মুক্তচিন্তাঃ শিল্পীৰ স্বাধীনতাৰ সীমাৰেখা কি? ডাঃ অজিত কুমাৰ পটঙ্গীয়া - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

মুক্তচিন্তাঃ শিল্পীৰ স্বাধীনতাৰ সীমাৰেখা কি? ডাঃ অজিত কুমাৰ পটঙ্গীয়া

Share This

অসমৰ কোনো কোনো জাতীয় সংগঠনে ৰঙালী বিহুৰ বতৰত অনুস্থিত হোৱা সাংস্কৃতিক অনুস্থানসমূহত সংগীতৰ অনুস্থান পৰিবেশনৰ সময়ত জাতীয় সাজপাৰ পৰিধান কৰিবলৈ আৰু বহাগৰ প্ৰথম সপ্তাহটো অকল অসমৰ থলুৱা গীত-মাত পৰিবেশনৰ বাবে আহ্বান জনালেই অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গে ঘোষণা কৰে যে - তেওঁ শিল্পী হিচাবে বিশ্বজনীন স্বাধীন মনৰ অধিকাৰী, সেয়েহে তেওঁ সেইবোৰ নামানে আৰু তেওঁৰ যি খুছী তাকেই কৰিব পাৰে, তেওঁ স্বাধীন। এই সম্পৰ্কে বিদেশী কোনো বিখ্যাত শিল্পীয়ে কোৱা কথাও তেওঁৰ মুখত সঘনে শুনা যায়। আহক আমি চমুকৈ আলোচনা কৰো শিল্পীৰ স্বাধীনতা সম্পৰ্কে। 

শিল্প হৈছে জীৱনৰ ৰসৰূপৰ এক প্ৰকাশ। আমি সাধাৰণ মানুহে জীৱনক যিদৰে সাধাৰণ চকুৰে চাওঁ, শিল্পীয়ে চাই এক ভিন্ন চকুৰে, ভিন্ন অনুভুতিৰে। জীৱনৰ নানা ধৰণৰ বিচিত্ৰ গতি, ছন্দ, আৱেগ, অনুভূতি, আকাঙ্খা, ব্যঞ্জনাক শিল্পীয়ে তেওঁৰ নিজস্ব ৰুপাশ্ৰয়ত ৰসগ্ৰাহী কৰি শ্ৰোতা বা পাঠকৰ ওচৰত তুলি ধৰে। সেইয়া উপভোগৰ মাজেদিয়েই আমি সন্ধান পাওঁ বহুতো জীৱন-ৰহস্য, জীৱন-চেতনা আৰু অনিৰ্বচনীয় আনন্দৰ। মানুহৰ জীৱনক সুন্দৰ, সংস্কৃতিসম্পন্ন, উন্নতৰ পৰা উন্নতত্বৰ কৰাৰ প্ৰয়োজনৰ বাবেই এদিন শিল্পৰ সৃষ্টি হৈছিল। আজিও জীৱনৰ অগ্ৰগতিৰ পথত মানুহক অধিক সংস্কৃতিবান কৰি নৈতিকমূল্যবোধ আৰু সুকুমাৰবৃত্তিৰে সমাজচিন্তাৰ বিকাশৰ ধাৰাক অব্যাহত ৰাখিবলৈ শিল্পই এক অসাধাৰণ গুৰুত্বপূৰ্ণ ভুমিকা পালন কৰে। সেয়েহে শিল্পীৰ মূল্য যুগে যুগে মানুহে দি আহিছে, আজিও দিছে। শিল্পশৈলীৰ প্ৰতি মানুহৰ আকৰ্ষণ আজিও দুৰ্নিবাৰ। কিন্তু এই শিল্প সৃষ্টিৰ শিল্পীসকলৰ স্বাধীনতা কিমানলৈকে? শিল্পীসকলে কি কোনো নিয়ম, কোনো শৃংখলা, অনুশাসন মানি চলিব লাগিব নে নালাগে? 

শিল্পীয়ে তেওঁৰ চিন্তা, চেতনা, নিপুণতা আৰু দায়িত্ববোধ সমাজক সংস্কৃতিসম্পন্ন কৰি ৰখাৰ প্ৰয়োজন অনুসৰি নিজকে পৰিচালিত কৰি ৰাখিব না নাৰাখে? এই বিষয়ে শিল্পী, সাহিত্যিক, শিল্প-সমালোচকসকলৰ মাজত এক অদ্ভুত বিভ্ৰান্তি দেখা যায়। এজন শিল্পীৰ ব্যক্তিস্বাধীনতাৰ যথাৰ্থ ৰূপ আৰু উপলদ্ধিৰ কাঠামোটো কি, তাকলৈ তৰ্ক-বিতৰ্ক, মতান্তৰ যিমানেই বেচি, তাতকৈ বেচি যুক্তি আৰু সংযমৰ পথেৰে চিন্তাক পৰিশীল কৰাৰ প্ৰতি এক অনীহা। বৰ্তমান শিল্পী-সাহিত্যিকসকলৰ বহুতেই ভাবে যে শিল্প-সৃষ্টিৰ পৰা তেওঁলোকৰ সামাজিক আচাৰ-আচৰণলৈকে তেওঁলোকৰ ওপৰত কোনো নিয়ম বা বিধিনিষেধ আৰোপ কৰা উচিত নহয়। তেওঁলোক যেন মুক্ত বিহঙ্গ। স্বাধীনতা ভোগৰ পৰা বঞ্চিত হোৱাতো তেওঁলোকে ভাবে যে - ই তেওঁলোকৰ শিল্পচিন্তাৰ স্ফুৰণ আৰু সুষমামণ্ডিত ভাৱে প্ৰতিফলিত হোৱাত বাধাৰ সৃষ্টি কৰিব। এনে ধৰণৰ শিল্পীসকলৰ এক বদ্ধমূলক ধাৰণা যে শিল্পীসকলৰ অৱস্থান সমাজৰ উৰ্দ্ধত। 

