Saturday, February 25, 2017

সাম্প্ৰতিক প্ৰসংগ

পৰীক্ষাঃ চিন্তা-দুঃচিন্তা আৰু সফলতা 
অভিনন্দন গোস্বামী
এতিয়া চাৰিওফালে পৰীক্ষাৰ বতৰ৷ বতৰ মানে একপ্ৰকাৰ উৎসৱ৷ ইংৰাজী কেলেন্ডাৰৰ ফেব্ৰুৱাৰী মাহটোৱে যেন সকলোকে পৰীক্ষাৰ কথাকে সোৱঁৰাই দিয়ে৷ ছেবা, চিবিএছই বা যিকোনো বর্ডতে অধ্যয়ন নকৰক কিয় মেট্ৰিক বা উচ্চতৰ মাধ্যমিক পৰীক্ষার্থী থকা লোকৰ ঘৰত এইকেইদিন যেন উৎকন্ঠাৰ অন্ত নাই৷ জীৱনৰ অন্যতম গুৰুত্বপূর্ণ দুটা পৰীক্ষাই যিধৰণে ভৱিষ্যতৰ বাবে অনেক সম্ভাৱনাৰ দুৱাৰ মুকলি কৰে ঠিক তেনেকৈয়ে পৰীক্ষাৰ সময়ছোৱাৰ বা আগে পিছে পৰীক্ষার্থীসকলে সন্মুখীন হব লগীয়াত পৰে তীব্ৰ মানসিক চাপ তথা অন্তহীন উৎকন্ঠাৰ৷ পৰিয়ালৰ লোক, ওচৰ-চুবুৰীয়া তথা সমাজৰ বিভিন্ন লোকৰ আশা-আকাংক্ষা বুকুত বান্ধি সকলোৱে যেন এখন অঘোষিত যুদ্ধৰ বাবে সাজু হব লগীয়াত পৰে৷ পৰীক্ষা নহয় যেন এখন যুদ্ধ! সমনীয়াতকৈ অধিক নম্বৰ লাভৰ বাবে যুদ্ধ৷ সমাজত ভোটা তৰা হৈ জিলিকি উঠাৰ বাবে যুদ্ধ৷ আৰু কত যে কি নাথাকে৷ এই যুদ্ধত পৰাজয় মানেই সমাজত মান-মর্যাদা খহি পৰাৰ আশংকা! ভৱিষ্যত জীৱনক লৈ আশংকা তথা সমাজত তিৰস্কাৰৰো আশংকা৷ মুঠতে এই যুদ্ধত জয়ী হোৱাটো অপৰিহার্য্য, অন্ততঃ আমাৰ শিক্ষা তথা সমাজ ব্যৱস্হাই বর্তমান এনে এক পৰিবেশেই ৰচনা কৰি থৈছে৷ যি কি নহওক কিছু সংখ্যক আত্মবিশ্বাসী ছাত্ৰ-ছাত্ৰীক বাদ দি প্ৰায় সকলো পৰীক্ষার্থীয়েই কম বেছি পৰিমানে এনে সময়ত মানসিক চাপ তথা দুঃচিন্তাৰ সন্মুখীন হোৱাটো স্বাভাৱিক৷ কি কি কাৰকে ১৬/১৮ বছৰীয়া কিশোৰ-কিশোৰীৰ ওপৰত পৰীক্ষা বুলি অত্যধিক চাপৰ সৃষ্টি কৰে বা কিধৰণে ইয়াৰ লগত কিছু পৰিমাণে মোকাবিলা কৰিব পাৰি তাৰ বিষয়ে এই লেখাটোৰ জৰিয়তে এক থূলমূল আভাস দিবলৈ প্ৰয়াস কৰা হৈছে৷

ছাত্ৰ-ছাত্ৰীৰ মনত মানসিক চাপৰ সৃষ্টি কৰিব পৰা বিভিন্ন কাৰক থাকিব পাৰে যদিও প্ৰধানকৈ কিন্তু ইয়াৰ উৎস তিনি প্ৰকাৰৰ- ১) পিতৃ-মাতৃ তথা অভিভাৱকৰ পৰা অহা চাপঃ- অপ্ৰিয় হলেও সত্য যে অভিভাৱকৰ অত্যাধিক আশা-আকাংক্ষাৰ পৰাই ছাত্ৰ-ছাত্ৰীয়ে এক তীব্ৰ মানসিক চাপৰ সন্মুখীন হয়৷ নিজৰ সন্তানৰ পৰা সকলোৱে উৎকৃষ্ট ফলাফল আশা কৰাটো স্বাভাৱিক, কিন্তু তাকে কৰিবলৈ যাওঁতে অভিভাৱকসকলৰ মাজতো প্ৰতিযোগীতাৰ নামত কিছু অপসংস্কৃতি গঢ় লৈ উঠাটোহে চিন্তনীয় বিষয়৷ যেনে মোৰ সন্তানে অমুকতকৈ অমুক বিষয়ত অমুক নম্বৰ বেছি পাব লাগিব, অমুকে ১০ ঘন্টা পঢ়ে, মোৰ ল’ৰাটোৱে ১২ ঘন্টাকৈ পঢ়িব লাগিব ইত্যাদি ইত্যাদি ঘৰত চর্চা হোৱাৰ ফলত পৰীক্ষা দিব লগীয়া সন্তানৰ মনত চাপ দুগুণে বৃদ্ধি পায়৷ সুস্হ প্ৰতিযোগীতা নিজৰ লগত হব লাগে, আনৰ লগত তুলনা কৰি নহয়৷ কাৰোবাতকৈ ২ নম্বৰ কম পালেই কোনো বিফল হৈ নাযায়, বৰঞ্চ নিজেই নির্ধাৰন কৰি লোৱা লক্ষ্যত উপনীত হব পৰাকৈ নিৰন্তৰ অব্যাহত ৰখা শ্ৰমেই হৈছে প্ৰকৃত প্ৰতিযোগীতা৷ প্ৰতিজন মানুহেই যে অদ্বিতীয় তথা একক সেই কথা সকলোৱে হ্ৰদয়ংগম কৰা উচিত৷ ২) অপ্ৰর্য্যাপ্ত প্ৰস্তুতিঃ- পৰীক্ষালৈ অতি কম দিন থকা অৱস্হাটো যদি নির্দিষ্ট পাঠ্যক্ৰম অধ্যয়ন কৰি সমাপ্ত কৰিব নোৱাৰে তেতিয়াও ছাত্ৰ-ছাত্ৰীসকল তীব্ৰ মানসিক উৎকন্ঠাত ভোগে৷ এনে হোৱাৰ ফলত পৰীক্ষার্থীৰ আত্মবিশ্বাস হ্ৰাস পোৱাৰ ওপৰিও নিজৰ সফলতাৰ ওপৰতো সন্দেহ উপজিবলৈ ধৰে৷ শেষ মূহুর্তত বেছিকৈ পঢ়িব লগীয়া হোৱাৰ ফলত সুচাৰুৰূপে পাঠ আয়ত্ব কৰাটো সম্ভৱপৰ হৈ নুঠে৷ ফলত সম্ভাৱনা থকা স্বতেও এক উৎকৃষ্ট ফলাফলৰ পৰা ছাত্ৰ-ছাত্ৰীসকল বঞ্চিত হব লগীয়াত পৰে৷ ৩) নিজৰ বিশ্বাস তথা চিন্তাৰ দ্বাৰা আয়ত্ব কৰা চাপঃ- বিভিন্ন ঘটনা-পৰিঘটনাৰ ওপৰত ভিত্তি কৰি পৰীক্ষার্থীসকলে নিজেও কিছু দুঃচিন্তা তথা চাপ আহৰণ কৰে৷ যেনে- অমুকৰ লৰাটোৱে দুটাকৈ টিউচন কৰিও কম নম্বৰ পাইছিল, অমুকে ১০ ঘন্টা পঢ়িও দ্বিতীয় বিভাগ পাইছিল এনে কিছু ভ্ৰান্ত তথা অমুলক ধাৰণাই ছাত্ৰ-ছাত্ৰীৰ মনত ভয় তথা উৎকন্ঠা বৃদ্ধি কৰে৷ এনে সময়ত অভিভাৱক তথা বিভিন্ন জ্যেষ্ঠ লোকে উৎসাহ, মনোবল তথা বিভিন্ন দিহা-পৰামর্শ প্ৰদান কৰি এনে উৎকন্ঠা দূৰ কৰিবলৈ চেষ্টা কৰা উচিত৷ ইয়াৰোপৰি বিভিন্ন কাৰক যেনে জীৱন প্ৰণালী, উপযুক্ত তথ্যৰ অভাৱ, মনস্তাত্বিক কাৰক ইত্যাদিয়েও এনে চাপ বৃদ্ধিত অৰিহনা যোগায়৷ পৰীক্ষাত সফলতা লাভ কৰিবলৈ হলে এনে কেতবোৰ চাপৰ পৰা নিজকে আতঁৰাই ৰাখি এক সুস্হ আৰু নিশ্চিন্ত মানসিক অৱস্হাৰ সৈতে অধ্যয়নত মনোনিবেশ কৰিবই লাগিব৷ দুঃচিন্তাৰ সৈতে সহবাস কৰি কোনেও আকাংক্ষিত সফলতা অর্জন কৰিব নোৱাৰে৷ এই চাপ তথা দুঃচিন্তা মুহুর্ততে শেষ কৰিব নোৱাৰি ৷ ইয়াৰ বাবে প্ৰণালীবদ্ধভাবে কিছু নিয়ম বা অভ্যাস গঢ়ি তোলাটো প্ৰয়োজন৷

১) নিজৰ ওপৰত বিশ্বাসঃ- হয়, নিজৰ ওপৰত অসীম বিশ্বাসৰ ভাব গঢ়ি তোলাটোৱেই হৈছে সফলতাৰ দিশত প্ৰথমটো খোজ৷ আত্মবিশ্বাসী মানুহে কোনো কাৰণতে মানসিক উৎকন্ঠাত নোভোগে৷ পৰীক্ষার্থীসকলে আৰম্ভনিৰ পৰাই নিজৰ ওপৰত বিশ্বাস গঢ়াৰ প্ৰচেষ্টা লোৱা উচিত৷ ২) উপযুক্ত পৰিকল্পনাঃ- সঠিকভাবে পৰিকল্পনা কৰি অধ্যয়ন নকৰাৰ ফলত ছাত্ৰ-ছাত্ৰীয়ে নির্দ্দিষ্ট সময়ত পাঠ্যক্ৰম পঢ়ি সম্পূর্ণ কৰিব নোৱাৰে৷ ফলত শেষ মূহুর্তত তীব্ৰ চাপৰ সন্মুখীন হব লগীয়াত পৰে৷ আৰম্ভনিৰে পৰা সুপৰিকল্পনাৰে সৈতে অধ্যয়ন কৰিলে নিখুঁত ভাবে পাঠ্যক্ৰম পঢ়ি সমাপ্ত কৰাত সহায়ক হব৷ যিকোনো বিষয় পুনৰ অধ্যয়ন কৰাৰ ক্ষেত্ৰটো এনে পন্থা অৱলম্বন কৰা উচিত৷ তদুপৰি অধ্যয়নৰ সময়সূচীও সঠিকভাবে নির্ধাৰণ কৰাটো প্ৰয়োজন৷ ৫০ মিনিট বা ১ ঘন্টা অধ্যয়ন কৰাৰ পাছত ১০-১৫ মিনিটৰ এটি বিৰতি লোৱাটো আৱশ্যক৷ ৩) সমস্যাক কেতিয়াও পেলাই থব নালাগেঃ- পাঠ্যক্ৰমৰ যিকোনো নুবুজা বিষয়বস্তু ততাতৈয়াকৈ কাৰোবাৰ সহায়ত আয়ত্ব কৰি লোৱাটো ভাল৷ ইয়াকে নকৰিলে অন্তিম সময়ত তেনে বিষয়ে মানসিক উৎকন্ঠাত পেলোৱাৰ যথেষ্ট অৱকাশ থাকে৷ ৪) নেতিবাচক চিন্তাক বর্জনঃ- পৰীক্ষাৰ দিনকেইটাত যিকোনো নেতিবাচক চিন্তা আৰু নেতিবাচক ব্যক্তিৰ পৰা নিজকে আতঁৰত ৰখাই মংগলজনক৷ এক সুস্হ আত্মবিশ্বাসী মানসিকতা গঢ় লৈ উঠিলেও মাত্ৰ এষাৰ নেতিবাচক কথাই মনোবল হ্ৰাস কৰাৰ ওপৰিও পৰীক্ষাতো বিৰূপ প্ৰভাৱ পেলাব পাৰে৷ ইয়াৰোপৰি খাদ্যাভাস তথা সুস্বাস্হ্যৰ প্ৰতিও এইকেইদিন বিশেষ সচেতন হোৱাটো আৱশ্যক৷ সুস্বাস্হ্য অবিহনে একো কাম সিদ্ধি নহয়৷ পৰীক্ষাৰ প্ৰস্তুতিত ই বিৰূপ প্ৰভাৱ পেলোৱাৰ ওপৰিও অনাহকতে কিশোৰৰ কোমল মনত ভয় তথা শংকাৰ সৃষ্টি কৰিব৷ তদুপৰি ঘৰুৱা পৰিৱেশ পঢ়াৰ পক্ষে অনুকুল হোৱা উচিত৷ পৰীক্ষাৰ দিনকেইটাত অন্ততঃ ওচৰ-চুবুৰীয়া লোকসকলে তথা বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সমূহে উচ্চ স্বৰত সংগীত-মাইক ইত্যাদি বজোৱাৰ পৰা বিৰত থাকি পৰীক্ষার্থীসকলৰ বাবে শান্ত-সমাহিত পৰিবেশ সৃষ্টি কৰি দিয়াটো সামাজিক দ্বায়িত্ব৷ মাজে সময়ে নিজৰ ঘৰৰ কাষৰ পৰীক্ষার্থীসকলক লগ ধৰি বা ঘৰলৈ গৈ তেওঁলোকক উৎসাহ-উদ্দীপনা যোগোৱাটোও এক ইতিবাচক দিশ হিচাবে পৰিগনিত হব পাৰে৷

কিছুসংখ্যক লোকে ক’ব খোজে যে পৰীক্ষাত সফলতা লাভ কৰিবলৈ এক সীমিত পৰিমাণৰ উৎকন্ঠা বা চাপত থাকিবই লাগিব, যাৰ ফলত পৰীক্ষার্থীসকলৰ মনত অধ্যয়নৰ প্ৰতি কর্তব্যবোধ বাহাল থাকিব৷ কিন্তু উৎকন্ঠা বৃদ্ধি পালে ই নেতিবাচক ক্ৰিয়াৰহে সৃষ্টি কৰে৷ বিষয়বস্তু পাহৰি যোৱা বা মনত নথকা ইত্যাদিবোৰ অত্যাধিক মানসিক চাপৰেই ফলদায়ক৷ হাইস্কুল বা উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাই জীৱন তথা কেৰিয়াৰত সঠিক বাট বুলিবলৈ এখোজ আগবঢ়াইহে দিয়ে, কিন্তু জীৱনটো প্ৰকৃততে সফল ৰূপত গঢ় দিবলৈ পিছলৈ আৰু কঠোৰতম পৰীক্ষাৰ সন্মুখীন যে হব লাগিব সেয়া নিশ্চিত৷ গতিকে এনে অৱস্হাত বিশেষ একো দুঃচিন্তা মনত বাহ লবলৈ নিদিয়াকৈ নিজৰ প্ৰস্তুতি সূচাৰুৰূপে চলাই আত্মবিশ্বাসী তথা দৃঢ় মন লৈ পৰীক্ষাত অৱতীর্ণ হলে সফলতা যে নিশ্চিতভাবেই আহিব তাত কাৰো দ্বিমত থাকিব নোৱাৰে৷
লেখক পুনে, মহাৰাষ্ট্ৰত চফটৱেৰ বিশেষজ্ঞ ৰূপে কৰ্মৰত। মোবাইল নম্বৰঃ ০৮৪০২৮৫২৮০১

No comments:

Post a Comment