে৷ চহৰৰ এখন নামজলা ফাৰ্মাচীত বৰ ভীৰ চলি আছিল৷ এগৰাকী সুন্দৰী যুৱতী এটা কোণত অকলশৰে ৰৈ আছিল৷ ভীৰ সেৰেঙা হোৱাত যুৱতীগৰাকীয়ে চেলচমেন ল'ৰা এজনৰ হাতত কাকত এখিলা তুলি অনুস্ব স্বৰত ক'লে-প্লিজ, এই ডাক্তৰৰ চিঠিখন মোক পঢ়ি শুনোৱাচোন৷ তেওঁৰ লগত মোৰ বিয়াৰ বন্দোবস্ত হৈছে!

এয়া হ'ল অধিকাংশ ডাক্তৰৰ হাতৰ আখৰৰ নমুনা৷ সেয়ে কথিত আছে ডাক্তৰৰ পাণ্ডলিপিৰ পাঠোদ্ধাৰ ফাৰ্মাচীয়েহে কৰিব পাৰে৷ মই সংযুক্ত আৰব আমীৰাটৰ আবু ধাবিত কাম কৰোতে দুটা কথা দেখা পাইছিলোঁ৷ প্ৰথমটো হ'ল চিকিৎসকসকলে দৰবৰ কেবল জেনেৰিক নামহে লিখাটো বাধ্যতামূলক৷ দ্বিতীয়তে প্ৰেচক্ৰিপচন সদায় কম্পিউটাৰৰ সহায়ত ছপা কৰিহে ৰোগীৰ হাতত তুলি দিব লাগে৷

প্ৰথম দফাটোৰ সন্দৰ্ভত কবলগীয়া হ'ল যে এই কথাখিনি কেবল আচৰণ বিধি নহৈ আইনত পৰিনত হলেহে ফলপ্ৰসু হব৷

ভাৰতৰ বিভিন্ন প্ৰদেশৰ চৰকাৰৰ জেনেৰিক মেডিচিনৰ সংক্ৰান্তত দৃষ্টিভংগী কি? - আটাইতকৈ সফল আৰু প্ৰশংসনীয় ভূমিকা লৈছে ৰাজস্থান চৰকাৰে৷ প্ৰদেশখনত 'প্ৰধানমন্ত্ৰী জন ঔষধি যোজনা'ৰ অধীনত জেনেৰিক দৰবৰ ফাৰ্মাচী ৰাজ্যৰ ঠায়ে ঠায়ে সহজে উপলব্ধ৷ ইয়াৰ ফলত এক উদাহৰণ স্বৰূপে ৪০০০টকাৰ ব্ৰেণ্ডেড দৰব ৰোগীয়ে ৪০০টকাৰ জেনেৰিক মেডিচিনত পৰিশোধ কৰিয়েই সংগ্ৰহ কৰিব পাৰিছে৷ জনামতে তামিলনাডুৱেও প্ৰশংসনীয় ভূমিকা পালন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ অসমৰ ভূমিকা তথৈবচ৷

অসমত জেনেৰিক মেডিচিনৰ প্ৰতি অনীহাৰ সম্ভাব্য কাৰণ :- কেইদিনমানৰ আগতে অসমৰ দুটামান টিভি চেনেলত অসমৰ স্বাস্থ্য খণ্ডৰ সন্দৰ্ভত অনুসন্ধান মূলক বাতৰি প্ৰচাৰিত হৈছিল৷ তথ্যপ্ৰমাণসহ দেখুৱা হৈছিল অসম চৰকাৰে ক্ৰয় কৰা অধিকাংশ (৮০শতাংশৰো অধিক) জেনেৰিক দৰবেই নিম্নমান দণ্ডৰ৷ এনে দৰবক প্ৰচলিত কথিত ভাষাত 'ভুচি মাল' বুলে৷ গতিকে চিকিৎসকৰ আৰু লগতে ৰাইজৰো এনে জেনৰিক দৰবৰ প্ৰতি মোহভংগ হোৱাতো স্বাভাবিক কথা৷

উপসংহাৰ আৰু খুটি-নাটি কিছু লাগতিয়াল কথা :-
• বাস্তবিকতা হ'ল প্ৰকৃত জেনেৰিক মেডিচিন হ'ল সুলভ অৰ্থাৎ কম মূল্যত ক্ৰয় কৰিব পৰা ব্ৰেণ্ডেডৰ সৈতে সমান কাৰ্য্যক্ষম ঔষধি৷ ভাৰতবৰ্ষই তেনে মানসম্পন্ন

জেনেৰিক মেডিচিন উৎপাদন কৰিব পাৰে বাবেই তেনে দৰব আমেৰিকা আৰু ইউনিচেফলৈ ৰপ্তানি হৈছে৷

• কিন্তু উপযুক্ত চৰকাৰী মান নিৰ্ণায়ক (Quality control) আৰু সময়ে সময়ে পৰীক্ষণ ব্যৱস্থা নথকাৰ সুযোগ এক শ্ৰেণী অসাধু ব্যৱসায়ীয়ে গ্ৰহণ কৰি নিম্নমানৰ জেনেৰিক ঔষধ প্ৰস্তুত কৰে৷

• জেনেৰিক দৰবৰ মূল্যৰ ওপৰত চৰকাৰৰ কোনো নিয়ন্ত্ৰণ নথকাৰ ফলত একেবিধ জেনেৰিক দৰবৰ কোম্পানীভেদে ভিন্ন ভিন্ন লিখিত মূল্য (MRP) হয়৷ উদাহৰণ স্বৰূপে এলাৰ্জিৰ এবিধ দৰব চেত্ৰিজিনৰ দহটা পিলৰ মূল্য ১৫টকাৰ পৰা ৬০টকাৰ ভিতৰত কোম্পানীভেদে৷ অথচ উৎপাদন খৰছ পৰে ১০টকাৰ তলত৷ কিন্তু দৰব বিক্ৰেতাক বিক্ৰী হয় (Price to wholeseller) ১০বা ১২টকা দৰত৷ গতিকে জেনেৰিক দৰবৰ আচল ৰেহাই সুবিধাতো লাভ কৰে দৰব বিক্ৰেতা বা কেমিষ্টে৷ আনহাতে ব্ৰেণ্ডেড চেত্ৰিজিনৰ দহটা পিলৰ মূল্য ২৫বা ৩০টকা৷ কেমিষ্টৰ মাৰ্জিন দিয়া হয় ৫৷৬টকা৷

• আকৌ ভূতৰ ওপৰত দানহ পৰাৰ দৰে কিছুমান জেনেৰিক দৰব নিৰ্মাতা কোম্পানীয়ে নিজৰ জেনেৰিক দৰবৰ একোটা নাম দি লয়৷ সাধাৰণ গ্ৰাহকে তেনে ছদ্মবেশী ঔষধকো ব্ৰেণ্ডেড বুলি ভাবি লিখিত উচ্চ দাম দিবলৈ সংকোচ নকৰে৷

আমি কিনা দৰব জেনেৰিক নে ব্ৰেণ্ডেড কেনেকৈ জানিম ?
জেনেৰিক দৰব চিনাক্ত কৰাৰ কোনো উজু উপায় নাই৷ পোনতে বিক্ৰেতা কেমিষ্টজনক সুধি বিশ্বাসযোগ্য উত্তৰ নাপালে নেটত অনুসন্ধান কৰক৷ নেটত (যেনে Netmedsত) ঔষধৰ নাম লিখি অনুসন্ধান কৰিলে জেনেৰিক মেডিচিনৰ সন্ধান পোৱা যাব৷ আকৌ অনলাইনত genericwala.com নামৰ ঔষধ বিক্রেতা প্ৰতিষ্ঠানৰ পৰা সঠিক মূল্যত জেনেৰিক ঔষধ কিনিব পাৰিব৷ এনে প্ৰতিষ্ঠান বিচাৰিলে হয়তো আৰু ওলাব৷

চিকিৎসকৰ দৃষ্টিৰে জেনেৰিক মেডিচিন বনাম ব্ৰেণ্ডেড মেডিচিন
• ব্ৰেণ্ডেড দৰবৰ কোম্পানীৰ মেডিকেল ৰিপ্ৰেজন্টেটিভৰ অজস্ৰ প্ৰলোভনেও জেনেৰিক দৰব লিখাৰ পৰা ডাক্তৰক আতৰ কৰিব নোৱাৰে যদিহে ডাক্তৰজন আশ্বস্ত হয় যে তেওঁ লিখা জেনেৰিক দৰবটো সঁচাই কাৰ্য্যক্ষম আৰু সুলভ মূল্যৰ৷

• সকলো চিকিৎসকেই নিজৰ ৰোগীৰ আৰোগ্য কামনা কৰে৷ কোনেও

অকাৰ্য্যকৰী দৰব লিখি নিজৰ যশ-মান হ্ৰাস কৰিব নিবিচাৰে৷

• যদি কোনোবিধ জেনেৰিক দৰব দুটাতকৈ বেচি বিধ ৰাসায়নিক পদাৰ্থৰ সমিলমিলেৰে গঠিত হয় তেনে দৰবৰ নাম মনত ৰাখিবলৈ অসুবিধা বোধ হয়৷ (শুনামতে চৰকাৰে জেনেৰিক দৰবৰ ডাইৰেক্টৰী ওলিয়াই এনে দৰবৰ সংক্ষিপ্ত নাম দিয়াৰ চিন্তা-চৰ্চা কৰিছে৷)

 মোখনিত এই নিবন্ধৰ থুলমূল সাৰাংশ হ'ল : -

১) চৰকাৰে অনতিপলমে জেনেৰিক দৰবৰ নামত চলি থকা 'ভুচি' বা জাবৰ দৰবৰ উৎপাদন আৰু ক্ৰয়-বিক্ৰয় বন্ধ কৰিব লাগে৷ এমুঠি অসৎ ব্যৱসায়ীক সাধাৰণ মানুহৰ জীৱনৰ সৈতে এইদৰে খেলা কৰিবলৈ এৰি দিয়াটো মুঠেই সমীচিন হোৱা নাই৷

২) বৰ্তমান প্ৰায় ৫০০বিধ ঔষধক ভাৰত চৰকাৰে 'অত্যাৱশ্যকীয় দৰব' বুলি মান্যতা প্ৰদান কৰিছে আৰু সেইবিলাকৰ মূল্য নিয়ন্ত্ৰণত ৰাখিছে৷ এতিয়া জীৱনৰ বাবে লাগতিয়াল বুলি ভবা জেনেৰিক দৰবসমূহক চিনাক্ত কৰি সেইবিলাককো অত্যাৱশ্যকীয় দৰবৰ শ্ৰেণীবদ্ধ কৰি সৰ্বোচ্চ মূল্য নিৰ্ধাৰণ কৰি দিব লাগে৷

৩) সকলো চৰকাৰী আৰু বেচৰকাৰী স্বাস্থ্য কেন্দ্ৰত প্ৰায়বিলাক জেনেৰিক দৰব যাতে উপলব্ধ হয় তাৰ সঠিক ব্যৱস্থা কৰক৷

ওপৰত উল্লেখিত আঁচনিৰ ৰূপায়ণ অবিহনে প্ৰধানমন্ত্ৰী মোডীৰ সপোন আৰু সৰ্বসাধাৰণ জনতাৰ সুলভ চিকিৎসাৰ সপোন আকাশ কুসুম হৈয়েই ৰব৷ নামী-দামী ব্ৰেণ্ডেড কোম্পানীৰ অসাধু প্ৰলোভনৰ জালৰ পৰা চিকিৎসকক মুক্ত কৰিবলৈকো এনে জনহিতকাৰী ব্যৱস্থাপনাৰ অতীব প্ৰয়োজন৷

2 comments:

  1. ভাল লাগিল পঢ়ি । এনআৰচিয়ে পুন লিগেচি ডাটা দিয়া আৰম্ভ কৰিছে । আপোনাৰ লিগেচি কডৰ বাবে চাব পাৰে ।

    ReplyDelete
  2. ভাল লাগিল পঢ়ি । এনআৰচিয়ে পুন লিগেচি ডাটা দিয়া আৰম্ভ কৰিছে । আপোনাৰ লিগেচি কডৰ বাবে চাব পাৰে । লিগেচি কড .

    ReplyDelete