Saturday, April 1, 2017

চিন্তন

নমামি বহ্মপুত্ৰঃ কৰ্পৰেটক নদী বিক্ৰীৰ চক্ৰান্তৰ অংশবিশেষ নেকি?

ডা° অজিত কুমাৰ পটঙ্গীয়া

মানুহৰ দৈনন্দিন জীৱনত পানীৰ প্ৰয়োজনীয়তা কিমান সেইয়া সকলোৰে জ্ঞাত। দেখা গৈছে পৃথিবীৰ বহু অঞ্চলত পানী দিনে দিনে দুস্প্ৰাপ্য হৈ পৰিছে। সেয়েহে কোৱা হৈছে পৃথিবীত ভৱিষ্যতে যদি কেতিয়াবা তৃতীয় মহাসমৰ হয় সেইয়া হ'ব পানীৰ বাবে। ১৯৯৮ চনত পৃথিবীৰ ২৮খন দেশত পানীৰ অভাৱ আছিল আৰু ২০২৫ চনত এই সংখ্যা বাঢ়ি হ'বগৈ প্ৰায় ৬০ৰ ওচৰাওচৰি। কিছুদিনৰ আগতে আমেৰিকাৰ মহাকাশ সন্থা 'নাছা'ৰ বিজ্ঞানীসকলে উপগ্ৰহৰ জৰিয়তে কৰা অধ্যয়নৰ দ্বাৰা সকীয়নি দিছে যে আমেৰিকাৰ কেলিফ'ৰ্নিয়া ৰাজ্যৰ ভূগৰ্ভস্থ জলভাণ্ডাৰ ক্ৰমাৎ শুকাই টুটি অহাৰ ফলত নাগৰিক সকলৰ খোৱাৰ জোখাৰে মাত্ৰ এবছৰৰ বাবে পানী সঞ্চিত হৈ আছে। 'লছ এঞ্জেলছ টাইমছ' নামৰ কাকতখনৰ বাতৰি অনুসৰি ভূগৰ্ভস্থ পানী ব্যাপক হাৰত আহৰণ আৰু ব্যৱহাৰ কৰাৰ বিষম পৰিণতি অকল আমেৰিকাৰ কেলিফৰ্ণিয়াতে নহয়, বিশ্বৰ সকলো দেশৰ প্ৰত্যেকখন ডাঙৰ চহৰে ভোগ কৰিব লাগিব। নাছাৰ বিজ্ঞানী জে ফামিলগ্লিয়েটিয়ে কয় যে- যদি অচিৰে ঘৰুৱা, পৌৰ এলেকা, কৃষি আৰু ঔদ্যোগিক ক্ষেত্ৰত পানীৰ ব্যৱহাৰ নিয়ন্ত্ৰণ কৰা নহয় তেন্তে পৰিস্থিতি অধিক ভয়ঙ্কৰ হ'ব। যিটো সম্প্ৰতি কেলিফ'ৰ্নিয়াত আৰম্ভ হৈছে। আমাৰ অসমৰ গুৱাহাটী নগৰতো যধেমধে ভূগৰ্ভস্থ পানী ব্যাপক হাৰত আহৰণ আৰু ব্যৱহাৰ বাবে বহ অঞ্চলত পুখুৰী, কুঁৱা, অগভীৰ বা গভীৰ নলীনাদ আদিতো পানী কমি যোৱা, তললৈ নামি যোৱা বা শুকাই যোৱা দেখা গৈছে।



ভাৰতৰ নদী সংযোগ প্ৰকল্পৰ বাবে গঠন কৰা বিশেষ সমিতিখনৰ এখন গুৰুত্বপূৰ্ণ বৈঠকত কেন্দ্ৰীয় জলসম্পদ, নদী উন্নয়ন আৰু গংগা পুনৰুজ্জীৱিতকৰণ বিভাগৰ ৰাজ্যমন্ত্ৰী চনৱাৰ লাল জটে মানস-সোণকোষ-তিস্তা-গংগা নদী সংযোগ প্ৰকল্প অতি সোনকালে কাৰ্য্যকৰী কৰিবলৈ পৰিকল্পনা যুগুত কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁৰ মতে দেশক পানীৰ সঙ্কটৰ পৰা মুক্ত কৰিবলৈ ভাৰতবৰ্ষত নদীসমূহ সংযোগ প্ৰকল্পৰ অতিশয় আৱশ্যক আৰু এই বৃহ্য প্ৰকল্পৰ জৰিয়তে সমগ্ৰদেশক পানীৰ ক্ষেত্ৰত সঙ্কটমুক্ত কৰাৰ লগতে বানপানী হোৱা ঠাইসমূহক বানপানীৰ ক্ষয়ক্ষতিৰ পৰা ৰক্ষা কৰিব পৰা যাব। বাৰিষা জলসম্পদত সমৃদ্ধিশালী অসমকে ধৰি উত্তৰ-পূব ভাৰতৰ নদ-নদীৰ পানীৰে দক্ষিণ ভাৰতক সমৃদ্ধি কৰাৰ কথাও উল্লেখ কৰিছিল কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। উল্লেখযোগ্য যে মানস-সোণকোষ-তিস্তা-গংগা নদী সংযোগ প্ৰকল্প কেন্দ্ৰৰ তালিকাত থকা ৩০টা নদী সংযোগ প্ৰকল্লৰ পঞ্চমটো প্ৰকল্প; যিটো প্ৰকল্প ৰূপায়ণ কৰিবই বুলি প্ৰধানমন্ত্ৰী মোডীয়ে অসম ভ্ৰমণৰ সময়ত উল্লেখ কৰিছিল।  আনফালে ভাৰতৰ প্ৰসিদ্ধ নদীবিজ্ঞানীসকলে দেশৰ সমগ্ৰ নদী সংযোগ প্ৰকল্পৰ বিৰোধিতা কৰি কৈছে যে - এই সিদ্ধান্তই ভাৰতৰ খৰাং পৰিস্থিতিৰ বিশেষ কোনো পৰিবৰ্ত্তন নানে বৰং দেশলৈ বিষম পৰিণাম কঢ়িয়াই আনিব আৰু সেয়েহে চৰকাৰে এই ক্ষেত্ৰত আগবঢ়াৰ আগতে ইয়াৰ পুংখানুপুংখ অধ্যয়ন কৰা উচিত। মোডী চৰকাৰৰ এই কাৰ্য্যত যিকোনো মূল্যৰ বিনিময়ত প্ৰবল ভাবে বাধা দিয়াৰ হুংকাৰ দিছিল গণ মুক্তি সংগ্ৰাম, অসম আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আজি নমামি ব্ৰহ্মপুত্ৰ উৎসৱৰ গোপন উদ্দেশ্য হৈছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহক কৰ্পৰেটৰ ওচৰত বিক্ৰি কৰাৰ চক্ৰান্তৰ সপক্ষে জনমত গঢ়াৰ এক কৌশল। সেয়েহে আমি আলোচনা কৰিব বিচাৰিছো এই প্ৰকল্পসমূহে আমাৰ সাধাৰণ জনতাৰ কিমান উপকাৰ সাধিব?

এই নদীসংযোগ প্ৰকল্প (River Linking Programme)হৈছে বহতো প্ৰকল্পৰ এক সন্মিলিত ৰূপ। ইয়াৰ মূলত দুটা ভাগত বিভক্ত প্ৰকল্পসমূহৰ এটা হৈছে হিমালয়ৰ পৰা বৈ অহা নদীসমূহৰ মাজৰ সংযোগ প্ৰকল্প আৰু আনটো হৈছে দাক্ষিণাত্যৰ নদীসমুহৰ মাজৰ সংযোগ প্ৰকল্প। সংক্ষেপে প্ৰকল্পসমূহ এনেধৰণৰ-
(ক) হিমালয়ৰ নদীসমূহ লৈ প্ৰকল্প(Himalayan River Component)
(১)গঙ্গাৰ উপনদী আৰু শাখানদীৰ মাজত সংযোগ - গণ্ডক-গঙ্গা, ঘাঘৰা-যমুনা,  সাৰদা-যমুনা, কোশী-ঘাঘৰা আদি নদীসমূহৰ মাজত সংযোগ।
(২)গঙ্গাৰ উপনদীসমূহেদি উলিয়াই নিয়া পানী পূৰণ কৰিবলৈ ব্ৰহ্মপুত্ৰ পৰা পানী বোৱাই অনা হ'ব। ইয়াৰ বাবে দুটি সংযোগকাৰী খাল বনোৱাৰ কথা কোৱা হৈছে - (ক) মানস-সোণকোষ-তিস্তা-গঙ্গা সংযোগ আৰু (খ)যোগীঘোপা-তিস্তা-গঙ্গা সংযোগ। ইয়াৰ বাবে পাঁচটা ধাপত পানীক ১০০ মিটাৰ উচ্চতালৈ লৈ যোৱা হ'ব।

কেইবাটিও ডাঙৰ ডাঙৰ সংযোগকাৰী খাল বনোৱাৰ কথাওঁ ইয়াত কোৱা হৈছে। তাৰ ভিতৰত উল্লেখযোগ্য হৈছে - গঙ্গা-দামোদৰ-সুবৰ্ণৰেখা-মহানদী সংযোগকাৰী খাল। ফাৰাক্কাৰ পৰা সুন্দৰবনলৈকে অন্য এটা খাল বনোৱাৰ পৰিকল্পনাৰ কথাও কোৱা হৈছে।
(খ) দক্ষিণ ভাৰতৰ নদীসমূহ লৈ প্ৰকল্প
(১) মহানদী-গোদাবৰী-কৃষ্ণা-পেন্নাৰ-কাবেৰী নদীসমূহৰ মাজত সংযোগ।
(২) কেন-বেতওৱা, পাৰ্ব্বতী-কালিচিন্ধি-চম্বল, পাৰ-তাপি-নৰ্মদা, দমনগঙ্গা-পিনজাল ইত্যাদি নদীসমূহৰ মাজত সংযোগ।
(৩) পশ্চিম ফালে প্ৰবাহিত হৈ আৰব সাগৰত পৰা কিছুমান নদীক আংশিক ভাবে ঘুৰাই পূব ফালে প্ৰবাহিত কৰি বঙ্গোপ সাগৰত পৰা কিছুমান নদীৰ লগত সংযোগ কৰি দিয়া হ'ব। যেনে বেদী-বৰদা. নেত্ৰৱতী-হেমৱতী, পাম্বা-আছানকোদিল-ভাইপাৰ ইত্যাদি।
গোটেই প্ৰকল্পত ৩০টা সংযোগৰক্ষাকাৰী খাল আৰু সৰু ডাঙৰ মিলি ৩৪টা বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰা হৈছে।
এনে ধৰণৰ বৃহ্য প্ৰকল্প ভাৰতত এয়েই প্ৰথম। এই প্ৰকল্পৰ ফলত আমাৰ দেশৰ জনসাধাৰণে কি কি সুফল পাব সেই সম্পৰ্কে টাস্ক ফৰ্ছৰ চেয়াৰমেনে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ প্ৰভুৰ বক্তব্য - "A number of states have severe problems because of floods. River linking will end that. There will be more irrigation facilities. navigation facilities, specially in the east, north and north-east will improve. This will reduce pressure on transport facilities. Power generation could improve. The northeast could even export hydroelectric power. Then there is the employment issue. There could be 10 million new jobs a year, including spin-offs. Agriculture will benefit. In parts of India, agriculture is underdeveloped and the potential for improvement is highest. Besides horticulture could develop. There could be tourism and even fishery development."(The Statesman,6.8.03) অৰ্থ্যা এই নদী সংযোগ প্ৰকল্প ৰূপায়িত হ'লে বানপানীতো নাথাকিবই লগতে জলবিদ্যুৰ নাটনি নহ'ব, আনকি উত্তৰ-পূবে জলবিদ্যু ৰপ্তানি কৰিবও পাৰিব, নদী পৰিবহনৰে সামগ্ৰীক ভাবে পৰিবহন ব্যৱস্থাৰ উন্নতি হ'ব, খেতিয়কে জলসিঞ্চনৰ সুবিধা পাব, খেতিয়কৰ উৎপাদন বাঢ়িব, নিবনুৱাৰ বহুতে চাকৰি পাব, ফলমূলৰ পৰা মাছলৈকে উৎপাদন বাঢ়িব আৰু পৰ্য্যটন উদ্যোগৰ বিকাশ হ'ব ইত্যাদি।

নদী হৈছে প্ৰাকৃতিক পৰিঘটনা, পৰিবেশ তন্ত্ৰৰ এটা অংশ আৰু আমাৰ সমাজ, সভ্যতা, সংস্কৃতি, অৰ্থনৈতিক আৰু আধ্যাত্মিক ব্যৱস্থাৰ এৰাব নোৱাৰা অংগ। এই নদীসমূহ মানুহৰ নিজৰ সৃষ্টি নলা-নৰ্দমা নহয় যে ইয়াক মাজতে কাটিব, আকৌ যোৰা দিব, ঘূৰাই নিব। যিহেতু প্ৰকৃতিৰ বিভিন্ন সৃষ্টিৰ লগত সমন্বয় ৰাখি প্ৰকৃতিৰ নিয়ম-নীতিৰ মাজেৰে সৃষ্টি হোৱা নদীসমূহৰ এটা নিজস্ব গতিধাৰা, নিজস্ব জীৱন আছে, গতিকে কোনোবাই যদি নদীৰ সেই নিয়ম-নীতিবোৰৰ খেলিমেলি লগাই দিয়ে তাৰ সাম্ভাব্য বিপদৰ পৰা মানুহো সাৰি নাযাব। এই প্ৰকল্পৰ জৰিয়তে যিবোৰ নদ-নদী যুক্ত কৰাৰ কথা ভবা হৈছে, সেইবোৰৰ জলপ্ৰবাহৰ চৰিত্ৰ, পলসৰ পৰিমাণ আৰু চৰিত্ৰ, নদীৰ ঢাল, যিবোৰ অঞ্চলৰ মাজেৰে নদীবোৰ বৈ গৈছে তাৰ মাটিৰ চৰিত্ৰ, নদীৰ অববাহিকাৰ কীট-পতঙ্গ-স্থলজ আৰু জলজ উদ্ভিদ-জিৱ-জন্তু ইত্যাদিৰ বৈশিষ্ট, কৃষি-কৰ্ম্মৰ চৰিত্ৰ, অধিবাসীসকলৰ জীৱনধাৰণ প্ৰক্ৰিয়া প্ৰভৃতিৰ মাজত বহুতো বৈসাদৃশ্য বৰ্তমান। গতিকে নদীসমূহৰ এই সুকীয়া সুকীয়া বৈশিষ্ট্য লক্ষ্য নকৰি কোনো অবিবেচক হস্তক্ষেপে হাজাৰ হাজাৰ বছৰৰ প্ৰকৃতিক বিবৰ্ত্তনৰ মাজেদি যি স্বাভাৱিক পৰিবেশ গঢ়ি উঠিছে তাৰ মৰ্মান্তিক পৰিবৰ্তন ঘটি এই অঞ্চলসমূহলৈ এক চৰম বিপৰ্য্যয়, সৰ্বনাশ ভৱিষ্যত মাতি আনিব পাৰে। প্ৰকৃতিৰ ওপৰত এনে অবিবেচক হস্তক্ষেপে মাতি অনা বিভীষিকাৰ বহতো উদাহৰণ বিশ্বৰ বিভিন্ন দেশত সম্প্ৰতি দেখিবলৈ পোৱা গৈছে। 

ব্ৰহ্মপুত্ৰ-গঙ্গা অববাহিকাৰ সন্মিলিত আয়তন ১৪.৮০ লাখ বৰ্গকিলোমিটাৰ আৰু বছৰি জলপ্ৰবাহৰ পৰিমাণ হ'ল ৯৭ হাজাৰ কোটি ঘনমিটাৰ। ভাৰতবৰ্ষৰ জলসম্পদৰ শতকৰা ৬০ভাগ। কিন্তু এই জলসম্পদৰ প্ৰায় ৮০ ভাগ বৈ যায় জুনৰ পৰা চেপ্তেম্বৰলৈকে, এই চাৰিমাহ মাথো। যদিও বাৰিষা এই দুই নদীয়ে ভয়ঙ্কৰ ৰূপ ধৰি ইয়াৰ দুইপাৰৰ গাওঁ-নগৰ-চহৰ-জনজীৱনৰ ধ্বংসলীলাৰ সৃষ্টি কৰে, নদী বিশেষজ্ঞসকলৰ অধ্যয়ণৰ পৰা দেখা গৈছে যে ব্ৰহ্মপুত্ৰ আৰু গঙ্গা - এই দুয়োখন নদীৰে জলপ্ৰবাহৰ পৰিমাণ নানা কাৰণত প্ৰতি বছৰেই উদ্বেগজনক ভাবে কমি আহিছে। ইয়াৰ ফলত নদী দুখনৰ পলসৰ এটা বুজন অংশ সাগৰত পেলোৱাৰ ক্ষমতা কমি গৈছে। ফাৰাক্কাত গঙ্গাৰ জলপ্ৰবাহ কমাৰ ফলস্বৰূপে বিপন্ন হৈ পৰিছে কলিকতা বন্দৰ আৰু ভাগীৰথী-হুগলীৰ অৱবাহিকা। ইয়াৰ সমাধানৰ বাবে মানস-সোণকোষ-তিস্তা-গঙ্গা সংযোগকাৰী খালেৰে ব্ৰহ্মপুত্ৰৰ পৰা ৩৮০০ কোটি ঘনমিটাৰ পানী গঙ্গালৈ বোৱাই নিব খোজা হৈছে। 

চৰকাৰী বিশেষজ্ঞৰ বক্তব্য - যিহেতু বাৰিষা কালৰ ব্ৰহ্মপুত্ৰ আৰু গঙ্গাত অতিৰিক্ত পানী থাকে সেই অতিৰিক্ত পানী অন্য ঠাইলৈ বোৱাই নিলে ইয়াৰ অৱবাহিকাৰ অঞ্চলবোৰ বানপানীৰ প্ৰকোপৰ পৰা ৰক্ষা পৰিব। দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত যি সময়ত ব্ৰহ্মপুত্ৰ আৰু গঙ্গা অৱবাহিকাত প্ৰচুৰ বৃষ্টিপাত হৈ নৈ দুখন ফেনে-ফোটোকাৰে বাঢ়ি আহে, সেই একেটা সময়তে দক্ষিণ ভাৰতৰ নদী অৱবাহিকাতো প্ৰচুৰ বৃষ্টিপাত হৈ নৈ সমূহ বাঢ়ি আহে। গতিকে বাৰিষা পানীৰে ভৰি থকা মহানদী, গোদাবৰী আদিলৈ ব্ৰহ্মপুত্ৰ-গঙ্গাৰ পৰা খালকাটি পানী বোৱাই নিয়াৰ কোনো আৱশ্যক নাই। কাবেৰী আৰু ভায়গৈ নদী অৱবাহিকাত পানীৰ অভাৱ দূৰ কৰিবলৈ গোদাবৰীৰ পৰা পানী বোৱাই অনাই যথেষ্ট। দেখা গৈছে, আজিকালি খৰালি কালত ব্ৰহ্মপুত্ৰ-গঙ্গাত অতিৰিক্ত পানীতো দূৰৰে কথা, জলসঙ্কটহে হয়। দ্বিতীয়তে, এই প্ৰকল্প ৰূপায়িত হ'লে জলসংকটৰ তীব্ৰতা আৰু বৃদ্ধি পাব আৰু অৱবাহিকাৰ অঞ্চলসমূহলৈ চূড়ান্ত সৰ্বনাশ নামি আহিব। তৃতীয়তে, বাৰিষা কালত যেতিয়া ব্ৰহ্মপুত্ৰ-গঙ্গাত অতিৰিক্ত পানীৰে ভৰি থাকে, সেই সময়ত মহানদী আৰু গোদাবৰীতো অতিৰিক্ত পানীৰে ভৰি থাকে, গতিকে সেই সময়ত ব্ৰহ্মপুত্ৰ-গঙ্গাৰ পৰা মহানদী-গোদাবৰীলৈ পানী লৈ যোৱাৰ কোনো প্ৰয়োজন নাই। চতুৰ্থতে, নদীবোৰৰ গতিপথক গোটেইবছৰ প্ৰবাহমান কৰি ৰখাৰ বাবে বাৰিষাকালৰ জলস্ৰোতৰ প্ৰয়োজন আছে- এইয়া নদী বিশেষজ্ঞৰ কথা।

হিমালয়ৰ পাদদেশত ১৪০০ কিউচেকতকৈ বেছি পানী বহন কৰাৰ ক্ষমতা থকা খাল খণ্ডাতো প্ৰায়োগীকাৰণত সম্ভৱ নহয়। বানপানীৰ সময়ত ব্ৰহ্মপুত্ৰ আৰু গঙ্গাত সৰ্ব্বোচ্চ পানী বৈ যোৱাৰ ৰেকৰ্ড হৈছে যথাক্ৰমে ৭২৭২৬ কিউচেক(আগষ্ট, ১৯৬২) আৰু ৭৫৯০০ কিউচেক(চেপ্তেম্বৰ, ১৯৯৮)। এই বিপুল পৰিমাণৰ পানীৰ পৰা সামান্য ১৪০০ কিউচেক পানী আতৰাই নিলে সি বান প্ৰতিৰোধত কি ধৰনৰ সহায়ক হ'ব তাক বুজা কঠিন। ৰুৰকি বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য্য ড:ভৰত সিঙে এই প্ৰসঙ্গত কৈছে -"Any water resource engineer will immediately discard interlinking of rivers as a flood control measure." অথচ নদী সংযোগ প্ৰকল্পই দেশৰ বানপানীৰ সমস্যা সমাধান কৰিব বুলি কোৱা হৈছে।

এতিয়া আহিল জলসিঞ্চন ব্যৱস্থাৰ উন্নয়ণ। চৰকাৰে কৈছে এই পৰিকল্পনাৰ ফলত নতুনকৈ ৩ কোটি ৪০ লাখ হেক্টৰ মাটি জলসিঞ্চনৰ আওঁতালৈ আহিব। পিচে ১৯৫১ চনৰ পৰা ১৯৯০ চনলৈ জলসিঞ্চনৰ বাবে যি পৰিকাঠামো তৈয়াৰ কৰা হৈছিল তাৰ ব্যৱহাৰ হৈছে ৪৫ শতাংহে অৰ্থ্যা আধাতকৈয়ো কম। গতিকে ইতিমধ্যে জলসিঞ্চনৰ বাবে গঢ়ি তোলা পৰিকাঠামোসমূহৰ সম্পূৰ্ণকৈ ব্যৱহাৰ কৰিব পাৰিলে বহুত বেছি ভূমি জলসিঞ্চনৰ আওতালৈ আনিব পৰা যায়, তাৰ বাবে বিশেষ টকা খৰছ কৰাৰ প্ৰয়োজন নাই। আনহাতে ১৯৫১ চনৰ পৰা ১৯৯৬ চনলৈকে যি ২৪৬টা ডাঙৰ জলসিঞ্চন প্ৰকল্প আৰাম্ভ কৰা হৈছিল, অৰ্থৰ অভাৱত তাৰে মাত্ৰ ৬৫টা প্ৰকল্পহে সম্পূৰ্ণ হৈছে। গতিকে আৰু অধিক ভুমিক জলসিঞ্চনৰ আওতালৈ আনিবলৈ নতুনকৈ বৃহ্য পৰিকল্পনা গ্ৰহণৰ আগতে ইতিমধ্যে গৃহীত প্ৰকল্পসমূহতেই টকা খৰছ কৰি সম্পূৰ্ণ কৰাতো বেছি যুক্তিযুক্ত।

নদীবিজ্ঞানীসকলৰ মতে খৰালি কৃত্ৰিম ভাবে নিৰ্মিত খালসমূহেদি বৈ যোৱা পানীৰ ৬৬ভাগ পানী মাটি আৰু বায়ুৱে শোষণ কৰে। ইতিমধ্যে ব্যৱহাৰ হৈ থকা দেশৰ প্ৰতিষ্ঠিত জলসিঞ্চন প্ৰকল্পৰ খালসমূহৰ বেছি ভাগৰে পানী বহন ক্ষমতা ৩৮ৰ পৰা ৪০শতাংশ কমি গৈছে।  ভাৰতৰ বহু অঞ্চলত দেখা গৈছে যে সময় যোৱাৰ লগে লগে ইতিমধ্যে ব্যৱহাৰ হৈ থকা খালসমূহৰ বেছি ভাগৰে দুই পাৰ ভাঙি আৰু পানীৰ লগত প্ৰবাহিত পলস তাৰ গৰ্ভত জমা হৈ পানী বহন কৰিব পৰা ক্ষমতা ক্ৰমাত কমি আহিছে আৰু এটা সময়ত মেটাকাৰে ভৰা এক বন্ধ্যা জলভূমিত পৰিণত হৈছে।  ক্ৰমান্বে অগভীৰ হৈ অহা এই খালসমূহৰ পৰা জলসিঞ্চনতকৈ বানপানী হোৱাৰহে সম্ভাৱনা বাঢ়িছে। ইয়াৰ পাচতো আকৌ নদীসংযোগ প্ৰকল্পৰ জৰিয়তে হাজাৰ হাজাৰ মাইল খাল নতুনকৈ খণ্ডাৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছে।

মানস-সোণকোষ-তিস্তা-গঙ্গা খাল হৈছে দেশৰ সমগ্ৰ নদী প্ৰকল্পৰ এক সামান্য অংশ মাথোন। ইয়াৰ বাবে যি ২৭,০২০ হেক্টৰ মাটি অধিগ্ৰহণ কৰা হ'ব তাৰে ২০,০৫০ হেক্টৰ হ'ল বনাঞ্চল। জনবসতি থকা অঞ্চলৰ মাজেৰে যোৱা অংশৰ লোক সকল খাল আৰু বান্ধ বনোৱাৰ ফলত স্থানচুত্য হ'ব লাগিব। এই খালটোৱে তাৰ গতিপথত ৪৬ খন দক্ষিণমুখী সৰু-ডাঙৰ নদীক অতিক্ৰম কৰিব লাগিব। ইয়াৰ ফলত সেই নদীসমূহৰ স্বাভাৱিক গতিধাৰা ব্যাহত হৈ শেষ পৰ্য্যন্ত চৰম বিপৰ্য্যকৰ পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে। 

এইবাৰ খৰাংৰ কথা চোৱা যাওঁক। আমাৰ দেশত খৰাং দুই ধৰণৰ। এটা হৈছে বৃষ্টিপাতৰ পৰিমাণ প্ৰায় স্বাভাৱিক, কিন্তু পানী জমা কৰি ৰখা ব্যৱস্থাৰ অভাৱত খৰাং আৰু আনটো হৈছে বৃষ্টিপাত কম হোৱাৰ বাবে খৰাং। এই দুয়ো প্ৰকাৰ সমস্যাৰ সমাধান একেধৰণে কৰা নাযায়। প্ৰথমটো অৱস্থাৰ সমাধানৰ সৰ্বোত্তম উপায় হ'ল বাৰিষাৰ পানী জমা কৰি ৰখাৰ ব্যৱস্থা গ্ৰহণ, যিটো বিশেষজ্ঞৰ ভাষাত কোৱা হয়-"catch the catchment"। দ্বিতীয় ধৰণৰ খৰাংৰ কবলত পৰা অঞ্চলত বাহিৰৰ পৰা পানী বোৱাই নি খৰাং অৱস্থাৰ সৈতে মোকাবিলা কৰাৰ যি কথা কোৱা হৈছে, সি 'মৰুভূমিক ফলে-ফুলে জাতিস্কাৰ কৰিম' ধৰণৰ অৱাস্তৱ কল্পনা। যি অঞ্চলত প্ৰচুৰ পানী পোৱা যায়, সেই অঞ্চলত যি ধৰণৰ খেতি-বাতি কৰা হয়, খৰাং অঞ্চলতো তেনেধৰণৰ একে খেতি-বাতি কৰিব লাগিব বুলি কোনো কথা নাই। সেয়েহে বিশেষজ্ঞসকলে কৈছে যে ভাৰতৰ খৰাং প্ৰৱণ অঞ্চলসমুহত যি ধৰণৰ খেতি-বাতি, ফল-মূল হয়, সেই মাটিত অতিৰিক্ত পানীয়ে বিপৰীত ক্ৰিয়াহে কৰিব, কোনো সুফল নানে। কৃত্ৰিম ভাবে মানূহৰ জীৱনধাৰণৰ পদ্ধতি সলনি কৰিবলৈ গ'লে হাজাৰ হাজাৰ বছৰ ধৰি গঢ়ি উঠা জীৱনযাত্ৰা প্ৰণালী আৰু পৰিবেশগত ভাৰসাম্যক নষ্টহে কৰি পেলাব। ৰাজস্থান হৈছে ইয়াৰ এক জলন্ত উদাহৰণ।

এইখিনিতে আৰু এটা কথা আমি মনত ৰখা উচিত যে লাখ লাখ বছৰৰ প্ৰাকৃতিক বিবৰ্তন আৰু গুণগত পৰিবৰ্ত্তনৰ মাজেদি এটা বিশেষ অঞ্চলৰ জলবায়ু আৰু পাৰিপাৰ্শ্চিকতাৰ এক পৰিমণ্ডল গঢ়ি উঠে। ভিন ভিন অঞ্চলৰ আৱহাওৰ এই ভিন্নতা- সমন্বয়েদি গঢ়ি উঠিছে প্ৰকৃতিৰ এক স্বয়ংসম্পূৰ্ণ সত্বা। মানুহৰ জৰুৰী প্ৰয়োজনত আমি প্ৰকৃতিৰ এই সমন্বয়ক অজ্ঞানীভাবে হস্তক্ষেপ কৰাটো উচিত নে অনুচিত এই সম্পৰ্কে পৃথিবীৰ এজন মহান চিন্তাবিদ এঞ্জেলচে কৈছিল - "It required the labour of thousands of years for us to learn a little of how to calculate the more remote natural effects of our actions in the field of production, which has been still more difficult in regard to the more remote social effects of these actions."(Dialectics pf Nature, page 181)। সেই কাৰণে কোনো এটা বিশেষ শ্ৰেণীৰ মানুহৰ জৰুৰী প্ৰয়োজনৰ কথা চিন্তা নকৰি প্ৰকৃতিৰ স্বাভাৱিক গুণগত বৈশিষ্ট পৰিবৰ্ত্তন হ'ব পৰাকৈ কৰা কোনো কামৰ ক্ষেত্ৰত তাৰ তাৎক্ষণিক আৰু সুদূৰপ্ৰসাৰী ফলাফল সন্বন্ধে গুৰুত্বসহকাৰে বিজ্ঞানসন্মত মূল্যায়ণ কৰাৰ নিত্যান্তই প্ৰয়োজন। মৰুভূমি বা স্বাভাৱিক ভাবে খৰাং অঞ্চলসমূহত পানী বোৱাই আনি তাৰ প্ৰকৃতিগত বৈচিত্ৰৰ পৰিবৰ্ত্তন ঘটোৱাৰ প্ৰচেষ্টাৰ পূৰ্বে তাৰ সুদূৰপ্ৰসাৰী ফলাফলক অনুধাবন কৰাৰ প্ৰয়োজন। 

আগতেই উল্লেখ কৰিছো যে দেশত অধিক খাদ্য-শষ্য উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষত ইতিমধ্যে গঢ়ি তোলা জলসিঞ্চন ব্যৱস্থাৰ পূৰ্ণ ব্যৱহাৰ আৰু ইতিমধ্যে গৃহীত জলসিঞ্চন প্ৰকল্পসমূহ ব্যস্তবায়িত কৰাৰ মাজেৰে আৰু বহু এলেকাক জলসিঞ্চন ব্যৱস্থাৰ আওতালৈ অনা সম্ভৱ; তাৰ বাবে কেইবা লাখ কোটি টকা খৰছ কৰি ইমান বৃহ্য নদী সংযোগ প্ৰকল্প কৰাৰ কোনো আৱশ্যক নাই। যি সময়ত দেশৰ চৰকাৰী গুদামসমূহত কোটি কোটি টকাৰ খাদ্য-শষ্য জমা হৈ আছে, কোটি কোটি টকাৰ খাদ্য-শষ্য বৰষুণৰ পানী, পোক-পৰুৱাৰ আক্ৰমণত নষ্ট হৈ গৈছে, ঠিক সেই সময়তে দেশৰ কোটি কোটি মানুহ অনাহাৰে, অৰ্ধাহাৰে আছে। কাৰণ দেশত মূল্য বৃদ্ধিৰ ফলত সাধাৰণ শ্ৰেণীৰ মানুহৰ ক্ৰয় ক্ষমতা কমি গৈছে। আজি আমেৰিকাৰ নিচিনা দেশতো খাদ্য-শষ্যৰ বিচৰা দাম জনসাধাৰণে দিব নোৱাৰিলে বা বিশ্বত খাদ্যৰ অভাৱত মানুহ অনাহাৰে বা অৰ্ধহাৰে থাকিলেও বা মানুহ মৰি গ'লেও পুঁজিপতিয়ে খাদ্য-শষ্য জনসাধাৰণক বিনামূলীয়াকৈ নিদিয়ে, বৰং সেই অতিৰিক্ত খাদ্য-শষ্য সমুদ্ৰত পেলাই দিয়ে। আমাৰ দেশতো নদী সংযোগ প্ৰকল্পৰ জৰিয়তে খাদ্য-শষ্যৰ উৎপাদন বাঢ়িব বুলি ধৰি ললেও সেই খাদ্য-শষ্য সুলভমূল্যত জনসাধাৰণৰ হাতত যে পৰিব তাৰ সন্দেহ!

বিশ্বায়নৰ লগত সঙ্গতি ৰাখি ভাৰত চৰকাৰে নতুন আৰ্থিক নীতি গ্ৰহণৰ পাছৰে পৰা নতুন শিল্পনীতি, কৃষিনীতি, স্বাস্থ্যনীতি, ঔষধনীতি আদিৰ দৰে ২০০১ চনত গ্ৰহণ কৰা হৈছে জাতীয় জলনীতি। অন্যান্য নীতিত যিদৰে দেশি-বিদেশি ক'ৰ্প'ৰেট সন্থাসমূহক পূঁজি বিনিয়োগৰ আহ্বান জনাই দেশৰ তথাকথিত উন্নয়ণ প্ৰক্ৰিয়াত অংশগ্ৰহণৰ কৰাৰ কথা কোৱা হৈছে, জাতীয় জলনীতিৰ ক্ষেত্ৰতো তাৰ ব্যাতিক্ৰম হোৱা নাই। ২০০১ চনত গৃহীত জলনীতিত কোৱা হৈছে -"Private sector participation should be encouraged in the varous aspects of planning, development and management of the water resouraces projects for diverse uses. Private sector participation may help in introducing innovative ideas, generating financial resources and introducing corporate management in improving service efficiency and accountability to users. Depending upon the specific situations, various combinations of private sector participation in building. owning, operating, leasing and transferring of water resources facilities, may be considered." অৰ্থ্যা ক'ৰ্প'ৰেট সন্থাৰ অংশগ্ৰহণৰ ফলত নদীসংযোগ প্ৰকল্পলৈ সৃষ্টিশীলতা আহিব, কামত দক্ষতা আৰু দায়বদ্ধতা বাঢ়িব ইত্যাদি।

১৯৫১ চনত ভাৰতবৰ্ষত গড় হিচাবে প্ৰতিজন মানুহে ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ আছিল বছৰি ৩৪৫০ ঘনমিটাৰ, ১৯৯০ চনত তাৰ পৰিমাণ কমি হ'লহি ১২৫০ ঘনমিটাৰ আৰু ২০৫০ চনত ই আৰু কমি হ'বগৈ ৭৬০ ঘনমিটাৰ। অৰ্থ্যা পানীৰ দৰে এটা নিত্যব্যৱহাৰযোগ্য গুৰুত্বপূৰ্ণ বস্তু দিনে দিনে মহাৰ্ঘ্য হৈ পৰিবগৈ। জনসাধাৰণৰ বাবে ই দু:খবৰ হ'লেও ক'ৰ্পৰেট গোষ্ঠীসমূহৰ বাবে এক অত্যন্ত সুখবৰ। পানীৰ এই মহাৰ্ঘতাক তেওঁলোকে এক বৃহ বজাৰৰ সম্ভাৱনা হিচাবে দেখিছে আৰু ভৱিষ্যতে বিশ্বব্যাপী ক্ৰমবৰ্দ্ধমান এই পানীৰ ব্যৱসায়ৰ দ্বাৰা কোটি কোটি ডলাৰ আয় কৰিবলৈ পানীৰ গুৰুত্বপূৰ্ণ উৎসসমূহ দখল কৰা বা তাৰ ওপৰত নিয়ন্ত্ৰণ প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে। এই পানীৰ ব্যৱসায় ইমানেই গুৰুত্বপূৰ্ণ যে আজি বিশ বছৰ আগতেই ১৯৯৫ চনত বিশ্ববেঙ্কৰ উপ-সভাপতি ইচমাইল মেৰাগেলডিনে কৈছিল -"If these wars of this century were fought over oil, the wars of the next century will be fought over water."(The Economist, September 15, page 34)|

যদিও চৰকাৰৰ পৰা বিনামূলীয়াকৈ পানী যোগান পোৱাতো জনসাধাৰনৰ এক মৌলিক অধিকাৰ, বিশ্ববেঙ্কে হিচাব কৰি দেখুৱাইছে যে প্ৰতি বছৰে পানীক লৈ ১০ হাজাৰ কোটি ডলাৰৰ ব্যৱসায় হোৱাৰ সম্ভাৱনা। তাৰ বাবে আৱশ্যক প্ৰথমে দেশে দেশে নাগৰীকক বিনামূলীয়া পানী যোগানধৰাৰ যি ব্যৱস্থাসমূহ আছে তাৰ সমান্তৰালকৈ জোৰদাৰ ভাবে বেচৰকাৰী পানীৰ বজাৰ গঢ়ি তোলা। ফৰছুন নামৰ আলোচনীখনে বিভিন্ন তথ্যপাতিৰে প্ৰমাণ কৰি দেখুৱাইছে যে বৰ্ত্তমান বিনিয়োগকাৰীসকলৰ বাবে পানীয়েই হৈছে সকলোতকৈ লাভজনক ব্যৱসায়। মনচান্তোৰ দৰে সুবিশাল বহুজাতিক সংন্থায়েও কৈছে -"First we believe that discontinuties are likely, particularly in the area of water and we will be well positioned via these business to profit even more significantly when these discontinuities occur."(Sustainable Development Sector Stratergy - Monsanto, 1991, page-3)| 

বিশ্ববেঙ্কে পানীৰ ক্ষেত্ৰত ১৯৯০ চনত মেক্সিকো, আৰ্জেন্টিনা, চিলি, নাইজেৰিয়া আৰু মালয়েছিয়াত পানীৰ প্ৰকল্পৰ বেচৰকাৰীকৰণৰ কামত ঋণদানেৰে অংশগ্ৰহণ কৰা আৰাম্ভ কৰে। ঋণদানৰ চৰ্ত হিচাবে বিশ্ববেঙ্কে বহতো দেশক পানী যোগান ব্যৱস্থাক চৰকাৰৰ নিয়ন্ত্ৰণৰ পৰা মুক্ত কৰাৰ দাবী উত্থাপন কৰে। চিলিক ঋণদানৰ চৰ্তয়েই আছিল ফ্ৰান্সৰ পানীৰ কোম্পানী Suez Lyonnaise Des Eauxক ৩৩ শতাংশ লাভৰ ব্যৱস্থা কৰি দিয়াতো। ঋণৰ জালত আবদ্ধ হৈ পৃথিবীৰ নানা দেশে পানী যোগান বেচৰকাৰীকৰণ কৰিবলৈ বাধ্য হয়। ২০০০ চনত আইএমএফে যি ৪০টা ঋণ মঞ্জুৰ কৰিছে, তাৰ ভিতৰত ১২টাৰ ক্ষেত্ৰত চৰ্ত আছিল পানীক আংশিক বা সম্পূৰ্ণ বেচৰকাৰীকৰণ কৰিব লাগিব আৰু কোনো চৰকাৰী সাহাৰ্য্য দিয়া নচলিব যাতে ইয়াৰ সম্পূৰ্ণ খৰছ পানী ব্যৱহাৰকাৰীৰ পৰা আদায় কৰা হয়। বিশ্ববেঙ্কৰ চৰ্তৰ ফলত কাচাব্লাংকাত পানীৰ দাম বাঢ়ি যায় ৩ গুণ, ব্ৰিটেইনত বৃদ্ধি পায় ৬৭ শতাংশ। পানীৰ বাণিজ্যিকীকৰণৰ প্ৰতিবাদত নিউজিলেণ্ডৰ জনসাধাৰণ ৰাজপথত নামিবলৈকো বাধ্য হয়। ঋণ পোৱাৰ বাবে আফ্ৰিকাৰ চৰকাৰবোৰে ব্যাপকহাৰত পানী যোগানক বেচৰকাৰীকৰণ কৰিবলৈ বাধ্য হৈছে। ঘানাৰ অৱস্থা এতিয়া এনেকুৱা হৈছে যে দুখীয়া জনগণে তেওঁলোকৰ আয়ৰ ৫০ শতাংশ অকল পানীৰ বাবে ব্যায় কৰিব লগা হৈছে।

আজি বিশ্বব্যাপী ক্ৰমবৰ্ধমান এই পানী বিপনন কৰা হৈছে দুই প্ৰকাৰে। এটা হৈছে আজি যিমানবোৰ চৰকাৰী বা পৌৰ জল সৰবৰাহৰ ব্যৱস্থা দেশে দেশে চলি আছে তাক ব্যৱসায়ীকৰণ কৰাৰ যোগেদি পানী সৰবৰাহক লাভ অৰ্জ্জনৰ ব্যৱসায় হিচাবে ব্যৱহাৰ কৰা। আৰু আনটো হৈছে খোৱা পানীক মিনাৰেল ওৱাটাৰ নাম দি বটলত ভৰাই কৰা ব্যৱসায়, যিটো আজি ক্ৰমান্বে জনপ্ৰিয় হৈ উঠিছে প্ৰচাৰ মাধ্যমৰ জৰিয়তে যেন তাত অমৃতহে মিহলোৱা আছে। মিনাৰেট ওৱাটাৰৰ ব্যৱসায় দখলৰ প্ৰতিযোগিতাত আছে কোকাকোলা, পেপচিৰ পৰা টেমচ ওৱাটাৰলৈকে নানা বহুজাতিক কোম্পানি। ভাৰতীয় পানীৰ কোম্পানীসমূহেও নিজৰ সীমিত ক্ষমতাৰে এই প্ৰতিযোগিতাত নামি পৰিছে। ভাৰতত ৬০শতাশং পানীৰ বজাৰ পাৰলে বিচলেৰিৰ দখলত। তাৰ ওপৰিও গঙ্গা, তৃপ্তি, ডিউড্ৰপ, ওৱাচিচ আদি ভাৰতীয় কোমম্পানীৰ দখলত আছে প্ৰায় ২০ শতাংশ। কিছুমান ভাৰতীয় কোম্পানী বিদেশী কোম্পানীৰ লগত যৌথ ভাবেও পানীৰ বিপননত নামিছে। মনচান্তোৰ লগত ইউৰেকা ফোৰ্বছ আৰু টাটাৰ যৌথ উদ্যোগ আদিৰ দৰে বহু উদ্যোগ ইতিমধ্যে ভাৰতত কোটি কোটি টকাৰ ব্যৱসায় কৰিছে।

পানীৰ মুক্ত ব্যৱহাৰৰ যি হৈছে মানুহৰ ন্যায়সঙ্গত অধিকাৰ বৰ্ত্তমান ক'ৰ্পৰেটৰ চক্ৰান্তত হৈ পৰিছে টকা দি কিনিব লগা বজাৰৰ পণ্য। দেশী-বিদেশী ক'ৰ্প'ৰেটসকলৰ পানী সম্পৰ্কিত এই দৃষ্টিভঙ্গী প্ৰতিফলিত হৈছে আজি ভাৰত চৰকাৰৰ জলনীতিত। সেয়েহে চৰকাৰে আজি জাতীয় জলনীতিৰ অচিলাৰে ক'পৰেটক ৰঙাদলিচা পাৰি নদী সংযোগ প্ৰকল্পত অংশগ্ৰহণৰ বাবে আহ্বান জনাইছে এনেদৰে -"The private sector could boost hydroelectricity generation, navigation as well as irrigation projects by participating in this project. The private sector companies can also form user forums and even supply water for these projects."(Suresh Prabhu, Chairman, Task Force, Business Line, 12.02.2003)। মুঠতে দেশী-বিদেশী ক'ৰ্প'ৰেট সন্থাবোৰে এই নদী সংযোগ প্ৰকল্পত জল সৰবৰাহ, জলবিদ্যু উৎপাদন, জলসিঞ্চন প্ৰকল্প, পানী ব্যৱহাৰকাৰীৰ ফৰাম গঢ়ি তুলি তেওঁলোকৰ ওচৰত পানী বিক্ৰি ইত্যাদি সকলো কামেই কৰিব। আমাৰ দেশৰ ব্ৰহ্মপুত্ৰ, গঙ্গা, মহানদী আদি যিবোৰ নদী ইমান দিনে আছিল দেশৰ সম্পত্তি, দেশৰ জনসাধাৰণৰ সম্পত্তি, নদী সংযোগ প্ৰকল্পৰ অচিলাৰে সেইবোৰ হৈ পৰিব দেশী-বিদেশী ক'ৰ্প'ৰেটৰ সম্পত্তি, ধন অৰ্জ্জনৰ পথ।

ইতিমধ্যে ছত্তিচগড় ৰাজ্যৰ দুৰ্গ জিলাৰ বোৰাই অঞ্চললৈ পানী সৰবৰাহৰ বাবে শিবনাথ নদীৰ ২৩ কিলোমিটাৰ দৈৰ্ঘৰ এটা অংশ এটা কোম্পানীক লিজত দিয়া হৈছে। আগতে নদীখনৰ সেই অঞ্চলৰ বসবাস কৰা যিসকল লোকে নদীখনৰ পানী ব্যৱহাৰ কৰিছিল তেওঁলোকক সেই পানী ব্যৱহাৰ কৰিবলৈ দিয়া হোৱা নাই, আনকি তাত নমাতো নিষেধ কৰা হৈছে। পশ্চিমবঙ্গ চৰকাৰে সুন্দৰবনৰ নদীসমূহক বিশেষ কিছুমান উদ্দেশ্যত ব্যৱহাৰৰ চাহাৰা কোম্পানীক অনুমতি দিয়াৰ দৰে কেৰেলা চৰকাৰে পেৰিয়াৰ নদীৰ এটা অংশৰ পৰা পানী তুলি বিক্ৰি কৰাৰ অধিকাৰ দিছিল মাহিন্দ্ৰ এণ্ড মাহিন্দ্ৰ কোম্পানীক। এইদৰে নদী সংযোগ প্ৰকল্পৰ কাৰ্য্যকৰী কৰাৰ বহু আগৰে পৰাই দেশৰ চৰকাৰে নদীসমূহক ক'ৰ্পৰেটৰ হাতত তুলি দিয়াৰ কুছকাউৱাজ কৰি আহিছে। এতিয়া দেশৰ উন্নয়ণৰ নামত, 'চাইনিং ইণ্ডিয়া','মেক ইন ইণ্ডিয়া' বা 'অচ্চে দিন'ৰ নামত নদী সংযোগ প্ৰকল্পৰ জৰিয়তে দেশৰ পাহাৰ, পৰ্বত, নদ-নদী, খাল-বিল অৰ্থ্যা প্ৰকৃতিৰ সকলো মালিক কৰ্পৰেটবোৰৰ হাতত তুলি দিবলৈ আয়োজন চলাইছে চৰকাৰে।    

বৃহ্য নদীবান্ধসমূহক কৈ অহা হৈছে জলবোমা। দূখৰ কথা যে যিসকলে ইয়াৰ পৰিকল্পনা কৰিছে তেওঁলোকৰ ওচৰত ইয়াৰ তাৎক্ষণিক লাভৰ অংঙ্কটোৱেই ডাঙৰ, ভৱিষ্যতে ইয়াৰ ফলত কি হ'ব সেই বিষয়ে চোৱাৰ ইচ্ছা, ধৈৰ্য্য বা সময় কোনোটোৱেই তেওঁলোকৰ নাই। সেয়েহে সময় থাকোতেই আমি ভাৰত চৰকাৰৰ এই জনবিৰোধী প্ৰকল্পসমূহৰ বিৰুদ্ধে দেশীয় আৰু আন্তৰ্জাতিক পৰ্য্যায়ত প্ৰবল জনমত গঢ়ি তোলাতো আৱশ্যক। 
নিবন্ধকাৰ গুৱাহাটীৰ আমেৰিকান ডেন্টেল ক্লিনিকৰ সঞ্চালক। ফোন: ৯৪৩৫৭০৪০৯০

7 comments:

  1. ইমান সুক্ষ্ম বিশ্লষণৰে দাঙি ধৰা নিবন্ধ প্ৰতিখন অসমীয়া বাতৰি কাগজ, ইয়াৰ ইংৰাজী তৰ্জমা ভাৰতীয় বাতৰি কাকতবোৰত প্ৰকাশ পোৱা উচিত । অৱশ্যে মোৰ ধাৰণা, আটাইবোৰ বাতৰি কাগজে এই লিখনি প্ৰকাশ নকৰে । বৰ্তমানৰ ভাৰত চৰকাৰৰ যি কেইজন মানুহৰ বাবে এইবোৰ ঘটিবলৈ গৈ আছে, তেওঁলোকক নেদেখা জনে সুমতি দিয়ক । আমাৰ কেই জনৰ চকু মেল খোৱাই নাই । বাকী খিনি ভাবিব পৰা জ্ঞান কৰ পৰা হব ! যিটো প্ৰকৃতিৰ প্ৰকৃতি মানে ধৰ্ম সেইটো ঘটিবই । মানুহ এতিয়া নিমিত্ত । ধন-সম্পত্তিৰ মোহে মানুহক কিমান অন্ধ কৰিব পাৰে তাৰেই চৰম উদাহৰণ কৰপোৰেট গোষ্ঠী । আজিৰ সমাজৰ প্ৰধান শত্ৰু এইটোৱেই । বান নিয়ণ্ত্ণৰ নামত অসমত যিমানবোৰ মথাউৰি হল সেইবোৰৰ আয়ুসো শেষ । ইয়াৰে এটাও জল বিদ্যুত প্ৰকল্প হিচাবে গঢ়িব নিদিলে । এইটো ভাৰত চৰকাৰৰ আৰম্ভনীৰ চৰকাৰৰ উদ্যোগতেই হোৱা যেন লাগে । বাকী চৰকাৰ সমূহে হলা গছ দেখি বাগী কুঠাৰ মাৰি খৰি গোটোৱাত লাগিছে । আমাৰ চৰকাৰৰ ৰাজনীতিবীদবোৰ দুৰ্বল চৰিত্ৰৰ, দূৰ-দৃষ্টিহীন । বেজীৰ জলঙা মনে, কুঠাৰৰ জলঙা নমনা মানুহ । অসম অ সম হৈয়ে থাকিব । মানুহে দুৰ্ভোগ ভূগিবই যদিহে সময় থাকোতেই মাত নামাতে । একোটা নতুন নতুন প্ৰকল্পিত সমস্যাৰে জন-সাধাৰণৰ দৃষ্টিক আঁতৰাই ৰখা কৌশল সৃষ্টিত ব্যস্ত এই চাম ৰাজনীতিকে নিজৰ আহিব ধৰা স্বজনৰো শত্ৰু । খাদ্য উত্পাদন প্ৰক্ৰিয়া যেতিয়া ব্যাহত হব উত্পাদন কাৰীয়ে প্ৰথমে নিজৰ ভোকলৈ চিন্তা কৰিব । তেতিয়া সমগ্ৰ পৃথিবীৰ যিকোনো তথ্য-প্ৰযুক্তিৰে ভোক নামৰ আদিম-অনন্ত শেষ নোহোৱা ভোকক সলনি কৰিব নোৱাৰিব আৰু তাৰ পৰিণামো ভূগিব । মোৰ আশা প্ৰকৃতিয়ে এই ব্যৱস্হা ৰোধৰ কাম নিজেই হাতত লব । আমৰ হাতত আৰু যে উপায় নাই ।

    ReplyDelete
    Replies
    1. মন্তব্যৰ বাবে আন্তৰিক ধন্যবাদ জনালো।

      Delete
  2. আপুনি বৰ সুনদৰ কে লিখিলে৷ ধন্যবাদ৷

    ReplyDelete
    Replies
    1. আন্তৰিক ধন্যবাদ জনালো।

      Delete
  3. আন্তৰিক ধন্যবাদ জনালো...

    ReplyDelete
  4. Replies
    1. আন্তৰিক ধন্যবাদ জনালো

      Delete