চিন্তনঃ ধৰ্ম: প্ৰভূত্বৰ কৌশল আৰু বিশ্ব অশান্তিৰ কাৰকহে নেকি? ::শোণিত কুমাৰ গোস্বামী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ   ধৰ্ম: প্ৰভূত্বৰ কৌশল আৰু বিশ্ব অশান্তিৰ কাৰকহে নেকি?  ::শোণিত কুমাৰ গোস্বামী

চিন্তনঃ ধৰ্ম: প্ৰভূত্বৰ কৌশল আৰু বিশ্ব অশান্তিৰ কাৰকহে নেকি? ::শোণিত কুমাৰ গোস্বামী

Share This
ধৰ্মৰ বিচাৰ আৰু সমাজ
ধৰ্ম কি আৰু ইয়াৰ বিকাশ কোনবোৰ কাৰকৰ ফলত হৈছে সেয়া বিচাৰ কৰাটো আমাৰ বাবে সম্ভৱপৰ নহ’য়। ধৰ্মৰ বিকাশ হৈছে এটা সামাজিক প্ৰক্ৰিয়া। মানুহৰ সৃষ্টিৰ প্ৰাৰম্ভিক পৰ্যায়ত এটা শিশুৱে ক’ব নোৱাৰাকৈ এটা ধৰ্মৰ আনুগত্য স্বীকাৰ কৰে। বিশেষত বংশৰ উত্তৰাধিকাৰী হিচাপেই শিশুটোৱে এটা নাম থকা কোনো এটা ধৰ্মৰ অংশীদাৰ হৈ পৰে। মানুহেই নিৰ্ধাৰণ কৰা ধৰ্মৰ নাম যেনে হিন্দু-ইছলাম-খ্ৰীষ্টান-জৈন-শিখ বা অন্যান্য নামেৰে জনাজাত এটা ধৰ্মৰ নাম পাছলৈ শিশুটোৰ বোধগম্য হয়। আৰু সেই ধৰ্মৰ বিশ্বাসতেই বন্দী হৈ শিশুটোৱে বৃদ্ধাৱস্থালৈ সেই বিশেষ ধৰ্মৰ সৈতে জড়িত হৈ পৰে। আৰু তেনেদৰেই সেই ধৰ্মীয় বিশ্বাসত দীক্ষিত হৈ পৰজনমৰ প্ৰশান্তি লাভৰ উদ্দেশ্যৰে এজন ব্যক্তি বা এটা জীৱনৰ পৰিসমাপ্তি ঘটে। আৰু একেদৰেই এই শিশুটোৰ সদৃশ স্থিতি আপোনালোক সকলোৰে হৈছে আৰু তেনেদৰেই ধৰ্মীয় মনোভাৱ নিজৰ অভিজ্ঞতাৰ পৰা লাভ কৰিছে। 

এইখিনিতে প্ৰশ্ন উত্থাপন হয় য়ে শিশু কালত প্ৰত্যক্ষ কৰা ধৰ্মীয় নীতি-নিয়মবোৰৰ পৰ্যালোচনা সেই একেটা পদ্ধতিত নিজে আগবঢ়াই নিয়াৰ পাছতো যৌৱন, প্ৰৌঢ়ত্ব আৰু বৃদ্ধাৱস্থালৈ ধাৰ্মিক মনস্তত্ব সকলোৰে একে থাকেনে। নিশ্চয় নাথাকে। ধৰ্মৰ উপলব্ধি, ধৰ্মৰ জ্ঞান আৰু ধৰ্মৰ প্ৰতিপালন ব্যক্তিবিশেষে তাৰতম্য ঘটে। এই ধৰাত প্ৰচলিত যিকোনো এটা ধৰ্মৰ ভিন্ন নীতি-নিয়মসমূহৰ প্ৰতিপালন এটা বৃহৎ সংখ্যক লোকে কৰে। তাৰ তুলনাত ধৰ্মৰ উপলব্ধি বা জ্ঞান থকা লোকৰ সংখ্য়াটো তাকৰীয়া। তথাপি এই তাকৰীয়া সংখ্যক লোকৰ সংখ্যাটোৱেই ধৰ্মীয় জ্ঞান বা উপলব্ধিক নিজৰ ধৰণে প্ৰতিপালন কৰাৰ চেষ্টা অব্যাহত ৰাখে। আৰু এই চেষ্টাৰ ফলতেই ধৰ্মৰ সত্যানুসন্ধানৰ প্ৰক্ৰিয়াও চলি থাকে।

ধৰ্ম সঁচাকৈয়ে প্ৰয়োজনীয়নে?
এইখিনিতে আহিব ধৰ্মৰ প্ৰয়োজনীয়তাৰ দিশটোৰ কথাটো। ধৰ্মৰ কথা বা ধৰ্মীয় প্ৰয়োজনীয়তা আপুনি বা মই কেতিয়া অনুভৱ কৰিছো। সাধাৰণভাৱে ক'বলৈ গ’লে আমাৰ জীৱনত ভয়ৰ উপস্থিতি যিদিনাখনৰ পৰা হৈছে সেই দিনটোৰ পৰাই আমাক ধৰ্মৰ কথা শিকোৱা হৈছে। জীৱনৰ সফলতা-বিফলতাৰ সৈতে জড়িত হৈ থকা ভয়-শংকাৰ কথাটোক ধৰ্মৰ সৈতে সংলগ্ন কৰি সাধাৰণ মনুষ্যক ধৰ্মৰ শিক্ষাৰে দীক্ষিত কৰা হয়। আপাত দৃষ্টিত এই কথাটো শুদ্ধ। কিয়নো মনুষ্য়ৰ সাধাৰণ জ্ঞান-বুদ্ধিক নিয়ন্ত্ৰণ কৰাৰ বাবে ধৰ্মৰ প্ৰয়োজন আছে। ইমানখিনিলৈ ধৰ্মৰ প্ৰয়োজনীয়তাৰ কথাটো সাৰ্বজনীনভাৱে গ্ৰহণযোগ্য যদিহে ধৰ্মীয় দীক্ষা স্বাৰ্থজড়িত বা উদ্দেশ্যপ্ৰণোদিত নহ’য়। কিন্তু সমাজত আমি সাধাৰণতে এখন বিপৰীত ছৱি দেখিবলৈ পাওঁ। ধৰ্মীয় বিশ্বাসক কেৱল মাথো উদ্দেশ্যপ্ৰণোদিতভাৱে এক স্বাৰ্থণ্বেষী উদ্দেশ্য়ৰ বাবেই ব্যৱহৃত হৈ থকা পৰিলক্ষিত হয়। 

মানুহে নাম দিয়া যিকোনো এটা ধৰ্মৰ কথা লক্ষ্য কৰিলেই আমি এই কথাটো বুজিব পাৰিম। হাজাৰটা ধৰ্মৰ মাজৰ পৰা আমি যদি সংখ্যাগতভাৱে বেছি আনুগত্য থকা কোনো এটা ধৰ্মৰ কথা বিবেচনা কৰো তেতিয়া আমি দেখিবলৈ পাম যে কিদৰে সেই ধৰ্মটোক “ৰক্ষাৰ” নামত এটা স্বাৰ্থৰ লোকৰ সমষ্টি অহৰহ ব্যস্ত থাকে। কঠোৰ নীতি-নিয়মৰ মাজেৰে সেই ধৰ্মটোক অধিক কট্টৰ কৰি পেলোৱাৰ এটা প্ৰচেষ্টা আমি প্ৰায়েই পৰিলক্ষিত কৰো। আৰু ইয়াৰ ফলত আমাৰ ধৰ্মটো তোমাৰ ধৰ্মতকৈ শ্ৰেষ্ঠ জাতীয় কথাবোৰৰ ফলশ্ৰুতিত ধৰ্মীয় আৱেগৰ এখন ৰণক্ষেত্ৰ আমাৰ সমাজত প্ৰায়েই দেখিবলৈ পোৱা যায়। 

ধৰ্ম কাৰোবাৰ হাথিয়াৰ নেকি?
ধৰ্মৰ ৰক্ষকসকলে সাধাৰণভাৱেই ধৰ্ম ৰক্ষাৰ দোহাই দি যুক্তিবৰ্জিতভাৱে আৱেগৰ সহায় লৈ জনতাৰ অনুভূতিক জাগ্ৰত কৰিবলৈ চেষ্টা কৰি থাকে। আৰু এইক্ষেত্ৰত তেওঁলোকে সফলতাও লাভ কৰে। কিয়নো মানুহৰ মস্তিস্ক সহজাতভাৱে সকলোৰে একেসময়তেই বিকশিত নহ'য়। মানুহৰ বাবে স্বচক্ষে প্ৰত্যক্ষ কৰা কথাবোৰহে নিজৰ জীৱনৰ সৈতে প্ৰয়োগ কৰে। ধৰ্মীয় উপলব্ধি বা ধৰ্মীয় জ্ঞান বিষয়ক মনস্তাত্বিক তথা গভীৰ কথাবোৰ কেৱল বিদ্যয়তনিক আৰু যুক্তিনিষ্ঠ আলোচনাৰ পৰা লাভ কৰা প্ৰত্যক্ষ অভিজ্ঞতাৰ পৰাহে সম্ভৱ হয়। কিন্তু এনে লোকৰ সংখ্যা যথেষ্ট কম। সেয়েহে সৰহসংখ্যক লোকে নিজে দেখি অহা আৰু বংশগতভাৱে লাভ কৰা ধৰ্মীয় নীতি-নিয়মৰ জৰিয়তে ভগৱান নামৰ এক অলৌকিক শক্তিৰ আৰাধনাত ব্যস্ত থাকে। আৰু এই আৰাধনাত ব্য়স্ত থকা বৃহত্তৰ জনমূলক বিভিন্ন নীতি-নিয়ম আৰু খাদ্যভ্যাসৰ জৰিয়তে নীতি-শিক্ষা দিয়া হয়। আৰু কোনোবাই যদি পৃৰ্ব নিৰ্ধাৰিত এই নীতি-নিয়ম, খাদ্যভ্যাসৰ লংঘন কৰে তেনেহ’লে তেওঁলোক স্বাভাৱিকভাৱেই সেই ধৰ্মৰেই উগ্ৰ ধৰ্মীয় জাতীয়তাবাদৰ সম্মুখীন হ'বলগীয়া হয়।

ইমানৰ পাছতো ধৰ্মৰ প্ৰচলন নথকা সমাজ আৰু ধৰ্মত বিশ্বাস নথকা লোক এই পৃথিৱীত বিচাৰি পাবলৈ টান। তেনেহ’লে আমি এই কথা মানি ল’ম নেকি যে ধৰ্মই আমাক সদায় সহায় কৰি আহিছে। নিশ্চয়কৈ। ধৰ্মৰ প্ৰয়োজনীয়তা বা ধৰ্মই আমাক কিদৰে সহায় কৰিছে এই বিষয়টোৰ নিষ্পত্তি আজিলৈ হোৱা নাই। আৰু কেতিয়াও নহ’য়। ধৰ্মৰ বিষয়ত আপুনি যিমানেই কথা নকওঁক কিয়। আপোনাৰ কেতিয়াও হেঁপাহ নপলাই। হেঁপাহ নপলোৱাৰ কাৰণ এটাই। ধৰ্মই মানুহক স্বাধীনতা দিয়ে। বন্ধুত্ব দিয়ে। সমাজ দিয়ে। আৰু ধৰ্মই মানুহক পশুলৈ সলনি ন’কৰি জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে। অন্ততঃ এক বৃহৎ সংখ্যাক জনগণক।  

বিশ্বত অশান্তিৰ এটি মূল কাৰক নেকি ধৰ্মান্ধতা
এই বিশ্বত ধৰ্মীয় অশান্তিৰ কাৰক সাধাৰণতেই প্ৰভুত্ব। এটা ধৰ্মই আন এটা ধৰ্মৰ ওপৰত কৰিবলৈ বিচৰা প্ৰভুত্বৰ ফলতেই বিশ্বত ধৰ্মীয় অশান্তিৰ পৰা ৰাজনৈতিক-সামাজিক অশান্তিৰ সৃষ্টি হৈছে। আৰু এতিয়াও এই ধৰাৰ আধাতকৈ বেছি সংখ্যক লোক অন্ধ ধৰ্মীয় আৱেগৰ দ্বাৰা পৰিচালিত হৈ আহিছে বাবেই ভিন্ন সমাজ সন্ত্ৰাস জৰ্জৰিত হৈ অশান্তিত আছে। অৱশ্যেই ধৰ্মৰ জাৰিয়তে সমাজত শান্তি প্ৰতিষ্ঠাৰ উদ্দেশ্য লৈও একাংশই অশান্তি বিয়পাই আহিছে। কিন্তু প্ৰকৃত অৰ্থত ধৰ্মীয় মূল্যাংকন কৰা লোকৰ সংখ্যা তথা তেনে সমাজ আজিও নগণ্যপ্ৰায়।

ধৰ্মৰ জৰিয়তে পৰমাত্মাৰ সন্ধান বা সংক্ষিপ্তৰূপত ক’বলৈ গ’লে মোক্ষ প্ৰাপ্তিৰ উপায় আমাৰ হাততেই আছে। খাদ্যভ্যাস বা উপাসনাৰ স্থানৰ সৈতে ধৰ্মৰ সম্পৰ্ক নাই। ধৰ্মীয় প্ৰাপ্তি কেৱল মনস্তাত্বিক দিশৰ পৰাহে সম্ভৱ। মোৰ বিচাৰত নিজক অধ্যয়ন কৰিব পৰাকৈ বিচাৰি পোৱা পৰিৱেশেই/ঠাইয়েই হৈছে আমাৰ উপাসনাৰ স্থলী। আমাৰ সমাজে নিৰ্ধাৰণ কৰা মন্দিৰ-মছজিদ বা গীৰ্জাত সাধাৰণতে জনসাধাৰণে ভগৱানৰ অস্তিত্ব বিচাৰি পোৱা বুলি দাবী কৰি এক মানসিক প্ৰশান্তি লাভ কৰে। মানুহে নিৰ্দিষ্ট কৰা এই তিনিওটা ঠিকনাতেই ভগৱান নামৰ চৰিত্ৰক (যি আচলতে আমাক জীয়াই থকাৰ বাবে প্ৰয়োজনীয় শক্তিৰ মাধ্যম) বিচাৰি পোৱা যায় যদিও কেতিয়াবা আকৌ সেই একেই চৰিত্ৰক আমি আমাৰ নিজৰ শোৱনি কোঠাৰ বিচনাখনত, পাহাৰ-পৰ্বতৰ চূড়াত, জনব্যস্ততাৰে ভৰপূৰ কোনো ট্ৰেফিক ছিগনেলতো জীৱনৰ অভিজ্ঞতাৰ ৰূপত বিচাৰি পোৱা যায়। সেয়া হৈছে জীৱনৰ উপলব্ধিৰ সত্যতা। এয়া বাৰু যি কি নহওঁক সমাজক একত্ৰিত কৰি ৰখাৰ বাবে ধৰ্মৰ বিশ্বাসক জীয়াই ৰখাটো প্ৰয়োজনীয়। কিন্তু ধৰ্মীয় আৱেগক প্ৰভুত্ব বিস্তাৰৰ উদ্দেশ্যৰে ব্যৱহাৰ কৰাৰ প্ৰচেষ্টা কেতিয়াও সমৰ্থনযোগ্য নহ’য়। কিয়নো ই কেৱল সমাজক কুলষিতহে কৰে। ইয়াৰ অন্য কোনো লাভালাভ নাই। সেয়ে ক’ম, ধৰ্মৰ বিচাৰ নহ’য়, ইয়াৰ সহায়ত নিজৰ অধ্যয়ন কৰক। তেতিয়া সমাজ লাভাণ্বিত হ’ব। 
আশ্ৰম, নতুন দিল্লী, যোগাযোগঃ 9899660582, ই-মেইলঃ journosonit@gmail.com 

No comments:

Post a Comment