প্ৰৱন্ধঃ এন আৰ চিৰ খচৰা আৰু শ্ৰেণীস্বাৰ্থৰ বিচাৰ:: ইন্দ্ৰজিত বৰা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

প্ৰৱন্ধঃ এন আৰ চিৰ খচৰা আৰু শ্ৰেণীস্বাৰ্থৰ বিচাৰ:: ইন্দ্ৰজিত বৰা

Share This
এন আৰ চিৰ চুড়ান্ত খচৰা প্ৰকাশ বা তাৰ আগৰ পৰাই এনে প্ৰশাসনিক প্ৰক্ৰিয়া এটাৰ ঐতিহাসিক গুৰুত্ব, তাৰ সীমাবদ্ধতা, সঞ্চালন তথা ৰূপায়নজনিত আসোঁৱাহৰ ওপৰত আলোচনা হৈ আহিছে ৷ এনে আলোচনাৰ মাজেৰে সকলোৱে এক বস্তুনিষ্ঠ অৱস্থানৰ সন্ধান কৰাৰ চেষ্টা কৰি আহিছে ৷ স্বাভাৱিকভাৱেই এই দিশত মূল প্ৰত্যাহ্বান হিচাবে থিয় দিছে ধৰ্ম আৰু ভাষাগত পৰিচিতিকেন্দ্ৰিক ৰাজনৈতিক অৱস্থানবিলাকে । এইখিনিতে উল্লেখযোগ্য যে ঐতিহাসিকভাৱে ভাষাগত জাতীয়তাবাদী ৰাজনীতিৰ ফলশ্ৰুতি হ’লেও এন আৰ চিৰ উন্নিতকৰণ হ’ল তাৰেই সমাধানৰ দিশত ৰাষ্ট্ৰৰ এক প্ৰশাসনিক পদক্ষেপ । এটা কথা স্পষ্ট যে এখন ৰাষ্ট্ৰৰ বাবে জাতীয়তাৰ প্ৰশ্নটোৰ উত্তৰ নাগৰিকত্বৰ বাহিৰত দিয়াতো অসম্ভৱ কথা ৷ জাতীয় চেতনা আৰ্থ-সামাজিক সংঘাতৰেই বহিঃপ্ৰকাশ যদিও সংঘাতৰ সমাধান জাতীয়তাবাদত নাই ৷ জাতীয়তাবাদৰ ঐকিক সূত্ৰই অন্য অস্তিত্ববিলাকক সাম্ভাব্য প্ৰতিপক্ষ আৰু বাহ্যিকতাৰ উপস্থিতি বুলি গণ্য কৰে । সেয়ে জাতীয়তাবাদৰ ঐতিহাসিক সীমাবদ্ধতাবোৰ আছে ৷ জাতীয় চেতনাৰে উদ্বুদ্ধ পৰিৱৰ্তন কেৱল ক্ষমতা বা প্ৰভূত্বৰ হস্তান্তৰ হ’ব পাৰে ৷


যিহেতু, এন আৰ চিৰ ক্ষেত্ৰতো "শ্ৰেণী"ৰ প্ৰসঙ্গ অৱতৰণ কৰা হৈছে, গতিকে স্বৰাজোত্তৰ ভাৰতৰ উন্নয়নবাদী সংসদীয় গণতন্ত্ৰত উদ্ভৱ হোৱা বিভিন্ন জাতীয়তাবাদী ধাৰাবিলাকৰ আৰ্থ-সামাজিক ভিত্তিৰ এক নিৰ্মোহ বিশ্লেষণৰ প্ৰয়োজন হ’ব । পাশ্চাত্যৰ আৰ্থ-সামাজিক বিৱৰ্তনৰ ক্ৰমনিকাৰ পৰা আমি এই সিদ্ধান্তত উপনীত হওঁ যে পুঁজিৰ বিকাশ আৰু শ্ৰেণীবিভাজনেই জাতীয়তাবাদ আৰু আধুনিক জাতিৰাষ্ট্ৰৰ জন্ম দিয়ে ৷ কিন্তু তাৰ বিপৰীতে ভাৰতবৰ্ষৰ দৰে উত্তৰ-ঔপনিৱেশিক জাতিৰাষ্ট্ৰ আৰু তাৰ বিভিন্ন জাতীয়তাবাদী ধাৰাৰ সৌজন্যত পুঁজিৰ বিকাশ আৰু শ্ৰেণীবিভাজন সম্ভৱনে ? বিশ্বৰ উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকৰ চৰিত্ৰগত বৈশিষ্ট্য দুইধৰণৰ – এফালে আদিম মধ্যযুগীয়া সামন্তীয় ধৰ্মৰাষ্ট্ৰবোৰ আৰু নব্য সামন্তীয় সামগ্ৰিকতাবাদী ৰাষ্ট্ৰ-সৰ্বস্ব আৰ্হিবোৰ । এই দুই ৰাষ্ট্ৰ প্ৰণালীয়েই প্ৰকৃততে এক আমোলাতান্ত্ৰিক পদক্ৰমনিকাৰে সামন্তীয় সম্পৰ্কবোৰ বৰ্তাই ৰাখে আৰু পুঁজিবাদ-সাম্ৰাজ্যবাদৰ বিৰুদ্ধাচৰণেৰে গৰিমামণ্ডিত হয় । গতিকে পাশ্চাত্যৰ পুঁজিবাদী বিকাশৰ বিপৰীতে অৰ্দ্ধ-সামন্তীয় পুঁজিবাদী বিকাশ উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰৰ বৈশিষ্ট্য হৈ পৰিছিল । প্ৰশ্ন হৈছে শেহতীয়াকৈ হোৱা উত্তৰ-ঔপনিৱেশিক ৰাষ্ট্ৰবিলাকত পুঁজিবাদৰ পূৰ্ণ বিকাশ সম্ভৱনে? আকৌ, যিহেতু সামন্তীয় গাঁথনিৰ পৰা সমাজবাদলৈ পোনপটীয়া ৰূপান্তৰ অসম্ভৱ, গতিশীল আৰ্থ-সামাজিক গাঁথনিৰ সৈতে কেনেকৈ মকামিলা কৰা হ’ব আৰু বনুৱাৰ একনায়কত্ববাদত সেই গাঁথনিটোৱে কেনে ৰূপ ল’ব ? মুঠতে এনে বিৱৰ্তিত সময়ত শ্ৰমজীৱি জনগনে যদি নেতৃত্ব দিব লাগে তেন্তে কাৰ সৈতে সন্মিলিত হ’ব লাগিব ? যদি সামন্তবাদৰ অৱসান ঘটাব লাগে, তেন্তে শ্ৰমজীৱি জনগনে দেশৰ বুৰ্জোৱাসকলৰ লগ লাগি সামন্তীয় ব্যৱস্থাৰ বিৰুদ্ধে এটা গনতান্ত্ৰিক আন্দোলন কৰাটো কিমান সমীচিন হ’ব ? এইক্ষেত্ৰত এটা পৰ্যবেক্ষণ স্পষ্ট যে শেহতীয়াকৈ পুঁজিবাদী বিকাশ হোৱা ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত বুৰ্জোৱাসকলৰ সামন্তীয় সম্পৰ্কৰ বিৰুদ্ধে গনতান্ত্ৰিক বিপ্লৱ গঢ়ি তোলাৰ ক্ষেত্ৰত সদিচ্ছাৰ অভাৱ । পুঁজিপতিসকলে সামন্তীয় সম্পৰ্কৰ লগত আপোচ কৰিবলৈ লয় আৰু তেনে আপোচে গনতান্ত্ৰিক আকাঙ্ক্ষাৰ বিপৰীতে চহা জনগনৰ ওপৰত সামন্তীয় দমন অব্যাহত ৰাখিলে । অক্টোবৰ বিপ্লৱৰ সময়তো এই প্ৰশ্নটোৱে বিতৰ্কৰ সৃষ্টি কৰিছিল যে শ্ৰমজীৱি জনগনে চহাৰ সৈতে সন্মিলিত হৈ গনতান্ত্ৰিক বিপ্লৱ কৰাৰ পাছত শ্ৰমজীৱি জনগনে চহা জনজীৱনৰ সামন্তীয় সম্পৰ্ক ভাঙি তৃণমূল পৰ্যায়ৰ পৰা পুঁজিবাদী বিকাশৰ পোষকতা কৰিব নেকি ?
অক্টোবৰ বিপ্লৱৰ শ্ৰমিক আৰু চহাৰ বৈপ্লৱিক গনতান্ত্ৰিক অধিনায়কত্ববাদক দুটা নিৰন্তৰ পৰ্যায়ত সমাজবাদৰ শেষ লক্ষত উপনীত হোৱাৰ বিপ্লৱ হিচাবে পৰিকল্পনা কৰা হৈছিল যাৰ নেতৃত্ব দিব লাগিব শ্ৰমজীৱি জনতাই আৰু এই প্ৰক্ৰিয়াত শ্ৰমিকৰ শ্ৰেণী মিত্ৰ আৰু শ্ৰেণী শত্ৰু সলনি হৈ থাকিব । লেনিনে পুঁজিবাদী বিকাশৰ দুটা পথৰ কথা কৈছে । এটাত সামন্তীয় গাঁথনি প্ৰায় সম্পূৰ্ণকৈ অতিক্ৰম কৰা হৈছে । অন্যটোত পুঁজিবাদী বিকাশ পৰম্পৰাগত সামন্তীয় সম্পৰ্কৰ সৈতে সন্মিলিত হৈছে যাক এক ধৰণৰ অৰ্ধ-সামন্তীয় পুঁজিবাদ বুলি ক’ব পাৰি । আগৰটোৰ কাৰণে ইতিমধ্যে সামন্তীয় ভূমি সম্পৰ্ক ভাঙি গৈছে আৰু চহাৰ মাজত ভূমিৰ সংস্কাৰ অথবা বিতৰণ হৈছে । এই দুয়োটা পথৰ ভিতৰত, যদিও অৰ্থনৈতিক বিকাশৰ হাৰ একে, অৰ্ধ-সামন্তীয় পুঁজিবাদত মানুহৰ বিপত্তি নিশ্চয় বেছি হ’ব । ইয়াত পুঁজিবাদী শোষণৰ বোজা ইতিমধ্যে বিৰাজমান হৈ থকা সামন্তীয় শোষণৰ ওপৰত জাপি দিয়াহে হ’ব । আকৌ, স্বাভাৱিকভাৱেই অৰ্দ্ধ-সামন্তীয় পুঁজিবাদে গনতন্ত্ৰতকৈও ৰাজনৈতিক অধিনায়কত্বৰ জন্ম দিয়ে । ভূমিৰ পুনৰ বিতৰণ ব্যৱস্থাৰ অনুপস্থিতিত অবিকশিত হৈ ৰোৱা ঘৰুৱা বজাৰৰ হেতু এক বহিৰাগত বজাৰৰ নিৰন্তৰ অভিযানৰ বাবে সাম্ৰাজ্যবাদী প্ৰৱণতা আহিব । গতিকে পুঁজিবাদী বিকাশ দেৰিকৈ হোৱাৰ কুপ্ৰভাৱবোৰ এক আপোচবিহীন বজাৰ কেন্দ্ৰিক দৃষ্টিৰে চোৱাতকৈ তাৰ সামাজিক প্ৰভাৱৰ ওপৰতহে গুৰূত্ব দিয়াৰ সিদ্ধান্ত হ’ল । এইটো ভবা হ’ল যে উৎপাদনৰ কাৰকবিলাকৰ বিকাশৰ ক্ষেত্ৰত কেৱল বজাৰ আৰু অৰ্থনৈতিক বিকাশৰ ভূমিকা সীমিত ।

পুঁজিপতিৰ সামন্তীয় উপাদানসমূহৰ লগত সন্মিলন কৰাৰ মূল কাৰণ শ্ৰমিকৰ বুৰ্জোৱা সম্পত্তিৰ ওপৰত সাম্ভাব্য আক্ৰমণৰ আশংকা । আৰ্থ-সামাজিক গতিশীলতাই সৃষ্টি কৰা সাম্ভাব্য বৈপ্লৱিক শক্তিয়েই চলিত ব্যৱস্থাৰ সংকটৰ ইংগিত দিয়ে । ফৰাচী বিপ্লৱৰ সময়ত চহা আৰু বুৰ্জোৱা লগ লাগি সামন্তীয় ব্যৱস্থাক প্ৰত্যাহ্বান জনাইছিল । চহা আৰু পুঁজিপতিৰ উমৈহতীয়া স্বাৰ্থ আছিল ব্যক্তিগত সম্পত্তিৰ ৰক্ষণাবেক্ষণ । গতিকে, তাৰ বিপৰীতে অক্টোবৰ বিপ্লৱত যেতিয়া শ্ৰমিক আৰু চহাৰ সন্মিলনে তাত্বিক আত্মবিশ্বাসৰ জন্ম দিলে যে সমাজবাদলৈ হ’ব লগা বিৱৰ্তনৰ বাবে পুঁজিবাদৰ পূৰ্ণবিকাশলৈ অপেক্ষা কৰাৰ প্ৰয়োজন নাই । ইয়েই মাৰ্ক্সবাদক উত্তৰ-ঔপনিৱেশিক পৃথিৱীলৈ লৈ আহিল । চহাৰ সৈতে সন্মিলন নিজৰ সমাজবাদী এজেণ্ডাৰ স্বাৰ্থত কেৱল চহাৰ অসন্তুষ্টিৰ সুবিধাবাদী ব্যৱহাৰতেই সীমাবদ্ধ নেকি? অক্টোবৰ বিপ্লৱৰ সময়ত গৰিষ্ঠ সংখ্যক কৃষকক সমাজবাদী আন্দোলনৰ সৈতে সংগঠিত কৰিব পৰা হ’ব বুলি আশাবাদী আছিল । এই বুলি ভাবিছিল যে সমবায় জাতীয় সমূহীয়া মালিকীস্বত্বৰ যোগেদিও সমাজবাদী বিৱৰ্তনলৈ প্ৰত্যাহ্বান জনাব পৰা সকল সংখ্যালঘিষ্ঠ হ’ব । এই অনুমানে পিছলৈ সমস্যাৰ জন্ম দিছিল । কাৰণ এই কৃষক-বনুৱাৰ মৈত্ৰীয়ে শ্ৰমজীৱিৰ অধিনায়কত্ব ৰাষ্ট্ৰৰ প্ৰতিষ্ঠা কৰিব লাগিব । গতিকে কৃষকৰ বৈপ্লৱিক শক্তিক শ্ৰমজীৱিয়ে নিজস্ব বিপ্লৱৰ কাৰণে প্ৰয়োগ কৰাৰ সম্ভাৱনীয়তা হ’ল মাৰ্ক্সবাদৰ এক নতুন প্ৰয়োগ । ই তাত্বিকভাৱে পুঁজিবাদ অতিক্ৰম কৰাৰ এক আন্তঃৰাষ্ট্ৰীয় বৈপ্লৱিক প্ৰকল্পৰ ভেঁটি ৰচনা কৰে । কিন্তু এই তাত্বিক ভেঁটিয়ে অক্টোবৰ বিপ্লৱৰ গতিবেগ নিৰ্ণয় কৰাত বিফল হ’ল আৰু বৰঞ্চ অন্তৰ্ৱৰ্তীকালীন আৰ্থ-সামাজিক শক্তিবিলাকৰ উত্থান-পতনে পাছৰ পৰ্যায়ৰ ঘটনাপ্ৰৱাহলৈ অৰিহণা যোগালে ।

তেনে এটা পটভূমিতেই স্বৰাজোত্তৰ ভাৰতৰ ৰাজনৈতিক নেতৃত্বৰ সন্মুখত দেখা দিয়া ধৰ্ম সংকটৰ পৰ্যালোচনা হ’ব লাগিব । প্ৰকৃতাৰ্থত পাশ্চাত্যৰ পুঁজিবাদী বিকাশ আদিম সামন্তীয় সামাজিক গাঁথনিৰ দিনতে হৈছিল, যেতিয়া গনতন্ত্ৰ বা সামাজিক ন্যায়ৰ কোনো স্থান নাছিল । তেনেস্থলত, এহাতেদি সমাজবাদ গণতন্ত্ৰৰ অভিন্ন অংগ আৰু অন্যহাতেদি পুঁজিৰ বিকাশৰ পৰিকল্পনা – ৰাষ্ট্ৰব্যৱস্থাৰ বাবে এই দ্বৈত দায়বদ্ধতা ঐতিহাসিকভাৱে এক নাভ্ৰুত-নাশ্ৰুত কথা । সেই সময়ৰ উত্তৰ-ঔপনিৱেশিক ভাৰতবৰ্ষৰ অৰ্দ্ধ-সামন্তীয় পুঁজিবাদী বিকাশে গঢ় দিয়া আৰ্থ-সামাজিক সমীকৰণে ‘নেহৰুৰ ঐক্যমত’ৰ যোগেদি ‘মিশ্ৰ অৰ্থনীতি’ নামৰ দুষ্প্ৰাপ্য অৰ্থব্যৱস্থা এটাৰ অনিবাৰ্যতাক প্ৰতিপন্ন কৰিছিল । ৰাজনৈতিক নেতৃত্বশৈলীৰ ফালৰ পৰাও এই ঐক্যমত আছিল প্ৰভাৱশালী কেন্দ্ৰ আৰু বিসম্বাদী পৰিসীমাৰ সহবাস যি চৰম বিকল্পবিলাকক একাষৰীয়া কৰিবলৈ সক্ষম হৈছিল । আদৰ্শগত ভিন্নতাৰ মাজত দলগত ঐক্যৰ নামত নেহৰু-পেটেলৰ মৈত্ৰীবন্ধনো তেনেকৈয়ে সম্ভৱ হৈছিল । সামন্তীয় গাঁথনি ভাঙি পেলাবলৈ প্ৰয়োজনীয় নেহৰুৰ সমাজবাদী আঁচনি বুলি জনাজাত ‘ভূমি সংস্কাৰ’ প্ৰকৃতাৰ্থত পুঁজিবাদী বিকাশৰ বাবে অনিবাৰ্য আছিল । এয়া সামন্তীয় সম্পত্তিৰ পৰা মুক্ত কৰি এক দেশীয় চাহিদা বিকাশৰ প্ৰক্ৰিয়া যি এখন বজাৰ সৃষ্টি কৰিছিল ।

নেহৰুৰ ভূমি সংস্কাৰৰ দৰে বৈপ্লৱিক আঁচনিবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত পাছলৈ দেখা দিয়া ৰাজনৈতিক সীমাবদ্ধতাবিলাক আচলতে আৰ্থ-সামাজিক সীমাবদ্ধতাৰহে ৰাজনৈতিক আত্মপ্ৰকাশ । উদাহৰণস্বৰূপে, ভূমি সংস্কাৰৰ হিতাধিকাৰীসকলেই পাছত পৰৱৰ্তী পৰ্যায়ৰ ভুমি সংস্কাৰত বাধা দিয়াৰ দৃষ্টান্ত আছে ৷ স্বৰাজোত্তৰ ভাৰতৰ সংসদীয় গণতন্ত্ৰই সুচনা কৰা জাতি গঠন, সামাজিক বিৱৰ্তন আৰু সমতাৰ পৰিকল্পনাই কিছুমান নব্য আৰ্থ-সামাজিক শক্তিৰ সৃষ্টি কৰিলে আৰু গতিশীলো কৰিলে । লগে লগে এই আৰ্থ-সামাজিক শক্তিবিলাকে গণতন্ত্ৰক নিৰ্বাচনী ৰাজনীতিতেই সীমিত কৰি পেলালে । আকাংক্ষিত সামাজিক বিকাশৰ আঁচনিবিলাক ৰূপায়নৰ বাবে প্ৰয়োজনীয় আনুষ্ঠানিক সৃষ্টিৰ ক্ষেত্ৰত আন্তঃগাঁথনিমূলক সীমাবদ্ধতাই দেখা দিলে ।

এটা কথা ঠিক যে ভাৰতৰ দৰে উত্তৰ-ঔপনিৱেশিক জাতি-ৰাষ্ট্ৰবিলাকৰ ক্ষেত্ৰত স্বৰাজোত্তৰ পৰ্যায়ৰ জাতীয় সংগ্ৰামখনহে আতি গুৰুত্বপূৰ্ণ ৷ কাৰণ সাম্ৰাজ্যবাদৰ বিৰোধিতা আৰু থলুৱা পুঁজিৰ বিকাশ দুয়োটা প্ৰশ্নই এই জাতীয় চেতনাত অন্তৰ্নিহিত হৈ আছে ৷ কিন্তু পাশ্চাত্যৰ ক্ৰমনিকাই এইটো নিশ্চিত কৰি দিছিল যে স্বাধীন ভাৰতৰ গনতান্ত্ৰিক ব্যৱস্থাৰ মাজত মিশ্ৰ অৰ্থনীতিৰে কৰা পুঁজিৰ বিকাশৰ পৰিকল্পনা ঐতিহাসিকভাৱেই বিৰল । কাৰণ পাশ্চাত্যৰ সেই আদিম পুঁজিবাদী বিকাশৰ পুনৰাবৃত্তি ভাৰতৰ দৰে পুৰনা ঔপনিবেশিক ৰাষ্ট্ৰত অসম্ভৱ । যেনেস্থলত আজি গনতান্ত্ৰিক আনুষ্ঠানিকতাই পাশ্চাত্যৰ উদ্যোগিক বিনিয়োগ আৰু বিকাশক নিয়োগ-সমৃদ্ধ কৰি পুঁজিবাদী বিকাশৰ সচৰাচৰ জমা প্ৰক্ৰিয়াক কিছু হলেও প্ৰতিহত কৰিবলৈ সক্ষম হৈছে । পুঁজিবাদৰ সোনালী যুগ আচলতে আদম্য পিপাসাৰ বিৰুদ্ধে থিয় দি উঠা গনতান্ত্ৰিক জনমতেৰে পৰিপুষ্ট এক মাৰ্জিত সময় । ঐতিহ্যমণ্ডিত সামন্তীয় ধন-সম্পত্তি আৰু পৰিৱৰ্তিত সময়ত পুঁজিৰ বিকাশত জমা হোৱা ধন-সম্পত্তিৰ মাজৰ প্ৰতিযোগীতা আৰু তাৰ সৰ্বাঙ্গীন আৰ্থ-সামাজিক প্ৰভাৱ ভাৰতৰ দৰে পূৰণা ঔপনিবেশিক ৰাষ্ট্ৰবিলাকৰ এক সচৰাচৰ পৰিঘটনা । তেন্তে নিশ্চিতভাৱে এই প্ৰতিযোগিতাত নব্য পুঁজিৰ বিকাশে সামন্তীয় অৱশেষৰ অৱমূল্যায়ন কৰিবলৈ সক্ষম হোৱাটো এক স্বাভাৱিক ক্ৰমনিকা ।

পাশ্চাত্যৰ ক্ৰমনিকাৰ আৰ্হিত ঐতিহ্যমণ্ডিত সামন্তীয় ক্ষমতাৰ চেঁপাত পুঁজিৰ বিকাশ ঘটাবলৈ আদিম সামন্তীয় সমাজ গাঁথনিলৈ ঘূৰি যাব নোৱাৰি । অপৰিপক্ক পুঁজিৰ বিকাশ নব্য সামন্তীয় শ্ৰেনীৰ সৃষ্টিৰ কাৰক হ’লেও তেনে প্ৰত্যাৱৰ্তন গনতান্ত্ৰিক সমাজব্যৱস্থাত অসম্ভৱ কথা । ভাৰতবৰ্ষৰ প্ৰতিষ্ঠিত পুঁজিপতি সকলেও ঐতিহাসিক বম্বে পৰিকল্পনাৰে মিশ্ৰ অৰ্থনীতিৰ পক্ষ লোৱাটো তাৎপৰ্যপূৰ্ণ কথা । মাত্ৰ কেইবছৰমানতে ভূমি সংস্কাৰ অভিযানৰ অন্তৰ্গত জমিদাৰী নিৰ্মূল সম্ভৱ হৈ উঠাৰ প্ৰাকমূহুৰ্তত ৰক্ষণশীল স্বতন্ত্ৰ দলেও ৰাজনৈতিক ভেঁটি হেৰুৱাই পেলোৱাটো স্বাভাৱিক । অন্যহাতেদি নেহৰুৰ ভূমি সংস্কাৰৰ দৰে বৈপ্লৱিক নীতিৰ পটভূমিত বাওঁপন্থী ৰাজনীতিয়েও বিকল্প হেৰুৱাই পেলাইছিল । আচলতে মিশ্ৰ অৰ্থনীতিৰ বিৰোধিতা কৰাৰ সবল ৰাজনৈতিক বিকল্প কাৰো ওচৰত নাছিল । প্ৰভাৱশালী নব্য সামন্তীয় সকলে মিশ্ৰ অৰ্থনীতিৰ সুৰক্ষা কবচ পিন্ধি লৈছিল । জমিদাৰী নিৰ্মূলৰ লগে লগে সৃষ্টি হোৱা নব্য সামন্তীয় সকল ৰাজনৈতিকভাৱে শক্তিশালী হৈ উঠিছিল । মিশ্ৰ অৰ্থনীতিৰ ৰুদ্ধ সমীকৰণ প্ৰতিষ্ঠিত পুঁজিপতিসকলেও বাৰুকৈয়ে ব্যৱহাৰ কৰি নিজৰে পুঁজিৰ বিকাশৰ অন্তৰায় হিচাবে থিয় দিছিল । সামন্তীয় আৰু নব্য সামন্তীয় সকলেও আমোলাতন্ত্ৰটো একপক্ষীয়ভাৱে ব্যৱহাৰ কৰি নিজৰ সামন্তীয় ধন-সম্পত্তিৰ সুৰক্ষা দিছিল । এই প্ৰক্ৰিয়াত, আমোলা শ্ৰেনীৰ ভৰণ-পোষনৰ নামত তৈয়াৰ কৰা লোকপ্ৰিয়তাৰে আছন্ন অবাস্তৱ কাৰ্যসূচীবোৰে সময়োপযোগী সংস্কাৰক বাধা দি আহিল ।

স্বৰাজোত্তৰ ভাৰতৰ আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাই সাংবিধানিক জাতীয়তাবাদৰ পোষকতা কৰিছিল । পৰিকল্পিত এই আধুনিক ভাৰতীয় জাতিটো আছিল বৰ্ণ, ধৰ্ম, সম্প্ৰদায় আদি পৰিচিতিসমূহৰ ঊৰ্ধ্বত সৰ্বাধিকাৰবাদী নাগৰিকৰ সমষ্টি । মুঠতে, জাতীয়তাবাদৰ এই ঐকিক সূত্ৰই ধৰ্ম, কূল, বৰ্ণ, ভাষা বা গোষ্ঠী আদি বিভিন্ন সাংস্কৃতিক বিশেষত্ববিলাকৰ উৰ্দ্ধত এটা জাতীয় অস্তিত্বৰ পোষকতা কৰিছিল । তেনে দৰে, উত্তৰ ঔপনিৱেশিক ৰাষ্ট্ৰ গঠনৰ লগে লগে ভাষা, জনগোষ্ঠী, আঞ্চলিকতা, ধৰ্ম, জাতীয়তাবোধ আদি মধ্যযুগীয়া পৰিচিতিবিলাকক অত্যাধুনিক সাংস্কৃতিক সংজ্ঞাৰে ব্যাখ্যা কৰি বিভিন্ন ৰাজনৈতিক সংহতিৰ সৃষ্টি হয় । ভাৰতবৰ্ষত ৰাষ্ট্ৰব্যৱস্থাৰ উদ্যমত প্ৰতিষ্ঠিত উন্নয়নবাদী সংসদীয় জাতীয়তাবাদৰ সমান্তৰালকৈ এনে বিভিন্ন পৰিচিতিকেন্দ্ৰিক উপজাতীয়তাবাদে আত্মপ্ৰকাশ কৰিছে ৷ প্ৰকৃততে স্বৰাজোত্তৰ ভাৰতৰ প্ৰশাসনিক পৰিকাঠামোত হেৰাই যোৱা বিকাশৰ পৰিকল্পনাবোৰেই এই জাতীয় প্ৰশ্নবোৰলৈ ইন্ধন যোগাইছে । গতিকে, কেৱল জাতি-ৰাষ্ট্ৰৰ নাগৰিক বুলি সংজ্ঞাবদ্ধ কৰি পৰম্পৰাগত সামন্তীয় গাঁথনি আৰু তাৰ উপাদানসমূহ উলাই কৰিব পৰা যাবনে ? তেনেকৈয়ে পাশ্চাত্যৰ ক্ৰমনিকাত নপৰা এই মধ্যৱৰ্তীকালীন সময় হিচাবে লোৱা স্বাৰাজোত্তৰ ভাৰতৰ ক্ষেত্ৰত ভিত্তি-ঔপৰিসৌধৰ যান্ত্ৰিক প্ৰয়োগেৰে জাতীয়তাবাদৰ আশানুৰূপ আলোচনা অসম্ভৱ ৷ কাৰণ অৰ্থনৈতিকভাৱে শ্ৰেণীক প্ৰাধান্যতা দিয়াৰ লগে লগে জাতীয়তাবাদী পৰিচিতিবিলাক কেৱল যান্ত্ৰিকভাৱেহে অদৃশ্য হৈ যায় । আকৌ তাৰ বিপৰীতে এনে পৰিচিতিবিলাক কেৱল সমাজ-সাংস্কৃতিক পৰিসৰতেই আৱৰ্তিত হ’লে পৰিচিতিবিলাকৰ অধিকাৰ আৰু প্ৰতিৰোধৰ সংগ্ৰামৰ সীমাবদ্ধতা আহি পৰে ।

এই দৃষ্টিকোনৰ পৰা জাতিগত প্ৰৱণতাত একচেতীয়া পুঁজিহে বেছি সুবিধাজনক ৷ অন্য বহুজাতিক প্ৰতিষ্ঠানৰ ঠাইত নিজৰ প্ৰতিষ্ঠান গঢ়িলেই হ’ল ৷ কিন্তু বহুজাতিক প্ৰতিষ্ঠানবিলাকৰ আঁৰত থকা সাম্ৰাজ্যবাদী শক্তিবিলাকক প্ৰতিহত কৰাটো কেৱল কেইটামান দেশীয় বহুজাতিক প্ৰতিষ্ঠানেৰে অসম্ভৱ । বৰঞ্চ এই জাতি-ৰাষ্ট্ৰবিলাকৰ জনগণ বিকশিত পুঁজিৰ কিমান অংশীদাৰ হ’ব পাৰিছে তাৰ ওপৰতহে ইয়াৰ পৰিনাতি নিৰ্ভৰ কৰিব ৷ আকৌ এই অংশীদাৰিত্বক সুনিশ্চিত কৰা গনতন্ত্ৰ কেৱল নিৰ্বাচনী ৰাজনীতিতেই সীমাবদ্ধ হ’লে নহ’ব ৷ গতিকে জাতীয়তাবাদক ঔপৰিসৌধত কেৱল নিৰ্বাচনী ৰাজনীতিৰ শ্লোগান কৰি নথৈ তাৰ আৰ্থ-সামাজিক ভিত্তি বিশ্লেষণ আৰু পদক্ষেপ নিশ্চয় প্ৰগতিশীল কাম ৷ ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰে যে আৰ্থ-সামাজিক ভিত্তিয়েহে জাতীয়তাবাদৰ ঐতিহাসিক সীমাবদ্ধতাবোৰ দূৰ কৰিব পাৰিব ৷ উল্লেখযোগ্য যে ভাৰতবৰ্ষৰ দৰে উত্তৰ ঔপনিৱেশিক ৰাষ্ট্ৰত মধ্যবিত্তীয় গোষ্ঠী চেতনা যদি এক আৰ্থ-সামাজিক শক্তি হিচাবে প্ৰতিষ্ঠিত হয় সি ৰাজনৈতিক সমীকৰণ হিচাবেও প্ৰতিফলিত হয় ৷ অন্যহাতেদি, এই মধ্যবিত্তীয় গোষ্ঠী চেতনাই জন্ম দিয়া জাতীয়তাবাদ সময়ানুক্ৰমে মধ্যবিত্তৰেই শ্ৰেণী স্বাৰ্থত হেঙাৰ হৈ পৰাও দেখা যায় ৷ গতিকে ৰাজনৈতিক সমাধান জাতীয় চেতনাৰ উৰ্ধত এক সামগ্ৰিক অধিকাৰৰ প্ৰশ্নত আবৰ্তিত ৷ কাৰণ আগ্ৰাসন বুলি কোৱা আৰ্থ-সামাজিক পৰিঘটনাটোও জীয়াই থকাৰ সংগ্ৰামখনৰেই হয়তো ৰাজনৈতিক ৰূপ ৷ গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰশাসনিক প্ৰযুক্তিৰ গণ্ডীৰ ভিতৰত অধিকাৰৰ প্ৰশ্নটো মকামিলা কৰাৰ বাদে কিবা গত্যন্তৰ আছে বুলি মনে নধৰে ৷

কোনো দ্বিমত নাই যে আধুনিক ৰাষ্ট্ৰৰ বা প্ৰশাসনিক গোটৰ নিৰ্ধাৰিত চাৰিসীমা আৰু তাক প্ৰতিপন্ন কৰিব বিচৰা জাতীয় সংজ্ঞাৰ মাজৰ সংঘাতৰ ফলস্বৰূপে ঐতিহাসিক প্ৰব্ৰজন অবৈধ অনুপ্ৰৱেশত পৰিণত হয় । এনে এক ঐতিহাসিক সন্ধিক্ষণত, জাতীয় সংজ্ঞাৰ নিৰ্ধাৰণ আধুনিক ৰাষ্ট্ৰব্যৱস্থাৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰে । ৰাষ্ট্ৰ গঠন মানেই তাৰ চাৰিসীমা আৰু নাগৰিকত্ব ৷ নাগৰিকত্বৰ বাদে অন্য কোনো জাতীয় সংজ্ঞাই ৰাষ্ট্ৰ এখন বান্ধি ৰাখিব নোৱাৰে ৷ বিদেশী অনুপ্ৰৱেশৰ প্ৰশ্নত ঠন ধৰি উঠা জাতীয়তাবাদ আৰু বিদেশী চিনাক্তকৰণ অথবা তাৰ প্ৰশাসনিক প্ৰক্ৰিয়াৰ বেমেজালিৰ আওতাত মাৰ বান্ধি ঠিয় দিয়া জাতীয়তাবাদ দুয়োটাৰে ব্যাখ্যা ভাষাগত অস্তিত্বৰ ওপৰত প্ৰতিষ্ঠিত হ’লেও নাগৰিকত্বৰ বাদে এই সংঘাতৰ মীমাংসা অসম্ভৱ ৷ এই সংঘাতখন আচলতে আৰ্থ-সামাজিক ক্ষেত্ৰৰ পৰা উদ্ভৱ হয় ৷ অৱশ্যে, তাৰ ভিতৰতে ক্ষমতাশালী আৰ্থ-সামাজিক শক্তিয়ে ৰাজনৈতিকভাৱে গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত প্ৰভূত্ব খটুৱাবলৈ সক্ষম হয় ৷ ভাষাগত অথবা গোষ্ঠীগত চেতনাৰ উৰ্ধত এটা কথা বাস্তৱ সত্য যে ঐতিহাসিকভাৱে হোৱা অনুপ্ৰৱশেও আৰ্থ-সামাজিক শক্তিৰ জন্ম দিয়ে আৰু তাৰ ৰাজনৈতিক আত্মপ্ৰকাশ হৈ আহিছে ৷ এতিয়া এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অধিকাৰৰ প্ৰশ্নতেই সমাধান হওক ৷ বিদেশী সমস্যাৰ সমাধানৰ ক্ষেত্ৰত লব লগা পদক্ষেপবোৰ মীমাংসালৈ আনি দক্ষতাৰে লোৱা হওক ৷ এইটো সহজেই অনুমেয় যে এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ অধিকাৰৰ প্ৰশ্নত যিমানেই মানৱীয় নহওক বিদেশীক আঁকোৱালি লোৱাটো নিশ্চয় অসম্ভৱ কথা ৷ কাৰণ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ সন্মুখত প্ৰথম প্ৰশ্ন নাগৰিকত্বৰহে, তাৰ পাছতহে জাতিগত অস্তিত্বৰ প্ৰশ্নটো আহে ৷

