Thursday, September 29, 2016

প্ৰৱন্ধ

ব্ৰহ্মপুত্ৰৰ পানী কিমান মিঠা কিমান তিতাঃ 
চীনৰ কূটনীতি আৰু আমাৰ পৰিকল্পনা
ড° বিজয় কৃষ্ণ চেতিয়া
“…সহস্ৰ বাৰিষাৰ  
উন্মাদনাৰ
অভিজ্ঞতাৰে
পংগু মানৱক
সবল স্ংগ্ৰামী,
আৰু অগ্ৰগামী
কৰি নোতোলা কিয়?”

আলোচনাটিৰ আৰম্ভণিতেই ভূপেনদাৰ ‘বিস্তীৰ্ণ পাৰ’ৰে গীতটোৰ এই বিশেষ অংশটো স্ংযোজন কৰা মূল লক্ষ্যটো হ’ল, আমি অসমীয়া জাতিটোৱে নিজৰ সমস্যাবোৰক প্ৰ্কৃত অৰ্থত কেতিয়া অনুধাৱন কৰিম আৰু এইবোৰৰ স্থায়ী সমাধানৰ বাবে আমাৰ মনবোৰ কেতিয়া স্ংগ্ৰামী হব। ব্ৰ্ক্ষ্ম্পুত্ৰ আমাৰ বাবে সমস্যা নে ই আমাৰ বাবে সম্পদ এই কথাৰ তত্ত্ব বিচাৰি উলিয়াবলৈ আৰু কিমান সময় লম, প্ৰ্তি বছৰে ৰাজ্যত হোৱা বানৰ পৰা আমি কিবা শিক্ষা লৈছোঁ নে, যদিহে লৈছোঁ তেন্তে প্ৰ্তিবছৰে বানৰ এই তাণ্ডৱ কিয়, এই সমস্যা সমাধানৰ পথ কি? এইবছৰ বানৰ ভয়াবহ তাণ্ডৱ দেখি এনে বহু প্ৰ্শ্নই মনটোক ব্যতিব্যস্ত কৰি ৰাখিছিল।আৰু ঠিক তেনেসময়তে ২৯ জুলাই, ২০১৬ৰ বাতৰি কাগজত প্ৰ্কাশিত এটা চৰকাৰী বিজ্ঞাপনে মনটোক অলপ শান্ত কৰিব পাৰিছিল, সেইটো আছিল অসম চৰকাৰৰ জল সম্পদ বিভাগে ৩০ আৰু ৩১ জুলাই,২০১৬ত অসমৰ বানপানী, গৰাখহনীয়া, ব্ৰক্ষ্মপুত্ৰত খননৰ সম্ভাৱনীয়তা আদি সাম্প্ৰ্তিক বিষয়ক সামৰি “অসম জল গৱেষণা আৰু ব্যৱস্থপনা প্ৰ্তিষ্ঠানত” এখন দুদিনীয়া কৰ্মশালা অনুষ্ঠিত কৰিছিল আৰু তাত এই লেখকও উপস্থিত আছিল।

যিহেতুকে এই কৰ্মশালা খন অসমৰ স্বাৰ্থত অসমৰ দুটাকৈ প্ৰধান সমস্যাকলৈ অনুষ্ঠিত হৈছিল, সেয়হে আমি অনুভৱ কৰোঁ ইয়াত আলোচনা হোৱা প্ৰ্ধান বিষয় সমূহত বিশেষজ্ঞ সকলৰ চিন্তাৰ সম্পূণকৈ নহলেও এক থূলমুল আভাস অসমৰ ৰাইজক দিয়াটো আমাৰ একান্তই দায়িত্ব।

কৰ্মশালাৰ বিষয়ে আলোচনা আগবঢ়োৱা আগতে সাম্প্ৰতিক ৰাজনৈতিক আৰু কূটনৈতিক প্ৰেক্ষাপটত আন্ত:ৰাষ্ট্ৰীয় স্তৰত ব্ৰক্ষ্মপুত্ৰৰ মৰ্য্যদা কি তাৰ বিষয়ে অলপ আলোচনা আগবঢ়োৱাটো সমীচিন হব বুলি অনুভৱ কৰিলোঁ।

ব্ৰক্ষ্মপুত্ৰ্কলৈ কোনো আলোচনা পাতনি মেলোতে বা ইয়াক লৈ কোনো প্ৰ্কল্প বা আচঁনি গ্ৰহন কৰোতে মনত ৰাখিব লগীয়া প্ৰথম কথাটো হ’ল ই এখন আন্ত:ৰাষ্ট্ৰীয় নদ। World Bankৰ এক তথ্য মতে ইয়াৰ ৫০.৫০ শতাংশ চীনত, ৩৩.৬০ শতাংশ ভাৰতত, ৮.১০ শতাংশ বাংলাদেশত আৰু ৭.৮০ শতাংশ ভূটানত আছে। বৰ্তমান সময়ত ভূটানক বাদদি চীন, ভাৰত আৰু বাংলাদেশে ব্ৰক্ষ্মপুত্ৰৰ জলৰাশি ব্যৱহাৰ কৰি নিজ দেশৰ জলসম্পদক চহকী কৰা এক কূটনৈতিক প্ৰতিযোগিতাত নামি পৰিছে।এই কূটনৈতিক প্ৰতিযোগিতাত চীনে বিশেষ ভূমিকা পালন কৰি আহিছে, কিয়নো ব্ৰ্ক্ষ্ম্পুত্ৰ উৎসস্থল তিব্বতৰ ওপৰত চীনৰ ৰাজনৈতিক হস্তক্ষেপ আছে। ব্ৰক্ষ্মপুত্ৰকলৈ চীনৰ যি ভূমিকা তাত দুটা দিশে ক্ৰিয়া কৰি আছে,

ক। চীনে এতিয়াও কব বিচাৰে যে অৰুণাচল প্ৰদেশ খন চীনৰ অংগ, গতিকে ভাৰতে ইয়াত নদীবান্ধ নিৰ্মাণ কৰি দেশৰ শক্তিখণ্ড উন্নতি কৰা লগতে অৰুণাচল প্ৰদেশক ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাৰ মজবুত অংশীদাৰি হিচাপে গঢ়ি তোলাটো চীনে কেতিয়াও নিবিচাৰে।গতিকে চীনে ব্ৰ্ক্ষ্ম্পুত্ৰৰ উপৰি অংশত অৰ্থাৎ তিব্বতত নদীবান্ধ নিৰ্মাণ কৰি ভাৰতক কূটনৈতিক হেচাঁ দিছে সেই কথা ইতিমধ্যে স্পষ্ট হৈও পৰিছে । চীনৰ এই পৰিকল্পনাক ধুনীয়াকৈ বৰ্ণনা কৰিছে ভাৰতীয় লেখক বৰ্মা চিৰ্নালিয়ে (Brahma Chellaney) তেওঁৰ গ্ৰন্থ “Water: Asis’s New Battlegroung,2011”ত ।ইয়াৰ ওপৰিও চীনে যে ব্ৰ্ক্ষ্ম্পুত্ৰৰ পানী চীনৰ উত্তৰ অংশলৈ বোৱাই নিব বিচাৰিছে সেই কথা তেওঁলোকৰ PLA বিষয়া লি লিং (Li Ling) ৰ গ্ৰন্থ “Tibet’s Water Will Save China” (চীনৰ ভাষাত-“Xizang zhi shui jiu Zhonggou”)উলাই পৰিছে। এই পৰিকল্পনা অনুসৰিয়ে চীনে লাচা প্ৰদেশৰ দক্ষিণ-পূৰ্ব দিশত Zangmu Dam নিৰ্মাণ কৰি উলিয়াছে, যিটো বান্ধ ২০১৪ চনৰ নবেম্বৰ মাহত মুকলি কৰা হৈছিল আৰু ২০১৫ চনৰ অক্টোবৰ মাহৰ পৰা সম্পূৰ্ণৰূপে কাৰ্য্যক্ষম হৈ আছে।ঠিক একে পৰিকল্পনাৰে চীনে Jiacha, Jiexu আৰু Dagu অঞ্চলত আৰু তিনিটা বান্ধ নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

খ। দ্বিতীয়তে কেৱল চীনতে বিশ্বৰ মুঠ জনস্ংখ্যাৰ ২০% আছে, কিন্তু সেই অনুপাতে চীনৰ নিজৰ জলসম্পদ নিজৰ ঘৰুৱা প্ৰয়োজনৰ বাবে পৰ্য্যপ্ত নহয়।আমেৰিকাৰ এটা বেচৰকাৰী গৱেষণা স্ংস্থা CAN য়ে আগবঢ়োৱা তথ্য মতে উত্তৰ চীন(North China) জলসম্পদ ক্ষেত্ৰত যথেষ্ট দুখীয়া, দেশখনৰ ৬০% কৃষিভূমি আছে এই উত্তৰ চীনতে অথচ ইয়াৰে ৭০% গাওঁত নাই পৰ্য্যপ্ত জলব্যৱস্থা ।এই সমস্যা সমাধানৰ বাবেই ২০০২ চনত চীনে আৰম্ভ কৰিছিল “South-North Water Diversion Project” বা “nan shui bei diao gongcheng” প্ৰ্কল্প।এই প্ৰকল্প অনুসৰি চীনৰ দক্ষিন আৰু পশ্চিম দিশৰ নদী সমূহক উত্তৰ চীনৰ মূল নদী ‘হোৱাং হো (Yellow River)’ত পেলাই এই অঞ্চলৰ জল সমস্যা সমাধানৰ পৰিকল্পনা কৰা হৈছে। পৰিকল্পনা অনুসৰিয়ে ইতিমধ্যেই দক্ষিন দিশৰ নৈ Han আৰু Yangtze ক হোৱাং হোত পেলাই উত্তৰ চীনৰ ব্যস্ত চহৰ Beijing আৰু Tianjin লৈ জলযোগান ধৰা হৈছে। ইয়াৰ উপৰিও চীনৰ পশ্চিম দিশৰ অৰ্থাৎ তিব্বতৰ নৈ Tongtian, Yalong আৰু Dadu কো ২০৫০ চনৰ ভিতৰত হোৱাং হোত পেলোৱা পৰিকল্পনা কৰা হৈছে।

উপৰোক্ত আলোচনা পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে ব্ৰক্ষ্মপুত্ৰৰ উজনি অংশত চীনে পৰিকল্পিত আচঁনি গ্ৰ্হন কৰি কেৱল দেশৰ জলসম্পদকে চহকী কৰিব বিচৰা নাই ইয়াৰ সমান্তৰালভাৱে ভাৰতৰ ওপৰত আন্ত:ৰাষ্ট্ৰীয় কূটনৈতিক হেচাঁও বৃদ্ধি কৰিছে।ইয়াৰে অংশ হিচাপে চীনে ব্ৰক্ষ্মপুত্ৰৰ আন এখন অংশীদাৰি দেশ বাংলাদেশৰ লগতও কূটনৈতিক সম্পৰ্ক মজবুত কৰিছে। চীন আৰু বাংলাদেশৰ মাজত ব্ৰক্ষ্মপুত্ৰক লৈ হোৱা বুজাপৰা সমূহ তলত দিয়া ধৰণৰ,

ক। ২০০৮ চনত ব্ৰক্ষ্মপুত্ৰৰ Hydrological তথ্য আদান প্ৰ্দানৰ ক্ষেত্ৰত পাৰস্পৰিক সন্মতি।

খ। ২০১০ চনত বানপানী নিয়ন্ত্ৰ্ণ, প্ৰাকৃতিক দুৰ্যোগ প্ৰ্শমন, জল সম্পদৰ ব্যৱহাৰ আদি বিষয়ত চীন-বাংলা চামিত(summit)।

গ। ২০১৫ চনৰ মাৰ্চত ব্ৰ্ক্ষ্মপুত্ৰৰ লগত জড়িত বৰষুণৰ তথ্য (Rainfall data) চীনে বাংলাদেশক দিবলৈ ৰাজী হৈ সন্মতিসূচক চুক্তিত স্বাক্ষৰ।ইয়াৰ দ্বাৰা বাংলাদেশৰ বানপানীৰ আগবতৰা (flood forecasting)ক্ষেত্ৰত গৱেষণা কৰিবলৈ সুবিধা হব।

এতিয়ালৈকে আগবঢ়োৱা আলোচনা পৰা ব্ৰ্ক্ষ্মপুত্ৰৰ আন্ত:ৰাষ্ট্ৰীয় গুৰুত্ব আৰু এই ক্ষেত্ৰত চীনে গ্ৰহন কৰা কূটনৈতিক নীতি কিছুঅংশে স্পষ্ট কৰিবলৈ সৰ্মথ হৈছোঁ বুলি ভৱা হ’ল। এতিয়া আহোঁ ব্ৰ্ক্ষ্মপুত্ৰক লৈ আমাৰ যি চিন্তা বা পৰিকল্পনাৰ তাৰ বিষয়ে আলোচনা কৰিবলৈ। এইক্ষেত্ৰ্ত বিশেষ পাতনি নেমেলি অসম চৰকাৰৰ জলসম্পদ বিভাগে আয়োজিত কৰা কৰ্মশালা ত আলোচিত মূল বিষয় সমূহৰ ওপৰত এক থূলমুল আভাস দিবলৈ তলত চেষ্টা কৰা হৈছে।

এই কৰ্মশালা খনত মূলত তিনিটা বিষয়ত আলোচনা আগবঢ়োৱা হৈছিল,
ক। বানপানী আৰু গৰাখহনীয়া সমস্যা
খ। মথাউৰিৰ ক্ষয়ক্ষতিৰ কাৰণ আৰু মেৰামতিত বিজ্ঞান সন্মত চিন্তা
গ। ব্ৰ্ক্ষ্মপুত্ৰ খননৰ সম্ভাৱণীয়তা

প্ৰথম বিষয়টোৰ ওপৰত কৰ্মশালাত যথেষ্ট চৰ্চা কৰা হৈছিল আৰু চৰ্চাৰ পৰা আমাৰ জ্ঞানে ঢুকি পোৱা কিছু বিষয় তলত উল্লেখ কৰা হ’ল,

ক। ব্ৰক্ষ্মপুত্ৰৰ ওপৰত আৰু কিছু দিশত গৱেষণা প্ৰ্য়োজন আছে, ইয়াৰ বাবে এটা আধুনিক তথ্য ভাণ্ডাৰ নিৰ্মান কৰাত সকলোৱে গুৰুত্ব দিব লাগে। এইক্ষেত্ৰত World Bank য়ে North East Centre of Excellence for Water Management গঠন কৰিবলৈ আগবঢ়োৱা পৰাৰ্মশ আদৰণীয়।

খ। বানপানী ৰ লগত জলবায়ুৰ ওত:পোত সম্পৰ্ক আছে, জলবায়ু পৰিৰ্বতনে (Climate Change) বানপানীক বেছি ভয়াবহ কৰি তুলিছে। গতিকে অসমৰ বানপানী সমস্যা সমাধানৰ বাবে উত্তৰ পূৰ্ব্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ বিস্তৃত তুলনামূলক Hydro-meteorological অধ্যয়ন হব লাগে।

গ। বানপানী সমস্যা সমাধানৰ বাবে ক্ষুদ্ৰ জলবিদ্যুত প্ৰ্কল্প নিৰ্মাণৰ কথাও চৰকাৰে বিবেচনা কৰিব লাগে।যাতে বিদ্যুত উৎপাদনৰ লগতে বানপানী সময়ৰ অতিৰিক্ত পানী ইয়াৰ জলভাণ্ডাৰত সঞ্চয় কৰিব পাৰি।

ঘ। গৰাখহনীয়া ৰোধ কৰা ক্ষেতত নৈ গৰা সমূহৰ বিস্তৃত ভূতাত্ত্বিক অধ্যয়ন হব লাগে। গৰাখহনীয়া হোৱা অঞ্চলৰ ভূইতিহাস অধ্যয়ন হব লাগে।

ঙ। গৰাখহনীয়া প্ৰ্তিৰোধৰ বাবে লোৱা ব্যৱস্থাই নৈৰ বিপৰীত গৰাত কৰিব পৰা ক্ষয়ক্ষতিৰ বিষয়েও অধ্যয়ন হব লাগে।

এতিয়া আহোঁ দ্বিতীয়টো বিষয়লৈ, এইক্ষেত্ৰত আমি বিশেষ আলোচনা নকৰো কিয়নো এইক্ষেত্ৰত গুৱাহাটীৰ IIT-G প্ৰাধ্যাপক অৰূপ কুমাৰ শৰ্ম্মা দেৱে এক সুন্দৰ প্ৰ্কল্প আগবঢ়াইছে, আশাকৰো চৰকাৰে ইয়াক উচিত মান্যতা দিব।

শেষৰ বিষয়টো অৰ্থাৎ ব্ৰক্ষ্মপুত্ৰত খননৰ সম্ভাৱণীয়তা, আমাৰ বিবেচনাই কয় এই বিষয়ত খৰখেদা নকৰি ব্ৰক্ষ্মপুত্ৰৰ ওপৰত আৰু কিছু বিষয়ত গভীৰ গৱেষণা কৰা প্ৰয়োজন আছে। বিশেষকৈ ব্ৰক্ষ্মপুত্ৰ bed load/sediment load ৰ ওপৰত বিস্তৃত অধ্যয়ণৰ প্ৰয়োজন আছে ইয়াৰ লগে লগে sediment ৰ উৎস আৰু প্ৰকৃতি, এই সমূহ যোগান ধৰাত উপ নৈ সমূহৰ ভূমিকা সম্পৰ্কেও অধ্যয়ণৰ খুবেই প্ৰয়োজন আছে বুলি আমি অনুভৱ কৰোঁ। ইয়াৰ উপৰিও খননৰ আগে আগে ব্ৰক্ষ্মপুত্ৰই প্ৰতিবছৰে সৃষ্টি কৰা নতুন নতুন সুঁতি সমূহৰ সঠিক চিনাক্তকৰণ আৰু বিস্তৃতি ওপৰত অধ্যয়ণৰ প্ৰয়োজনতা আছে বুলি আমি অনুভৱ কৰোঁ।

সদৌ শেষত চৰকাৰলৈ আমাৰ অনুৰোধ ব্ৰ্ক্ষ্মপুত্ৰকলৈ যি সমস্যা হৈছে তাৰ সমাধানৰ বাবে একক চিন্তাক পৰিহাৰ কৰি এক বহুমাত্ৰিক চিন্তাৰ পৰিবেশ গঢ়ি তোলক অৰ্থাৎ এটা Multidisciplinary গোট গঠন কৰক, লগতে অসমৰ সমস্যা সমাধানৰ বাবে কিছু অসমীয়া মগজু সৃষ্টি কৰক আৰু ইয়াৰ বাবে অসমৰ বিশ্ববিদ্যালয় সমূহে ব্ৰ্ক্ষ্মপুত্ৰক সমস্যা আৰু সম্পদ দুয়োটা ৰূপতে বিবেচনা কৰি কিছু সময়পযোগী পাঠ্যক্ৰ্ম প্ৰৰ্বতন কৰক। আশাকৰোঁ সকলোৰে সদিচ্ছাত ব্ৰক্ষ্মপুত্ৰই অদূৰ ভৱিষ্যতে অসমক বিশ্বত নতুন ৰূপত চিনাকি দিব।
ডিমৌ শিৱসাগৰ,অসমৰ নিবাসী লেখক ভূতত্ত্ববিদ ৰূপে কৰ্মৰত, যোগাযোগৰ নম্বৰ ৯৯৫৪২-৫৩৫৫৩

1 comment: