মহীৰূহৰ লেখাঃ অসম দেশৰ বিষম কথা :: মাফিয়া, ৰাম মন্দিৰ আৰু পৰেশ বৰুৱালৈ অনুৰোধ ইত্যাদি :: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মহীৰূহৰ লেখাঃ অসম দেশৰ বিষম কথা :: মাফিয়া, ৰাম মন্দিৰ আৰু পৰেশ বৰুৱালৈ অনুৰোধ ইত্যাদি :: ড° হীৰেন গােহাঁই

Share This
(১)
ইটালিৰ দক্ষিণ দিশে থকা ছিচিলি দ্বীপ অন্যান্য কথাৰ লগতে জগদ্বিখ্যাত তাৰ ভয়াল ‘মাফিয়া’ নামধাৰী ডকাইত দলৰ বাবে। লাহে-লাহে অসম আন বিষয়ত পাছ পৰি থাকিলেও এই ধৰণৰ কৃতিত্বৰ বাবে উজলিব যেন পাওঁ। কাগজত সদায় কিবা নহয় কিবা 'ছিণ্ডিকেট’আৰু মাফিয়া’ৰ কথা পাৱেই। এই সকল নামত যদিও অন্ধকাৰ জগতৰ বাসিন্দা, কামত কিন্তু প্রকাশ্য দিবালােকত আৰক্ষী, প্রশাসন আৰু ৰাজনীতিবিদৰ লগত ঘনিষ্ঠতা জনাজাত হৈ পৰা বাবেই আমাৰ দৰে অলপ-ধতুৱা বিলাকৰ তেওঁলােকৰ প্ৰতি ভয়ভক্তি ওপজে। কয়লা মাফিয়া’, ‘প্লাইউড মাফিয়া’, ‘বালি-মাফিয়া’ আৰু ক'ত কি! 

প্ৰথমতে তেৰাসবে আত্মপ্রকাশ কৰে ছিণ্ডিকেট’ ৰূপে। ব্যাপক আৰু প্ৰচুৰ অৰ্থৰ লেন-দেন হােৱা বহুব্যৱহৃত বস্তুৰ ওপৰত বে-চৰকাৰী কৰ বহুৱাই ভাবুকি দি আদায় কৰা মহাপুৰুষ সকলে ‘ছিণ্ডিকেট’নামে খ্যাতি অর্জন কৰে। তাৰ পিছত এটা সামগ্ৰীৰ ওপৰত কেবাটাও ছিণ্ডিকেট গঠিত হলে স্বাভাৱিকতে প্রতিপত্তিৰ বাবে সেইসকলৰ মাজত তয়াময়া যুঁজ চলে। শাৰীৰিক, আর্থিক আৰু ৰাজনৈতিক বল বুধি বেছি থকা দলেই মাফিয়া’ আখ্যা লাভ কৰে। ‘পদ্মশ্রী’ৰ পিছত ‘পদ্মভূষণ’ আৰু তাৰ পিছত ‘পদ্মবিভূষণ’ হােৱাৰ দৰে। বেছিদিন নাই, কণী মাফিয়া’, ‘মাছ মাফিয়া’ আৰু ‘ভােট মাফিয়া’ৰ অৱতাৰ হব বুলিও মনে ধৰে। দুখৰ বিষয় এই সকলে নিজৰ কথা সঞ্চালনিকৈ প্ৰচাৰ হােৱাটো কামনা নকৰে। ইমান ধন-মান, প্রভাৱপ্রতিপত্তি অর্জন কৰাৰ পিছতাে তেওঁলােক কিয় সাধুসন্তৰ দৰে প্ৰচাৰ-বিমুখ, আমাৰ দৰে সামান্য মানুহে বুজা সম্ভৱ নহয়। কিন্তু মৌখিকভাবে তেওঁলােকৰ কীৰ্ত্তি কাহিনী সাধুসন্তৰ দৰেই এদিন নিশ্চয় প্রচাৰ হবই। 

সত্তৰ দশকত কলিকতাৰ গ্ৰন্থ-ভুক বাঙালী সকলৰ প্রিয় কিতাপ-কাকতৰ ব্যৱসায়টো ফাটা কেষ্ট' নামে এক প্রসিদ্ধ দলপতিৰ হাতৰ তলুৱাত আছিল। তেখেতৰ উত্থান কালত কোনাে প্রতিদ্বন্দ্বীৰে হােৱা যুদ্ধত তেখেতৰ মূৰ ফাটি তাত স্থায়ী দাগ ৰৈ গৈছিল। তেওঁৰ নাম কৃষ্ণগােপাল নে তেনে কিবা আছিল। কিন্তু ভক্ত সকলে তেওঁৰ মাহাত্মৰ চিন আৰু নাম মিলাই তেওঁক ‘ফাটা কেষ্ট বুলিয়েই উল্লেখ কৰিছিল।

ভাৰতত এতিয়া ধর্ম এবিধ লাভজনক ব্যৱসায়। ডজনে-ডজনে অৱতাৰ-পুৰুষ, ৰাজনীতিবিদ সকলাে। তেওঁলােকৰ প্রতি গদগদ আৰু দানশীল। তদুপৰি মাফিয়া সকলৰ দৰে এওঁলােকৰ বহুতে স্বাধীনতাসংগ্রামীৰ দৰে জে’লৰ জীৱনাে কটাইছে। এওঁলােকক ৰাম মাফিয়া’, হনুমান মাফিয়া’, ‘কিষন্ মাফিয়া’, ‘কালি মাফিয়া’ আদি বেচৰকাৰী সন্মান দিয়া উচিত। এগৰাকী তেনে ‘ধর্ম-মাফিয়া’ক হাত-কেৰেয়া লগাই সশস্ত্র প্রহৰীয়ে প্লেনত এখন ঠাইৰ পৰা আন এখন ঠাইলৈ লৈ যাওঁতে প্লেনৰ যাত্রীবৃন্দৰ মনত ভক্তিভাব উথলি উঠিছিল আৰু আটায়ে হুমূৰকৈ তেওঁৰ পদধূলা লবলৈ আসন এৰি ঠেলা-হেঁচা কৰাৰ ফলত প্লেনখন আকাশমার্গতে এপিনে দোঁ খাই অতি মাৰাত্মক দুর্ঘটনা ঘটাবলৈ ওলাইছিল। কোনােমতে সেই যাত্ৰাত অৱতাৰ-পুৰুষ আৰু যাত্রী সকল বাচিল প্লেনৰ চালক আৰু কৰ্মচাৰীৰ তৎপৰতাত।।

গৌৰী লংকেশ নামৰ স্বাধীনচিতীয়া সাংবাদিকগৰাকীক তেনে এক ধর্ম-মাফিয়াই হত্যা কৰাৰ খবৰ কাগজত ওলাইছে। আজিকালি কোনাে-কোনাে বিশ্ববিদ্যালয়ত শিক্ষা-মাফিয়ায়াে অখণ্ড প্রতাপে ৰাজত্ব কৰি আছে বুলি শুনা যায়। অসম এই ক্ষেত্ৰত পিছ পৰি থাকিলে বিশ্বদৰবাৰত প্রতিষ্ঠা নাপাব বুলি আশংকা। কৰা হয়। আমাৰ ধাৰণা অসমৰ লাহে-লাহে’ খ্যাতিটো এই ক্ষেত্ৰত কাৰ্যকৰী হােৱাই ভাল।

অযােধ্যাত ৰাম মন্দিৰ নিৰ্মাণ-অভিযান
আমাৰ দেশখনৰ গণতন্ত্রও অপূর্ব মহিমান্বিত হৈ উঠা দেখা গৈছে। পেছাদাৰী ৰাজনীতিবিদ আৰু ৰাজনৈতিক দলবােৰৰ লীলা-খেলা বাদেই। তাৰ উপৰি যােৱা চাৰিবছৰে এক সমান্তৰাল চৰকাৰ চলি আছে। ন্যায়পালিকাই এই সমান্তৰাল চৰকাৰখনক বৈধতা নিদিলেও হকা-বধাও কৰা নাই। সেয়ে আজি হেলাৰঙে অযােধ্যাত তিনিলাখ ভক্তৰ আর্বিভাৱ হৈছে ৰামজন্মভূমিত মন্দিৰ বনাবলৈ। উচ্চতম ন্যায়ালয়ক সময়। বান্ধি দিয়া হৈছে— তিনি মাহৰ ভিতৰত সন্মতি দিয়ক, নহলে মন্দিৰ হাম ঝুঁহি বনায়েংগে। বাবৰি মছজিদ ভঙাৰ সময়ত তাত ১৪৪ ধাৰা জাৰি আছিল, উচ্চতম ন্যায়ালয়ে কেন্দ্র-ৰাজ্যক কঢ়া। নির্দেশ দিছিল মছজিদটো ৰক্ষা কৰিবলৈ, কেইবা হেজাৰাে পুলিচ-চি আৰ পি মজুত আছিল। কিন্তু কৰসেৱক সকলৰ অপূর্ব ভক্তিয়ে গুফীয়া গুফীয়া পালােৱান পুলিচৰা হৃদয় দ্রবীভূত কৰাত মছজিদ ভঙা। পবিত্র কর্মত তেওঁলােকো সহযােগী হল। ভক্তিৰ এই মহিমাৰ শিক্ষা যথাস্থানত সমান্তৰাল চৰকাৰৰ মুৰব্বী সকলে পালে। 

শুনা মতে ১৯৯৩ চনৰ পৰা ভাৰতৰ বিভিন্ন ঠাইত মন্দিৰৰ স্তম্ভ, চুড়া, প্রাচীৰ আৰু অনেক কাৰ-কর্ম। ইতিমধ্যে নির্মিত হৈ মজুত হৈ আছে। সেইবােৰ এনেদৰে নিৰ্মাণ কৰা হৈছে যে লােহাৰ শলাৰে তৎক্ষণাৎ জোৰা লগাব পৰা যায়। Pre-fab ঘৰৰ দৰে। মছজিদ যিদৰে ভক্তৰ আৰু ভক্তিৰ শক্তিয়ে একেদিনে ধূলিসাৎ কৰিলে, সেইদৰে মন্দিৰাে একেদিনে সজোৱাৰ পৰিকল্পনা বােধহয় কৰা হৈছে। আৰু এবাৰ নির্মিত হলে, কাৰ সাধ্য আকৌ তাক মাটিত মিহলি কৰি দিয়ে? | আইনসন্মত চৰকাৰটোৱে হাত দাঙি বহি আছে, মাজে-মাজে অধ্যাদেশ যােগে মন্দিৰ সজাৰ কথাও কৈ আছে? কিন্তু তাৰ দৰকাৰ বােধহয় নহব। সমান্তৰাল চৰকাৰে কামফেৰি কৰাৰ পিছত উচ্চতম ন্যায়ালয়ৰ মুখ ৰক্ষা কৰিবলৈ আইন মতে গঠিত চৰকাৰটোৱে দুদিনমান বন্ধ ৰাখি এদিন নতুন মন্দিৰৰ দুৱাৰ খুলি দিব। 

ৰাম যেনে অৱতাৰী পুৰ, ৰামভক্ত সকলাে তেনে মহিমাধাৰী জীৱ। তেওঁলােকে প্রচলিত আইনকানুন ধৰ্মৰ জোৰত টিলিকি মাৰি উৰাই দিব পাৰে। ৰাম ৰাজ্য স্থাপন হবলৈ বেছি দিন আৰু নাই। ইতিমধ্যে খবৰৰ কাগজৰ মতে বিধর্মীবিলাক অযােধ্যা এৰি পলায়ন কৰিবলৈ ধৰিছে। আৰু ভক্ত সকলে ৰাম নাম। যম সমৰক সাজি সমদলে কয়লি পয়াল। একৈশ শতিকাত ৰাম আৰু ৰাৱনৰ ভূমিকা ওলােটা হবই। আচ্ছে। দিন’ আৰু কাক কয়?

আইনসন্মত চৰকাৰৰ হাতত যিহেতু নির্বাচনী যুদ্ধত জিকাৰ আন উপায় আৰু একো নাই, সেয়ে ধৰ্মৰ যুঁজ লগাই দি ৰামৰ শৰণ লৈ সেই যুদ্ধ জিকাৰ ফিকিৰ কৰিছে। ৰাফাল চুক্তি’, ‘জি-এছ-টি’, ‘বিমুদ্ৰাকৰণ’, সকলাে জীয়া ফঁাকি বুলি প্রমাণিত হৈছে। অতএব ‘ৰাম নাম সত্য হেয়।

যিহেতু বেছিভাগ গণতান্ত্রিক দলৰে কথাবার্তা, কাৰ্যকলাপত ৰামৰ প্রতি কিঞ্চিৎ হলেও ভক্তি আছেই, কোনে আৰু এই মহৎ কাৰ্য্যত বাধা দিব? বামপন্থী কেইটামানে দিব, কিন্তু সিহঁততাে নাস্তিক, পাষণ্ড! অসমত ৰাইজে কৃষ্ণকহে পূর্ণ অৱতাৰ বুলি ভাবে আৰু কৃষ্ণৰ প্ৰতিহে বেছি আস্থা দেখুৱায়। সেয়ে। ৰামৰ মহতী মহিমা প্রতিষ্ঠাৰ বাবে অসমতাে বিশাল বিশাল ‘ধম-সভা’ চৰকাৰেই পাতিব পাৰে দেখােন। নমামি ব্ৰহ্মপুত্ৰৰ দৰে। 
(২)

প্রভূপাদ শ্রীল শ্রীযুক্ত বেঙেনা গােস্বামী দেৱৰ দেশৰক্ষাৰ আহ্বান (কল্পকাহিনী)
[আকবৰ বাদশ্বাহঃ বীৰবল, সিদিনা মই বেঙেনাৰ গুণ বর্ণাওঁতে তুমি দেখােন বেঙেনা | আটাইতকৈ উৎকৃষ্ট পাছলি বুলি বখানিছিলা, আৰু আজি মই বেঙেনা খােৱাৰ পিছত গাত খজুৱতি উঠে বুলি কোৱাৰ লগে-লগে বেঙেনাক অতি নিকৃষ্ট খাদ্য বুলি কৈছা ?
বীৰবলঃ (হাত যােৰকৈ)... জাহাপনা, মই আপােনাৰহে নৌকৰ, বেঙেনাৰ চাকৰতাে নহওঁ।]

অলপতে অশেষ গুণৰ আধাৰ, ভগবানৰ দৰে বিচিত্র লীলা-মালা কত পাৰদৰ্শী, আৰু শ্ৰী চৰণৰ পৰা ব্ৰহ্মতালুলৈকে পূৰঠ জ্ঞানেৰে পৰিপুষ্ঠ বায়ুৰ দৰে স্বাধীন, শ্রীল শ্রীযুক্ত বেঙেনা গােস্বামী দেৱে অনুৰাগী ভক্ত সকলক এটি অমূল্য উপদেশামৃতৰে ৰােমাঞ্চিত কৰিছে। তাৰ কিঞ্চিৎ তলত উদ্ধৃত কৰিলোঁ পাপ-বাৰিধিৰ পৰা পাঠকক উদ্ধাৰ কৰাৰ মানসেৰে । 

“ভাে ভাে অগণন ভক্তগণ! যদা যদাহি ধর্মস্য, গ্লানিৰ্ভৱতি ভাৰত/অভ্যুত্থানম অধর্মস্য, তদাত্মালং হুজাম্যহম। শ্লোকফাকি তােমৰাসবৰ অৱগত। আজি ভাৰতত ধৰ্মক গ্লানিমুক্ত কৰাৰ অৰ্থে যে আমাৰ দ্বাৰা অসমত জন্মলাভ কৰা গৈছে সিও সুবিদিত। দুৰন্তবিশ্ব মহাকালৰ অংশৰূপে আমিও ভাৰতব্যাপি হােৱা ধৰ্মৰ পুনৰুত্থানৰ অৰ্থে অসমত আবির্ভূত। ইতিমধ্যে আর্যাৱৰ্ত্তৰ পুণ্যভূমিত যৱন-স্লেচ্ছ-সম্পৃক্ত স্থানসমূহৰ নামৰ সংস্কাৰ সাধন আৰম্ভ হৈছে। দুর্দান্ত মার্তণ্ড সদৃশ জনসমুদ্রই অর্বাচীন। নামবােৰ নিশ্চিহ্ন কৰি তাত পূতপবিত্র বৈদিক নাম সংযুক্ত কৰিছে। মীৰাট নামে জ্ঞাত নগৰীক মত্ততীর্থ নামে অভিহিত হৈছে এলাহাবাদ প্রয়াগৰাজ এবং তাজমহল তেজোমহালয়া ৰূপে অলংকৃত হােৱাৰ পথত। | আমাৰ অসমভূমিতাে অদ্যাপি দিহিং, দিছাং, নামদাং, বকো, টিহু আদি কর্কশ স্থানবাচক নামে শিৰঃপীড়া উদ্রেক কৰে, সিবােৰৰ বৈদিক সংস্কাৰৰ প্রয়ােজন অনুভূত কৰা গৈছে। তাতােকৈ ভয়ংকৰ কথা এইটো যে সর্বত্র দড়ি, টুপিৰ প্রাদুর্ভাৱে আমাৰ গৌৰৱ ম্লান, মহিমা কলুষিত কৰাৰ উপক্রম ঘটাইছে। দুৰন্তবিশ্ব ত্রিশূলধাৰী মহাদেৱৰ অংশাৱতাৰ ৰূপে উক্ত ধর্মান্দোলন আমাৰ অভাগা ৰাজ্যতাে প্রসাৰিত কৰিবলৈ আমি দৃঢ়প্রতিজ্ঞ। সেই হেতুকে অস্ত্র ধাৰণ কৰা প্রথম কর্তব্য। শৃগালসদৃশ ক্লীৱতাত নিমজ্জিত হৈ থকা হে ভগৱম্ভক্ত প্রাণিগণ। গীতা শাস্ত্ৰৰ আত্ম-বিস্মৃত অৰ্জুনৰ দৰে হাতে-হাতে অস্ত্র লৈ অহিংসাৰূপীহীনতা দূৰত নিক্ষেপ কৰি দাড়ি-টুপি মুক্ত জন্মভূমি প্রবর্তন কৰাৰ সংকল্প লােৱা হওক। মাতৃভূমিক ৰক্ষা কৰাৰ হৈ প্রকৃষ্ট পথ বুলি শাস্ত্ৰই কৈছে। অতএব মাভৈঃ! দলে-দলে গণ সমাবেশত যােগদান কৰি বিধর্মীৰ দেৱস্থান সমূহ মষিমূৰ কৰা হওক। অগণন গণ শক্তি বীৰভদ্র সদৃশ নেতৃত্বত সমবেত হৈ বামাচাৰী বুদ্ধিজীৱীৰ মুক্তপাত কৰা হওক। ওম্ শব্দই ব্যোম বিদীর্ণ কৰক, ৰাম শব্দই বিধর্মীৰ হাৰাম নিঃশেষ কৰক। উত্তিষ্ঠত, জাগ্রত!!” 

প্রভূপাদৰ ভাষণৰ পৰিণামত অগণন ভক্তই চকু ৰক্তবৰ্ণ কৰি দাকুঠাৰ, টাঙোন-টোকোন, ত্রিশূল, বন্দুক তুলি ল'লে, আন এচাম ভক্তিভাবত শিহৰিত হৈ মাতৃভূমিৰ দশাত ৰাওৰাৱে ক্রন্দন কৰি গগন নিনাদিত কৰিলে। সত্যযুগ সমাগতপ্রায় ভাবি উপস্থিত সকলাে আবেগবিহুল হৈ পৰিল। মন্ত্রীসবে ধৰাধৰি কৰি প্রভুপাদক নি গাড়ীত বহুৱাই দিলত গাড়ী নিমিষতে অদৃশ্য হল, আৰু উন্মত জনতা মাতৃভূমিৰ কলংক মােচনৰ বাবে হাতেহাতে জোঁৰ আৰু অস্ত্র লৈ হিলদল ভাঙি ৰাজপথত নামি গ'ল।

পৰেশ বৰুৱাক এটি অনুৰােধ
ডিমৌৰ বােমা বিস্ফোৰণত নিহত দুৰ্ভগীয়া ব্যক্তিজনৰ মৃত্যু আলফা(স্বাধীন)ৰ আকাংক্ষিত নাছিল বােলে। তেওঁৰ পৰিয়ালক সেনাধ্যক্ষ বৰুৱাই সমবেদনা জনাইছে। ব্যক্তিজনৰ সবিশেষ একো নাজানো। তেওঁ বিবাহিত আছিল নে, সন্তান আছিল নে নাই, পৰিয়াল পােহপাল যােৱাৰ উপায় আছে নে নাই, একো কাকতত পঢ়িবলৈ পােৱা নাই। টাইম ফিউজ লগােৱা বােমা-বিস্ফোৰণত প্ৰায়ে এনে নিৰীহ মানুহৰ মৃত্যু হয়, যি আলফাৰ একো জগৰ লগােৱা নাই। সমবেদনাই ক্ষতিপূৰণ নকৰে। এইবােৰ ঘটনাই ৰাইজৰ মনত বেদনা আৰু ক্রোধ সঞ্চাৰ কৰে। এনে কাৰ্যকলাপৰ বাবেই অসমৰ ৰাইজ এদিন আলফাৰ প্রতি বিৰূপ হৈছিল। আজি আকৌ সেই ভুল পথত ভৰি দি আলফা (স্বাধীনে) জানাে একেধৰণৰ পৰিণামেই মাতি অনা নাই? | ইও জনা কথা যে এনেবােৰ কাণ্ডই AFSPA আইনৰ আলম লৈ। গাঁৱেভূঞে প্রচণ্ড অত্যাচাৰ চলাবলৈ সেনা-পুলিচক সুযােগ দিয়ে। তাৰ অসহায় চিকাৰ হয় গঞা ৰাইজ। আনহাতে অসমৰ ৰাইজৰ আজি জীৱিকা নির্বাহৰ যি সংকট হৈছে, তাক দুগুণ বৃদ্ধি কৰিব সেনা-পুলিচৰ বর্ধিত সক্রিয়তাই। সেয়ে পুনৰ এনে কৌশল প্রয়ােগ নকৰিবলৈ পৰেশ বৰুৱাক ইয়াৰ যােগেদিয়েই অনুৰােধ জনালোঁ।

গুৱাহাটীৰ পৰা কলৈ পলােৱা? 
মাজে-মাজে ধৈৰ্য হেৰুৱাই বন্ধু-বান্ধৱক কওঁ যে গুৱাহাটী আৰু বাসযােগ্য হৈ থকা নাই— 'it is no longer a livable place.' অৱশ্যে ডেকাডঙুৱা সকলে দেখাততাে বেছ ফুর্তিতে আছে। কথাতে কয়, কাৰাে পুহমাহ, কাৰাে সর্বনাশ!’

সেয়ে বােধহয় প্রায়ে শুনো অমুকজনে ঘৰে-ঘৰােৱাহে উঠি গৈ দিল্লী, বাংগালুৰু, পুনে বা চেন্নাইত ঘৰ পাতিছে। অৱসৰৰ পিছত কে’বাজনাে চিনাকি মানুহ তেনেকৈ অসম এৰি গ'ল। পিছে তাত জানাে তেওঁলােক আপদ-মুক্ত হব? এগৰাকী চিনাকি ভদ্রলােকে খবৰ দিছে যে দিল্লীত দুই লাখ নতুনকৈ সজা ফ্লেট পৰি আছে। গ্রাহক নাই! কাৰণ দিল্লীৰ সাম্প্রতিক জলবায়ু। ৰাজধানীৰ বা-বতাহ ইমান বিষাক্ত হৈছে যে স্বাভাৱিক জীৱন যাপন এতিয়া অসম্ভৱ। জাৰ কালি নাকেমুখে বতাহ শােধন কৰা ঢাকোন (Mask) পিন্ধিহে ওলাব পাৰি। মাজে-মাজে স্কুল বন্ধ দিয়া হয় ল'ৰাছােৱালীৰ শৰীৰ উৎকট প্ৰদূষণৰ পৰা ৰক্ষা কৰিবলৈ। বয়সস্থ লােক সকল বিভিন্ন ধৰণৰ শ্বাসৰােগত পীড়িত হয়, কাৰােবাৰ অকালমৃত্যু ঘটে। 

বাংগালুৰুও সেই একে দিশেৰে অগ্ৰসৰ হৈ আছে। এসময়ত নগৰ শুৱাই থকা জলাশয়বােৰৰ পানী প্রবল প্ৰদূষণৰ ফলত ফেনেৰে ওফন্দি উঠে। মাছবােৰ মৰি ভাঁহি উঠে। অর্থাৎ উন্নয়নৰ বৰ্তমান ধাৰাটো জীৱন-ধ্বংসী। আমাৰ অসমৰ নগৰচহৰবােৰ কিছু পৰিমাণে সেই বিপদৰ পৰা এতিয়াও মুক্ত হৈ আছে। হয়তাে এতিয়াই তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ কৰিলে ওপৰত উল্লেখ কৰা মহানগৰবােৰৰ সাম্ভাব্য বিপদৰ পৰা সাৰিব পৰা যাব। 

কিন্তু তাৰ বাবে নগৰবাসী সকল আৰু পৌৰ নিগম, পৌৰ কমিটিত থকা তেওঁলােকৰ প্রতিনিধি সকল সজাগ হব লাগিব। | কিন্তু এই কাম কৰাত বাধা আহে চৰকাৰৰ পৰাই। পৌৰ প্ৰশাসনৰ বাবে স্থানীয় আত্মশাসনৰ নামত যিবােৰ আইন প্রণয়ন কৰা হৈছে, সেইবােৰত নাগৰিকসকলৰ প্রতিনিধিবৃন্দক সাক্ষীগােপাল কৰি ৰখা হৈছে। স্বয়ং পৌৰপতি পৰ্য্যন্ত নিধিৰাম চৰ্দাৰ। তেওঁলােকক কেৱল কেতবােৰ বিষয়ত পয়চা খৰচ কৰাৰ ক্ষমতা থকা কমিটিৰ সদস্য পাতি ফুচুলাই ৰখা হৈছে। নহলে গুৰুত্বপূর্ণ সিদ্ধান্ত লােৱাৰ কোনাে ক্ষমতা তেওঁলােকৰ নাই। গুৱাহাটীকে মুখ্য কৰি আমাৰ চহৰবােৰ আৰু গাঁওবােৰ যাতে দিল্লীৰ দুর্দশাৰ পৰা ৰক্ষা পৰে, তাৰ বাবে পৌৰ আইন আদিৰ যথাযােগ্য সংশােধনৰ বাবে যথাযথ ব্যৱস্থা লােৱা দৰকাৰ—যিমান পাৰি শীঘ্ৰে। আৰু, কোনেও যাতে অসমত নিজৰ মাটিবাৰী বিক্ৰী কৰি দিল্লীবাংগালুৰু-পুনেত আশ্রয় নিবিচাৰে। উভতি আহিবলগীয়া হব পাৰে।

আৰএছএছৰ সত্যবাদিতা 
২৭ নবেম্বৰ তাৰিখে 'আমাৰ অসম' কাকতৰ চিঠি-পত্ৰৰ কলমত বিশ্বজিৎ নাথে দুর্দান্ত সত্যবাদিতাৰ পৰিচয় দি নিজকে আৰএছএছৰ ‘আদর্শ আৰু দৰ্শনত বিশ্বাসী' বুলি ঘােষণা কৰিছে। আৰু এখােপ আগবাঢ়ি লিখিছে, ‘ইংৰাজীৰ ছাত্র হীৰেন গােহাঁই ছাৰে ছাদুল্লাই অসমক পূর্ব পাকিস্তানত (বৰ্তমানৰ বাংলাদেশ) অন্তর্ভুক্ত হােৱাৰ পৰা ৰক্ষা কৰিছিল বুলি দীর্ঘদিনৰ পৰা কৈ আহিছিল। 

তেওঁৰ এই সত্যনিষ্ঠাই মােক চমৎকৃত কৰিছে। মােৰ দৃঢ় বিশ্বাস, এনে এষাৰ কথা মােৰ মুখ বা কলমৰ পৰা কেতিয়াও ওলােৱা নাই। এবছৰ মান। আগতে মাছখােৱাৰ “আই-টি-এ'ৰ প্রেক্ষাগৃহত মই দিয়া এক বক্তৃতাৰ খবৰ দিওঁতে ‘আমাৰ অসমৰ এজন সংবাদদাতাই ভুলকৈ এনে এষাৰ কথা মােৰ মুখত দিছিল। মই লগে-লগে কথাটো অস্বীকাৰ কৰি দিয়া বিবৃতি ‘আমাৰ অসমৰ সম্পাদকে সম্পাদকীয় পৃষ্ঠাতে গুৰুত্ব সহকাৰে বক্স কৰি ছপাই উলিয়াইছিল। মােৰ বক্তব্য এনেকুৱাহে আছিল যে ইতিহাসক সদায় বগাকলাৰ স্পষ্ট সীমাৰেখা টানি যুগুতােৱা ইতিহাসবিদৰ পৰা ছাৰ ছাদুল্লাক উদ্ধাৰ কৰি তেওঁৰ ভূমিকা বিচাৰ কৰা প্রয়ােজন। 

ৰাজনীতিবিদৰ ভূমিকা নায়ক-খলনায়ক’ ধৰণৰ বিচাৰ পদ্ধতিৰে বিচাৰ নকৰি পৰিবেশ-পৰিস্থিতি, মানসিক অৱস্থা, আদিৰে সৈতে জড়িত কৰিহে বুজিব পাৰি। মহাফেজখানাৰ দলিল একোখনকে সত্যৰ চূড়ান্ত আৰু অকাট্য দাপােন বুলি ভবাটোও এক ধৰণৰ মােহগ্রস্ততা। দলিল এখন বা দেখাত পৰিষ্কাৰ যেন লগা তথ্যৰ আঁৰত যথেষ্ট জটিলতা থাকিব পাৰে। ছাৰ ছাদুল্লাৰ ক্ষেত্ৰতাে সেই কথা খাটে।
(লেখাটি পূৰ্বতে আমাৰ অসম কাকতত প্ৰকাশ পাইছে। ইউনিকোড ৰূপান্তৰ সুখ-দুখত প্ৰকাশ কৰা হৈছে।)

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages