স্বাস্থ্য-চৰ্চা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ক্ৰিয়েটিনিন নিয়ন্ত্ৰণত ৰখাৰ উপায় কি?
ডা০ ভূপেন শইকীয়া
ক্ৰিয়েটিনিন হ'ল শৰীৰৰ এক অলাগতিয়াল ৰাসায়নিক পদাৰ্থ ৷ মাংসপেশীৰ দৈনন্দিন মেটাবলিজমৰ (বা ক্ৰিয়াৰ) ফলত ই উৎপন্ন হয় ৷ আমাৰ কিডনিয়ে ক্ৰিয়েটিনিনক প্ৰসাবৰ যোগেদি বাহিৰ কৰি দিয়ে ৷ সকলো মানুহৰ প্ৰসাবত আৰু তেজত ক্ৰিয়েটিনিন পোৱা যায় ৷ তেজত থকা ক্ৰিয়েটিনিনৰ পৰিমাণ বয়স, লিংগ, দেহৰ আকাৰ আৰু জাতিভেদে কিছু পৃথক হব পাৰে ৷ স্বাভাৱিক অৱস্থাত প্ৰাপ্তবয়স্ক পুৰুষৰ ০.৬ ৰ পৰা ১.২ মিলিগ্ৰাম % আৰু মহিলাৰ ০.৫ ৰ পৰা ১.১ মিলিগ্ৰাম % হয় ৷ কিন্তু কিডনিৰ বিজুতি ঘটিলে তেজত ক্ৰিয়েটিনিনৰ পৰিমাণ বৃদ্ধি পাবলৈ ধৰে ৷ একে সময়তে তেজত ইউৰিয়াৰ পৰিমাণো বাঢ়িব ধৰে ৷ ইউৰিয়াও হ'ল এক অলাগতিয়াল ৰাসায়নিক পদাৰ্থ ৷ ক্ৰিয়েটিনিনৰ দৰেই তেজৰ পৰা ইউৰিয়া কিডনিয়ে প্ৰসাবেদি বাহিৰ কৰি দিয়ে ৷ প্ৰাপ্তবয়স্ক লোকৰ তেজত ইউৰিয়াৰ পৰিমাণ হ'ল ৬ৰ পৰা ২০মিলিগ্ৰাম% ৷ মানৱ দেহৰ তেজত নাইট্ৰজেনযুক্ত অলাগতিয়াল পদাৰ্থ যেনে ক্ৰিয়েটিনিন, ইউৰিয়া আদি বাঢ়ি যোৱা অৱস্থাক ডাক্তৰী ভাষাত Azotemia বোলে৷ ইউৰিয়া আৰু ক্ৰিয়েটিনিন বিপদজনকভাবে বাঢ়ি যোৱা অৱস্থাৰ আন এটা মেডিকেল নাম হ'ল- Uremia ৷
ক্ৰনিক ৰেনেল (কিডনি) ফেইলাৰ বা ক্ৰনিক কিডনিডিজিজ হ'ল কিডনিৰ দীৰ্ঘকালীন অসুখৰ এটি পৰ্য্যায় ৷ শিশুৰ ক্ষেত্ৰত ক্ৰিয়েটিনিনৰ পৰিমাণ ২মিলিগ্ৰাম % আৰু প্ৰাপ্তবয়স্ক লোকৰ ক্ষেত্ৰত ৫মিলিগ্ৰাম % ৰ ওপৰ হলেই ক্ৰিয়েটিনিন 'উচ্চ' পৰিমাণত আছে বুলি গণ্য কৰা হয় আৰু চিকিৎসকে ডায়েলাইচিচ কৰাৰ পৰামৰ্শ দিয়ে ৷

ক্ৰিয়েটিনিন বাঢ়িলে দেখা দিয়া লক্ষণসমূহ হ'ল :
• ডিহাইড্ৰেচন অৰ্থাৎ শৰীৰৰ পানী শুকাই যোৱা 
• অৱশ বা ক্লান্তিবোধ অনুভৱ হোৱা
• ভৰি ফুলা (Oedema )
• আভোক হোৱা
• মনৰ ভ্ৰান্তিবোধ
• শুষ্ক ছাল
• ওকালি আৰু বমি
• স্নায়বিক দূৰ্বলতা


ক্ৰিয়েটিনিনৰ পৰিমাণ হ্ৰাস কৰিবলৈ কিদৰে যত্নপৰ হব ?

এইটো এটা লাখটকীয়া প্ৰশ্ন ৷ খাদ্যাভাস, লাইফষ্টাইল আৰু ক্ৰিয়েটিনিন বঢ়াৰ কাৰণ চিনাক্ত কৰি তদৰূপ চিকিৎসা আগবঢ়ালে সেয়া একেবাৰে অসম্ভৱ নহয় ৷ প্ৰাথমিক পৰ্য্যায়ত যাৰ বৰ্ধিত ক্ৰিয়েটিনিন ধৰা পৰিছে, তেনে লোক উপকৃত হোৱাৰ সম্ভাৱনা বেচি ৷ আন সকলৰো ডায়েলাইচিচ পিছুৱাব পৰাৰ বা ডায়েলাইচিচৰ ব্যৱধান বঢ়াব পৰা যাব পাৰে ৷

ক্ৰিয়েটিনিন বঢ়াৰ কাৰণ কি কি হব পাৰে ?
- অত্যধিক মাংস ভক্ষণ
- অতি মাত্ৰাৰ শাৰীৰিক অনুশীলন বা শ্ৰম
- গুৰুতৰ সংক্ৰমণৰ ফলত কিডনিৰ অহিত সাধন
- ক্ৰনিক কিডনি ডিজিজ
- গুৰুতৰ ডিহাইড্ৰেচনৰ ফলত কিডনিৰ ৰক্তপ্ৰবাহ হ্ৰাস হোৱা
- তেজৰ নলীৰ বিজুতিৰ ফলত কিডনিৰ ৰক্ত সঞ্চালন কমি যোৱা
- ৰক্তক্ষৰণ,শ্বক
- নানাবিধ অসুখৰ ফলত কিডনিৰ ফিল্টাৰ কৰা অংশ বিশেষ (Glomeulus) বিনষ্ট হোৱা : উদাহৰণ ডায়েবেটিজ,উচ্চ ৰক্তচাপ,গাউট, অটো-ইমিউন ডিজিজ যেনে লুপাচ,মটৰ নিউৰন ডিজিজ, ৰেৱডমায়োলাইচিচ, গুডপেষ্টুৰ চিনড্ৰম আদি ৷


* খাদ্যাভাসৰ সালসলনি

(১) - প্ৰটিনৰ পৰিমাণ হ্ৰাস- বিশেষকৈ মাংস, তাৰ পিছত ডায়েৰী প্ৰডাক্ট ৷ যেহেতু খাদ্যৰ প্ৰটিন ভাগিলে ক্ৰিয়েটিনিন উৎপন্ন হয় ৷

(২)- ডায়েটেৰী চাপ্লিমেন্টৰ ব্যৱহাৰ পৰিত্যাগ কৰা - বহুলোকে বিশেষকৈ শৰীৰ-চৰ্চা কৰা লোক আৰু খেলুৱৈয়ে ডায়েটেৰী চাপ্লিমেন্ট সেৱন কৰে শৰীৰ সুডোল আৰু বলৱন্ত কৰিবলৈ ৷ এনে চাপ্লিমেন্টত 'ক্ৰিয়েটিন' নামৰ পদাৰ্থ থাকে ৷ এই ক্ৰিয়েটিনৰ পৰা ক্ৰিয়েটিনিন উৎপন্ন হয় ৷

(৩) - পানী বা আন জুলীয়া পদাৰ্থ উচিত মাত্ৰাত গ্ৰহণ কৰা –পানীৰ পৰিমাণ শৰীৰত হ্ৰাস হলেই ডিহাইড্ৰেচনে বিপদজনক ৰূপ ধাৰণ কৰিব পাৰে ৷ কেবল সুদা পানী খাবলৈ ভাল নালাগিলে পানীৰ গিলাচত এচকল নেমু নাইবা তিঁয়হ দি তাক বেচি গ্ৰহণযোগ্য কৰি লব পাৰে ৷আমি গ্ৰহণ কৰা পানীয়ে কিডনিত পাথৰ হোৱা প্ৰতিৰোধ কৰে ৷ এজন পুৰুষে দিনটোত তিনি লিটাৰ আৰু মহিলাই ২-২লিটাৰ পানী গ্ৰহণ কৰিব লাগে ৷ ডায়লাইচিচৰ পৰ্য্যায়লৈ যোৱা ৰোগীয়ে ইয়াতকৈ কম পৰিমাণত লব লাগে কাৰণ তেনে লোকৰ প্ৰসাবৰ পৰিমাণ কমি যায় ৷ আকৌ এটা সতৰ্কবাণী অতিপাত গৰমত বেচি ঘামিলে বেচি পানীৰ প্ৰয়োজন হয় ৷ সেই পানীত কিছু নিমখ মিলাই লোৱাৰ প্ৰয়োজন,নহলে তেজৰ চ'ডিয়ামৰ পৰিমাণ কমি (Hyponetremia) বিপদত পেলাব পাৰে ৷