সকলোধৰণৰ চিন্তা বা জ্ঞানৰ দৰে শিল্পকীৰ্ত্তিও প্ৰকৃতিৰ বিৰুদ্ধে মানুহৰ অস্তিস্ব ৰক্ষা কৰাৰ প্ৰয়োজনীয় উপাদান সৃষ্টিৰ সংগ্ৰামৰেই ফল। বিজ্ঞানে দেখুৱাইছে, এই সংগ্ৰামৰ প্ৰক্ৰিয়াত মানুহৰ মগজুৰ লগত প্ৰকৃতিৰ নিৰন্তৰ দ্বন্দ সম্পৰ্কৰে আৱদ্ধ আৰু তাৰ পৰাই দুই ধৰণৰ অনুভূতিৰ জন্ম হয়। প্ৰথমটোৰ চৰিত্ৰ সম্পূৰ্ণ জৈৱিক আৰু সি মানুহৰ মগজৰ প্ৰথম সংকেতবাহী ব্যৱস্থা বা ফাৰ্ষ্ট চিগনেল চিষ্টেমৰ দ্বাৰা নিয়ন্ত্ৰিত। যেনে ধৰক পাক ঘৰত ৰন্ধা-বঢ়াৰ শব্দ শুনিলেই ঘৰত থকা কুকৰটোৰ জিভাৰ পানী পৰিবলৈ আৰম্ভ কৰে। দ্বিতীয় যি অনুভুতি, সি মানুহ প্ৰজাতিটোক পৃথিৱীৰ অন্য সকলো প্ৰাণীৰ পৰা পৃথক কৰিছে, সেইয়া হৈছে মানুহৰ মগজুৰ দ্বিতীয় সংকেতবাহী ব্যৱস্থা বা চেকেণ্ড চিগনেল চিষ্টেম। চিন্তা কৰিব পৰা, তাৰ ওপৰত ভিত্তি কৰি নতুন সৃষ্টি কৰিব পৰা দ্বিতীয় সংকেতবাহী ব্যৱস্থাৰ বিশেষ কাৰ্য্যপ্ৰণালীয়ে মানুহৰ মগজুৰ ইচ্ছাশক্তি আৰু মনৰ সামগ্ৰিক পৰিমণ্ডলটোৰ সৃষ্টি কৰিছে। বিজ্ঞানে প্ৰমাণ কৰিছে যে মনৰ সকলো কাৰ্য্য, চিন্তা, আৱেগ, উপলদ্ধি, প্ৰেৰণা, মূল্যবোধ ব্যক্তি-মগজুৰ লগত তেওঁৰ পৰিপাৰ্শ্চিকতাৰ দ্বন্দ-সংঘাটৰ মাজেদি সৃষ্ট এক বস্তুতান্ত্ৰিক ক্ৰিয়াৰ ফলশ্ৰুতি। এই সকলোৱেই মানুহৰ ভাবগত উৎপাদন। এই ভাব কোনো দৈৱ বা অলৌকিক প্ৰক্ৰিয়াৰ পৰা সৃষ্টি হোৱা নাই বা আকাশৰ পৰাও সৰি পৰা নাই। ব্যক্তি-মগজুৰ লগত তাৰ পাৰিপাৰ্শ্চিকতাৰ আৰু বিশ্বপ্ৰকৃতিৰ প্ৰতিনিয়ত দ্বন্দৰ মাজেদিয়েই ব্যক্তিমননশীলতাৰ বিকাশ ঘটিছে। যিদৰে আদিম যুগত মানুহে এটা পাথৰৰ টুকুৰা দেখিছে, হয়তো অন্য পশুতকৈ বহুতো উন্নত জীৱ এটা বান্দৰেও সেই পাথৰৰ টুকুৰাটো দেখিছে। আত্মৰক্ষাৰ বাবে বান্দৰে সেই পাথৰৰ টুকুৰাটো শত্ৰুৰ গালৈ দলিয়াই দিয়া বা কেতিয়াবা কোনো বস্তু ভাঙিবলৈ ব্যৱহাৰ কৰাৰ মাজতে তাৰ মগজুৰ ক্ৰিয়া সীমাবদ্ধ। কিন্তু মানুহটো আৰু বান্দৰ নহয়। মানুহৰ মগজত চেতনা বা চিন্তাৰ জন্ম হৈছে। সি তাৰ আত্মৰক্ষাৰ প্ৰয়োজনত পাথৰৰ টুকুৰাটো ঘঁহি ঘঁহি জোঙাল বা ধাৰ কৰি সেইটোক অস্ত্ৰত পৰিণত কৰিছে। আৰু যেতিয়াই মানুহে পাথৰৰ টুকুৰাটো ধাঁৰ কৰি জোঙা কৰিলে, সেইটো আৰু সাধাৰণ পাথৰৰ টুকুৰা বা প্ৰাকৃতিক সম্পদ হৈ নাথাকিল, সেইটো মানুহৰ চিন্তা-কৰ্ম্মৰ ফল স্বৰূপে তাৰ প্ৰয়োজনত ব্যৱহাৰ কৰিব পৰা এক আহিলা(tool)লৈ ৰূপান্তৰিত হ'ল। এইদৰেই মানুহৰ প্ৰয়োজন প্ৰাকৃতিক সম্পদৰ মাজত সঞ্চাৰিত হৈ মানুহৰ ভাবগত সৃষ্টিৰ বাস্তৱায়ন ঘটিল। এইয়াই শিল্পভাৱনাৰ মূল কথা। 

সচেতন মানুহে, চিন্তা কৰাৰ ক্ষমতাৰ অধিকাৰী মানুহে যি কৰিব পাৰিছে, নিম্ন প্ৰবৃত্তিৰ অকল প্ৰথম সংকেতবাহী ব্যৱস্থা বা ফাৰ্ষ্ট চিগনেল চিষ্টেমৰ দ্বাৰা পৰিচালিত বান্দৰ বা অন্য জন্তুয়ে সেইয়া পৰা নাই। সেইদৰে প্ৰয়োজনবোধ অনুসৰি মানুহে প্ৰাকৃতিক মাজত কোনটো গ্ৰহণীয়, কোনটো বৰ্জনীয় সেইয়াও ঠিক কৰিছে। শব্দ তৰঙ্গৰ মাজত ছন্দায়িত সংগীতক গ্ৰহণ কৰিছে, ছন্দহীন কৰ্কশ কোলাহলক বৰ্জন কৰিছে। জীৱনৰ প্ৰয়োজনবোধৰে চালিত মনৰ সচেতন ক্ৰিয়াৰ ফলশ্ৰুতি হিচাবেই এইবোৰ ঘটিছে আৰু একে ধৰণৰেই সৌন্দৰ্য্যশাস্ত্ৰ আৰু তাৰ বিভিন্ন ধ্যান-ধাৰণা স্তৰে স্তৰে গঢ়লৈ উঠিছে, যি মানুহৰ অনুভূতিক সমাজ বিকাশৰ পৰিপূৰক হিচাবে আৰু গভীৰ, সূক্ষ্ম আৰু সংবেদনশীলতাৰে পৰিশীলিত কৰিছে। 

কোনো শিল্পীয়ে আকৌ কয় তেওঁ নিজে পৰিতৃপ্ত হ'বলৈ শিল্পৰ সৃষ্টি কৰে। তেওঁৰ বাবে তেওঁ নিজে তৃপ্তি পালেই তেওঁৰ শিল্প সাৰ্থক। এই কথাখিনি কোৱাৰ মাজত হয়তো এটা চমক বা উচ্ছাস আছে, কিন্তু তাৰ প্ৰকৃত সাৰ্থকতা কিমান! তৃপ্তিৰ প্ৰশ্ন কেতিয়া উঠে? যেতিয়া এটা আকাংখা বা ক্ষুদ্ধা থাকে। আমাৰ দৈহিক বহুতো ক্ষুদ্ধা আছে, আকাংখা আছে, তাড়না আছে। সেইবোৰ নিবৃত্তিৰ বাবে আমি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰো। ক্ষুদ্ধাত খাদ্য খাওঁ, পিয়াহত পানী গ্ৰহণ কৰো। ঠিক তেনেৰে মনৰো কিছুমান ক্ষুদ্ধা আছে, আকাংখা আছে। জনাৰ আকাংখা, জ্ঞানৰ আকাংখা, নানা সুকুমাৰ বৃত্তিত পৰিতৃপ্ত হোৱাৰ আকাংখা। শিল্পীৰ নিজৰ মনৰ এই আকাংখাই তেওঁক শিল্প সৃষ্টিত প্ৰবৃত্ত কৰে। কিন্তু মানুহৰ মননশীলতাৰ বিকাশৰ আলোচনাৰ পৰা দেখা যায় যে প্ৰতিজন মানুহৰ মনৰ এটা সামাজিক ভিত্তি আছে। প্ৰতিটো ব্যক্তিচিন্তাই আচলতে কোনোবা নহয় কোনোবা সমাজচিন্তাৰ ব্যক্তিকৃত ৰূপ। শিল্পীও তাৰ ব্যাতিক্ৰম নহয়। গতিকে যিটো কথা তেওঁ নিজৰ একান্ত মনৰ সৃষ্টি বুলি ভাবে, প্ৰকৃততে সেইয়া সমাজচিন্তাৰ ফছল তেওঁৰ মাজেদি ব্যক্তিকৰণ ঘটিছে। গতিকে সমাজব্যস্তৱতাক অস্বীকাৰ কৰি বা এৰাই গৈ যি শিল্পী নিজৰ অন্তৰৰ তাগিদা আৰু পৰিতৃপ্তিত মগ্ন, বুজিব লাগিব তেওঁ এই সত্য সম্পৰ্কে অজ্ঞ অথবা উদাসীন। অথচ আশ্চৰ্যকৰ কথা যে এই সহজ সৰল বিষয়টি বহুতো শিল্পী-সাহিত্যিকে আজিও ধৰিব পৰা নাই। এনেধৰণৰ জীৱনবিমূখ উৎশৃখল চিন্তাৰ পৰাই এটা সময়ত সমগ্ৰ ইউৰোপত "Art for art's sake" জাতীয় মতবাদ আহিছিল। এই মতবাদ প্ৰচলন কৰা সকলে ভাৱে যে শিল্প কেৱল শিল্পৰ বাবেই সৃষ্টি হয়। সময়ৰ বিচাৰত এই চিন্তাৰ অসাৰতা প্ৰমাণিত হৈছে। অথচ এই অসাৰ চিন্তাৰে মগজু ভৰাই লোৱা বহুতো শিল্পী-সাহিত্যিক আজিও আমাৰ সমাজত দেশে-বিদেশে দেখা যায়। জীৱনৰ প্ৰয়োজনতেই শিল্প। জীৱনক সুন্দৰ কৰাৰ বাবেই শিল্প। জীৱনৰ উৰ্দ্ধত, সমাজৰ উৰ্দ্ধত শিল্প বুলি একো নাই। শিল্পী এজনে সচেতনভাৱেই হওঁক বা অসচেতনভাৱেই হওঁক সামাজিক প্ৰয়োজনবোধৰ দ্বাৰা পৰিচালিত হৈ তেওঁৰ অনুভৱ দৰ্শক, শ্ৰোতা বা পাঠকৰ মনৰ ভিতৰলৈ সোমাই যোৱাৰ তাগিদাতেই শিল্পসৃষ্টিত প্ৰয়াসী হয়। বিজ্ঞানীয়ে যেনেকৈ কোনো বৈজ্ঞানীক ধাৰণা সূত্ৰ বা তত্ত্ব আকাৰেদি দিয়ে, প্ৰবন্ধকাৰে সেই ধাৰণা প্ৰবন্ধৰ মাজেদি যুক্তিসহকাৰে তুলি ধৰে, এজন অভিনেতাই তেওঁৰ অভিনয়ৰ বাস্তৱায়নৰ মাজেদি কোনো সামাজিক বিষয়-বস্তু, কোনো সামাজিক সমস্যা মানুহক উপলদ্ধি কৰিবলৈ বাধ্য কৰে, এজন গীতিকাৰ-গায়কেও তেওঁৰ ধাৰণা গানৰ মাজেদি শ্ৰোতাৰ অন্তৰৰ ভিতৰলৈ নিবলৈ চেষ্টা কৰে। শিল্পভাৱনাৰ সমাজভিত্তি আৰু উন্নত সমাজ পৰিবৰ্ত্তনৰ লগে লগে তাৰ বিকাশ আৰু ৰূপভেদক অস্বীকাৰ কৰাৰ অৰ্থ শিল্পসৃষ্টিৰ মূল উদ্দেশ্য আৰু সমাজত শিল্পৰ প্ৰভাৱ আৰু উপযোগিতা সম্পৰ্কে চূড়ান্ত অজ্ঞতাৰেই প্ৰকাশ। 

এক সামাজিক জীৱ হিচাবে সমাজৰ পৰা বিভিন্ন উপাদান সংগ্ৰহ কৰি নিজৰ শিল্পীচিন্তা সমৃদ্ধ কৰা, সি ভাৱগত বা বস্তুগতই যিয়েই নহওঁক, প্ৰতিজন শিল্পীয়েই সমাজবন্ধনৰে অংগাঙ্গীক ভাৱে আৱদ্ধ, সমাজৰ উৎপাদন সম্পৰ্কৰ লগত অৱিচ্ছেদ্যভাৱে যুক্ত। তেওঁ যি কয়, যিভাবে কয়, পোছাক-পৰিচ্ছদ যিদৰে পিন্ধে, সি সমাজৰ ওপৰত গভীৰ ভাৱে প্ৰভাৱ পেলায়। যিহেতু শিল্পীৰ চিন্তা আৰু শিল্পৰছনা সমাজকলৈয়ে সৃষ্টি, গতিকে সি সমাজৰ চিন্তা-ভাৱনাৰ বিচাৰৰ বিষয় হবলৈ বাধ্য। শিল্পীৰ বিকাশৰ স্বাধীনতা নিশ্চই থকা উচিত। কিন্ত এই বিকাশ সমাজ বিকাশৰ প্ৰক্ৰিয়াৰ পৰা বিচ্ছিন্ন হ'ব নোৱাৰে, সমাজৰ সাংস্কৃতিক চাহিদাক সন্মান কৰিয়েই সি হ'ব লাগিব। যেতিয়া ব্যক্তিৰ স্বাধীনতা শিল্পীৰ নিজস্ব পছন্দ-অপছন্দ, ভাল-বেয়াই সমাজৰ প্ৰতি কোনো দায়িত্ববোধ বা সম্পৰ্কবোৰ স্বীকাৰ কৰিব নিবিছাৰে, তেতিয়া ব্যক্তি-স্বতন্ত্ৰবোধৰ চিন্তাই সামাজিক প্ৰয়োজনৰ চিন্তাক ইতিবাচক ৰূপে অৱস্থান নকৰাই, তেতিয়াই শিল্পীয়ে নিজে নজনাকেও নিজকে সমাজৰ প্ৰতিক্ৰিয়াশীল শক্তিৰ লগত চিহিৃত কৰায়। 

লেখক বিশিষ্ট নিবন্ধকাৰ আৰু ভাৰতৰ আমেৰিকান ডেন্টেল ক্লিনিকছ সংগঠনৰ পৰিচালন সঞ্চালক। হোৱাটছআপ: ৯৪৩৫৭০৪০৯০

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages