নিৰৱধিঃ ড° অনিমা গুহৰ কলমত:: অন্ধবিশ্বাসৰো এটা সীমা থকা উচিত! - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

নিৰৱধিঃ ড° অনিমা গুহৰ কলমত:: অন্ধবিশ্বাসৰো এটা সীমা থকা উচিত!

Share This
আমাৰ মানুহ অন্ধবিশ্বাসী, ই নতুন কথা নহয়, কিন্তু তাৰাে এটা সীমা থকা উচিত। সীমাৰ পৰিধি ভঙা অন্ধবিশ্বাসৰ বিষয়ে এটা বাতৰি পঢ়ি উপলব্ধি কৰিলাে মানুহক যুক্তিবাদী কৰা প্রায় অসম্ভৱনে? 

অন্ধবিশ্বাসৰ দৌৰ কিমান হ’ব পাৰে তাৰ এটা উদাহৰণ সম্প্রতি পােৱা গ'ল। এই উদাহৰণ পশ্চিম কাৰ্বি আংলঙৰ দৈয়াংমুখ অঞ্চলৰ পৰা আহিছে। সর্পদংশনত মৃত্যু হােৱা এজন মানুহৰ মৃত্যুৰ ১৬ ঘণ্টা পাছতাে কবিৰাজে মৃতদেহত প্রাণ সঞ্চাৰ কৰিবলৈ জৰা-ফুকা কৰি থকা বাতৰিটো শুনি নিজৰ গাতে চিকুট মাৰি চালাে- সপােন দেখা নাইতাে। দিঠকত ভাবিলাে এয়া একৈছ শতিকানে? নে মান্ধাতাৰ যুগ। 

প্রাক্তন চৰকাৰী গাঁওবুঢ়া এজনৰ বাঁওহাতত এডাল বিষাক্ত সাপে খুঁটিছিল। লগে লগে পৰিয়ালৰ মানুহে হাতত কাপােৰ এখন কটকটীয়াকৈ বান্ধি তেওঁক লংকাৰ হস্পিতাললৈ বুলি লৈ গৈছিল। কিন্তু চিকিৎসালয় পােৱাৰ আগতে পৰিয়ালৰ লােকে তেওঁক কবিৰাজৰ হতুৱাই জৰা-ফুকা কৰাৰ ওপৰত গুৰুত্ব দি কবিৰাজৰ ওচৰলৈ নিয়ে। কবিৰাজজনেও লৰালৰিকৈ মানুহজনৰ হাতৰ বান্ধটো খুলি জৰা-ফুকা– কৰিবলৈ বহি গ'ল তাৰ পাছত কবিৰাজে পৰিয়ালৰ লােকক হস্পিতাললৈ নহয়, ঘৰলৈ নিয়াৰহে পৰামর্শ দিয়ে। আজিৰ যুগৰ মূৰ্খসকলে সেই মতে_ ঘৰলৈ ঘূৰাই আনে যদিও কিছু পাছত তেওঁ অচেতন হৈ পৰে। ইতিমধ্যে সাপৰ বিষ মূৰৰ ওপৰত উঠাৰ ফলত তেওঁ অচেতন হয়। তেতিয়াহে পৰিয়ালৰ মানুহৰ চেতনাৰ উদয় হােৱাত হােজাইৰ হস্পিতাললৈ নিয়ে। তাত আৰু চিকিৎসাৰ প্ৰয়ােজন নহ’ল। ইতিমধ্যে পৰিয়ালৰ অন্ধবিশ্বাসৰ বলি হৈ প্রাণ হেৰুৱালে। তাৰ পাছতাে মূর্খ মানুহঘৰে তেওঁক জীয়াই তুলিবলৈ এজনৰ পাছত এজন কবিৰাজৰ দ্বাৰা জৰা-ফুকা কৰিয়েই থাকিল। গেলি-পচি নােযােৱালৈকে সম্ভৱতঃ কৰিয়েই থাকিব। শুনা মতে মৃত্যুৰ ষোল্ল ঘণ্টাৰ পাছলৈকে জৰা-ফুকা কৰিয়েই আছিল। বেচেৰা মানুহজনক পৰিয়ালেই হত্যা নকৰিলেনে?

ঘটনাটো শুনি মনত পৰিল সাপে কামােৰা আন এজনলৈ। উত্তৰংগৰ কোচবিহাৰৰ সমীপৱৰ্তী নিশিগঞ্জ নামৰ ঠাইখনত এজন বিখ্যাত কবিৰাজ আছিল। তেওঁ আছিল ভগা হাড় জোৰা লগােৱাৰ চিকিৎসক। ঔষধিয় গছপাত-শিপাৰে তেওঁ চিকিৎসা কৰিছিল। তেওঁৰ পাছত চাৰি পুৰুষ ধৰি পৰিয়ালটো একেটা বৃত্তিতে আবদ্ধ হৈ আছে। গুৱাহাটীতাে সেই পৰিয়ালৰ ডেকা এজনে একেটা ব্যৱসায় চলাই আছিল। এতিয়াও আছে নে নাই নাজানাে। ময়াে আছিলাে এসময়ত তেওঁৰ চিকিৎসাধীন। তেওঁৰ মুখে শুনিছিলাে পৰিয়ালৰ জোঁৱাই এজনে দোকমােকালিতে বিছনাৰ পৰা নামিব খােজোতেই মজিয়াত পৰি থকা ফেঁটীসাপ এডালৰ গাত ভৰিখন পৰিল। সাপ, তাকো প্রচণ্ড বিষধৰ ফেঁটীসাপডালে তেওঁৰ ভৰিত মাৰিলে এক খোঁট। চিঞৰি উঠিল জোঁৱাই। কিছুমানে কলে কবিৰাজ মাতিবলৈ। এনেবােৰ কবিৰাজক ওজা বুলিও কোৱা হয়। কবিৰাজৰ ঘৰৰ মানুহে সাধাৰণতে কবিৰাজকে বিশ্বাস কৰে। কিন্তু পৰিয়ালৰ শীর্ষ কবিৰাজজনে হুকুম দিলে হস্পিতাললৈ নিবলৈ। লগতে ক'লে— সর্পদংশনৰ বাবে আজিকালি বহু ভাল দৰব ওলাইছে বুলি কোৱা বাহুল্য আধুনিক চিকিৎসা প্রয়ােগ কৰি জোঁৱাই এদিন সুস্থ হৈ উঠিল। ঘটনাটোলৈ মনত পৰিল এইবাবে যে কবিৰাজৰ পৰিয়ালৰ মানুহ, কিন্তু অন্ধবিশ্বাসমুক্ত আধুনিকমনস্ক।        

আনহাতে কাৰ্বি আংলঙৰ মানুহজনক হস্পিতালৰ দুৱাৰমুখৰ পৰা ওভতাই অনা হ’ল জৰা-ফুকা  কৰাবলৈ। হায় অন্ধবিশ্বাস।এই কথা উলিয়ালে তাৰ পৰা আন এটা কথাই পােখা মেলে। মনত পৰিল ১৯৮৪-৮৫ চনলৈ। মই তেতিয়া কলকাতাস্থিত Anthropological Survey of Indiaত গৱেষকৰ কাম কৰি আছাে। বিষয়টো আছিল ভিতৰুৱা অঞ্চলত প্রচলিত লােক-চিকিৎসা। লােক-চিকিৎসা অধ্যয়ন কৰিবলৈ হ'লে কেৱল লাইব্রেৰীত বহি কিতাপ পঢ়িলেই নহ’ব, ক্ষেত্র অধ্যয়নাে কৰিব লাগিব।

মই ক্ষেত্র অধ্যয়ন কৰিবলৈ নির্বাচন কৰিছিলাে পশ্চিম অসমৰ কোকৰাঝাৰ জিলাৰ বড়াে গাঁওকেইখনমান। মােক অনেকে সুধিছিল ভাৰতত ইমানবােৰ গ্রামাঞ্চল থকা সত্ত্বেও কিয় কোকৰাঝাৰ নির্বাচন কৰিছিলাে। ক্ষেত্র অধ্যয়ন কৰাসকলে জানে যে প্রত্যন্ত অঞ্চলৰ মানুহৰ পৰা তেওঁলােকৰ গােপন কথা আদায় কৰা কিমান টান কাম। সিহঁতে বাহিৰা মানুহক কিয় বিশ্বাস কৰিব। গতিকে ক্ষেত্র অধ্যয়নকাৰীসকলে নানা পন্থাৰে মানুহৰ বিশ্বাস স্থাপন কৰিবলগীয়া হয়। মােৰ গাইডে কৈছিল প্রয়ােজনত তেওঁলােকৰ বিশ্বাস আদায় কৰিবলৈ তেওঁলােকৰ লগত বহি পােৰা গাহৰিৰ মাংস আৰু স্থানীয় মদ পান কৰিব লাগে। অচিনাকি ঠাইলৈ মােৰ পক্ষে যােৱাটো অলপ টানেই আছিল। কিন্তু কোকৰাঝাৰ মােৰ চিনাকি ঠাই। চিনাকি গাইডৰ লগত গাঁৱলৈ গলে মােক সহজতে ওজাসকলে গ্ৰহণ কৰিব। 

তদুপৰি তেতিয়া আমাৰ মা কোকৰাঝাৰবাসী হােৱা হেতুকে থকা-মেলাৰ সমস্যাও নাছিল। সাতেপাঁচে চিনাকি ঠাইখনকে বাছি ল’লাে।
আশা কৰা মতে কোকৰাঝাৰ চিনাকি দুজন ডেকাক পথ নির্দেশক হিচাপে নিলাে। তেওঁলােকৰ একে গােষ্ঠীভুক্ত ওজাসকলে মােক সহজতে গ্ৰহণ কৰিছিল। এটা সময়ত গাঁওখনৰ সমাজৰ লগত ইমানেই আত্মীয়তা হ’ল যে ডেকা দুজন নহ'লেও অকলেই যােৱাৰ পাছত গাঁৱতেই ডেকা-গাভৰুহঁতে মােক ওজাদেউসকলৰ ওচৰলৈ লৈ গৈছিল। কাৰ কাৰ ঘৰত যে খাই ফুৰিছিলাে। কেতিয়াবা ৰাতিও গাঁৱতে থাকি গৈছিলাে, কিআদৰ-আপ্যায়ন বড়ােসকলৰ। এদিন গাঁৱৰ বুঢ়া-বুঢ়ী, ডেকা-গাভৰুৱে জোৰ কৰিলে যে ওৰে ৰাতি তেওঁলােকৰ লগত ধানখেৰৰ গাদীত বহি তিনিখন হিন্দী চিনেমা চাব লাগিব। নিজৰ স্বার্থতাে আছেই, তদুপৰি আন্তৰিক সম্পৰ্কওতাে স্থাপন হৈছিল। 

এজন ওজাক সুধিছিলাে আধুনিক চিকিৎসা পদ্ধতিৰ ব্যাপক প্রচলনৰ পাছতাে লােক-চিকিৎসাৰ প্রতি মানুহৰ বিশ্বাস আছেনে? তেওঁ মােক ফুচফুচাই ক’লে ‘আছেতাে। উদাহৰণস্বৰূপে ক’লে এজন গেজেটেড অফিচাৰৰ কথা। তেৱোঁ বড়াে জনগােষ্ঠীভুক্ত। কোকৰাঝাৰতে ডাঙৰ হৈছে। চাকৰিসূত্রে বর্তমান গুৱাহাটীবাসী। ঘৰ-দুৱাৰাে সাজিছে গুৱাহাটীত। ল'ৰা-ছােৱালী দামী ইংৰাজী মিডিয়াম স্কুলত পঢ়ে। তেওঁক এবাৰ পগলা কুকুৰে কামুৰিলে গুৱাহাটীতেই। কুকুৰে কামােৰা বেজী লােৱাৰ পাছতাে তেওঁৰ সন্দেহ হ’ল বিষ থাকি গ'ল। এদিন ঘপককৈ আহিল নিজৰ চিৰপৰিচিত গাঁৱৰ ওজাৰ ওচৰলৈ। ওজাৰ চিকিৎসাৰ পাছত তেওঁ গ্রীন চিগনেল দিলে অফিচাৰ বিষমুক্ত। নিশ্চিন্ত মনেৰে গুৱাহাটীলৈ উভতি যাবৰ সময়ত ওজাৰ হাতত কেইটামান টকা দি ক'লে তেওঁ অহাৰ কথাটো যেন কাকো নকয়, জানােচা মানুহে ভাবে তেওঁ অন্ধবিশ্বাসী। ওজাদেৱেতাে গােমৰ ফাক কৰি দিলে। বাঃ বাঃ শিক্ষিত মানুহ। | এনেস্থলত নিশিগঞ্জৰ অর্ধশিক্ষিত কবিৰাজজনক প্রগতিশীল তথা আধুনিকমনস্ক বুলি নক’মনে? আমি কামনা কৰিম সকলােৱে যেন নিশিগঞ্জৰ কবিৰাজজনকহে অনুসৰণ কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages