Thursday, September 29, 2016

প্ৰেৰণাময় ব্যতিক্ৰম


ত্ৰিপুৰাঃ সততা, চাফ-চিকুনতা আৰু নাগৰিকবোধ
ৰূপাংকৰ চৌধুৰী
ৰাইজৰ সৈতে এটি অভিজ্ঞতা শ্বেয়াৰ কৰিব খুজিছো। যোৱা দুদিনৰ পৰা কৰ্মসূত্ৰে ত্ৰিপুৰাত ঘুৰি আছোঁ‌। আগৰতলাৰ পৰা আৰম্ভ কৰি দক্ষিণ ত্ৰিপুৰাৰ বাংলাদেশ সীমাৰ বেলনীয়া চহৰলৈ। কামৰ তাগিদাত বিভিন্ন কৰ্ম শ্ৰেণীৰ ব্যক্তিৰ লগত চা-চিনাকি হোৱা যায়। ৰাজ্যৰ বিভিন্ন চৰকাৰী বিভাগৰ উচ্চ পদস্থ বিষয়া, অভিযন্তাৰ পৰা আদি কৰি ড্ৰাইভাৰ, ৱেইটাৰ, হোটেলৰ মেনেজাৰ, পান দোকানী, চাহ দোকানী, অতিথিশালাৰ তদাৰকী, খেতিয়ক, ক্ষুদ্ৰ ব্যৱসায়ীলৈকে বিভিন্নজন।

ৰাজ্যখনৰ আটাইতকৈ চকুত পৰা দিশটো হৈছে চাফ-চিকুনতা। প্ৰত্যেকজন নাগৰিকেই নিজৰ চহৰ-নগৰ চাফা কৰি ৰাখিবলৈ ইমান দায়িত্বশীল! সেয়া লাগিলে আগৰতলাতেই হওক নাইবা বাংলাদেশ সীমাৰ বেলনীয়া চহৰতেই হওক। সমাজৰ সকলো শ্ৰেণীৰ ব্যক্তিৰ উচ্চস্তৰৰ নাগৰিকবোধে মন চুই গৈছে।

আন এটি উদাহৰণ দিও সততাৰ। ভাৰতৰ বিভিন্ন প্ৰান্তৰ সৰু বৰ চহৰ-নগৰ যোৱা ৯ বছৰীয়া কৰ্ম জীৱনত ভ্ৰমণ কৰিছোঁ‌। সেই সূত্ৰে বিভিন্ন হোটেল আৰু চৰকাৰী অতিথিশালাত থকাৰ অভিজ্ঞতা আছে। হোটেলৰ মূল বিলৰ ধন পৰিশোধ কৰাৰ পিছত হোটেলৰ বেগ আদি লৈ অহা কৰ্মচাৰীক 'টিপচ' দিয়াটো তেনেই সাধৰণ কথাত পৰিণত হৈছে। আমাৰো স্বভাৱগত ভাৱে পকেটত থকা খুচুৰা টকা দিয়া যায়। আজিও বেলনীয়াত থকা 'কেয়াৰ-টেকাৰ' জনক যাচিছিলো ত্ৰিশটকা। মোক লাজত পেলাই তেওঁ নমস্কাৰ কৰি ক'লে- 'ধন্যবাদ ছাৰ! এই কামৰ বাবে আমি দৰমহা পাও মাহেকৰ মূৰকত। কম হ'লেও সেয়াই যথেষ্ট।'

দেশৰ আন প্ৰান্তৰ লগতে আমাৰ অসমৰ অফিচ-কাছাৰিৰ লগতে বহুতো ভব্য-গব্য শিক্ষানুষ্ঠানত বহুতো কৰ্মচাৰীৰ মাজত ঘোঁচ লোৱাৰ প্ৰথা সৰ্বজনবিদিত। তাৰে মাজৰ কেইজনমান ধৰা পৰি জেলৰ ভাত খাই আছে। আন বহুতে এতিয়াও চেগ বুজি নিজৰ লুটবাজি চলাই আছে। তেনেস্থলত মোৰ আজিৰ ব্যক্তিগত অভিজ্ঞতাৰ বাবে ধন্যবাদ দিছো ত্ৰিপুৰাবাসী নাগৰিকক।

সততা আৰু চাফ-চিকুণতাৰে ত্ৰিপুৰাই সমগ্ৰ দেশবাসীৰ বাবে যেন এক সুখৰ বাৰ্তা কঢ়িয়াই আনিছে।

No comments:

Post a Comment