(৪) - খাদ্যত ডায়েটেৰী ফাইবাৰৰ পৰিমাণ বঢ়োৱা -ইউৰোপিয়ান জাৰ্ণেল অৱ ক্লিনিকেল মেডিচিনৰ মতে ডায়েটেৰী ফাইবাৰে কিডনিৰ সহায়কাৰী ভূমিকা পালন কৰি ক্ৰিয়েটিনিনৰ পৰিমাণ কমোৱাত লাগতিয়াল ভূমিকা পালন কৰে ৷

(৫) – চিটোচান (Chitosan) চাপ্লিমেন্টৰ প্ৰয়োগ -চিটচান হ'ল এবিধ Polysaccharide কম্পাউণ্ড যাক মিছা মাছ,কেঁকোৰা বা আন খোলাযুক্ত সমুদ্ৰী প্ৰাণীৰ পৰা নিৰ্মাণ কৰি ওলোৱা হয় ৷ ইয়াৰ টেবলেট বা কেপচুল

শৰীৰৰ চৰ্বি (কলেষ্টৰল) কমাবলৈ, এনিমিয়া, নিদ্ৰাহীনতাৰ চিকিৎসা আৰু ওজন হ্ৰাস কৰিবলৈ প্ৰয়োগ কৰা হয় ৷ ইয়াৰ আন উপকাৰিতা হ'ল ই ক্ৰিয়েটিনিনৰ পৰিমাণ কমায় ৷ ভাৰতবৰ্ষৰ মুম্বাই,নাগপুৰ আদি ঠাইৰ ঔষধ নিৰ্মাতাই এশটা কেপচুলৰ বটল দুহেজাৰ টকাত বিক্ৰী কৰে৷ অনলাইনটো ই উপলব্ধ ৷ ইয়াৰ পাৰ্শ্বক্ৰিয়া হিচাবে ওকালি,পেটৰ গেছ আৰু শৌচ কচা হব পাৰে ৷ কদাচিত এলাৰ্জি হব পাৰে৷

(৬) - অন্যান্য কিডনিৰ উপযোগী বনৌষধিৰ সেৱন - উদাহৰণ হ'ল - চিনামন (ডালচেনি),জিনচেং, চালভিয়া, ডাণ্ডেলিয়ন, চিকৰি, চামোমাইল, নেটলি, পূনৰ্ণৱা,দূপৰ টেঙা ইত্যাদি ৷

উল্লেখ কৰা বনৌষধিসমূহ চিকিৎসকৰ তত্বাবধানত উচিত মাত্ৰাতহে সেৱন কৰাতো আৱশ্যকীয় ৷ ইয়াৰে প্ৰায়বোৰ বনৌষধি শৰীৰৰ ইমিউনিটি বঢ়ায় ৷ কিন্তু কোনো কোনোটোৱে আন আন ঔষধৰ (যেনে এন্টিকোএগুলেন্ট, এন্টিডায়েবেটিক, এন্টিহাইপাৰটেনচিভ দৰব) সৈতে Drug interaction কৰিব পাৰে ৷ মোৰ শেহতীয়া কিতাপ 'চিনাকি পাচলিৰ অচিনাকি গুণ'ত পূনৰ্ণৱা আৰু দূপৰ টেঙাৰ উপকাৰিতাৰ বিষয়ে বহলাই বৰ্ণনা কৰা হৈছে ৷ পূনৰ্ণৱাৰ টেবলেট আৰু চিৰাপ আয়ুৰ্বেদিক ফাৰ্মাচী সমূহত সহজে উপলব্ধ৷ ডালচেনি পাউদাৰ খোৰাক হ'ল দিনটোত আধা চামুচৰ পৰা এচামুচ ৷ এই পৰিমাণৰ বেচি খোৱাতো হানিকাৰক হব পাৰে ৷ ই কিডনিৰ ক্ৰিয়াৰ উন্নতি সাধে, প্ৰসাবৰ পৰিমাণ বঢ়ায় আৰু তেজৰ চুগাৰো নিয়ন্ত্ৰণত সহায়ক হয় ৷ ডালচেনি যি কোনো সময়তে লব পাৰে৷ চাহ, দৈ, মৌৰ সৈতেও মিহলাই ডালচেনিৰ গুৰি খাব পাৰে৷ ইয়াৰ কেপচুলো উপলব্ধ৷

কিডনিৰ স্বাস্থ্যৰ বাবে আপেল চিডাৰ ভিনেগাৰ আৰু অলিভ অইল উপযোগী খাদ্য পদাৰ্থ ৷ কিডনিৰ স্বাস্থ্যৰ বাবে আন লাগতিয়াল পাচলি আৰু ফল কিছুমান হ'ল - ৰেড পেপাৰ বেল (কেপচিকাম), নেমু, পিয়াঁজ, নহৰু, বন্ধাকবি,ফুলকবি, তিঁয়হ, তৰমুজ, বিন(যদিহে গাউট নাথাকে), আপেল, ৰেচবেৰী, ব্লোবেৰী, চেৰি ৷
* জীৱনশৈলীৰ সালসলনি কি কি কৰা উচিত ?
- মাংসপেশীত চাপ পৰা সকলো কঠোৰ অনুশীলন বাদ দিব লাগিব৷ 
-বুলৱৰ্কাৰ, কুস্তি, চাইকেলিংঙৰ সলনি খোজ কঢ়া,লঘু ব্যায়াম, আসন, সাঁতোৰ আদি গ্ৰহণ কৰিব লাগিব ৷ 
- টোপনি খতি নকৰি দিনটোত নিয়মীয়া ৭৷৮ঘন্টা বিশ্ৰাম কৰা প্ৰয়োজনীয় ৷
-সকলো ধৰণৰ ধূম্ৰপান পৰিত্যাগ কৰিব৷ ধপাতৰ নিকটিনে কিডনিৰ অহিত সাধে৷ উচ্চ ৰক্তচাপ কৰে৷


# দিনটোত আমি নিমখ কিমান গ্ৰহণ কৰা উচিত ?

এজন সুস্থ লোকে স্বাভাৱিক অৱস্থাত দিনটোত ১৫০০মিলিগ্ৰাম (অৰ্থাৎ এচামুচৰ সামান্য কম) নিমখ গ্ৰহণ কৰা উচিত ৷ বিভিন্ন অসুখ ভোগা ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিমখৰ পৰিমাণ ঠিৰাং কৰাতো বাঞ্চনীয় ৷ সাধাৰণ নিমখত ৭০শতাংশ চ'ডিয়াম আৰু ৩০শতাংশ ক্লৰাইড থাকে ৷ লো-চল্ট (Lo Salt)ত চ'ডিয়ামৰ সলনি থাকে প'টেচিয়াম ৷ প'টেচিয়ামে তেজৰ নলী শিথিল কৰি ৰক্তচাপ কমোৱাত সহায় কৰে ৷ সেয়ে বেচি উচ্চ ৰক্তচাপ থকা ৰোগীক চিকিৎসকে লো-চল্ট খাবলৈ পৰামৰ্শ দিয়ে ৷
প্ৰসংগক্ৰমে জনাওঁ যে আজিকালি বজাৰত উপলব্ধ নিমখবিলাক হ'ল আয়ডিনযুক্ত ৷ আয়ডিনৰ অভাৱত,গৰল,থাইৰয়েডৰ অসুখ,মস্তিষ্কৰ বিকাৰ হব পাৰে সেয়ে ভাৰত চৰকাৰে আইন অনুসৰি কেবল আয়ডিনযুক্ত নিমখহে বিক্ৰীৰ অনুমতি দিছে ৷


(লেখাটি নিয়মীয়া বাৰ্তাটো প্ৰকাশ পাইছে।  লেখকৰ নিজা বেৱচাইটঃ www.drbhupensaikia.com )

No comments:

Post a Comment