মুকলি চিন্তাঃ নাহিদ, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ :: চৈয়দ আইনুল হক চৌধুৰী - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মুকলি চিন্তাঃ নাহিদ, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ :: চৈয়দ আইনুল হক চৌধুৰী

মুকলি চিন্তাঃ নাহিদ, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ :: চৈয়দ আইনুল হক চৌধুৰী

Share This
নাহিদ, ইছলামিক মৌলবাদ আৰু হিন্দুত্ববাদ
চৈয়দ আইনুল হক চৌধুৰী
নাহিদ আফ্ৰিন৷ অসমৰ সংগীত জগতৰ নৱতম সংযোজন অতি কম বয়সতে অসমৰ চুকে কোনে জনপ্ৰিয়তা অৰ্জন কৰা শিশু নাহিদ অসমৰ এক বৃহৎ প্ৰাপ্তি বুলি কলেও বঢ়াই কোৱা নহ’ব৷ নাহিদ এতিয়া মুছলিম কন্যা হৈ থকা নাই নাহিদ এতিয়া দেশৰ সুযোগ্য সন্তান৷ নাহিদৰ বিৰুদ্ধে ফটোৱা জাৰি কৰাৰ আজিৰ সমাজত কাৰোৰে অধিকাৰ নাই৷ নাহিদৰ সংগীত প্ৰতিভাক আমি এতিয়া আগবঢ়াই নিয়াৰহে পদক্ষেপ লব লাগে৷ বিশ্ব দৰবাৰত নিজৰ চাপ ৰাখি থৈ যোৱা অসম সন্তান প্ৰয়াত ভূপেন হাজৰিকা, পাপন, জুবিনৰ পিছত আমি আশা কৰিব পাৰো নাহিদৰ এক সবল খোজ৷ নাহিদক সেই পৰ্য্যায়লৈ নিব লাগিব অসমবাসীয়ে৷


এতিয়া মূল কথালৈ আহো বিশ্বৰ ইছলাম সমাজক পদে পদে লজ্জানত কৰা ‘মোল্লা- মৌলবীৰ ইমান সাহস কেনেকৈ হ’ল নাহিদৰ অনুষ্ঠান বৰ্জনৰ আহ্বান দিয়াৰ৷ প্ৰ বৰ্তমান সমগ্ৰ অসমৰ জনমানসত সবলভাৱে উত্থাপন হৈছে৷ নাহিদৰ প্ৰস্তাৱিত সাংস্কৃতিক অনুষ্ঠানক ছৰিয়ৎ আইনৰ কথা কৈ  বৰ্জনৰ আহ্বান দিয়াটো আজিৰ পৰিস্থিতিত কেনে এক জঘন্য কাৰ্য্য সেয়া সকলোৱে মৰ্মে মৰ্মে উপলব্ধি কৰিছে৷ কৰ পৰা সাহস পালে এই অপশক্তিয়ে? এই অপশক্তিয়ে মুছলমান সমাজক কোন দিশে আগবঢ়াই নিব?  এই জঘন্য কাৰ্য্যৰ বিৰুদ্ধে কণমানি নাহিদে সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত এটি আৰাবীক ভাষাৰ গান গাই ভণ্ড মোল্লা-মৌলবীৰ মুখত ইতিমধ্যেই চূন সানিছে৷

তাৰ পিছৰ মন্তব্য খিনি শুনিলে সামন্যতম মানৱতাবোধ থকা মানুহৰ হৃদয় বেদনাসিক্ত কৰি তুলিবলৈ যথেষ্ট৷ শংকৰ-আজানৰ দেশত শেহতীয়াভাৱে উত্থান হোৱা সুবোধ বিশ্বাস আৰু মোল্লা মৌলবীৰ অতপালি অসমবাসীয়ে আৰু কিমান সহ্য কৰিব৷ অলপ দিন আগতে চিলাপথাৰত অতপালি কৰি যোৱা সুবোধ বিশ্বাসক আজিলৈ গ্ৰেপ্তাৰ কৰিব নোৱাৰা ‘জাতি মাটি আৰু ভেটি’ৰ সৰ্বানন্দ চৰকাৰে নাহিদৰ অনুষ্ঠান বৰ্জনৰ আহ্বান দিয়া ৪৬ জন তথাকথিত মৌলবীক ৰঙাঘৰত ভাত খুওঁৱাব পাৰিবনে? এওঁলোকক দৃষ্টান্তমুলক শাস্তি দিয়াৰ সময় কিন্তু সমাগত৷ হিন্দুত্ববাদৰ নাম লৈ ক্ষমতালৈ অহা সৰ্বা চৰকাৰক আহ্বান কৰো এই সুযোগতে অসম সন্তান নাহিদলৈ ভাবুকি কঢ়িয়াই অনা এনে মৌলবাদী শক্তিক এসেকা দি  অসমবাসীৰ হৃদয জয় কৰক৷ এনে কৰিলে ক্রমশঃ শক্তিশালী হ’ব ধৰা  ইছলামিক মৌলবাদী শক্তিৰ সাহস লোপ পাব৷ লগতে সৰলমনা মুছলমান সমাজে মোল্লা-মৌলবীৰ তথাকথিত ভণ্ডামিৰ পৰা মুক্ত হৈ এক স্বাধীন জীৱন যাপনৰ সুবৰ্ণ সুযোগ পাব৷ ধৰ্মীয় গোড়ামীৰ পৰা এতিয়াও অসমৰ সৰ্বাধিক মুছলমান জনতাই মুক্তি লাভৰ আশা মনত পুহি ৰাখিছে৷ কিন্তু সামাজিক পৰিকাঠামো আৰু অন্য কিছুমান কাৰকৰ বাবে মৌন  হৈ থাকিব লগা হৈছে৷ ধৰ্মীয় বিশুদ্ধিকৰণৰ নামত সমগ্ৰ ইছলাম ধৰ্ম বৰ্তমান অধোন্নতিৰ পথত৷ ক্রমশঃ এই চিৰন্তন বাস্তৱ বহু ইছলাম ধৰ্মৰ লোকে বুজি উঠিছে৷ এই সুযোগ এতিয়া চৰকাৰে মুকলি কৰি দিয়াৰ সময়৷ এবাৰ যদি এই মৌলবাদক কঠোৰ হাতেৰে দমন কৰাৰ সাহস দেখুৱাই তেনে অৱস্থাত সৰ্বা চৰকাৰে বিৰোধিতাতকৈ বহু মুছলমানৰ আস্থা যে জয় কৰিব সেয়া নিশ্চিত৷ 

এসময়ত  ইছলাম ধৰ্মৰ উৎপত্তি স্থল আৰবত বিজ্ঞান, প্ৰযুক্তি বিদ্যা, ভূগোল, গণিত, চিত্ৰকলা, সাহিত্য, ভাস্কৰ্য্য, সংগীত, স্থাপত্য, জ্যেৰ্তিবিদ্য সকলো দিশতে বিশ্বৰ ভিতৰতে আগৰণুৱা আছিল৷ সেয়া নৱম তেৰশ শতিকাৰ মাজৰ কথা৷ এনে এক জয় জয় ময় ময় অৱস্থাৰ সময়তে আৰবৰ একাংশ মৌলা-মৌলবীৰ প্ৰভুত্ব প্ৰতিষ্ঠা বাসনাত ইছলাম ধৰ্মলৈ আহিল ধৰ্মীয় বিশুদ্ধাচাৰণ৷ উপৰিউক্ত আধুনিক বিজ্ঞানমনস্থ চিন্তাই ইছলাম ধৰ্মৰ লোকক আল্লাৰ পৰা বিচ্যুত কৰা বুলি এক ভ্ৰান্ত ধাৰণা সৃষ্টি কৰি ক্রমশঃ মৌলবাদৰ পিনে ধাৱমান কৰিলে বিশ্বৰ ইছলাম ধৰ্মৰ লোকৰ শিশু আৰু  যুৱকৰ মনত এনে একক গোড়া চিন্তাৰ বিষ ৰোপন কৰাৰ ফলত আজি ইছলাম ধৰ্ম মৌলবাদৰ কৰাল গ্ৰাসত নিমজ্জিত৷ ইছলামিক ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ দৰে অলীক কল্পনাত বিভোৰ কৰি বহু যুৱক ধাৱমান হৈছে এক অনিশ্চিত ভৱিষ্যতৰ দিশে৷ ৰক্ত পিপাসু হৈ উঠিছে শান্তিত বিশ্বাসী ইছলামৰ একাংশ যুৱক৷ বিশ্বৰ বিভিন্ন প্ৰান্তত ঘটিছে অমানৱিক দুষ্কাৰ্য্য৷ উদাহৰণ নিষ্প্ৰয়োজনীয়৷ এনে এক  পৰিস্থিতিত ক্রমষঃ বিশ্বৰ মানচিত্ৰত ইছলাম ধৰ্মৰ লোকসকলক ঘৃণাৰ পাত্ৰ হৈছে৷ সকলো দিশত উলুৰ লগত বগৰী পোৰাৰ দৰে ক্ষতিগ্ৰস্থ হৈছে এনে অপশক্তিৰ পৰা হাজাৰ মাইল দুৰৈত থকা শিক্ষিত আৰু উদাৰ ইছলামিক লোক সকলকো ইখন দেশৰ পৰা সিখন দেশলৈ উচ্চশিক্ষিত ইছলাম ধৰ্মী যুৱক-যুৱতী উচ্চ খাপৰ কৰ্মসংস্থানত যোগদান কৰাত বাধাগ্ৰস্ত হৈছে৷ সকলোৱে সন্দেহৰ দৃষ্টিৰে চোৱাৰ ফলত ইছলাম ধৰ্মী উদাৰ লোকৰ বাবে এক মহা সংকট দেখা দিছে৷ তাৰ মাজত আমাৰ দেশতো ক্রমশঃ বৃদ্ধি পাইছে মৌলবাদী চিন্তা৷ অপৰাধ প্ৰৱণতা ইছলামিক স্থান প্ৰতিষ্ঠাৰ অলীক যুজ এখনত জপিয়াই পৰিছে বহু নতুন প্ৰজন্ম৷ ইয়াৰ মুলতে কিন্তু মোল্লা-মৌলবীৰ তথাকথিত ইছলাম ধৰ্মৰ বিশুদ্ধচাৰণ৷ আল্লাই শেষ কথা বুলি মুৰত এওঁলোকে সুমুৱাই দিছ এই মোল্লা মৌলবী সকলে৷ এই প্ৰক্রিয়া আৰম্ভ কৰিছে জ্বলচা তবলিকী জামাত খাৰেজীয়া মাদ্ৰছাৰ দৰে মঞ্চৰ পৰা দেশত সৰ্বাধিক সময় শাসনত থকা কংগ্ৰেছ দলৰ মুছলিম তুস্থিকৰণ ৰাজনীতিৰ বাবেও এনে শক্তিয়ে পুুলি পোখা মেলি এতিয়া ঠন ধৰি উঠিছে৷ আমাৰ এই পাৰিপাৰ্শ্বিক দিশৰ লগত অলপো খাপ নোখোৱা ব্যৱস্থা কিছুমান আদৰি আনিছে মোল্লা-মৌলবীসকলে৷ ইছলাম ধৰ্মৰ লোকে দাঢ়ি ৰাখিবই লাগিব৷ কুৰ্তা পায়জামা পিন্ধিবই লাগিব৷ মুৰত সকলো সময়তে টুপি থাকিবই লাগিব মহিলাসকলো বৰ্বাখা পিন্ধিবই লাগিব এনেবোৰ কাৰ্য্যই আজি বহু বছৰ আগৰ পৰাই দেশৰ অন্য ধৰ্মৰ লোকৰ পৰা ইছলামক দুৰলৈ ঠেলি দিছে৷ অন্য ধৰ্মৰ দৃষ্টিত সমাজৰ এনে ‘প্ৰতীকী’ ৰূপটো কেতিয়াওঁ গ্ৰহনযোগ্য হোৱা নাই৷ ধৰ্মীয় কাম কাজত এনে সাজ-পাৰ গ্ৰহণ কৰিব পাৰি সমাজ জীৱনৰ সকলো কাম-কাজ কৰ্মস্থলত এনে এক ‘প্ৰতীকী’ ৰূপ কেতিয়াওঁ গ্ৰহনযোগ্য হ’ব নোৱাৰে৷ আজমল বাহিনীয়ে অসমত এনে কাৰ্য্য যেতিয়া বিধান সভাৰ মজিয়ালৈও লৈ গ’ল তেতিয়াই গা-কৰি উঠিল হিন্দুত্ববাদ৷ বিধান সভাত দাড়ি, টুপী, কুৰ্তা, পায়জামা, লুঙী আৰু বৰ্বাখা পিন্ধি প্ৰবেশ কৰাৰ লগে লগে অসমীয়া সমাজৰ মাজত কাস্মিন কালেও নথকা বিভেদকামী মনোভাৱ গঢ় লৈ উঠিল৷ তাৰ পৰিণতিত আজি হিন্দুত্ববাদৰ জয়জয় ময়ময় অৱস্থা৷ কিন্তু কোনো কাৰণতে অসমৰ সকলো মুছলমানৰ প্ৰতিনিধি নহয় এই ভণ্ড মোল্লা-মৌলবী আৰু আজমল বাহিনী আমি এনে মৌলবাদৰ কোনোবাকণো সমৰ্থক নহয়৷ ঠিক একেদৰে আৰ. এছ. এছ.ৰ দৰে মৌলবাদী শক্তিৰো মুল আধাৰ হিন্দু ধৰ্মৰ বিশুদ্ধীচাৰণ হিন্দু ধৰ্মক ধৰ্মীয় কৰাল গ্ৰাসত ৰাখি বিশ্বৰ উদাৰ চিন্তা ধাৰাত সমাজ প্ৰতিষ্ঠাৰ বিৰুদ্ধে সকলো ধৰণৰ বিষবাষ্প এৰি দিয়াত কৃপণালি নকৰে আৰ. এছ. এছ. দৰে মৌলবাদী শক্তিয়ে৷ এই দুই মৌলবাদী শক্তিৰ শেহতীয়া কাণ্ডৰ অন্যতম উদাহৰণ ‘চিলাপথাৰ কাণ্ড’ আৰু নাহিদ আফ্ৰিনৰ বিৰুদ্ধে ছৰিয়ৎ আইনৰ নাম লৈ অনুষ্ঠান বৰ্জনৰ আহ্বান জনোৱায় অতি লক্ষনীয়ভাৱে দুয়োটা অপকৰ্মৰ বিৰুদ্ধে গৰজি উঠিছে সমগ্ৰ অসমীয়া জাতি৷ ই এক শুভলক্ষণ৷ এনে অপশক্তিক কলিতে মোহাৰি শংকৰ আজানৰ দেশত কালিমা সনাৰ বিৰুদ্ধে সমাজ আৰু চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা উচিত৷ এয়াই উপযুক্ত সময় দুই মৌলবাদী শক্তিক বুজি উঠাটো সহজ হৈছে সকলোৰে বাবে৷ বিভিন্ন ৰাজনৈতিক সমীকৰণৰ বাবে দেশত একক সংখ্যগৰিষ্ঠ দল হিচাপে শাসন চলোৱাৰ সুযোগ নোপোৱা বিজেপি দলে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ বাবে হিন্দুত্ববাদৰ শ্লোগান দি চৰকাৰ গঠন কৰিছে৷ কিন্তু সেই শ্লোগানৰ এয়াই শেষ সীমা৷ চিৰদিন এই শ্লোগানেৰে চৰকাৰত থকা অসমম্ভৱ দেশত উন্নয়নৰ গতি ত্বৰান্বিত কৰাৰ স্বাৰ্থত সম্প্ৰীতিৰ এনাজৰী শক্তিশালী কৰাৰ অতিকৈ প্ৰয়োজন৷ শান্তি-সম্প্ৰীতিৰ পৰিবেশ অবিহনে সৰ্বাগীন উন্নতি অসম্ভৱ৷

মোদী চৰকাৰে উত্তৰ প্ৰদেশকে ধৰি চাৰিখন ৰাজ্যত শাসনভাৰ লোৱাৰ সুযোগ পাই এতিয়া নতুন শ্লোগান দিছে নিউ ইণ্ডিয়া৷ এই শ্লোগানৰ সাৰ্থক ৰূপ তেতিয়াহে সম্ভৱ হ’ব যেতিয়া দেশত হিন্দু আইন, মুছলমান আইন, খ্ৰীষ্টীয়ান আইনৰ দৰে আওপুৰণি মধ্যযুগীয় আইনবোৰ উঠাই সকলোৰে বাবে এখন আধুনিক আইন প্ৰৱৰ্তন কৰা৷ আমাক নালাগে মুছলিম পাৰ্চনেল ল বোৰ্ড৷ আমাক নালাগে নিকাহ ব্যৱস্থা যত লুকাই থাকে তিনি তালাকৰ দৰে মধ্যযুগীয়া ধাৰণা৷ ঠিক একেদৰে হিন্দু, খ্ৰীষ্টীয়ান বা অন্য ধৰ্মৰো কু-সংস্কাৰবোৰৰ পৰা দেশক মুক্ত কৰাৰ সময় সমাগতা৷ শেষত ৰাজ্যত সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ মুকলি আহ্বান হিন্দু তুস্থিকৰণ-মুছলিম তুস্থিকৰণৰ দৰে সংকীৰ্ণ ৰাজনীতিৰ উৰ্দ্ধত উটি সমাজৰ অপশক্তিক দমন কৰক৷
লেখকৰ ফোনঃ ৯৪৩৫১ ৯৭৮৩১

No comments:

Post a Comment