ভাল খবৰঃ NETA এপঃ অতীত খুঁচৰি চিনি পাওক নিজৰ নেতাক - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ভাল খবৰঃ  NETA এপঃ অতীত খুঁচৰি চিনি পাওক নিজৰ নেতাক

ভাল খবৰঃ NETA এপঃ অতীত খুঁচৰি চিনি পাওক নিজৰ নেতাক

Share This
ভাৰতীয় বিশাল গণতন্ত্ৰত নেতা সকলৰ মানদণ্ড নিৰূপণ কৰাটো অতিশয় গুৰুত্বপূৰ্ণ প্ৰত্যাহ্বান হৈ পৰিছে। এই কামত জনগণক সহায় কৰিবলৈ ওলাইছে প্ৰযুক্তি নিৰ্ভৰ উপায়ো।  ইয়াৰ বাবে Neta নামৰ এটা অতি নিৰ্ভৰযোগ্য এপ ওলাইছে। যিটো এপত আপুনি আপোনাৰ সমষ্টিৰ বিধায়কজনৰ ৰিৰ্পট কাৰ্ড পাব লগতে দিবও পাৰিব । যোৱা পাঁচটা বছৰত বিধায়ক জনে কি কি কাম কৰিলে , পৰৰ্ৱতী নিৰ্বাচনৰ বাবে তেওঁ যোগ্য হয়নে নহয় , এইসকলোবোৰ তাত পাব। আপুনি যদি নতুন কাৰোবাক মনোনীত কৰিব বিচাৰে তাৰো অপচন আছে।

মুঠতে নেতা নামৰ এই এপটো অত্যন্ত নিৰ্ভৰযোগ্য বুলি বিবেচিত হৈছে । মেনিপুলেচনৰ কোনো সুযোগেই নাই। প্ৰকৃত সত্যটো ইয়াত পোৱা যাব। ২০১৯চনৰ ইলেকচনৰ প্ৰতি লক্ষ্য কৰি ইয়াক সজোৱা হৈছে যাতে ভাৰতৰ জনসাধাৰণে অলপ হ'লেও কেইজনমান যোগ্য প্ৰতিনিধি পায়। 

কাৰিকৰী দিশৰ পৰাও এপটো যথেষ্ট শক্তিশালী। কোনো ব্যক্তিয়েই ইয়াত দুবাৰকৈ তথ্য দিব নোৱাৰে। এই এপটোৰ গুৰুত্ব লাহে লাহে বাঢ়ি আহিছে কাৰণ ইলেকচন কমিছনেও হেনো এই এপটোক আন অফিচিয়েলি লাহে লাহে গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে। 

যদিহে আপুনিও আপোনাৰ সমষ্টিৰ প্ৰতিনিধি জন যোগ্য হোৱাটো বিচাৰে তেনেহলে এই এপটোত গৈ আপোনাৰ মতামত দিয়ক। কাৰণ নেতা এপটোৱে ২০১৯চনৰ লোকসভা নিৰ্বাচনত এক গুৰুত্বপূৰ্ণ ভূমিকা ল'ব।

নতুন যুগৰ নতুন প্ৰজন্মক এতিয়া আৰু ক্ষণিকৰ ভাষণৰ চাতুৰীৰে ভুলাবৰ উপায় নাথাকিব। তথ্য সমৃদ্ধ অতীত আৰু কৰ্মৰ ভিত্তিত নেতাৰ  যোগ্যতা নিৰ্ণয় কৰাৰ এই এপৰ যোগেদি আপুনিও দেশৰ গণতন্ত্ৰক সৱল কৰাত নিশ্চয়কৈ অৰিহণা যোগাব পাৰিব।

উল্লেখনীয় কথা এয়াও যে দিল্লীৰ মুখ্য়মন্ত্ৰী অৰবিন্দ কেজৰীৱালে এই নেতা এপৰ উদ্বোধন কৰিছিল।  ৱেব চাইটৰ লিংকঃ https://neta.co.in/

1 comment:

  1. Hi I always read your blog keep it up
    careergobright.in/ongc-advertisement-no-04-2018-woumumbai-apply-online422-post/

    ReplyDelete