মনৰ কথাঃ এন আৰ চিৰ দাবী-আপত্তিৰ বাবে আবেদন নকৰা সকলো লোকেই বিদেশী নেকি? ৰেহ্‌না চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ এন আৰ চিৰ দাবী-আপত্তিৰ বাবে আবেদন নকৰা সকলো লোকেই বিদেশী নেকি?  ৰেহ্‌না চুলতানা

মনৰ কথাঃ এন আৰ চিৰ দাবী-আপত্তিৰ বাবে আবেদন নকৰা সকলো লোকেই বিদেশী নেকি? ৰেহ্‌না চুলতানা

Share This
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা লোকৰ সংখ্যা ৪০ লাখ। অথচ মাত্ৰ ৮লাখ লোকেহে এতিয়ালৈ দাবী আৰু আপত্তিৰ বাবে আবেদন পত্ৰ কৰিছে। ইপিনে নাম অন্তৰ্ভূক্তিৰ বাবে দাবী আৰু আপত্তিৰ আবেদন কৰাৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ, ২০১৮। প্ৰশ্ন হৈছে দাবী আৰু আপত্তিৰ সংখ্যা ইমান কম কিয়? প্ৰশ্ন হৈছে যদি বিদেশী নহয়েই, যদি নাগৰিকত্ব প্ৰমাণ কৰাৰ উপযুক্ত প্ৰমাণ-পত্ৰ আছেই নাম অন্তৰ্ভূক্তিৰ বাবে দাবী আৰু আপত্তিৰ আবেদন কিয় কৰা নাই? উল্লেখযোগ্য যে অহা ১৫ ডিচেম্বৰৰ ভিতৰত নাম অন্তৰ্ভূক্তিৰ বাবে দাবী আৰু আপত্তিৰ বাবে আবেদন নকৰা লোকসকল বিদেশী বুলি চিহ্নিত হ’ব। ভাবি লোৱা হ’ব যে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ চূড়ান্ত তালিকাৰ পৰা বাদ পৰা ৪০ লাখৰ ভিতৰত সেইসকল লোকৰ ভাৰতীয় নাগৰিত্বৰ প্ৰমাণ কৰিবলৈ উপযুক্ত প্ৰমাণ-পত্ৰ নাই; তেওঁলোক প্ৰকৃতাৰ্থত বিদেশী। কিন্তু এইখিনিতে মনত প্ৰশ্ন হৈছে নাম অন্তৰ্ভূক্তিৰ বাবে দাবী-আপত্তিৰ আবেদন পত্ৰ দাখিল নকৰা বা কৰিব নোৱাৰা সকলো লোকেই সঁচাকৈয়ে বিদেশী নে? কি কাৰণত তেওঁলোকে এতিয়ালৈ দাবী-আপত্তিৰ আবেদন কৰা নাই? তেওঁলোকৰ ওচৰত সঁচাকৈয়ে নাগৰিকত্ব প্ৰমাণ কৰাৰ প্ৰমাণ-পত্ৰ নাই নেকি? এই উত্তৰ পাবলৈ হ’লে আপুনি ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিব লাগিব। 

যিয়েই নহওক, ক্ষেত্ৰত আমাৰ কৰ্মৰ অভিজ্ঞতাৰ পৰা আমি যি প্ৰত্যক্ষ কৰিছোঁ আৰু ভুক্তভোগী ৰাইজৰ মুখেৰে যিখিনি কথা গম পাইছোঁ উপযুক্ত প্ৰমাণ-পত্ৰৰ অভাৱৰ বাবে যে বহুত মানুহে এন আৰ চি-ৰ  দাবী আৰু আপত্তিৰ বাবে আবেদন কৰিব পৰা নাই তেনে নহয়। তাৰ আঁৰত অন্য কিছুমান জটিলতাইহে কাম কৰি আছে। এই জটিলতাসমূহ তলত দিয়া ধৰণৰ : 

১। ১৫ ডিচেম্বৰৰ ভিতৰত যে দাবী আৰু আপত্তিৰ আবেদন পত্ৰ দাখিল কৰিব লাগিব সেয়া গাঁৱৰ বহুত মানুহেই নাজানে। এইক্ষেত্ৰত এন আৰ চি . সেৱা কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকলেও মানুহক ভালকৈ বুজাই দিয়াত গাফিলতি কৰিছে বুলি ভাবিব পাৰি। এই বিষয় লৈ ভালকৈ বুজাই তেওঁলোকে মানুহবোৰক যিমানখিনি সজাগ কৰিব লাগিছিল বাস্তৱক্ষেত্ৰত সেয়া কৰা নাই। ফলত হাতত সময় আছে বুলি বহুতে বিষয়টো গুৰুত্ব সহকাৰে লোৱা নাই আৰু ওচৰৰ এন আৰ চি . সেৱা কেন্দ্ৰৰ পৰা দাবী আৰু আপত্তিৰ বাবে প্ৰ-পত্ৰ লৈছে যদিও সেয়া পূৰণ কৰি জমা কৰা নাই। 

২। এন আৰ চি . দৰে অতি গুৰুত্বপূৰ্ণ কাম চলি থকা সময়ত ৫ আৰু ৯ ডিচেম্বৰ তাৰিখে ৰাজ্যত দুটা পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনে বাবে এন আৰ চি .-ৰ কাম সঠিকমতে হোৱাত ব্যাঘাত জন্মাইছে। পঞ্চায়ত নিৰ্বাচনৰ বাবে এন এচ কে-ৰ কৰ্মীসকলক জিলা প্ৰশাসনে নিযুক্তি দি ৰাখিছে। অথচ এই সময়ত জিলা প্ৰশাসনৰ উচিত আছিল NRCৰ দৰে সৰ্বোচ্চ গুৰুত্বপূৰ্ণ কামৰ দায়িত্বত থকা কৰ্মীসকলক পঞ্চায়তৰ নিৰ্বাচনৰ কামৰ পৰা সম্পূৰ্ণ বিৰত ৰখা।  অনেক সেৱা কেন্দ্ৰত দেখা গৈছে যে এল আৰ ছি-ৰ বাদে বাকী সকলোকে পঞ্চায়ত নিৰ্বাচনৰ কামত নিযুক্তি দি ৰখা হৈছে। ফলত প্ৰায় স্থবিৰ হৈ গৈছে এন আৰ ছিৰ কাম। ইয়াৰ ফলত দেখা গৈছে যে NRC সেৱা কেন্দ্ৰৰ কৰ্মচাৰীসকলে এইসময়ত মানুহক যি হাৰত সেৱা আগবঢ়াব লাগিছিল সেইমতে সেৱা আগবঢ়াব পৰা নাই বা দায়িত্ব পালন কৰিব পৰা নাই।

৩) পঞ্চায়ত নিৰ্বাচনৰ কামত ব্যস্ত থকা বাবে কৰ্মৰত বিষয়া-কৰ্মচাৰীসকলে এন আৰ চি . সেৱা কেন্দ্ৰত উপস্থিত থাকিব পৰা নাই। ইপিনে নিৰ্বাচনৰ দায়িত্বত চৰকাৰী কাৰ্যালয়ৰ কৰ্মচাৰীসকলকো নিযুক্তি দি ৰখা বাবে চৰকাৰী কাৰ্যালয়সমূহো প্ৰায় বন্ধ হৈ পৰিছে। ফলত বহুত মানুহে তথ্য-পাতি বিচাৰি বা চহীৰ বাবে গৈ ঘূৰি আহিবলগীয়া হৈছে। 

৪) নাম বাদ পৰা বেছিসংখ্যক লোকেই গাঁৱৰ সাধাৰণ, নিৰক্ষৰ মানুহ। তেওঁলোকে দাবী-আপত্তিৰ প্ৰ-পত্ৰতো পূৰণ কৰিব নোৱাৰেই কোনটো কি নথি, কোনটোত কি লিখা আছে, কি কাৰণত তেওঁলোকৰ নাম অহা নাই সেই সন্দৰ্ভত এন এচ কেৰ পৰা যি জাননী দিছে সেয়াও পঢ়িব নোৱাৰে। এইক্ষেত্ৰত তেওঁলোকে অন্য মানুহৰ সহায় বিচাৰি গ’লেও তাৰ বিনিময়ত বহুতেই মোটা অংকৰ ধনৰ দাবী কৰিছে। গাঁৱৰ সাধাৰণ দুখীয়া বহু লোকেই ধন দিব নোৱাৰি বা বহুসময়ত উপযুক্ত মানুহ বিচাৰি নোপোৱাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি দাখিল কৰাত ব্যৰ্থ হৈছে।

৫) অকল নিৰক্ষৰ লোকৰ বাবেই নহয়, বহুত শিক্ষিত লোকেও NRCৰ জটিলতাৰ বাবে দাবী- আপত্তিৰ আবেদন পত্ৰ পূৰণ কৰিব পৰা নাই। NRC-ৰ জটিলতাৰ বাবেই নিঃস্বাৰ্থভাৱে মানুহক সহায় কৰিব বিচৰা বহু লোকেও সহায় কৰিব পৰা নাই। ইপিনে ৪০ লাখ মানুহৰ আবেদন পত্ৰ পূৰণ কৰিবলৈ অধিক সংখ্যক শিক্ষিত, সামাজিক সচেতন লোকক প্ৰশিক্ষণ দি কামত লগাব লাগিছিল যদিও সময়ত সেয়া হৈ নুঠাৰ ফলত দাবী-আপত্তিৰ আবেদনকাৰীৰ সংখ্যা অধিক নোহোৱাটোৱেই স্বাভাৱিক।

৬) আমি এনে কিছুমান মানুহো লগ পাইছোঁ যিসকল গাঁৱৰ সাধাৰণ নিৰক্ষৰ মানুহে NRCৰ চূড়ান্ত তালিকাত নিজৰ নাম নহাৰ কাৰণ বিচাৰি যি আবেদন কৰিছিল আৰু তাৰ পিছৰ পৰ্যায়ত NRCসেৱা কেন্দ্ৰৰ পৰা তেওঁলোকৰ নাম নহাৰ কাৰণ দেখুৱাই যি জাননী পত্ৰ দিছিল সেইখনকে NRCৰ নাম অহা তালিকা বুলি ভাবি লৈ ভাবি নিচিন্ত মনে আছে। ফলত সেই কাৰণৰ ভিত্তিত যে তেওঁলোকে দাবী আৰু আপত্তি কৰি আবেদন কৰিব লাগিব সেয়া তেওঁলোক বহুতৰে বাবেই অজ্ঞাত। ইপিনে অনেক লোকেই এন এচ কেৰ পৰা নাম নহাৰ কাৰণ দৰ্শাই যি জাননী দিছে সেই জাননী হাতত পোৱা নাই বা তেওঁলোকেও নিজে গৈ সংগ্ৰহ কৰা নাই। তেনেক্ষেত্ৰত কি বুলি তেওঁলোকে দাবী-আপত্তিৰ বাবে আবেদন কৰিব ?

৭) দেখা গৈছে যে নাম নহা বেছিভাগেই হৈছে মহিলা আৰু শিশু। অনেকেই লোকেই ভাবি লৈছে যে পৰিয়ালৰ পিতৃ-মাতৃ বা আন সদস্যৰ নাম আহিছে যেতিয়া সন্তানৰ নামো আহি যাব; এই বিষয়ত ইমান চিন্তাৰ কাৰণ নাই। এনে মানসিকতাৰ বাবে বহু পৰিয়ালে তেওঁলোকৰ নাম নহা সন্তানৰ বাবে দাবী-আপত্তিৰ বিষয়টোত বৰ বেছি গুৰুত্ব দিয়া দেখা যোৱা নাই।

৮) সৰু ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত জন্মৰ প্ৰমাণ পত্ৰৰ জালিয়াতি আৰু বিদ্যালয়ৰ নথি গ্ৰহণযোগ্য নোহোৱাৰ ফলত নতুন কোনো নথি বিচাৰি পোৱা নাই৷ তেওঁলোকৰ বাবে মৌখিক বা লিখিত সাক্ষী দিব পৰা যাব যদিও সেই বিষয়বোৰ বুজি নোপোৱাৰ বাবে মানুহৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। ইপিনে গাওঁ পঞ্চায়তৰ সম্পাদক/ লাট মণ্ডল/ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰদান কৰা নথি গ্ৰহণযোগ্য নোহোৱাৰ বাবে মহিলাসকলেও বিকল্প নথি হিচাপে ৰেচনকাৰ্ড দিব পাৰিব যদিও সেই কথা নজনাৰ বাবে আৰু জানিলেও বহু সেৱা কেন্দ্ৰই এই নথি গ্ৰহণ নকৰাৰ বাবে বিকল্প কি নথি দিব এই লৈ তেওঁলোকৰ মাজত আতংকৰ সৃষ্টি হৈছে আৰু তাৰ ফলত দাবী আৰু আপত্তিৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰি বহু লোকেই জমা কৰাৰ পৰা বিৰত আছে। 

৯) পূৰ্বৰ নথি-পত্ৰ পুনৰবাৰ জমা কৰিও যে দাবী-আপত্তিৰ বাবে আবেদন কৰিব পাৰি সেই বিষয়েও বহুতে জ্ঞাত নহয়। ফলত ইপিনে অন্য কোনো নথি তেওঁলোকৰ হাতত নথকা বা সংগ্ৰহ কৰিব নোৱাৰি পূৰ্বতে দিয়া নথি এবাৰ নাকচ হোৱাৰ পিছত পুনৰবাৰ দিব নোৱাৰি বুলি ভাবি বিপাঙত পৰিছে আৰু দাবী-আপত্তি কৰিব পৰা নাই। ইয়াৰ উপৰিও মূল আবেদনপত্ৰ পূৰণৰ সময়ত ভুলকৈ নাম লিখাৰ বাবে আৰু যিহেতু নামৰ ক্ষেত্ৰত কোনো সাল-সলনি কৰিব নোৱাৰিব সেই কথা চিন্তা কৰি  নথি-পত্ৰত থকা শুদ্ধ নামেৰে এতিয়া দাবী আবেদন দাখিল কৰাত বহুতৰে বাবে সমস্যাৰ সৃষ্টি হৈছে। ইপিনে পূৰ্বে দাখিল কৰা নথিত নাম, উপাধি আৰু আৰু বয়সৰ খেলি-মেলিৰ বাবেও সেই নথিবোৰ দাখিল কৰিব পৰা নাই৷

১০) ভুল বশত: বেলেগৰ লিগেছি ব্যৱহাৰ কৰা অথচ বৰ্তমান নিজৰ লিগেচি বিচাৰি পোৱা মানুহেও যিহেতু লিগেছি ব্যক্তি সলাব নোৱাৰিব তাৰ বাবে যথেষ্ট জটিলতাৰ সন্মুখীন হ’ব লগা হৈছে। 

১১) নাম বাদ পৰাৰ কাৰণ স্পষ্টকৈ আৰু সহজকৈ লিখি দিয়া বা বুজাই দিয়াৰ পৰিৱৰ্তে চুটি-চুটিকৈ লিখি দিয়াৰ বাবে বহুত সাধাৰণ মানুহে কি কাৰণত তেওঁলোকৰ নাম বাদ পৰিছে আৰু এতিয়া কি কি নথি-তথ্য দিব লাগিব সেয়া বুজি পোৱা নাই।

১২) উপযুক্ত পৰামৰ্শ দিয়া মানুহৰ অভাৱৰ বাবে, বাৰে বাৰে NSKত গৈ তাৰ বিষয়া-কৰ্মচাৰীসকল লগ নোপোৱা, কাম নোহোৱা, বিভিন্ন অজুহাত দেখুৱাই আবেদন পত্ৰ জমা নৰখাৰ বাবে বাৰে বাৰে বিমুখ হৈ ঘূৰি অহা বহু লোকেই হতাশ হৈ যি হয় হ’ব বুলি ভাবি লৈছে।

১৩) ইমান কম সময়ৰ ভিতৰত ইমান সংখ্যক আবেদন পত্ৰ পূৰণ কৰা, মানুহৰ মাজলৈ গৈ সজাগতা সৃষ্টি কৰাৰ বাবে যিমান সংখ্যক কামৰ মানুহ লাগিছিল বাস্তৱক্ষেত্ৰত কৰ্মক্ষেত্ৰত সিমান সংখ্যক মানুহৰ অভাৱ পৰিলক্ষিত হোৱাটোও এইক্ষেত্ৰত অন্য এক কাৰণ।

ওপৰোক্ত কাৰণবোৰৰ উপৰিও অন্যান্য আৰু বিভিন্ন কাৰণতেই বহু লোকেই এতিয়ালৈ দাবী- আপত্তিৰ বাবে আবেদন দাখিল কৰিব পৰা নাই। অৱশ্যে দাবী-আপত্তিৰ আবেদন কৰাৰ সময়সীমা চমু চাপি অহাত এতিয়া বহু স্বেচ্ছাসেৱী সামাজিক সংস্থা, সমাজ-সচেতন ব্যক্তিসকলে ৰাজ্যৰ বিভিন্ন স্থানত সহায়কেন্দ্ৰ পাতি এন আৰ চি . –ৰ দাবী-আপত্তিৰ প্ৰ-পত্ৰ পূৰণ কৰাত দূৰ্গত লোকসকলক সহায় কৰি আছে যদিও বাকী থকা মাত্ৰ এইকেইটা দিনৰ ভিতৰত ইমান সংখ্যক মানুহক ঢুকি পোৱাটো কোনোপধ্যেই সম্ভৱ নহয়। ফলত উপযুক্ত প্ৰমাণ-পত্ৰ থকাৰ পিছতো দাবী-আপত্তিৰ বাবে আবেদন কৰিব নোৱাৰাৰ বাবে যে বহু ভাৰতীয় লোকৰ নাম এন আৰ চি .-ৰ তালিকাৰ পৰা বাদ পৰি ৰ’ব সেয়া ১০০% সত্য কথা।  প্ৰত্যেকজন ভাৰতীয় লোকৰে সপোন যে এখন শুদ্ধ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত হ’ব। কোনো এজন বৈধ ভাৰতীয় লোকেই নিবিচাৰে যে কোনো বিদেশীৰ নাম এন আৰ চি . ৰ তালিকাত অন্তৰ্ভূক্ত হওক, সেইদৰে কোনো বৈধ ভাৰতীয় লোকৰ নাম এন আৰ চি . তালিকাৰ পৰা বাদ পৰি ৰওক সেয়াও কোনেও নিবিচাৰে। গতিকে এখন শুদ্ধ আৰু সঠিক ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ বাবে আৰু কোনো ভাৰতীয় লোকৰ নামেই যাতে এন আৰ চি . ৰ তালিকাৰ পৰা কোনো কাৰণতে বাদ পৰি নাথাকে তাৰ বাবে দাবী-আপত্তিৰ সময়সীমা বৃদ্ধি কৰাটো খুবেই প্ৰয়োজন আৰু সময়ৰ তাগিদা। অন্যথা চৰকাৰ, এন আৰ চি . কৰ্তৃপক্ষ, বিষয়া- কৰ্মচাৰী, অথবা যাৰ ভুলতেই নহওক বহু ভাৰতীয় লোকৰ নাম যে এন আৰ চি . তালিকাৰ পৰা বাদ পৰি থাকিব সেয়া নিশ্চিতভাৱে ক’ব পাৰি। এইক্ষেত্ৰত ভাৰতীয় লোকৰ স্বাৰ্থৰ বাবেই হওক বা এখন শুদ্ধ এন আৰ চি . প্ৰস্তুতৰ স্বাৰ্থৰ বাবেই হওক দাবী আৰু আপত্তিৰ সময়সীমা বৃদ্ধি কৰাৰ দাবী জনাই সকলো দল-সংগঠন, নাগৰিক সমাজ, সমাজ সচেতন ব্যক্তি একেলগে ওলাই আহিব লাগে। এতিয়া উচ্চতম ন্যায়ালয়ে এই প্ৰক্ৰিয়াৰ বাবে কেইটামান দিনৰ সময়সীমা বৃদ্ধি কৰাৰ খবৰটোও এই সকল লোকৰ বাবে সহায়ক হব বুলি অনুভৱ কৰিছো।
গৱেষক, গুৱাহাটী বিশ্ববিদ্যালয়, ভ্ৰাম্যভাষ : ৭০০২৬২৪৬৪৪

No comments:

Post a Comment