সংখ্যালঘু আৰু দলিত-পতিতৰ জীৱনলৈকে সুৰক্ষা সুনিশ্চিত কৰাটোৱেই এখন গণতান্ত্ৰিক ৰাষ্ট্ৰৰ লক্ষ ৷ এই পৰ্যন্ত সমাধা কৰাটোৱে দেশৰ সৰ্বাঙ্গীন উন্নয়ন হোৱাটো সুচায় ৷ গতিকে জাতীয়তাবাদৰ এই সংঘাতবোৰ গণতান্ত্ৰিক ৰাষ্ট্ৰৰ নাগৰিক হিচাবে প্ৰাপ্য অধিকাৰৰ ভিত্তিতেই সমাধান কৰিব লাগিব ৷ এখন ৰাষ্ট্ৰৰ জাতীয়তাৰ সংজ্ঞা ধৰ্ম বা গোষ্ঠীগতভাৱে দিবলৈ গ’লে ই কেতিয়াও ৰাষ্ট্ৰৰ সীমাৰেখাৰ ভিতৰত আবদ্ধ হৈ নাথাকে l সেয়েহে ৰাজনৈতিকভাৱে স্বীকৃতিপ্ৰাপ্ত এখন সাৰ্বভৌম ৰাষ্ট্ৰৰ বাবে নাগৰিকত্বৰ বাহিৰে জাতীয়তাৰ অন্য সাংবিধানিক তথা প্ৰশাসনিকভাৱে কাৰ্যকৰী সংজ্ঞাৰ অৱকাশ নাথাকে । কোনো গণতান্ত্ৰিক ৰাষ্ট্ৰৰ বাবে নাগৰিকত্বৰ প্ৰশ্নটো মুখ্য আৰু জাতিগত অস্তিত্ববিলাক গৌণ ৷ এইখিনিতে উল্লেখযোগ্য যে ৰাজনৈতিক বিশেষণ যিমানেই উগ্ৰ নহওক, আৰ্থ-সামাজিক শক্তি হিচাবে অসমীয়া জাতীয়তাবাদৰ আগ্ৰাসন কৰাৰ সামৰ্থ ঐতিহাসিকভাৱেই নাই ৷ কাৰণ জন্মগতভাৱেই অসমীয়া জাতীয়তাবাদ সৰ্বভাৰতীয় পুঁজি আৰু বহিৰাগত প্ৰতিপত্তি আৰু আগ্ৰাসনৰ সৃষ্টি ৷ তাতোকৈ কেৱল কেন্দ্ৰীয় ৰাজহুৱা ধনৰ বাবে কৰা অন্দোলনতেই সীমাবদ্ধ হোৱাৰ বাবে এই জাতীয় চেতনা আৱেগিক, দুৰ্বল আৰু নিশকটীয়া ৷ ই সহজেই ৰাজনৈতিক অভিসন্ধিৰ বলি হয় আৰু সুবিধাবাদী ৰাজনীতিলৈ ৰূপান্তৰ হয় ৷ ই কেৱল এটা প্ৰতিবাদী কন্ঠহে, অসমত বসবাস কৰা প্ৰতিজন অসমবাসীৰ দৰে ইয়াৰ একমাত্ৰ পৰিত্ৰাণ ৰাষ্ট্ৰৰ নাগৰিক হিচাবে প্ৰাপ্য অধিকাৰতেই আছে ৷ গতিকে নাগৰিকত্বৰ এক গৃহীত সংজ্ঞা নাগৰিক অধিকাৰৰ নিশ্চয় পূৰ্বচৰ্ত ৷ গতিকে এন আৰ চিৰ যুক্তিযুক্ততাৰ ওপৰত কোনো সন্দেহ নাই ৷ তাৰ প্ৰস্তুতিৰ প্ৰক্ৰিয়াত সৃষ্টি হোৱা বেমেজালিবিলাক প্ৰশাসনিক পৰ্যায়তেই সমাধা কৰিব লাগিব ৷ এইক্ষেত্ৰত গণতন্ত্ৰিক দাবীবোৰ গুৰুত্ব সহকাৰে বিচাৰ কৰাৰ এক অন্তৰ্নিহিত প্ৰক্ৰিয়া থাকিব লাগিব ৷ এন আৰ চিৰ প্ৰক্ৰিয়াত হোৱা প্ৰশাসনিক আসোঁৱাহৰ সুযোগ লৈ এন আৰ চিকেই প্ৰশ্ন কৰাৰ প্ৰৱণতা অমূলক ৷
উত্তৰ-পূৱৰ ইংৰাজী, অসমীয়া কাকতৰ প্ৰায়বোৰৰে সম্পাদকৰ পৃষ্ঠালৈ নিয়মীয়াকৈ সমল যোগোৱা লেখক বৰাদেৱ দিল্লী নিবাসী আৰু পেশাগত ভাৱে এগৰাকী অভিযন্তা। তেখেতৰ নিজা ব্লগৰ সূত্ৰঃ https://indrajitborah.blog

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages