Tuesday, February 28, 2017

চিন্তন

ভাৰতৰ ‘চেক্যুলাৰ’ চৰিত্র নষ্ট হোৱাৰ পথত নেকি?
ৰক্তিম গোস্বামী
ভাৰতবৰ্ষৰ জন্মগাথাঁ জটিল, ৰক্তাক্ত। অনৈক্যৰ মাজত ঐক্যৰ ভাৰতবৰ্ষৰ গৌৰৱৰ কাৰণ যদিওঁ এই গৌৰৱৰ বাবদ ভাৰতবৰ্ষয়ে দিবলগীয়া হৈছে সময়ে সময়ে যথোচিত মূল্য। ধৰ্মীয়, জনগোষ্ঠীয়, ভাষিক ভিন্নতাৰে পৰিপূৰ্ণ ভাৰতবৰ্ষৰ আজিৰ সংবিধানখন পৃথিবীৰ সবাতোকৈ বিশদ চেক্যুলাৰ বা ধৰ্মনিৰপেক্ষ সংবিধান। সংবিধান প্রণেতাসকলে সংবিধান প্রণয়নৰ সময়ত ভাৰতীয় সংবিধানক এই চেক্যুলাৰ বা ধৰ্মনপেক্ষ চৰিত্র দিবলৈ বহু কাৰণত দ্বিধাবোধ কৰিছিল যদিওঁ ১৯৭৬ চনৰ জৰুৰীকালীন অৱস্থা চলি থকাৰ সময়তে সংবিধানৰ ৪২তম সংশোধনীৰ জড়িয়তে ‘চেক্যুলাৰ’ শবদটো ভাৰতীয় সংবিধৰ প্রস্তাৱনাৰ অৰ্ন্তভূক্ত কৰে।প্রকৃততে ধৰ্মনিৰপেক্ষ বা চেক্যুলাৰ শব্দটোৰ সঠিক অৰ্থকলৈ কিছু মতবিৰোধ দেখা যায় যদিওঁ সাধাৰণতে এই শব্দৰ অৰ্থ হৈছে যে ৰাষ্ট্রৰ কোনো নিজা ধৰ্ম নাথাকিব বা ধৰ্মৰ ভিত্তিত ৰাষ্ট্রই কোনো বিশেষ ধৰ্মৰ পৃষ্ঠপোষকতা নকৰিব অথবা চৰকাৰী নীতি পৰিচালনা কৰোতে ই ধৰ্মীয় নীতি নিয়মৰ পৰা মুক্ত হ’ব লাগিব।প্রত্যোক নাগৰিকৰ নিজ ধৰ্ম উপাসনা, প্রচাৰ বা প্রসাৰৰ অধিকাৰ থাকিব।চেক্যুলাৰাজিমৰ ওপৰত ভেংকটৰমনৰ মন্তব্য উল্লেখনীয়, তেওঁৰ মতে- “A state is secular neither religious,nor anti-religious but is wholly detached from religious dogmas and activities and thus neutral in religious matters.” 

ভাৰতবৰ্ষৰ সংবিধানৰ বিভিন্ন অংশ আৰু অনুচ্ছেদত ধৰ্মনিপেক্ষতাৰ আদৰ্শক অনুধাৱনৰ অৰ্থে বিভিন্ন বিষয় সন্নিবিষ্ট কৰা হৈছে।ভাৰতবৰ্ষত সাৰ্বজনীন নাগৰিকত্ব আৰু ভোটাধিকাৰৰ আদৰ্শক গ্রহণ কৰা হৈছে।জনগণৰ এই ৰাজনৈতিক পৰিচয়কৰণ প্রক্রিয়াত সংবিধানে কোনো জাতি, ধৰ্ম, ভাষা আদিক ভিত্তি হিচাপে লো‍ৱা নাই। সংবিধানৰ ১২-৩৫ অনুচ্ছেদত মৌলিক অধিকাৰ সন্নিবিষ্ট কৰা হৈছে আৰু এই অধিকাৰসমুহৰ ভিতৰত সমতাৰ অধিকাৰ ভাৰতত ধৰ্মনিৰপেক্ষতাৰ আদৰ্শক প্রতিষ্ঠা কৰাৰ ক্ষেত্রত সবাতোকৈ উল্লেখনীয়।বৃটিছ সংবিধানৰ আৰ্হিত ভাৰতত প্রতিষ্ঠা কৰা ‘আইনৰ শাসন’ৰ নীতিয়ে সমতাৰ অধিকাৰৰ ভিত্তি।তাৰোপৰি ভাৰতীয় সংবিধানৰ ২৫- ২৮ নং অনুচ্ছেদে ধৰ্মৰ অধিকাৰক মৌলিক অধিকাৰৰ মৰ্যদা দিছে।ইয়াৰ উপৰিওঁ সংবিধানৰ ৪৪ নং অনুচ্ছেদ(Uniform Civil Code), ৫১(ক)ৰ মৌলিক কৰ্তব্য আদিওঁ উল্লেখনীয়।

বিষাদৰ কথা এয়াই যে আক্ষৰিকভাবে ভাৰতীয় সংবিধানৰ ‘চেক্যুলাৰ’ আদৰ্শ আৰু ইয়াক অনুধাবনৰ বাবে সংবিধানত নানা বিধি বিধান আছে যদিওঁ বাস্তব ক্ষেত্রত এইবোৰৰ উপযোগিতা মুঠেই সন্তোষজনক নহয়। ভাৰতবৰ্ষত সময়ে সময়ে অথবা নিতৌ এনে কিছু ঘটনা সংঘঠিত হৈ আহিছে যি ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতাৰ ভেটিক কিমান সৱল তাক লৈ বাৰম্বাৰ প্রশ্ন উথ্থাপন কৰে।তাৰে কিছু লেখত ল’বলগীয়া ঘটনা এনে তলত উল্লেখ কৰিলো-

ক) ১৯৮৪ চনত ইন্দৰা গান্ধী হত্যাৰ প্রতিশোধকল্পে উত্তৰ ভাৰত, বিশেষৈ দিল্লীত সংঘটিত হোৱা শিখ হত্যাযজ্ঞত প্রায় ৪ হাজাৰ শিখলোকক নিধন কৰা হৈছিল কিন্তু এই ঘটনাৰ সঠিক বিচাৰ আজিওঁ ন’হল।

খ)বহু হাজাৰ কাশ্মীৰি পণ্ডিতক ধৰ্মৰ আলমতে বলপূৰ্বক কাশ্মীৰ এৰিবলৈ বাধ্য কৰোৱা হৈছিল। তেওঁলোক আজিওঁ নিজ জন্মভূমিলৈ উভতিব পৰা নাই।

গ)১৯৯২ চনৰ ৬ ডিচেম্বৰৰ বাবৰি মছজিদ- ৰাম জনমভূমি বিবাদত কেন্দ্র কৰি হোৱা হিন্দু- মুছলিম সংঘাটত উভয় পক্ষৰ বহু হাজাৰলোকৰ মৃত্যু হৈছিল।

ঘ)২০০২ চনৰ ২৭ ফেব্রুৱাৰীত আৰম্ভ হোৱা গুজৰাটৰ সাম্প্রদায়িক সংঘৰ্ষত প্রায় ২ হাজাৰ মুছলমানক হত্যা কৰা হৈছিল। 

ভাৰতীয় সংবিধানৰ ‘ধৰ্মনিৰপেক্ষ’ আদৰ্শৰ পৰিপন্থী আন বহু সৰু বৰ ঘটনা এই আলোচনাত উল্লেখ কৰাৰ প্রয়োজন আছে।ভাৰতীয় উচ্চতম ন্যায়লয়ে শ্বাহ বানু কেচত দিয়া ৰায়কলৈ আৰু The Muslim Women (Protection of Rights on Divorce) Act, 1986ক প্রণয়ন কৰালৈ দেশত যথেষ্ট বিৰ্তকৰ সূচনা হৈছিল।এই আইনৰ সবাতোকৈ বিতৰ্কিত অধ্যায়টো আছিল যে এগৰাকী মুছলমান বিবাহ বিচ্ছেদৰ পিছত মাথো ‘ইদ্দত’ৰ সময় খিনিতহে(প্রায় ৩ মাহ) স্বামীৰ পৰা ৰক্ষণাবেক্ষণ পাব। তাৰ পিছত এই দায়িত্ব মহিলাগৰাকীৰ পৰিয়ালৰ হ’ব বা ‘ৱাক্ফ বৰ্ডৰ হ’ব।এই আইনখনে আচলতে ভাৰতীয় ধৰ্মনিৰপেক্ষ আদৰ্শক বিনষ্ট কৰিছিল কিয়নো এই আইনে কেৱল মাত্র ধৰ্মৰভিত্তিত মুছলমান মহিলাসকলক বিবাহ বিচ্ছেদৰ পিছত নিজৰ স্বামীৰ পৰা ৰক্ষণাবেক্ষণ প্রাপ্তিৰ যি অধিকাৰ তাৰ পৰা বঞ্চিত কৰিলে, যিটো আন কোনো ধৰ্মৰ মহিলাৰ লগত প্রযোজ্য নহয়।আনহাতেদি Cr.P C ৰ ১২৫ নং ধাৰা অনুযায়ী মুছলমান মহিলাসকলক স্বামীয়ে ৰক্ষণাবেক্ষণ দিবলৈ বাধ্য।

আমি এইটো কথা ওলাই কৰিব নোৱাৰো যে ভাৰতবৰ্ষ ধৰ্মীয় উৎসৱৰ বিশ্বৰাজধানী।প্রতিটো ধৰ্মাৱলম্বীৰ লোকে বছৰৰ বাৰ মাহে তেৰটা উৎসৱ উদযাপিত কৰে।গতিক আমাৰ দৈনন্দিন জীৱনত, আমাৰ চিন্তাধাৰতযে ধৰ্মীয় প্রভাৱ শক্ততশালীভাবে আছে সি সহজেই বোধগম্য।সেয়েহে এই কথাৰ পোনপটিয়া সুযোগ লয় ৰাজনৈতিক দলসমুহে যি নিৰ্বাচনত জয়ী হ’বলৈ মানুহৰ ধৰ্মীয় অনুভূতিক লক্ষ্য কৰি লয়।দুখৰ কথা যে তথাকথিত ভাৰতীয় ধৰ্মনিৰপেক্ষতাক ৰক্ষণাবেক্ষণৰ তাগিদাতো এননে ৰাজনীতিৰ বিৰুদ্ধে চৰকাৰ বা নিৰ্বাচনী আয়োগৰ বিশেষ শক্তশালী পদক্ষেপ চকুট নপৰে।আনহাতে সংবিধানৰ ৪৮ নং অনুচ্ছেদে বাধা দিয়া গো-হত্যা আৰু এইক্ষেত্রত কিছু ৰাজ্যই প্রণয়ন কৰা আইনৰ বিষয়তোওঁ ধৰ্মনিৰপেক্ষতাৰ আদৰ্শৰ গণ্ডীত নপৰে।

ধৰ্মীয় পৰিসংখ্যাৰে ভাৰতবৰ্ষত মুঠ ৮০ শতাংশলোক হিন্দু।বাকি থকা ২০% লোক অন্যান্য ধৰ্মৰ লোক। এই ২০% লোকৰ প্রায় ১৪.২% লোক মুছলমান।ভৰতীয় জাতীয় জীৱনত সততে শুনা এষাৰ কথা হৈছে যে ভাৰতবৰ্ষত সংখ্যালঘু মুছলমানসকলক চৰকাৰে কেৱল ভোটবেংক হিচাপেহে ব্যবহাৰ কৰি আহিছে আৰু এওঁলোকৰ প্রকৃতাৰ্থত উন্নয়নৰ হকে চৰকাৰে কেতিয়াওঁ যথোচিতত দিহা নকৰে বা কৰা নাই।এই অপবাদৰ সত্যাসত্য নিৰ্ণয়ৰ হকে ২০০৫ চনত তেতিয়াৰ প্রধানমন্ত্রী ড. মনমোহন সিঙে দিল্লী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰাজিন্দৰ চচ্চৰৰ নেতৃত্বত আন ৬ জন সদস্যকলৈ এখন কমিটি গঠন কৰি দিয়ে। যাৰ উদ্দেশ্য আছিল ভাৰতবৰ্ষৰ মুছলমানসকলৰ অৰ্থনৈতিক, সামাজিক আৰু শৈক্ষিক স্থিতিৰ অধ্যয়ন কৰা।কমিটিখনে এই বিষয়ত ৪০৩ পৃষ্ঠাৰ এটা প্রতিবেদন ২০০৬ চনৰ ৩০ নবেম্বৰত লোকসভাত দাখিল এই কমিটিৰ প্রতিবেদনৰ তথ্যবোৰে সন্তোষজনকভাবে দেখুৱই দিছিল যে কিছুমান ৰাজনৈতিক দলে কিদৰে মুছলমানসকলক নিজৰ লাভালাভৰ বাবে ব্যবহাৰ কৰি আহিছে অথচ এওঁলোকৰ উন্নয়নৰহকে কোনো কাম কৰা নাছিল।কৰে।কিন্তু দূৰ্ভাগ্যজনকভাবে এই কমিটিৰ প্রতিবেদনক লোকসভাত বিষদভাবে আলোচনা কৰা প্রাসংগিকতা তেতিয়াৰ UPA চৰকাৰে অনুভৱ নকৰিলে বা সংসদৰ এই বিষয়ত আলোচনা কৰিবলৈ সময় ন’হল।কৱৱো প্রাসংগিক যে National Commission for Religious and Linguistic Minorities, ২০০৪ প্রতিবেদনৰ ক্ষেত্রতো একেই দশা হৈছিল।

সাম্প্রতিক সময়ত সঘনাই শুনি থকা এটা শব্দ সমষ্টি হৈছে ‘হিন্দু ৰাষ্ট্র নিৰ্মাণ’।শংকাৰ কথা হৈছে এটা কথাষাৰ এতিয়া সঘনাই শুনা যায় আৰু এই বিষয়ে মুকলিকৈ আলোচনা কৰা দেখা যায়।স্বাধীনতাৰ অতবছৰৰ পিছত গজগজীয়া হৈ উঠা ‘হিন্দু ৰাষ্ট্র নিৰ্মাণ’ৰ এই ধাৰণা সংবিধান প্রণেতাসকলৰ ভিন্নতাৰ মাজতো ভাৰতবৰ্ষৰ একক আৰু অখণ্ড কৰি ৰখাৰ আদৰ্শৰ পৰিপন্থীয়েই নহয় বৰং ই ভাৰতবৰ্ষৰ ধৰ্মনিৰেক্ষ চৰিত্রৰ ওপৰত এক প্রচণ্ড কুঠাৰাঘাত। জাহৰলাল নেহেৰুৱে হিন্দু ৰাষ্ট্রৰ ক্ষেত্রত তেওঁৰ নিজৰ স্থিতি ৬ চেপ্তেম্বৰ ১৯৫১ চনতে স্পষ্ট কৰি থৈছিল। তেওঁ কৈছিল – “আমি এখন হিন্দু ৰাষ্ট্র গঢ়িম- এই কথাষাৰ শুনি হয়তো বহুজনে মনত আনন্দ পাব।এই দেশত হিন্দুসকল সংখ্যাগৰিষ্ঠ আৰু তেওঁলোকে যি ইচ্ছা কৰে সেয়ে হ’ব।কিন্তু তুমি যি ক্ষণত হিন্দুৰাষ্ট্রৰ কথা ক’বা তেতিয়া তুমি এনে এটা ভাষাত কথা ক’বা যাৰ অৰ্থ কেৱল পাকিস্থানেহে বুজি পাব কাৰণ তেওঁলোক এই ধাৰণাৰ লগত পৰিচিত।আমি এনে কৰিলে বিশ্বৰ আগত তেওঁলোকে নিজৰ ইছলামীক ৰাষ্ট্র গঠনৰ স্থিতিক ন্যাৰ্যতা দিয়াৰ সুযোগ পাব।হিন্দু ৰাষ্ট্রই মাত্র এটা অৰ্থ বুজাব পাৰে এইটো হৈছে আধুনিকতাক ত্যাগী এক ঠেক, পুৰণিকলীয়া চিন্তাত সোমাই পৰা আৰু ভাৰতবৰষক খণ্ড-বিখণ্ড কৰা…”।

ভাৰতবৰ্ষত ধৰ্মনিৰপেক্ষতা বহুতে অসম্ভ বুলিওঁ ক’ব বিচাৰে। ইয়াৰ মুল কাৰণ ভাৰতৰ ধৰ্মীয় জনগাঁঠনিৰ পৰিসংখ্যা আৰু দ্বীতিয়তে ৰাজনীতি আু ধাৰ্মীক গোড়ামী।কিছু শক্তিশালী হিন্দুলোক এনে আছে যি ধৰ্মনিৰপেক্ষতাক মুছলমানক কৰা (Appeasement) তোষণ নীতি বুলি অভিহীত কৰে আনহাতে গোড়া মুছলমানসকলেভাবে ধৰ্মনিৰপেক্ষতা ইছলাম পৰিপন্থী।কিন্তু মুল কথাটো হ’ল ধৰ্মনিৰপেক্ষতাক এনেভাবেৰে ল’লে নেহেৰুৱে কৈ যোৱাৰদৰে ই দেশৰ হিত কৰাৰ বীপৰিতে ভাৰতবৰষক, ইয়াৰ মানুহক খণ্ড-বিখণ্ডহে কৰিব।এতিয়া সময়ৰ তাগিদা এয়ে যে ধৰ্মনিৰপেক্ষতাক উন্নয়নৰ আহিলা কৰা হওঁক। একেখ ভূ-খণ্ডৰে এজনে আনজনক কেৱল ধৰ্মৰ ভিত্তিত ঘৃণা কৰাৰ পৰিবৰ্তে এজন আনজনক উন্নয়নৰ সাৰথি হোৱাতহে ধৰ্মনিৰপেক্ষতাৰ সাৰ্থকতা সোমাই থাকে।ভাৰতত ৰাজনৈতিক পৃষ্ঠপোষকতাতত হঠাৎ উদ্ভৱ হোৱা নব্য ধৰ্মভিত্তিক ৰাষ্ট্রবাদৰ আদৰ্শয়ে ভাৰতীয় ‘চেক্যুলাৰ’ আদৰ্শকে মষিমূৰ নকৰিবনে?

1 comment:

  1. চেকুলাৰ নে চেক্যুলাৰ? বেংক নে ব্যাংক ?

    ReplyDelete