চিন্তনঃ এইখন কাৰ গুৱাহাটী? :: পৰেশ মালাকাৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ এইখন কাৰ গুৱাহাটী?   :: পৰেশ মালাকাৰ

চিন্তনঃ এইখন কাৰ গুৱাহাটী? :: পৰেশ মালাকাৰ

Share This

"গুৱাহাটী এখন ধুনীয়া ঠাই,ধুনীয়া বস্তু নষ্ট কৰিব নাপায়"

এইখন কাৰ গুৱাহাটী? কবি নীলমণি ফুকন থাকে গুৱাহাটীৰ বেজবৰুৱা নগৰত৷ এতিয়াও তেওঁ অজানিতে ঘূৰিফুৰে দেৰগাঁৱৰ আশে পাশে, তেওঁ হেনো দিনৌ দুবাৰকৈ দেৰগাঁওলৈ যায়৷গেলাবিল নদী, তাৰেই কথাকৈ কবিতা লিখে- সন্ধ্যাৰ তেজে-তুমৰালি সেই গৰখীয়া/ ল’ৰাটি ময়েই/ জিলি এটা হাতৰ মুঠিত লৈ/ হাবিতলীয়া বাটেৰে/ নিতৌ গধূলি ঘৰলৈ ওভতোঁ/ছিটিকা পাতি দেওডঁৰিকা ধৰোঁ ---গৌৰ শংকৰ ভট্টাচাৰ্যৰ ঘৰ আছিল গুৱাহাটীৰ মাজ মজিয়াত৷ কিন্তু আজীৱন তেওঁৰ মানসত বৰিগোগৰ চমাৰকুচি গাঁও, দতৰাৰ খৰাভঙা পাৰ হৈ স্কুললৈ যোৱা ছবি৷ শৰৎ চন্দ্ৰ সিংহ- অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল৷ ৰাজগড়ত থাকিছিল, পিছলৈ তেওঁ আছিল বেলতলাত৷কিন্তু তেওঁক প্ৰায়ে চাপৰে ৰিঙিয়াই মাতিছিল৷ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্য, খাৰঘূলিৰ শুকান পাহাৰখন জানো তেওঁৰ ঘৰ হ’ব পাৰে? অৰুন শৰ্মা যেন গুৱাহাটীৰ হে চিনাকী৷ তেওঁ নাটক লিখিছে, কিন্তু মানুহজন ক’ত আছিল? মানুহজন আছিল ”আশীৰ্বাদৰ ৰং”ত, ”উভলা শিপা”ত, হেলেমত,গহপুৰত৷ কেশৱ মহন্তই গুৱাহাটীত নিগাজীকৈ পামহে পাতিছিল, মনটো আছিল গৈ চতিয়াত, কোনে পঢ়ুৱাইছিল তেওঁক বিজয় চন্দ্ৰ ভাগৱতীয়ে৷ যতীন হাজৰিকা, অসমৰ ছজনকৈ মুখ্যমন্ত্ৰীৰ সচিব আছিল৷ গুৱাহাটীলৈ আহিছিল ১৯৪৬ চনত৷কিন্তু মনটো এতিয়াও আছে চতিয়াত৷তেওঁলোকে সৌ সিদিনা গুৱাহাটীত ”বৃহত্তৰ চতিয়া সমাজ” ৰ সভা পাতিছিল৷ কলংপাৰৰ নৱকান্ত বৰুৱা, ককাদেউতাৰ হাড়ৰ নৱকান্ত বৰুৱা, সময় পালেই নগাঁও পাইছিল গৈ৷ তিলক হাজৰিকাই কলীয়াবৰৰ ৰাইজে বাঘধৰাৰ কথা কৈছিল, কিমানখন গাঁও লগহৈ বাঘ ভেটিছিল তেতিয়া৷ বাঘ ভেটাৰ সময়ত বাৰীৰ শস্য নষ্ট হ’লেও গৃহষ্ঠই হেনো একো নকৈছিল৷ হোমেন বৰগোহাঞি, ক’ব নালাগিছে, ঢকুৱাখনাৰ যেন তেওঁ ৰাষ্ট্ৰদূতহে,”পিতাপুত্ৰই” নহয়, ক’ত ভুমুকি মৰা নাই ঢকুৱাখানাই? আৰু শীলভদ্ৰ,গৌৰীপুৰখন থৈ গৈছে তেওঁৰ গল্পত৷ইমানবোৰৰ মাজত আমাৰ জেষ্ঠ কবি হৰেকৃষ্ণই এতিয়া কনিষ্ঠ হৈছে৷ কিমান বছৰ হ’ল গুৱাহাটীত ঘৰ পাতি থাকিবৰ, অথচ জন্মভূমি তিনচুকীয়া আৰু পিতৃভিঠা সৰ্থেবাৰীৰ প্ৰতিহে তেওঁৰ টানটো৷ ধুমুহাত গছডালেৰে সৈতে উভালি পৰা সেই চৰাইজাক যে উৰা মাৰিছিল ৰ’দ পায়৷ তেনেহ’লে কি গুৱাহাটীত কোনো নাছিলেই নেকি?
আছিল,আছিল তৰুণ ৰাম ফুকন আছিল,গোপীনাথ বৰদলৈ আছিল, লক্ষ্যধৰ চৌধুৰী আছিল,ইন্দিৰা মিৰি বাইদেউ আছিল, আশ্ৰফ আলী আছিল, আবুল লেইচ আছিল, সৌৰভ চলিহা আছিল, হীৰেন গোহাঁই আছিল, আছে আৰু আছিল আছে মোৰ শ্ৰীমতী৷ মন কৰকচোন গুৱাহাটীৰ বিষয়ে সৌৰভ চলিহা আৰু হীৰেন গোহাঁইৰ বাহিৰে কাৰোবাৰ ৰচনাত আপুনি কিবা পায় নে? পাব নোৱাৰে, নাপায়, কিয়নো এজন লেখকৰ সংবেদনশীলতাত তেওঁৰ চৌপাখে গভীৰভাবে ৰেখাপাত কৰে যেতিয়া তেওঁৰ মনটো এমাডিমা হৈ থাকে৷ অ’মৌখিক ইতিহাসত পাব, বহু কথা পাব, তুলতুল বৰুৱাই আপোনাক বহু কথা ক’ব পাৰে, আৰু কৈছিল বীণা বৰুৱাই৷ তেনে মানুহ নিশচয় আৰু বহু ওলাব৷মোৰ শ্ৰীমতীয়েতো বৰ সাংঘাটিক কথাই কয়৷ ৰাস্তাত যদি কোনোবাই বেয়াকৈ গাড়ী চলাই তেওঁৰ মতে সেই মানুহজন গুৱাহাটীৰ মানুহ হ’ব নোৱাৰে, চিটিবাচত যদি কোনোবাই অভদ্ৰ আচৰণ কৰে তেৱোঁ গুৱাহাটীৰ মানুহ হ’ব নোৱাৰে, মুঠৰ ওপৰত গুৱাহাটীত কৰা সকলো বেয়া কামৰ বাবে দায়ী বাহিৰৰ পৰা অহা মানুহবোৰ৷ মই তেওঁ গম নোপোৱাকৈ মুখ টিপিয়াই হাঁহো, কিয়নো ময়োতো এজন বহিৰাগতহে গুৱাহাটীত৷ আমি অসমীয়াই বহিৰাগতৰ কথা কৈ ভালপাওঁ৷

গুৱাহাটীত এতিয়া আমি যিসকলে দপদপাই বা অদপদপাই আছোঁ, তাৰ সৰহ সংখ্যকেই মানে প্ৰায় ৯০% মানুহেই বহিৰাগত নহয় জানো? মই ওপৰত মোৰ মনলৈ অহা গুৱাহাটীৰ যিসকল বিখ্যাত মানুহৰ কথা কৈছোঁ আৰু তেওঁলোকৰ সমানে বিখ্যাত মানুহ আন যিসকলৰ কথা কোৱা নাই, আৰু যিসকল বিখ্যাত নহয় অথচ কৰ্মসূত্ৰে আহি গুৱাহাটীত দশক দশকধৰি আছেহি, আৰু যিসকলে নিজৰ মাত কথা সমাজখনকো ইয়ালৈ লৈ আহি ইয়াত আছেহি-সেই আটাইবোৰ মানুহে বাৰু গুৱাহাটীক নিজৰ ঠাই বুলি ভাবে নে? মানে ইংৰাজীত যে কয় sense of belonging to, অৰ্থাৎ একেবাৰে নিজৰ ঠাই৷ মই ভাবোঁ নাভাবে৷তাৰ অৰ্থ এইটো নহয় যে য’ৰ পৰা তেওঁলোক আহিছিল তাৰ লগত এতিয়াও তেওঁলোকৰ এটা জৈৱিক সম্পৰ্ক অটুত আছে৷ নাই, সেইটোও নাই৷মই ইয়াত লেখক সকলৰ উদাহৰণ দিছোঁ এই কাৰণে যে তেওঁলোকৰ লিখনিতআমি তেওঁলোকৰ মানসিক জগতখনৰ পৰিচয় পাওঁ৷ সকলোতো আৰু লেখক নহয়, আৰু সকলোৱেতো নিজৰ মনৰ ভাব ইমান পৰিষ্কাৰকৈ প্ৰকাশ কৰিব নোৱাৰে৷ কিন্তু প্ৰকাশ কৰিব নোৱাৰাৰ অৰ্থ এইটো নহয় যে তেওঁলোকে এইবোৰ কথা অনুভৱ নকৰে৷

এই অনুভৱটোৰ কাৰণে কি হৈছে- আমি মহানগৰখনে দিয়া সকলো সা-সুবিধা লওঁ৷ বা কথাটো এনেকৈও ক’ব পাৰোঁ যে মহানগৰৰ সাসুবিধাৰ কাৰণেই আমি ইয়াত আছোঁ, কিন্তু মহানগৰখনৰ লগত যিহেতু আমাৰ নাড়ীৰ সম্পৰ্ক নাই, ইয়াত কি হৈছে কি নহৈছে সেই সম্পৰ্কে আমি নিৰ্বিকাৰ৷ এই কথাটোৰ প্ৰমাণ আমি ক’ত পাওঁ? মই আগতে যিসকল লেখক বা বিখ্যাত মানুহৰ কথা উল্লেখ কৰিছোঁ তেওঁলোকৰ গল্প, কবিতা, উপন্যাসত গুৱাহাটীয়ে ভুমুকি মাৰিছে, কিন্তু হীৰেন গোহাঁই আৰু আৰু সৌৰভ চলিহাৰ লিখনিত গুৱাহাটীৰ প্ৰতি যি টান আৰু তাড়না আমি দেখোঁ, সেইটো কাৰো লিখনিতে নেদেখোঁ৷ তাৰ কাৰণ তেওঁলোক গুৱাহাটীৰ চাবেক মানুহ নহয়, তেওঁলোকৰ জন্ম গুৱাহাটীত হোৱা নাই, তেওঁলোকৰ শৈশৱ গুৱাহাটীত অতিবাহিত হোৱা নাই৷ সৌৰভ চলিহাৰ ”ৰাজধানীৰ প্ৰস্তাৱ” আপুনি পঢ়িছে নে? তাত তেওঁ গুৱাহাটীৰ বিষয়ে এনে এটা বাক্য লিখি গৈছে যিটো বাক্য সদায় অজৰ অমৰ হৈ থাকিব৷ তেওঁ লিখিছে:” --- গুৱাহাটী এখন ধুনীয়া ঠাই,ধুনীয়া বস্তু নষ্ট কৰিব নাপায়৷” তাৰ আগতে, অৱেশ্য অতুল হাজৰিকাৰ আত্মজীৱনী ”স্মৃতিলেখা” আৰু ”স্মৃতিৰ পাপৰি”ত তেনে আকুতিৰে প্ৰকাশ ঘটিছিল৷ তাৰ কাৰণ কি জানে নে ? তাৰ কাৰণ এটাই - অতুল হাজৰিকা আৰু সৌৰভ চলিহাৰ জন্ম গুৱাহাটীত৷ হীৰেন গোহাঁইৰ জন্ম যদিও গোলাঘাটত তেৱোঁ বাকী দুজনৰ দৰে শৈশৱ অতিবাহিত কৰিছে, লালিত পালিত হৈছে গুৱাহাটীত৷ গুৱাহাটী তেওঁলোকৰ নিজৰ জাগা, আমাৰ দৰে তেওঁলোক গুৱাহাটীত বহিৰাগত নহয়৷ তেওঁলোকৰ গুৱাহাটী প্ৰেম আৰু আমাৰ গুৱাহাটী প্ৰেমৰ মাজত এটা মৌলিক তফাৎ আছে৷

গুৱাহাটীৰ বাহিৰৰ পৰা গুৱাহাটীলৈ আহি গুৱাহাটীৰ হৈ দেহে কেহে লগা একমাত্ৰ মানুহ আছিল বোধহয় ৰাধা গোবিন্দ বৰুৱাহে৷

আমাৰ শৈশৱত গুৱাহাটী আছিল এটা সাঁথৰ, এক বিশালতাৰ প্ৰতীক! কিন্তু এতিয়া আমাৰ কিমানৰ গুৱাহাটীয়ে ঠিকনা৷ এতিয়া আম বহিৰাগত সকলে গুৱাহাটীখনক আমাৰ আপোন কৰি, নিজৰ কৰি নলওঁ কিয়? ঠাই এখনক নিজৰ কৰি লোৱা মানে কি? অনুভৱটো কিছু পৰিমাণে নিজৰ ঘৰ বুলি ক’লে যিটো অনুভৱ হয়, তাৰ লগত মিলে৷ নিজৰ চহৰখনৰ ভাল হ’লে ভাল লাগে বেয়া হ’লে বেয়া লাগে৷কিন্তু, শেহতীয়াকৈ আন এটা কথা হৈছে৷ গণতন্ত্ৰৰ নামত আমি সকলো কথাতে চৰকাৰ নিৰ্ভৰ হৈ পৰিছোঁ৷ কেনেকৈ? আমি ভোট দিছোঁ, তেওঁলোক নিৰ্বাচিত হৈছে৷ বচ, আমাৰ কৰ্তব্য শেষ৷নাভাবিব চৰকাৰে কথাটো বেয়া পাইছে৷ চৰকাৰে, পৌৰ নিগমে কথাটো বৰ ভাল পায়, কিয়নো গুৱাহাটীখনৰ বিষয়ে আমাৰ হৈ তেওঁলোকে সকলো সিদ্ধান্ত, মূল্যৱান সিদ্ধান্ত ল’ব পাৰে৷ এই ”মূল্যৱান” শব্দটো আপোনালোকে গুৰুত্ব আৰু দাম দুয়োটা অৰ্থতে বুজিব লাগিব৷ কাৰণ এই সিদ্ধান্তবোৰৰ লগত এটা টকা পইছাৰ কথাও জড়িত হৈ থাকে৷ সেয়ে, তেওঁলোকে হঠাৎ এদিন সিদ্ধান্ত ল’ব পাৰে যে জজ খেল পথাৰখন বেৰি পেলাব আৰু তাত জনগণৰ হেমগেম বন্ধ কৰিব৷ নেহৰু পাৰ্ক আৰু জজ খেল পথাৰৰ মাজৰ ঠাইখিনিত কিবা এটা অদ্ভূদ বস্তু কৰি ঠাইখিনিৰ যাউতিযুগীয়া পৰিচয়টো নোহোৱা কৰি পেলাব৷ ঠিক তেনেদৰেই এদিন জুবলি পাৰ্কখন শেষ কৰি তেওঁলোকে কিম্ভূত কিমাকাৰ পানীযোগানৰ কাৰখানাটো পাতিলে, যেন গুৱাহাটীত তাৰ বাবে আৰু ক’তো ঠাই নাছিলহে৷ গান্ধজীয়ে তাত সভা কৰাৰ কথা পুৰণি কিমান মানুহে আজিও কয়৷ সৌৰভ চলিহাহঁতে বোলে বৰ দুখ পাইছিল চৰকাৰৰ এই সিদ্ধান্তত৷

প্ৰথম কথা আমি গুৱাহাটীৰ বহিৰাগত সকলে গুৱাহাটীকে আমাৰ নিজৰ জাগা বুলি গন্য কৰিব লাগিব, কিয়নো ই আমাৰ জন্মভূমি নহ’লেও কৰ্মভূমি আৰু আমাৰ এতিয়া স্থায়ী ঠিকনা৷ এইখন ঠাইত আমি অপৰ নহয়, এইখন আমাৰ নিজৰ ঠাই৷ নিজৰ ঘৰখনৰ প্ৰতি আমাৰ যি কদৰ গুৱাহাটীৰ প্ৰতিও সিমানেই আমাৰ কদৰ হোৱা উচিত৷ সেয়ে গুৱাহাটীৰ বিষয়ে আমি চিন্তা কৰাই নহয়, হাতেকামে লাগি কিবাকিবি কৰিব লাগিব৷ সকলো ক্ষেত্ৰতে আমি চৰকাৰৰ বিৰোধিতা কৰিব লাগিব বুলিও কথা নাই, কেতিয়াবা আমি চৰকাৰৰ উচিত সিদ্ধান্তক আদৰণি জনাব লাগিব, চৰকাৰৰ লগত একেলগে কাম কৰিব লাগিব আৰু চৰকাৰে ভুল সিদ্ধান্ত ল’লে তাৰ বিৰোধিতা কৰিব লাগিব, তীব্ৰ বিৰোধিতা কৰি তাক নাকাছ কৰাব পাৰিব লাগিব৷৷ আমি আমাৰ উঠি অহা চামটোৰ মাজত এই ভাবটো জগাই তুলিব পাৰিব লাগিব৷ আহক, আমি সকলোৱে গুৱাহাটীক আমাৰ আপোন কৰি লওঁ, গুৱাহাটীখন ভাল কৰোঁ,ধুনীয়া কৰোঁ৷ মনত ৰাখিব গুৱাহাটী এখন ধুনীয়া ঠাই, ধুনীয়া বস্তু বেয়া কৰিব নাপায়।
লেখাটি আমাৰ অসম কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment