চিন্তনঃ ২০১৯ৰ ছেমিফাইনেল পাঁচ ৰাজ্যৰ নিৰ্বাচন আৰু 'এম' ফেক্টৰ :: ইঞ্জিনীয়াৰ জাকিৰ হুছেইন - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ ২০১৯ৰ ছেমিফাইনেল পাঁচ ৰাজ্যৰ নিৰ্বাচন আৰু 'এম' ফেক্টৰ :: ইঞ্জিনীয়াৰ জাকিৰ হুছেইন

চিন্তনঃ ২০১৯ৰ ছেমিফাইনেল পাঁচ ৰাজ্যৰ নিৰ্বাচন আৰু 'এম' ফেক্টৰ :: ইঞ্জিনীয়াৰ জাকিৰ হুছেইন

Share This
‘মন্দিৰ-মছজিদৰ বিতৰ্ক তুংগত উঠিছে, ধৰ্মীয় সংঘাটৰ বাট মুকলি হৈছে, হয়তো কোনো প্ৰদেশত নিৰ্বাচনৰ দিন বাৰ ঘোষণা হৈছে!’- ভাৰতবৰ্ষৰ সচেতন মহলে আজি এইদৰেই ভাৱিবলৈ লৈছে। বিকাশৰ ৰাজনীতি বা জনসাধাৰণৰ জীৱন ধাৰণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত বিষয়বোৰ একাষৰীয়া হোৱা আৰু এলান্ধুকলীয়া অলাগতিয়াল আৱেগ বিজড়িত বিষয়বোৰে নিৰ্বাচনত প্ৰভাৱ বিস্তাৰ কৰাটো বিশ্বৰ বৃহত্তম গণতন্ত্ৰ ভাৰতৰ বাবে আটাইতকৈ ডাঙৰ বিফলতা। 
ভাৰতবৰ্ষৰ হিন্দীবলয়ৰ তিনি ৰাজ্য ক্ৰমে ৰাজস্থান, মধ্য প্ৰদেশ, চট্টিছগড়ৰ লগতে তেলেঙ্গানা আৰু মিজোৰামত বিধানসভা নিৰ্বাচন সম্পন্ন হৈছে। চট্টিছগড়ত দুটা পৰ্যায়ত ইতিমধ্যে ভোটদান কাৰ্য সম্পাদন হৈ গ’ল, লগতে মিজোৰাম আৰু মধ্য প্ৰদেশতো নিৰ্বাচন সমাপ্ত হ’ল। এতিয়া সকলোৱে ১২ ডিচেম্বৰ দিনা ঘোষণা হ’বলগা ফলাফললৈ অপেক্ষা কৰিছে। পাঁচ ৰাজ্যৰ এই বিধানসভা নিৰ্বাচনক বিশেষজ্ঞসকলে ২০১৯ত হবলগা লোকসভাৰ ছেমি ফাইনেল আখ্যা দিছে। প্ৰায় পাঁচ-ছমাহ পাছতে লোকসভা নিৰ্বাচন অনুস্থিত হ’ব। ২০১৪ চনত ভাৰতৰ ১৬তম লোকসভা নির্বাচনত বিজেপি মিত্ৰজোটে অভুতপুৰ্ব সফলতাৰে ৩৩৬খন আসনত জয়লাভ কৰি সমগ্ৰ বিশ্ববাসীকে স্তম্ভিত কৰিছিল। বিজেপিয়ে অকলশৰে জয়লাভ কৰে ২৮২খন আসনত। বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোটে ভাৰতীয় ৰাজনীতিত পোন প্ৰথমবাৰৰ বাবে অভিলেখ সংখ্যক আসনেৰে অকংগ্ৰেছী চৰকাৰ গঠন কৰে। বিজেপিৰ এই বিশাল জয়ৰ অন্তৰালত আছিল দলটিৰ অবিসম্বাদী নেতা নৰেন্দ্ৰ দামোদৰদাস মোদীৰ অসাধাৰণ অপ্ৰতিৰোধ্য ঢৌ আৰু তেওঁৰ নেতৃত্বত বিজেপিৰ দুৰ্দান্ত, দুৰদৰ্শী, অপ্ৰতিৰোধ্য প্ৰচাৰ। মূলত মোদীৰ অভুতপুৰ্ব প্রচাৰ আৰু যাদুৰ ফলত কংগ্রেছ শাসনামলৰ অৱসান ঘটে। অৱশ্যে আন্না হাজাৰেৰ দুৰ্ণীতিবিৰোধী আন্দোলন তথা বাবা ৰামদেৱৰ কলাধন বিৰোধী আন্দোলনে ক্ষেত্ৰ প্ৰস্তুত কৰিছিল। ফলত মোদী মেজিক তথা গুজৰাট মডেল ২০১৪ চনৰ বিশ্বযুৰি অন্যতম আলোচনাৰ বিষয় হিচাবে পৰিগনিত হৈছিল। অৱশ্যে পাছলৈ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে নিৰ্বাচনৰ সময়ত কৰা প্ৰতিশ্ৰুতিসমূহক ‘জুমলা’ আখ্যা দিয়াটো দুৰ্ভাগ্যজনক আৰু প্ৰৱঞ্চনামুলক। বিজেপিৰ এই সফলতাৰ পাছত ভাৰতীয় ৰাজনীতিত আমুল পৰিবৰ্তন আহে আৰু বিশেষজ্ঞসকলে ভাৱিবলৈ বাধ্য হয় যে বিজেপিয়ে সমগ্ৰ ভাৰতত অতি কমেও দুই দশকযুৰি অপ্ৰতিদ্বন্দী ৰূপত ৰাজত্ব কৰিব। লোকসভা নিৰ্বাচনৰ পাছত হ’বলগীয়া বিধানসভা নিৰ্বাচনসমুহত বিজেপি দলে অনাসায়ে জয়লাভ কৰি সমগ্ৰ দেশতে শাসনভাৰ হাতত তুলি ল’ব বুলিও ধাৰণা কৰা হয়। বিজেপিয়েও কংগ্ৰেছ মুক্ত ভাৰত গঢ়াৰ সংকল্প লয়। কিন্তু সকলো ৰাজ্যতে তেনে বিজয়োল্লাস দেখিবলৈ পোৱা নগ’ল। 

হিন্দী বলয়ৰ ৰাজ্য কেইখনৰ বিধানসভা নিৰ্বাচনৰ ফলাফলে নিশ্চিত কৰিব লোকসভা ৰূপৰেখা। উল্লেখযোগ্য যে তিনিওখন ৰাজ্যতে বিজেপি চৰকাৰ শাসন চলাই আছে আৰু ৰাজ্যকেইখনত নিৰ্বাচনী যুজ মুলতঃ কংগ্ৰেছ-বিজেপিৰ মাজতে সীমাবদ্ধ। ইফালে মধ্য প্ৰদেশ আৰু চট্টিছগড়ত একেৰাহে পোন্ধৰ বছৰে বিজেপিয়ে ৰাজত্ব চলাই আছে। যদি শাসনাধিস্থিত বিজেপি দলে তিনিওখন ৰাজ্যতে জয়লাভ কৰে তেন্তে লোকসভা নিৰ্বাচন বিজেপিৰ বাবে হ’ব নিস্কন্টক। যদি এখন বা দুখন ৰাজ্য হেৰুৱাই তেন্তে তাৰ পৰিভাষাও ভিন্ন হ’ব। যদি তিনিওখন হেৰুৱাই তেন্তে বিজেপিৰ বাবে বিপদঘন্টা বাজিব। এই তিনিওখন ৰাজ্যত ২০১৪ৰ লোকসভা আসনৰ অধিকাংশই বিজেপিৰ দখলত আছিল- ৰাজস্থানৰ ২৫খনৰ ভিতৰত ২৫খনেই, ২৭খনৰ ২৫খন আৰু চট্টিছগড়ৰ ১১খন আসনৰ ১০খন। এই ফলাফলে প্ৰমান কৰে এই তিনিখন ৰাজ্য দুয়োটা দলৰ বাবে কিমান গুৰুত্বপুৰ্ণ। যদিহে এই ৰাজ্য তিনিখনত বিজেপিয়ে জয়লাভ নকৰে তেন্তে মন্দিৰ-মছজিদৰ ৰাজনীতিয়ে প্ৰভাৱ বিস্তাৰ কৰিব। কংগ্ৰেছৰ অস্তিত্ব ৰক্ষাৰ যুজত বিধানসভাৰ ফলাফলে দিকনিৰ্ণয় কৰিব। বহুকেইটা ‘একজিত প’ল’ৰ মতে ৰাজ্যকেইখনত কংগ্ৰেছে প্ৰত্যাবৰ্তন কৰিব। অৱশ্যে এইকথা নিশ্চিতভাৱে কব পাৰি বিজেপিৰ দৰে শক্তিশালী সংগঠন থকা কেদাৰবাহী দল, আৰএছএছৰ প্ৰত্যক্ষ সহযোগ থকা দল এটাই অতি সহজে পৰাজয়বৰণ কৰিব পৰা বিধৰ নহয়। তিনিওখন ৰাজ্যতে প্ৰতিস্থানবিৰোধী ঢৌক নেওচি আৰু দুৰ্নীতিৰ অভিযোগসমূহক অতিক্ৰামী জয়লাভ কৰাও সহজ নহয়। কিন্তু এই নিৰ্বাচনত কি কি বিষয়ে প্ৰভাৱ তাৰ মুল্যাঙ্কন অতিকৈ জৰুৰী।

কেইমাহমান আগলৈকে অধিকাংশ লোকেই ধাৰণা কৰিছিল যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বাবে ২০১৯ৰ সাধাৰণ নিৰ্বাচন অতি সহজ হ'ব। এখনৰ পাছত সিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনবোৰ তেওঁলোকে অনসায়ে যিধৰণে জয়লাভ কৰিছে আৰু তাকলৈ সকলো আশ্বস্ত হৈ আছিল। কিন্তু বিহাৰ আৰু উত্তৰ প্ৰদেশত ৩ খন আসনৰ বাবে হোৱা উপ নিৰ্বাচনৰ ফলাফলে যেন সকলো জল্পনা কল্পনাৰ অন্ত পেলালে। মাত্ৰ এবছৰ শাসনৰ বাঘজৰী হাতত তুলি লোৱা যোগী আদিত্যনাথৰ চৰকাৰৰ প্ৰতি উত্তৰ প্ৰদেশৰ জনসাধাৰণৰ মোহভংগ হোৱা যেন লাগিল। অতি গুৰুত্বপুৰ্ণ বিষয়টো হ'ল উপ-নিৰ্বাচন হোৱা দুই আসনৰ এখন আছিল মুখ্যমন্ত্ৰীৰ অভেদ্য দুৰ্গ হিচাবে বিবেচিত গোৰখপুৰ আৰু আনখন আছিল উপ-মুখ্যমন্ত্ৰীৰ আসন ফুলপুৰ। দুয়োগৰাকীয়ে আসন দুখন এৰি ৰাজ্যৰ মন্ত্ৰীত্ব গ্ৰহন কৰা বাবে লোকসভাৰ আসন দুখনত উপ-নিৰ্বাচন অনুস্থিত কৰিবলগীয়া হয়। দুয়োখন আসনৰ বাবে ৰাজ্যখনৰ ৰাজনীতিত আমুল পৰিবৰ্তন হয়। দুই চিৰবৈৰী সমাজবাদী পাৰ্টিৰ অখিলেশ যাদৱ আৰু বহুজন সমাজ পাৰ্টিৰ মায়াৱতীৰ মাজত মিত্ৰতা স্থাপন হয়। দুয়োখন আসনতে দুই সন্মলিত প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰে। ফলত মহা জোটবন্ধনৰ (এম ফেক্টৰ) কুচকাৱাজ আৰম্ভ হয় আৰু বিজেপিয়ে নতুনকৈ চিন্তা-চৰ্চা কৰিবলৈ বাধ্য হয়। বিজেপি দল আৰু চৰকাৰ সম্পূৰ্ণ আশ্বস্ত হৈ আছিল যে এই আসন দুখন পুণৰ বিজেপিৰ দখললৈ আহিব। কিন্তু সকলোকে হতচকিত কৰি বিজেপিৰ পৰা দুয়োখন আসন সমাজবাদী পাৰ্টিয়ে কাঢ়ি লৈ যায়। এই ফলাফলে বিৰোধীৰ মনোবল বহুগুনে বৃদ্ধি কৰে আৰু বিজেপি কিছু বেকফুটত আহিবলগা হৈছে। ইয়াৰ আগেয়ে ৰাজস্থান আৰু পশ্চিমবঙ্গত হোৱা লোকসভা উপ-নিৰ্বাচনতো বিজেপিয়ে পৰাজয় বৰন কৰিবলগীয়া পৰিস্থিতি হৈছিল। পিছৰ পৰ্যায়ত কৰ্ণাটকত হোৱা বিধানসভা নিৰ্বাচনটো কেন্দ্ৰত শাসন চলাই থকা দলটোৰ বাবে ফলাফল প্ৰতিকুল আছিল। তাৰ পাছত হোৱা উপ নিৰ্বাচনসমূহটো বিজেপিয়ে মুখঠেকেচা খায়।

যিসময়ত সমগ্ৰ ভাৰততে মোদী লহৰ চলিছিল সেই সময়ত দেশৰ ৰাজধানী দিল্লীত আঞ্চলিক দল আম আদমি পাৰ্টয়ে বিধানসভা নিৰ্বাচনত বিজেপি তথা কংগ্ৰেছক প্ৰায় নিশ্চিহ্ন কৰি দিছিল। আশ্চৰ্যজনক এইকাৰণেই যে মাত্ৰ এবছৰ আগেয়ে হৈ যোৱা লোকসভা নিৰ্বাচনত যিটো দলে দিল্লীৰ এখনো আসনত জয়লাভ কৰিব নোৱাৰিলে সেই আপে কিদৰে এনে অভুতপুৰ্ব ফলাফল দেখুওৱাইছিল? মোডীজীৰ তীব্ৰ প্ৰচাৰৰ পাছতো দিল্লী তথা বিহাৰত পৰাজয় বৰণ কৰিবলগা হৈছিল কিয়? বহুতে সন্দিহান হৈ প্ৰশ্ন উত্থাপন কৰিবলৈ ধৰিলে যে বিজেপিৰ 'এম ফেক্টৰ' মোদী মেজিক ম্লান হৈছে নেকি? কংগ্ৰেছৰ বহুবল্কি নেতা তথা পঞ্জাৱৰ মন্ত্ৰী নৱজিৎ সিং সিদ্ধুৰ মতে মোদীজীৰ লহৰ পাছলৈ জনসাধাৰণৰ বাবে হৈ পৰে জহৰ আৰু কহৰ। মোদীজীৰ ক্ষেত্ৰত এটা কথা ন দি কব পাৰি যে তেওঁ পুৰ্বৰ প্ৰধানমন্ত্ৰীসকলতকৈ বহু ক্ষেত্ৰত ব্যতিক্ৰম। তেওঁ বিধানসভা নিৰ্বাচনসমূহটো দলৰ হৈ বহুলভাৱে প্ৰচাৰ কাৰ্যত অংশগ্ৰহণ কৰে আৰু ওতপ্ৰোতভাৱে জড়িত হৈ পৰে। ফলত তেওঁ দলটোৰ সফতাৰ বাবে অপৰিহাৰ্য হৈ পৰে। সেয়ে বিধানসভা নিৰ্বাচনসমূহৰ সৈতে তেওঁৰ মান-সন্মানো জড়িত হৈ পৰে। কিন্তু এই ৰাজ্যকেইখনত বহুকেইটা চাৰ্ভেৰ মতে ৰাজ্য চৰকাৰ সমূহৰ ওপৰত ৰাইজ বিতুষ্ট যদিও প্ৰধানমন্ত্ৰী মোডীৰ জনপ্ৰীয়তা কিছু ম্লান হলেও তেওঁৰ নিকটতম প্ৰতিদ্বণ্ডিতকৈ তেওঁ বহু আগবাঢ়ি আছে। অৱশ্যে তেওঁৰ বিৰুদ্ধে বিমুদ্ৰাকৰণ, জিএচটিৰ সিদ্ধান্ত আৰু ৰাফেল কেলেঙ্কাৰীকলৈ বিৰোধীয়ে অবিৰতভাৱে প্ৰচাৰ চলাই গৈছে। আনকি বিৰোধীয়ে ‘চৌকিদাৰ চোৰ হে’ বুলিও নিৰ্বাচনী সভাসমূহত প্ৰচাৰ চলাইছে। ইয়াৰ বিৰোপ প্ৰভাৱৰ পৰা তেওঁ কেনেকৈ মুক্ত হয় অথবা জনসাধাৰণ কিমান সন্তুষ্ট সেয়া লক্ষনীয় হ’ব। ইফালে কেন্দ্ৰীয় চৰকাৰৰ সফল মন্ত্ৰী নিতিন গাদকাৰীয়ে মাৰাথি চেনেল এটাত দিয়া সাক্ষাৎকাৰত কয় যে বিজেপিয়ে ২০১৪ চনত চৰকাৰ গঠন হোৱাৰ কোনো আশা নেদেখি এনে কিছুমান প্ৰতিশ্ৰুতি দিছিল যিবোৰ বাস্তৱত অসম্ভৱ। প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিল যে কলাধন বিদেশী বেঙ্কৰ পৰা আনিব আৰু প্ৰতিজন দেশবাসীৰ একাউন্টত পোন্ধৰ লাখ টকাকৈ দিয়া হ’ব। কিন্তু সেয়া চাৰে চাৰি বছৰ পাৰ হোৱাৰ পাছতো সম্ভৱ হৈ নুঠিল বৰং পাছত ইয়াক নিৰ্বাচনী ‘জুমলা’ আখ্যা দিয়া হ’ল। তেওঁলোকে প্ৰতিশ্ৰুতি দিছিল যে বছৰি দুই কোটি নিবনুৱাক কৰ্মসংস্থান দিব, কিন্তু বছৰি দুই লাখ লোককো কৰ্মসংস্থান দিব নোৱাৰিলে। কৃষকসকলক সামগ্ৰিৰ লাগত মুল্য দুগুন কৰি দিয়াৰো প্ৰতিশ্ৰুতি দিছিল সেয়াও হৈ নুঠিল। বৰং বহু কৃষকে আত্মহননৰ পথ বাচি ললে। সেয়ে কেন্দ্ৰীয় চৰকাৰৰ বাবে এই পাঁচ ৰাজ্যৰ নিৰ্বাচন অতিকৈ গুৰুত্বপুৰ্ণ। 

৮ নভেম্বৰ, ২০১৬ত প্রধানমন্ত্রী নৰেন্দ্র মোদীজীয়ে নতুন 'মুদ্ৰানীতি' (এম ফেক্টৰ) মৰ্মে ৫০০ তথা ১০০০ নোট বাতিল কৰে। বহুল প্ৰচাৰিত তথা বিতৰ্কিত বিমুদ্ৰাকৰণৰ পাছত পাঁচ ৰাজ্যৰ এই নিৰ্বাচন মোদী চৰকাৰৰ বাবে এক এচিড টেষ্ট, একপ্ৰকাৰ ৰেফাৰেণ্ডাম। অৱশ্যে ইয়াৰ আগেয়ে উত্তৰ প্ৰদেশ আৰু গুজৰাট বিধানসভা নিৰ্বাচনত বিজেপিয়ে জয়লাভ কৰিব সক্ষম হৈছিল। বিমুদ্ৰাকৰণ মুলতঃ কলাধনৰ বিপক্ষে, দুৰ্ণীতি, সন্ত্ৰাসবাদ আৰু নক্সালবাদৰ বিৰুদ্ধে বুলি ঘোষণা কৰা হৈছিল। কিন্তু বিমুদ্ৰাকৰণৰ কুপ্ৰভাৱৰ ফলত শতাধিক সাধাৰণ লোকে বেঙ্কৰ সম্মূখত শাৰি পাতি নিহত হ’ব লগা হ’ল। ধনিক শ্ৰেণীৰ কোনো উদ্যোগপতিয়ে বেঙ্কৰ সম্মূখত শাৰি পতা নাছিল, পাতিছিল খাতি খোৱা যাৰ কলাধন থকাৰ কোনো সম্ভাৱণা নাই তেনে লোকেহে শাৰি পাতিবলগা হৈছিল। কলাবাজাৰী সকলৰ ধন নষ্ট হৈ যোৱাৰো আশংকা কৰা হৈছিল। কিন্তু ৰিজাৰ্ভ বেঙ্কৰ সুত্ৰ অনুসৰি ৯৯.৩০ শতাংশ পুৰণি নোট বেঙ্কসমূহলৈ ঘুৰি আহিল। অৰ্থাৎ কলাধনৰ বিৰুদ্ধে দিয়া এই যুজ অথলে গ’ল। পৰিসংখ্যাৰ পৰা কব পাৰি যে সন্ত্ৰাসবাদ বা নক্সালবাদ বৃদ্ধি হোৱাহে পৰিলক্ষিত হ’ল। ইফালে বহু দেশত হোৱা বিমুদ্ৰাকৰণৰ মুল উদ্দেশ্য আছিল ডাঙৰ মুল্যৰ নোট বজাৰৰ চলাচলৰ পৰা নিশেষ কৰি সৰু নোট প্ৰচলন কৰা। ডলাৰ বা পাউণ্ডৰ পাঁচ হেজাৰ বা দহ হেজাৰ মুল্যৰ নোট বিমুদ্ৰাকৰণৰ দ্বাৰা বন্ধ কৰা হৈছিল। কিন্তু ভাৰতত তাৰ ওলোটা ছবিহে দেখা গ’লা, এহেজাৰ টকীয়া নোট বন্ধ কৰি দুহেজাৰ টকীয়া নোটৰ প্ৰচলন চলিল। সেয়ে দুৰ্ণীতি অধিকভাৱে চলাৰ পথ প্ৰশস্ত কৰা হ’ল। ইফালে ৰিজাৰ্ভ বেঙ্কৰ প্ৰাক্তন গভৰ্ণৰ ৰঘুৰাম ৰাজনে চৰকাৰক ১৭জন উদ্যোগপতিৰ নাম দিছিল যিসকলে বৃহৎ অংকৰ ঋণ লৈ বেঙ্কসমূহক ওভতাই দিয়া নাই, ফলত এইসমূহ এনপিএ হৈ গৈছে। চৰকাৰ সময় সাপেক্ষ কোনো ব্যৱস্থা নোলোৱা বাবেই বিজয় মালিয়া, নিৰৱ মোডী, মেহুল চোকচীৰ দৰে উদ্যোগপতি, ব্যৱসায়ীয়ে দেশ এৰি পলাই যাবলৈ সক্ষম হ’ল।

এই ৰাজ্যকেইখনৰ স্থানীয় বিষয়সমূহে কিদৰে ক্ৰিয়া কৰে সেয়াও লক্ষনীয় হ’ব। বিশেষকৈ মধ্য প্ৰদেশত চৌদিশে দুৰ্ণীতিৰ অভিযোগ উঠিছে। ব্যাপমৰ দৰে কেবা হেজাৰ কোটিটকীয়া কেলেঙ্কাৰীয়ে মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সহজ সৰম ছবি ম্লান কৰাত যথেষ্ট অৰিহণা যোগাইছিল। লগতে অবৈধ খননৰ বিষয়টোৱেও ৰাজ্যত বিশেষভাৱে প্ৰভাৱ বিস্তাৰ কৰিছে। কিন্তু মুল বিৰোধী দল কংগ্ৰেছে দুৰ্ণীতিৰ বিষয়সমূহ সজোৰে উত্থাপন কৰি প্ৰতিস্থান বিৰোধী ঢৌ সৃষ্টি কৰিব নোৱাৰিলে। ইফালে মন্দচৌৰ জিলাত হোৱা বৃহৎ কৃষক আন্দোলন বৰ্বৰ ভাৱে ৰোধ কৰিবলৈ চৌহান চৰকাৰে গুলি চালনাৰ দৰে ঘটনা সংঘটিত কৰি বহুকেইজন কৃষকক হত্যা কৰিছিল। কংগ্ৰেছে এই বিষয়টোত সজোৰে লাগি কৃষকৰ সামগ্ৰীৰ উচিত উৎপাদন মুল্য তথা দহ দিনৰ ভিতৰত ঋণ ৰেহাই দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এই প্ৰতিশ্ৰুতিয়ে কিদৰে প্ৰভাৱ বিস্তাৰ কৰে সেয়া লক্ষ্যনীয় হ’ব। চট্টিছগড়টো একেধৰণৰ দুৰ্ণীতি তথা কৃষকৰ বিৰোধিতাৰ সম্মূখীন হৈছে ৰমন সিং চৰকাৰ। কি্ন্তু ৰমন সিঙে এই অভিযোগসমূহৰ উচিত প্ৰত্যুত্তৰ দিয়াৰ লগতে আদিবাসী এলেকাসমূহত উন্নয়ণৰ কাম ক্ষীপ্ৰতাৰে কৰিছে। ইফালে কংগ্ৰেছৰ একালৰ বলীষ্ঠ নেতা অজিত যোগীয়ে স্থানীয় দল খুলি মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ সৈতে জোৎবন্ধন কৰি কংগ্ৰেছক শলঠেকত পেলাইছে। সেয়ে চতুৰ্থবাৰৰ বাবে ৰমন সিং চৰকাৰ গঠন হলে আচৰিত হোৱাৰ কাৰণ নাই। ৰাজস্থানত অৱশ্যে প্ৰতি পাঁচ বছৰৰ মুৰে মুৰে চৰকাৰ সলনি হয় আৰু কংগ্ৰেছ-বিজেপিয়ে বিকল্প চৰকাৰ গঠন কৰে। এইবাৰ বসুন্ধৰা ৰাজে সিন্ধিয়াৰ বিৰুদ্ধে ৰাইজ খড়্গহস্ত বুলিও চাৰ্ভেসমূহত প্ৰকাশ। দেশখনক সৰ্বব্যাপি নিবনুৱা সমস্যাই চানি ধৰিছে আৰু এই ৰাজ্যকেইখনৰ যুৱসমাজৰ মাজত ই মুল বিষয় হিচাবে গা কৰি উঠিছে। কিন্তু কোনো দলেই উচিত ৰ’ডমেপ ডাঙি ধৰিব সক্ষম হোৱা নাই। 

কিন্তু তাৰ পাছতো স্থানীয় ৰাজ্যিক বিষয়বোৰক তল পেলাবলৈ বিজেপিৰ সহযোগী সংঘ পৰিয়ালৰ লগতে বহু মন্ত্ৰী, সাংসদ, বিধায়কে এতিয়া ৰাম মন্দিৰ নিৰ্মাণৰ বিষয়টো উত্থাপন কৰিবলৈ ধৰিছে। অযোধ্যাত হেজাৰ হেজাৰ নিৰাপত্তাৰক্ষী বলয়ৰ মাজতে বিভিন্ন উগ্র হিন্দুত্ববাদী সংগঠন আজ বাবৰি মসজিদত দ্রুত ৰামমন্দিৰ নির্মাণৰ দাবীত বিশাল জনসমাবেশ কৰি ১৯৯২ পুণৰাবৃত্তি কৰাত উঠি পৰি লাগিছে। প্ররোচনামূলক ভাষণ আৰু ৰাজ্যৰ বাহিৰৰ পৰা অহা হেজাৰ হেজাৰ মানুহৰ সমাবেশত সমগ্ৰ অযোধ্যাত এক উত্তেজনাময় পৰিস্থিতিয়ে বিৰাজ কৰিছে। এফালে বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম সংসদত তেওঁলোকৰ সাধু সন্তসকলে দাবী তোলে যে উচ্চতম ন্যায়ালয়ৰ ৰায়দানলৈ অপেক্ষা নকৰাকৈ ৰাম মন্দিৰ নিৰ্মাণ কৰিব লাগে, আনফালে মহাৰাষ্ট্ৰৰ হিন্দুত্ববাদী সংগঠন শিবসেনাইও ক্ষমতাসীন বিজেপি দলক মন্দিৰ নিৰ্মাণৰ বাবে দাবী উত্থাপন কৰে। পৰিতাপৰ বিষয় এয়ে যে উচ্চতম ন্যায়ালয়ৰ তিনি তালাক বা মুম্বাইৰ হাজি আলি দৰগাহত মহিলাৰ প্ৰবেশৰ দৰে ৰায়দানক যিখন চৰকাৰে আদৰণি জনাইছিল সেই চৰকাৰৰ সাংসদ, বিধায়ক অথবা দলীয় নেতাই উচ্চতম ন্যায়লয়ক অৱমাননা কৰিছে। আনকি দেশৰ সংবিধানকো অৱজ্ঞা কৰি মন্দিৰ নিৰ্মাণৰ হুংকাৰ দিছে। ৰাম মন্দিৰৰ যোৱা ত্ৰিশ বছৰৰো অধিক কাল কেৱল ধৰ্মীয় সংঘাট, বিভাজনৰ ৰাজনীতিয়ে চলিল। এই সংঘাটৰ অবসান ঘটাব বা সমস্যাৰ সমাধান কোনো দলেই নিবিচাৰে। সংঘ পৰিবাৰে লোকসভা নিৰ্বাচনৰ পুৰ্বে পুণৰ এই বিষয়টোকলৈ ৰাজনীতি কৰাৰ মন মেলিছে। যদি সেয়ে নহয় তেন্তে চাৰে চাৰিটা বছৰে উচ্চতম ন্যায়ালয়ৰ ৰায়দানলৈ অপেক্ষা কৰা হ’ব বুলি দোহাৰি থাকি নিৰ্বাচনৰ ঠিক পুৰ্বে অযোধ্যাৰ সেই বিতৰ্কিত স্থানতে মন্দিৰ নিৰ্মাণৰ হুংকাৰ কিয় দিছে? কিয় ফৰিদাবাদ জিলাৰ নাম সলনি কৰি অযোধ্যা অথবা এলাহবাদৰ নাম প্ৰয়াগৰাজ কৰা হ’ল? কেৱল ধৰ্মীয় মেৰুকৰণৰ দ্বাৰা আৱেগিক ভোটৰ বাবে নহয় জানো? মুছলমানসকলৰ ফালৰ পৰা কোৱা হৈছে যে উচ্চতম ন্যায়ালয়ৰ ৰায়দান যি হয় তাকেই তেওঁলোকে মানি লব, আনকি এধাপ আগুৱাই কৈছে যে যদি অধ্যাদেশৰ জৰিয়তে মন্দিৰ নিৰ্মাণ কৰে তাতো আপত্তি নাই। তেন্তে বিবাদ কিহৰ? বিধানসভাৰ এই নিৰ্বাচনত মন্দিৰ-মছজিদ, নাম পৰিবৰ্তন বা একতাৰ মুৰ্তিৰ বিষয়সমূহে কিদৰে প্ৰভাৱ বিস্তাৰ সেয়া হব অতি লক্ষ্যণীয়।

No comments:

Post a Comment