সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসম চৰকাৰে প্ৰথমবাৰৰ বাবে চৰকাৰীভাৱে আয়োজন কৰিলে অসম আন্দোলনৰ শ্বহীদ সকলৰ স্মৃতিত শ্বহীদ দিৱস। আজি গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত এই অনুষ্ঠানত ৮৫৫গৰাকী শ্বহীদৰ পৰিয়াললৈ পাঁচ লাখকৈ টকাৰ এককালীন সাহাৰ্য প্ৰদানৰো ব্যৱস্থা কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

২. চাহ বাগিচাৰ অঞ্চল সমূহৰ উন্নয়নৰ বাবে অসম চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰি প্ৰতিটো বিভাগকে ইয়াৰ বাবে সুকীয়াকৈ ধনৰ যোগান ধৰা হব। অহা ১৫জানুৱাৰীৰ ভিতৰত জিলা উপায়ুক্ত সকলক একচন প্লেন প্ৰস্তুত কৰিবৰ বাবেও নিৰ্দেশ জাৰি কৰা হব বুলি প্ৰকাশ কৰে অসমৰ বিত্তমন্ত্ৰীয়ে। অস্থায়ী মহিলা শ্ৰমিকে গৰ্ভৱতী অৱস্থাত ১২হাজাৰকৈ টকাৰ আৰ্থিক অনুদান লাভ কৰিব বুলিও প্ৰকাশ কৰিছে। চাহ জনগোষ্ঠীৰ সমস্যা আলোচনাৰ বাবে বিধানসবাৰ আগন্তুক অধিবেশনত দুটা দিন ধাৰ্য কৰাৰ বাবেও পদক্ষেপ লব বুলিও ঘোষণা কৰিছে।

৩. আধাৰ কাৰ্ড নথকাৰ বাবে অসমৰ ৰাইজৰ যাতে ৰন্ধন গেছৰ যোগানকে ধৰি চৰকাৰী সা-সুবিধা লাভৰ ক্ষেত্ৰত একো অসুবিধা নহয়, সেই কথা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু স্বাস্থ্য মন্ত্ৰীক অসমৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাত কৰে।

৪. দুৰ্নীতিৰ অভিযোগত অভূতপূৰ্ব পদক্ষেপ গ্ৰহণ কৰি চিবিআইয়ে ভাৰতীয় বায়ু সেনাৰ প্ৰাক্তন মুৰব্বী এছপি ত্যাগী আৰু সহযোগী দুগৰাকীক গ্ৰেপ্তাৰ কৰিছে। আগষ্টা-ৱেষ্টলেণ্ডৰ পৰা হেলিকপ্টাৰ ক্ৰয়ত মধ্যভোগীৰ ভূমিকা পালন কৰাৰ অভিযোগতে এই গ্ৰেপ্তাৰ কৰা হৈছে।

৫. এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ সকলো কাৰ্যালয়, পৰিষদ. শিক্ষানুষ্ঠান, গিম আদিত উপযুক্ত স্থানত দীঘলে ২৪ ইঞ্চি আৰু পুতলে ১৮ ইঞ্চিৰ প্ৰতিকৰ্তি ৰাখিবলৈ অসম চৰকাৰে নিৰ্দেশনা জাৰি কৰিছে।

৬. কেন্দ্ৰীয় পৰিকল্পনা আয়োগৰ বিলুপ্তিৰ পাছত এতিয়া অসমৰ ৰাজ্যিক পৰিকল্পনা বৰ্ডৰো নাম সলোৱাৰ বাবে কেবিনেটে লোৱা সিদ্ধান্তৰ ৰাজ্যপালৰ অনুমোদনৰ পাথত এতিয়া ৰাজ্যিক উদ্ভাৱন আৰু ৰূপান্তৰ আয়োগৰূপে নামাকৰণ কৰাৰ বাবে অধিসূচনা জাৰি কৰিছে অসম চৰকাৰে। অসমৰ এগৰাকী উদ্যোগী, সামাজিক-সাংস্কৃতিক সংগঠক দীপক কুমাৰ বৰঠাকুৰক কেবিনেট মৰ্যদা সহ এই আয়োগৰ উপাধ্যক্ষ নিযুক্তি দিয়া হৈছে।

৭. চলিত যোৰহাট গ্ৰন্থমেলালৈ ৰাইজৰ ব্যাপক সঁহাৰিৰ মাজতে কাইলৈ ডঃ মালিনীৰ গল্প সংকলন ‘অজান পক্ষী’ গ্ৰন্থমেলা প্ৰাংগণতে উন্মোচিত হব। গ্ৰন্থখনিৰ প্ৰকাশ পূৰ্বাঞ্চল প্ৰকাশৰ। কালিও ১৬খনকৈ গ্ৰন্থ উন্মোচিত হয়।

৮. ধৰ্মৰ নামত নাগৰিকত্ব প্ৰদানৰ বিৰোধিতা কৰি চিপিএম দলে অসম চুক্তিৰ সফল ৰূপায়ণৰ বাবে দাবী তুলিছে আৰু সংসদতো নাগৰিকত্ব সংশোধনী বিলৰ প্ৰৱল বিৰোধ কৰিব বুলিও কেন্দ্ৰীয় সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰীয়ে প্ৰকাশ কৰিছে।
৯. সংসদ ভৱনৰ ভিতৰত ভিডিঅ’ লোৱাৰ বাবে সংসদীয় পেনেলে শাস্তি হিচাবে আম আদমী পাৰ্টিৰ সাংসদ ভগৱত মানক শীতকালীন অধিবিশেনৰ পৰা বৰ্খাস্ত কৰা হৈছে।
১০. শিৱসাগৰৰ জেৰেঙা পথাৰত অনুষ্ঠিত হব লগা অসম সাহিত্য সভাৰ শতবৰ্ষীয় অধিবেশত ৰসৰাজ, সুধাকণ্ঠ, পদ্মনাথ গোহাঞি ৰুৱা, প্ৰথম গৰাকী সাধাৰণ সম্পাদক, ভাষাৰ ওজা হেমচন্দ্ৰ বৰুাৱ, মামণি ৰয়ছম গোস্বামীৰ পূৰ্ণাবয়ৱৰ মূৰ্তি প্ৰদৰ্শিত হব। ভাস্কৰ্যশিল্পী চন্দন গগৈয়ে এই সৃষ্টিকৰ্ম পূৰ্ণগতিত অব্যাহত ৰাখিছে।

No comments:

Post a Comment