প্ৰৱন্ধঃ ৰাসলীলাৰ বতৰত ৰাধা-কৃষ্ণৰ সম্পৰ্ক চৰ্চা :: দীপাংকৰ মল্ল বৰুৱা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

প্ৰৱন্ধঃ ৰাসলীলাৰ বতৰত ৰাধা-কৃষ্ণৰ সম্পৰ্ক চৰ্চা :: দীপাংকৰ মল্ল বৰুৱা

Share This
আমি যেতিয়াই ৰাসলীলাৰ কথা শুনিবলৈ পাওঁ, তেতিয়াই শ্ৰীকৃষ্ণ আৰু ৰাধাৰ যুগলমূৰ্তিৰ কথাই মনলৈ আহে। যুগে যুগে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমৰ কাহিনীয়ে মানুহক আকৰ্ষিত কৰি আহিছে। কোনো এক জোনাক নিশা শ্ৰীকৃষ্ণই গোপিনীসকলৰ লগত নাচি বাগি কৰা ৰাসলীলাৰো কেন্দ্ৰীয় চৰিত্ৰ আছিল ৰাধা। এতিয়াও ৰাধা আৰু শ্ৰীকৃষ্ণৰ প্ৰেমৰ উদাহৰণ দিয়া হয়। ৰাধা কৃষ্ণৰ প্ৰেমক সৰ্বোচ্চ মৰ্যাদা দি দুয়োৰে যুগলমূৰ্তি মন্দিৰৰ থাপনাত স্থাপন কৰি পূজা কৰা হয়। হয়তো কোনো ধৰ্মীয় ৰীতি নীতিত পুৰুষ নাৰীৰ প্ৰেমৰ সম্পৰ্কক ইমান সন্মান দিয়া হোৱা নাই। মনকৰিবলগীয়াযে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মাজত থকা সম্পৰ্ক কেৱল প্ৰেমৰ সম্পৰ্ক আছিল, দুয়ো কেতিয়াও বৈবাহিক বন্ধনত আবদ্ধ হোৱা নাছিল। সচৰাচৰ স্বামী স্ত্ৰীৰ মাজৰ প্ৰেমৰ সম্পৰ্কক স্বীকৃতি আৰু সন্মান দি অহা ভাৰতীয় সমাজৰ কাৰণে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বিবাহ বহিৰ্ভূত প্ৰেম অগতানুগতিক আৰু অনন্য।
ৰাধাৰ বিষয়ে বিভিন্ন জনে বিভিন্ন কথা লিখি থৈ গৈছে। এটা মতবাদৰ মতে ৰাধা কৃষ্ণৰ দূৰ সম্পৰ্কীয় আত্মীয় আছিল। ৰাধা বিবাহিতা আছিল, কিন্তু শ্ৰীকৃষ্ণক প্ৰাণভৰি ভাল পাইছিল। মাজনিশা শ্ৰীকৃষ্ণৰ বাঁহীৰ মাত শুনি ৰাধাই ঘৰৰ ভিতৰত থিৰেৰে থাকিব পৰা নাছিল আৰু ঘৰৰ পৰা ওলাই আহি জোনাক নিশা শ্ৰীকৃষ্ণৰ লগত ৰাস নৃত্য কৰিছিল। নাচি নাচি দুয়ো এটা এটা সময়ত মধুবনত জিৰাইছিল। সেই মধুবনত শ্ৰীকৃষ্ণই ৰাধাৰ ভৰি চুইছিল আৰু ৰাধাক বৃন্দাবনৰ ৰাজৰাজেশ্বৰী বুলি সম্বোধন কৰিছিল। ৰাধাৰ দুভৰি ধুৱাই দি শ্ৰীকৃষ্ণই ৰাধাৰ ভৰিধোৱা পানী সেৱন কৰিছিল।

শ্ৰীকৃষ্ণ আৰু ৰাধাৰ এনেবোৰ কাহিনী সামাজিকভাৱে আজিও হয়তো গ্ৰহণযোগ্য নহয়। সেইদৰে ৰাধা কৃষ্ণৰ প্ৰেমো সামাজিক দৃষ্টিকোণেৰে অবৈধ। অথচ ৰাধা আৰু শ্ৰীকৃষ্ণৰ প্ৰেমে আজিও খোটি কোটি মানুহক আলোড়িত কৰি ৰাখিছে। ৰাধা হ’ল সামাজিক বান্ধোনেৰে বন্দী মানুহৰ প্ৰতীক, যাৰ অন্তৰ আকৌ ভগৱৎ প্ৰেমে ব্যাকুল কৰি ৰাখে। সামাজিক বান্ধোনত বান্ধ খাই থাকিও ভগৱানৰ চৰণত ৰাধাই নিজকে সমৰ্পন কৰি দিছে।

বহুতৰে মনত প্ৰশ্ন উঠে, শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মধুৰ প্ৰেমৰ সম্পৰ্ক বৈবাহিক সম্পৰ্কলৈ পৰিৱৰ্তিত নহ’ল কিয়? শ্ৰীকৃষ্ণই কিয় ৰাধাক বিয়া নকৰালে? বিদ্বানসকলে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমক জীবাত্মা আৰু পৰমাত্মাৰ মিলনৰ লগত তুলনা কৰে। জীবাত্মা সদায় পৰমাত্মাৰ অভিন্ন অংশ, কিন্তু জীবাত্মাই এই কথা সাধাৰণতে অনুভৱ কৰিব নোৱাৰে। যেতিয়া জীবাত্মাই পৰমাত্মাত নিজকে সঁপি দিব পাৰে, তেতিয়াই পৰম আনন্দৰ অনুভৱ হয়। ৰাধাই হেনো এবাৰ শ্ৰীকৃষ্ণক সুধিছিল, “তুমি মোক বিয়া কৰাবানে”? তেতিয়া শ্ৰীকৃষ্ণই কৈছিল, “কোনোবাই নিজৰ আত্মাক বিয়া কৰাব পাৰেনে”? ইয়াৰ অৰ্থ হ’ল, শ্ৰীকৃষ্ণ আৰু ৰাধা হ’ল অভিন্ন। জীবাত্মাৰ যিদৰে পৰমাত্মাৰ পৰা পৃথক পৰিচয় নাই, সেইদৰে ৰাধা আৰু শ্ৰীকৃষ্ণও আচলতে একে সত্বাৰে অংশ। সেয়েহে শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বিবাহ সম্ভৱ নহয়।

আন এটা মতৰ মতে ৰাধাইহে শ্ৰীকৃষ্ণৰ লগত বিয়াত বহিবলৈ ইচ্ছা নকৰিলে। ৰাধা সাধাৰণ গোৱালৰ ঘৰৰ ছোৱালী আছিল। আনহাতে শ্ৰীকৃষ্ণ আছিল ৰাজকুমাৰ। ৰাধাই নিজকে শ্ৰীকৃষ্ণৰ কাৰণে উপযুক্ত বুলি গণ্য কৰা নাছিল। বৰং শ্ৰীকৃষ্ণই এগৰাকী ৰাজকুমাৰীক বিয়া কৰোৱাতো ৰাধাই বিচাৰিছিল। এই মতবাদৰ ব্যাখ্যা এইদৰে দিয়া হয়যে, ৰাধা আৰু শ্ৰীকৃষ্ণৰ মাজৰ সম্পৰ্ক ভক্ত আৰু ভগৱানৰ আছিল। ৰাধাৰ শ্ৰীকৃষ্ণৰ প্ৰতি থকা প্ৰেম ভগবৎ প্ৰেমৰহে নিদৰ্শন আছিল। সেইকাৰণে ৰাধাই বুজি পাইছিলযে শ্ৰীকৃষ্ণৰ সৈতে পতি পত্নীৰ সম্পৰ্ক ৰক্ষা কৰাটো তেওঁৰ কাৰণে সম্ভৱ নহয়, তেওঁ ভগৱানক কেতিয়াও কেৱল নিজৰ কৰি ল’ব নোৱাৰে। নিজৰ আৰাধ্য শ্ৰীকৃষ্ণৰ কাৰণে সকলো ত্যাগ কৰিবলৈ তেওঁ সাজু আছিল।
ব্ৰহ্মবৈৱৰ্ত পুৰাণৰ মতে আকৌ পূৰ্বজন্মত ৰাধাক এগৰাকী নাৰীয়ে অভিশাপ দিছিলযে পৰৱৰ্তী জনমত তেওঁ ভগৱানক প্ৰিয়তমৰ ৰূপত পাব, কিন্তু সেই প্ৰিয়তমৰ লগত তেওঁৰ বিচ্ছেদ হ’ব। তেওঁলোকৰ মিলন কেতিয়াও সম্ভৱ নহয় আৰু ৰাধাই বিৰহ বেদনাত দিন কটাব লাগিব। সেই অভিশাপৰ বোজাৰ কাৰণেই শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বিবাহ সম্ভৱ নহ’ল।

ৰাধা আৰু শ্ৰীকৃষ্ণৰ প্ৰেমৰ মাজৰ ভক্তিৰস সদায় বিদ্যমান হৈ আছে। ৰাধা শ্ৰীকৃষ্ণৰ বাওঁপিনে থিয় হৈ থাকে আৰু মূৰটো সামান্য শ্ৰীকৃষ্ণৰ কান্ধলৈ হাউলি থাকে। ৰাধা কাষত থকা কাৰণেই শ্ৰীকৃষ্ণই ভুৱন ভুলোৱা সুৰত পৰম আনন্দত বাঁহী বজাব পাৰে। সেই ৰাধা শ্ৰীকৃষ্ণৰ জীৱনৰ পৰা আঁতৰি যোৱাৰ পাছত শ্ৰীকৃষ্ণৰ সেই পৰম আনন্দময় ৰূপ কোনেও নেদেখা হ’ল। ইয়াৰ অৰ্থ এয়েযে ভক্তৰ ভক্তিৰসে ভগৱানকো আনন্দিত কৰি ৰাখে। যিদৰে ভগৱান থাকিলেহে ভক্ত থাকে, সেইদৰে ভক্তইহে ভগৱানৰ মাহাত্ম্য উদ্ভাসিত কৰে।

ৰাধা আৰু শ্ৰীকৃষ্ণৰ বিবাহ সম্পন্ন হ’লে হয়তো বৈবাহিক জীৱনৰ তিতা কেঁহাৰ মাজত নিভাঁজ প্ৰেমৰ মাধুৰ্য হেৰাই গ’লহেঁতেন। শ্ৰীকৃষ্ণ আৰু ৰাধাৰ নামনিহীন সম্পৰ্কটো আজিও নিভাঁজ প্ৰেমৰ নিদৰ্শন হিচাপে জিলিকি আছে। ৰাধাই নিজৰ দৈনন্দিন জোৱনৰ কাম কাজৰ পৰা আজৰি হৈ শ্ৰীকৃষ্ণৰ চিন্তাৰ মাজত ডুব গৈ আছিল। সেই প্ৰেমত মগ্ন হৈ তেওঁ শ্ৰীকৃষ্ণৰ বাঁহীৰ শব্দ শুনি শুনি নাচিছিল, গাইছিল, আপোন পাহৰা হৈছিল। কিন্তু ৰাধাই কেতিয়াও শ্ৰীকৃষ্ণক প্ৰেমৰ বন্ধনত আৱদ্ধ কৰি ৰাখিব খোজা নাছিল। সেয়েহে শ্ৰীকৃষ্ণই বৃন্দাবন এৰি গুচি যোৱাৰ পাছতো ৰাধাই শ্ৰীকৃষ্ণৰ প্ৰেমত নিমগ্ন হৈ থাকিয়েই গোটেই জীৱন অতিবাহিত কৰিছিল। শ্ৰীকৃষ্ণ আৰু ৰাধাৰ প্ৰেমক বৈবাহিক সম্পৰ্কেৰে সীমিত কৰিব নোৱাৰি। শ্ৰীকৃষ্ণৰ বহুতো পত্নী আছিল যদিও সদায় শ্ৰীকৃষ্ণৰ লগত ৰাধাৰ নামহে লোৱা হয়। ৰাধাৰ হৃদয়ত যিদৰে শ্ৰীকৃষ্ণ সদায় বাস কৰিছিল, সেইদৰে শ্ৰীকৃষ্ণৰ হৃদয়তো ৰাধা সদায়েই আছিল। এয়াই ভগৱান আৰু ভক্তৰ প্ৰেমৰ উত্কৃষ্ট নিদৰ্শন। নিভাঁজ অন্তৰেৰে ভগৱানক ভাল পোৱা ভক্তক ভগৱানেও সমানেই নিভাঁজ অন্তেৰেৰে ভাল পায়।
লেখাটি লেখকৰ নিজা  ব্লগ http://likhoni.blogspot.com/ ৰ পৰা লোৱা হৈছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages