Monday, September 26, 2016

বিশ্লেষণ


ভাষাভিত্তিক আন্দোলনৰ পৰা ধৰ্মভিত্তিক 
ঘৃণাৰ খেতিলৈ
ইঞ্জিনিয়াৰ জাকিৰ হুছেইন
অসম আন্দোলনৰ আৱেগভৰা শ্লগান ‘আহ ঐ আহ ওলাই খেদ ঐ খেদ বিদেশীক খেদ’ বুলিলেই অসমীয়াই খেতি পথাৰ বাদ দি, শিপিনি-বোৱনীয়ে তাঁত শাল পেলাই থৈ, দমকল-খালত গা ধোৱা এৰি বাট-পদূলিলৈ ওলাই আহিছিল। আজি তেনে এক প্ৰবণতা, অনুভুতি গঢ় দিয়াৰ আপ্ৰাণ চেষ্টা চলিছে। আজি জাতীয় সংগঠনকেইটাই মুৰ পোলোকা মাৰিলেও অইন কিছু শক্তিয়ে সেই ধাৰাক অইন দিশে মোৰ দিয়াৰ প্ৰয়াস অব্যাহত ৰাখিছে।

মানুহৰ অৱশ্যে বিতৃষ্ণা উপজিছে আৰু বাৰে বাৰে প্ৰবঞ্চিত হ’বলৈ হয়তো মন কৰা নাই। আজি তাহানিতে পঢ়া সেই সাধুটো বৰকৈ মনত পৰিছে। সেই যে বাঘ দেখা বুলি গৰখীয়াজনে প্ৰথমবাৰ ‘বাঘ বাঘ’ বুলি মিছাতে চিঞৰ বাখৰ কৰোতে গাঁৱৰ প্ৰতিজন মানুহেই হাতত দা-কুঠাৰ লৈ ওলাই গৈছিল! শেষত সঁচাকৈয়ে বাঘে যেতিয়া তাক খাইছিল গাঁৱৰ কোনো মানুহ কিন্তু ওলাই যোৱা নাছিল। অসমতো সেই একে অৱস্থা হবলৈ আৰু বেছি বছৰ নাই। মাজে মাজে ৰাজনৈতিক, অৰ্থনৈতিক, ন্যস্ত স্বাৰ্থৰ খাতিৰত এই শ্লোগানটোৱে উক দিয়াৰ দৰে বিদেশী খেদাৰ হৈ চৈ পুনৰ লাগিল। ব্ৰক্ষ্মপুত্ৰই স্তম্ভিত কৰা আন্দোলনটোৱে পুনৰ বাতৰি কাকতৰ শিৰোনামা দখল কৰিবলৈ ধৰিলে। অসমীয়াৰ অস্তিত্ব বিপন্ন হোৱাৰ আশংকা পুণৰ ঘনিভুত কৰিছে বহুতো ৰাজনৈতিক দল-সংগঠন, পাবত গজা বুদ্ধিজীৱিয়ে। প্ৰপাগণ্ডাৰ ৰাজনীতিয়ে ভাৰতৰ আৰ্থ-সামাজিক ব্যৱস্থাত আমুল নেতিবাচক পৰিবৰ্তন অনা পৰিলক্ষিত হৈছে। অসমো তাৰ অংশীদাৰ হৈছে। অৱশ্যে এই আশংকা কিমান যুক্তিযুক্ত তাক জুকিয়াই চোৱাৰ সময় সমাগত।

মহাৰাষ্ট্ৰত মাৰাঠী লোকৰ সংখ্যা মাত্ৰ ৩৮ শতাংশ। কিন্তু মহাৰাষ্ট্ৰ চৰকাৰত ৬০ শতাংশই মাৰাঠী লোক। মাৰাঠী লোকেই ৰাজ্যখনৰ ৰাজনৈতিক, বৌদ্ধিক, শৈক্ষিক খণ্ডত দপদপাই ফুৰিছে। ‘মাৰাঠী মানুচ’ৰ কথা শুনিলেই মুম্বাইৰ দৰে দেশৰ অৰ্থনৈতিক ৰাজধানী কপি উঠে। অসমত অসমীয়াৰ জনসংখ্যা কিমান? যদিও অসমীয়াৰ সংজ্ঞা নিৰূপণ হোৱা নাই তথাপিও প্ৰশ্নটো অপ্ৰাসঙ্গিক নহয়। ৰাজ্য চৰকাৰখনত অসমীয়া কিমান শতাংশ মন্ত্ৰী-বিধায়ক আছে? এইখন চৰকাৰ বুলিয়ে নহয় আগৰ চৰকাৰবোৰত এই সংখ্যা কিমান শতাংশ আছিল? অসমত বৃটিছ শাসনৰ সময়চোৱাত অসমীয়া জাতি তথা ভাষা সংস্কৃতিৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছিল বহুবাৰ। ইয়াৰ ফলত স্বতন্ত্ৰ জাতীয় অস্তিত্ব বজাই ৰাখিবলৈ অসমে একাধিকবাৰ অগ্নি পৰীক্ষাৰ মাজেৰে সংগ্ৰাম কৰি নিজৰ অস্তিত্ব বজাই ৰাখিবলৈ সক্ষম হৈছিল। তেতিয়াৰ মুল আন্দোলন আছিল ভাষাভিত্তিক আন্দোলন। ভাষা আন্দোলন কৰিবলগীয়া পৰিস্থিতি আজিও বৰ্তি থকা নাই বুলি ক’ব নোৱাৰি। অসমীয়াৰ আৱেগিক উষ্মাৰ ফলত অসমীয়া ভাষা-সাহিত্য জাতিষ্কাৰ হৈছিল সঁচা, কিন্তু বৃহত্তৰ অসমীয়া জাতিগঠন তথা অসম গঢ়াৰ সম্ভাৱনা লাহে লাহে মষিমূৰ হ’ল। উল্লেখযোগ্য যে বাংলাভাষী জনসংখ্যাৰ তুলনাত অসমীয়াভাষী মানুহখিনি সংখ্যালঘুত পৰিণত হোৱাৰ আশংকাতে ভাষাভিত্তিক জাতীয়তাবোধ গঢ় লৈ উঠিছিল। জাত্যাভিমানতে অসমীয়াই এটা সময়ত অসমীয়া ভাষা ব্যৱহাৰৰ অমঙ্গলীয়া সিদ্ধান্ত লৈ পেলাইছিল। যি সময়ত পাহাৰ ভৈয়াম সকলোতে অসমীয়া ভাষাই একমাত্ৰ ভাষাৰূপে যোগাযোগৰ সেতু হিচাবে ব্যৱহাৰৰ পূৰ্ণ সম্ভাৱনা আছিল, সেই সময়ত আইনৰ সহায়ত সকলোৰে ওপৰত ভাষাটো জাপি দিয়াৰ কি যুক্তিযুক্ততা আছিল? এনে অমঙ্গলীয়া সিদ্ধান্তৰ বিৰূপ প্ৰভাৱ পৰাটো অৱশ্যাম্ভি আছিল যাৰ ফলত অসমীয়া বৃহত্তৰ জাতিগঠন প্ৰক্ৰিয়া অলীক সপোন হৈ ৰ’ল। এনে প্ৰয়াসক অসমৰ অংশীদাৰ জাতি-জনগোষ্ঠীসমুহে আগ্ৰাসী জাত্যাভিমান হিচাবেই গণ্য কৰিলে। অসমৰ খণ্ডিতকৰণ প্ৰক্ৰিয়া সেই যে তেতিয়া আৰম্ভ হৈছিল সি আজিও জীপাল হৈ ৰ’ল। পাহাৰীয়া ভাই-ভনীসকল আঁতৰি যোৱাৰ পিছত ভৈয়ামৰ ভাই-ভনীহঁতৰ বিচ্ছিন্নতাবাদী যাত্ৰা আৰম্ভ হ’ল। অসমৰ খণ্ডিতকৰণৰ বিন্দু ক’ত নিৰ্ধাৰিত, তাৰ ভৱিষ্যতবাণী কৰাটো সম্ভৱ নহয়।


ভাৰতবৰ্ষত ৰাজ্য পুনৰ গঠনৰ বীজ অংকুৰিত হৈছিল স্বাধীনতাৰ পিছতে। এই বিভাজনৰ ঢৌ বিয়পিছিল দেশৰ সৰ্বত্ৰ। উত্তৰ পুৰ্বাঞ্চলো ইয়াৰ ব্যতিক্ৰম নাছিল। নগা, মিজো, খাচি সকলৰ অভিযোগ কেৱল দিল্লীৰ বিপক্ষেই যে আছিল তেনে নহয়। বৰভাই অসমীয়াৰ বিৰুদ্ধেও বিদ্বেষ ভাৱ জন্মিছিল। ইয়াৰ অন্তৰ্নিহিত কাৰণো আছিল। ইয়াৰ ভিতৰত অসমীয়া ভাষাক ৰাজ্যিক ভাষাৰুপে আৰোপ কৰা আঁচনি, আৰ্থ-সামাজিক শোষণ, শাসন, ভাৰতীয় সেনাবাহিনী প্ৰমুখ্যে অজনজাতীয় ভাৰতীয়সকলে মহিলাৰ ওপৰত চলোৱা সম্ভোগৰ সংস্কৃতিয়েই অন্যতম। ফলত নগা, মিজো সকলে সশস্ত্ৰ সংগ্ৰাম চলালে। তেওঁলোকক লাগে অসমৰ পৰা ফালি গৈ একো একোখন সুকীয়া ৰাজ্য। তেওঁলোকে নিজৰ ভাগ্য নিজে গঢ়াৰ বাবে উত্ৰাৱল হৈ পৰিল। ফলত মিজোৰাম, নগালেণ্ডক সুকীয়া ৰাজ্য হিচাবে স্বীকৃতি দিলে কেন্দ্ৰীয় চৰকাৰে। খাচি ছাত্ৰ সন্থা আৰু তাৰ ৰাজনৈতিক নেতাসকল অসমৰ বিৰুদ্ধে, অসমীয়া ভাষাৰ বিৰুদ্ধে অবিৰত আন্দোলনত জপিয়াই পৰিল। মেঘালয়কো অৱশেষত সুকীয়া ৰাজ্য হিচাবে স্বীকৃতি দিব লগা হ’ল। ইয়াৰ বাবে দায়ী আছিল কেন্দ্ৰীয় চৰকাৰৰ শোষণ নীতি, ৰাজ্যিক নেতৃবৰ্গৰ অদূৰদৰ্শিতা আৰু অসমীয়াৰ অসমীয়া ভাষাৰ প্ৰতি অহেতুক প্ৰেম।

অশোক চন্দই উত্তৰ-পুৰ্বাঞ্চলৰ সমস্যাৰাজি বিশ্লেষণ কৰি তেওঁৰ ‘Under the Sky’ গ্ৰন্থত লিখিছে- ‘The genesis of demand for separation lies in the Geography, History and Ethnic Linguistic diversity of the region.’ পুনৰ এঠাইত লিখিছে - ‘Encouraged by the adoption of Assamese regional language by the other states as official language, the Assam Govt. Followed the suit in 1960.... instead of language becoming a unifying force it became a dividing force widening gulf between linguistic communities.’ ককাই-ভাই বেলেগ বেলেগ হোৱাৰ পাছতো অহা-যোৱাৰ সৌহাৰ্দ্য বৰ্তি থকাৰ দৰে পাহাৰীয়া ভাই-ভনীহঁতে শিক্ষাগ্ৰহনৰ স্বাৰ্থত অসমৰ কলেজ, বিশ্ববিদ্যালয়লৈ আহিছিল। সম্প্ৰীতিৰ যোগসূত্ৰ এটাৰ অৱশিষ্ট তেতিয়াও হলেও বৰ্তি আছিল। কিন্তু ১৯৭২ চনত অসমীয়া ভাষাক উচ্চ শিক্ষাৰো একমাত্ৰ মাধ্যম কৰাৰ সিদ্ধান্তই সেই সুৰুঙাটোও বন্ধ কৰি দিলে। ইফালে বৰাক উপত্যকাটো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিলক্ষিত হৈছিল। ১৯৬১ চনতে আৰম্ভ বাঙালী ভাষা আন্দোলনৰ পৰিসমাপ্তি ঘটাই নাছিল আৰু তাতে এনে এটা সিদ্ধান্তই পৰিস্থিতি অধিক অৱনমিত কৰিছিল।

অসমীয়া ভাষা ক’ব বা লিখিব পৰা সকলহে অসমীয়া ধৰণৰ সেই মানসিকতাৰ আজিও অন্ত পৰা নাই। তৎস্বত্বেও আমি বৃহত্তৰ অসমীয়া জাতিগঠন, জাতীয় ঐক্যৰ অলীক স্বপ্নৰে বক্তৃতাৰ মঞ্চ কঁপাই থাকো। বড়োসকলে তেতিয়াই গুৱাহাটী বিশ্ববিদ্যালয়ত সুকীয়া কেম্পাছ বিছাৰিছিল আৰু পাইছিলো। তাৰ পাছৰ পৰ্যায়ত তেওঁলোকে সুকীয়া বড়োলেণ্ডৰ দাবীত আন্দোলন, সশস্ত্ৰ সংগ্ৰাম চলালে। অৱশেষত বড়ো স্বায়ত্ব শাসিত অঞ্চল দিয়া হ’ল। শাৰীটোত কাৰ্বী, ৰাভা, ডিমাচা, টিৱা, মিচিং, দেউৰীসকলেও বিচৰা পাল পৰিল। বহুতে পালেও। শাৰীটোত এইসকলেই যে আছে তেনে নহয়, কোঁচ-ৰাজবংশী, চুতীয়া, আহোম, মৰাণ, মটক, চাহ-জনগোষ্ঠী তথা আদিবাসী, কছাৰীসকলো আছে।


বিশ্ব ইছলামিক ৰাষ্ট্ৰৰ স্বপ্নক বাস্তৱায়িত কৰাৰ হকে বিশ্বৰ অগ্ৰণী মুছলীম ৰাষ্ট্ৰবোৰে হেনো আন্তৰ্জাতিক কাৰ্যসুচী হাতত লোৱা বুলি অসমৰ বাতৰি কাকতত প্ৰায়ে শংকা প্ৰকাশ কৰা হয়। তেওঁলোকে খণ্ডিত-বিখণ্ডিত অসমত নিজৰ অংশ বিচাৰি আন্দোলনত লিপ্ত হবও পাৰে। উল্লেখযোগ্য যে স্বাধীনোত্তৰ কালত অসমত মুছলমানৰ জনসংখ্যা অভুতপুৰ্বভাৱে বৃদ্ধি হোৱাৰ বিৰুদ্ধে সময়ে সময়ে হোৱা প্ৰতিক্ৰিয়াৰ উত্তৰত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বাহাৰুল ইছলামে এবাৰ মন্তব্য কৰিছিল যে অসমীয়াৰ সম্মুখত দুটা বিকল্প খোলা আছে – হয় তেওঁলোকে ধৰ্মীয় সংখ্যাগুৰু হিচাবে অথবা ভাষিক সংখ্যাগুৰু হিচাবে বাচি থকাটো পচন্দ কৰি ল’ব লাগিব। অৰ্থাৎ ধৰ্মীয় সংখ্যাগুৰু হিচাবে থাকিবলৈ হ’লে বাঙালী হিন্দু আৰু ভাষিক সংখ্যাগুৰু হিচাবে বাঙালী মুছলমানক সামৰি ল’ব লাগিব।

অসমীয়াই এটা সময়ত ধৰ্মতকৈ ভাষা-সংস্কৃতিক অধিক প্ৰাধান্য দিছিল। এনে মানসিকতাৰ পটভূমিত চাৰ চৈয়দ ছাদুল্লা চৰকাৰৰ (১৯৩৭) পৃষ্ঠপোষকতাত তাহানিৰ পূৰ্ব বংগৰ পৰা ঘটা প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে অসমীয়া নেতৃত্বই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পৰা বিৰত আছিল। প্ৰব্ৰজনকাৰী মুছলমানসকলে অসমত বসবাস কৰিবলৈ লোৱাৰ পাছত অসমীয়া ভাষা গ্ৰহনত আগ্ৰহী হোৱা বাবে অসমীয়া মধ্যবিত্তই সহিঞ্চুতা প্ৰদৰ্শন কৰিছিল। মহাযুদ্ধৰ বিশাল সৈন্যবাহিনীৰ শিবিৰত খাদ্য যোগানৰ বাবে ব্ৰিটিছে আৰম্ভ কৰা Grow More Food আঁচনি কাৰ্যকৰী কৰাৰ বাবে ছাদুল্লা চৰকাৰক ব্যৱহাৰ কৰি মুছলমানৰ প্ৰব্ৰজন ঘটাই। তাক বিদ্ৰূপ কৰি তেতিয়াৰ গৱৰ্ণৰ জেনেৰেল লৰ্ড ৱাভেলে কৈছিল, ‘Grow More Food, Grow More Muslims’। কিন্তু কাৰ্যক্ষেত্ৰত ছাদুল্লা চৰকাৰতকৈ বেছি আগ্ৰহ যে ব্ৰিটিছৰ আছিল সেইকথা সকলোৱে উপলব্ধি কৰিছিল। পৰবৰ্তী দেশ বিভাজনৰ সময়ত ভাগি অহা দুই লাখ পঁশিচ হেজাৰ লোকক গোপীনাথ বৰদলৈয়ে অসমতে পুনৰ্বাসন কৰিব দিছিল। ছাদুল্লা চৰকাৰৰ আগতেও অসমলৈ পুৰ্ববংগৰ পৰা প্ৰব্ৰজন হৈছিল। তাৰ বহুতো পৰ্যাপ্ত কাৰণ আছিল ব্ৰিটিছ চৰকাৰৰ হাতত। সস্তীয়া শ্ৰমিকৰ প্ৰয়োজনত হোৱা প্ৰব্ৰজনৰ বেছিভাগেই দেশৰ ভিতৰতে হৈছিল। ইয়াৰ আনবোৰ কাৰক হ’ল অসমীয়াই তেতিয়া অতি আগ্ৰহেৰে আদৰা, অসমৰ বিশাল কৃষিক্ষেত্ৰ আৰু তাৰ অনুপাতে কম জনসংখ্যা। এনে প্ৰব্ৰজন যে পুব বংগৰ পৰাই হৈছিল তেনে নহয় দেশৰ আন অঞ্চলৰ পৰাও বিশেষকৈ চাহ খেতিৰ বাবে এনে প্ৰব্ৰজন হৈছিল। কিন্তু আজি পূব বংগ ভাৰতৰ অধীনত নথকা হেতুকে কেৱল বাংলাভাষী মুছলমানকে বিদেশী হিচাবে গণ্য কৰা হয়। এইটো হয়তো ১৯৭৯ চনৰ পৰা হোৱা আন্দোলনৰ প্ৰথমাৰ্ধত নাছিল।


অসম আন্দোলন প্ৰথমাৰ্ধত বিদেশী বহিষ্কৰণৰ বাবে হোৱা নাছিল। সেই আন্দোলন প্ৰথমতে ‘বহিৰাগত’ বিতাৰণৰ আন্দোলন হিচাবে সূচিত আছিল আৰু ই বহুদফীয়া দাবীৰ আঠ নম্বৰতহে স্থান পাইছিল। অসম আন্দোলন লাহে লাহে ‘বহিৰাগত’ আন্দোলনৰ পৰা আঁতৰি গৈ বিদেশী বহিষ্কৰণ আন্দোলনৰ ৰূপ লৈছিল। সেয়াই আছিল অসমীয়াৰ জাতীয়তাবাদৰ ধৰ্মভিত্তিক স্বৰূপ। ঊনৈশ শতিকাৰ প্ৰথমাৰ্ধত ভাৰতবৰ্ষত ধৰ্মভিত্তিক জাতীয়তাবাদী চিন্তাধাৰাই গঢ় লৈ উঠিছিল। পিছৰ সময়ত ভাৰতীয় জাতীয়তাবাদ ধৰ্মকেন্দ্ৰিক হৈ পৰিছিল। ব্ৰিটিছে ভাৰতত হিন্দু আৰু মুছলমানৰ মাজত পাৰস্পৰিক শত্ৰুতা বৃদ্ধিৰ বাবে যথেষ্ট ব্যৱস্থা লৈছিল। ধৰ্মভিত্তিক জাতীয় চৈতন্যক যেতিয়াই ৰাজনীতিৰ সৈতে জড়িত কৰা হৈছিল, তেতিয়াৰ পৰাই হিন্দু ৰাষ্ট্ৰীয়তাবাদৰ ভাৰতৰ ৰাজনীতিত প্ৰবেশ ঘটিছিল। সেই বাবেই ব্ৰিটিছৰ সহযোগত মুছলিম লীগ গঠন হৈছিল। ইয়েই চাগে সাম্প্ৰদায়িকতাৰ জন্ম আৰু বিকাশৰ উৎস আছিল। আহোম ৰাজ্য মুছলমান শাসনৰ বাহিৰত থকা বাবেই মুছলিম বিদ্বেষত আধাৰিত সৰ্বভাৰতীয় পৰ্যায়ৰ হিন্দু জাতীয়তাবাদে অসমত গঢ় লোৱা পৰিবেশ নাছিল। তাৰ পৰিবৰ্তে অসমত বাঙালীৰ বিৰুদ্ধে ভাষাভিত্তিক জাতীয়তাবাদ গঢ় লৈ উঠিছিল। কিন্তু লাহে লাহে সময় সলনি হোৱাৰ লগে লগে জাতীয়তাবাদৰ ধাৰাও সলনি হ’ল। শত্ৰুতামূলক বিৰোধ নহলে জাতীয়তাবাদৰ খৰতকীয়া জন্ম আৰু বিকাশ সম্ভৱপৰ নহয়। সেয়েহে আজি জাতীয়তাবাদৰ মুল প্ৰেৰণা ভাষাৰ পৰিবৰ্তে ধৰ্মই যোগাইছে।

ব্ৰিটিছে অসমক মিশ্ৰিত জনসংখ্যাৰ গণ্ডীত ‘গ’ শ্ৰেণীৰূপে গ্ৰুপিং কৰিছিল। অসম আন্দোলনৰ আগেয়ে অসমত ধাৰ্মিক অসহিঞ্চুতা দেখা নগৈছিল। পুনৰ কৈছো অসম আন্দোলন মুলতঃ বহিৰাগত বিতাৰণৰ বাবেই আছিল, য’ত কেৱল যে বিদেশী প্ৰব্ৰজনকাৰীয়ে আছিল তেনে নহয় ই ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা ঘটা অবাঞ্চিত প্ৰব্ৰজন ৰোধ কৰি স্বৰাজ ক্ষেত্ৰত পুনৰ্বাসন দিবৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক বাধ্য কৰোৱা। কিন্তু ভাৰতীয় ৰাজনীতি তথা কেন্দ্ৰীয় চৰকাৰৰ নীতি নিৰ্ধাৰণ কৰা উত্তৰ-পশ্চিম ৰাজনীতিকৰ কি যে চক্ৰান্ত! ইয়াক পিছলৈ কেৱল বিদেশী বিতাৰণ আন্দোলনলৈ পৰ্যবশিত কৰা হ’ল। লাহে লাহে ভাৰতীয় ৰাজনীতিত মৌলবাদী ৰাজনীতিৰ শিপা মজবুত হ’বলৈ ধৰিলে আৰু ই অসম তথা উত্তৰ-পূবতো খোপনি পুতিলে। বৰ্তমান বিদেশী বিতাৰণ আন্দোলনো কেৱল ধৰ্মভিত্তিক জাতীয়তাবাদ বুলি ধাৰণা কৰিব পাৰি। এই আন্দোলনত হাত উজান দিয়া সৰ্বভাৰতীয় ৰাজনৈতিক দল, মৌলবাদী সংগঠনসমুহে যোগদান কৰা কাৰ্য উল্লেখনীয়। ইফালে একালৰ অসম আন্দোলনকাৰীসকলৰ বিজেপি-প্ৰেম আদিয়ে ধৰ্মভিত্তিক অমঙ্গলীয়া জাতীয়তাবোধৰ ৰাজনীতিকে সূচাইছে। লগতে বিভাজিত হৈ প্ৰায় নিঃশেষ হোৱা আমছুও পুনৰ পুলি পোখাৰে লহপহকৈ বাঢ়ি গৈছে। এআইইউডিএফৰ দৰে সাম্প্ৰদায়িক ৰাজনৈতিক দলেও সাম্প্ৰদায়িকতা বৃদ্ধিত অৰিহণা যোগায়।


স্বাধীনতাৰ পাছত অসমীয়া নেতৃত্বই অসমৰ বহুভাষিক, বহু নৃগোষ্ঠীয় আৰু বহুধৰ্মীয় জনসাধাৰণৰ বাস্তৱতা উপলব্ধি কৰিবলৈ অসমৰ্থ হ’ল। এই অদূৰদৰ্শিতাই অসমখনক ইতিমধ্যে ভাষাভিত্তিক কাৰণত খণ্ড বিখণ্ড কৰি পেলাইছে আৰু আজিও তাৰ ভয়াবহতা অবিৰতভাৱে চলি আছে। আজিৰ এই ধৰ্মভিত্তিক জাতীয়তাবোধে অসমক কোন দিশে গতি কৰিছে এতিয়াই ঠাৱৰ কৰিব নোৱাৰি যদিও এখন ৰক্তাক্ত ছবি মানসপটত ভাঁহি উঠে। ডেৰশ বছৰ ধৰি চলা ভাষা আন্দোলনে আমাৰ ভাষা সংস্কৃতি চহকী কৰিলে যদিও আজি আমি তাক জলাঞ্জলি দিবলৈ কুণ্ঠাবোধ কৰা নাই। থলুৱা বস্ত্ৰ, থলুৱা শিল্প আমাৰ বাবে হৈ পৰিল আহুকলীয়া। যিসকলে ভাষাক সাৰথি কৰি ৰাজনীতি কৰি বৰ মানুহ হ’ল তেওঁলোকৰ পুত্ৰ-পুত্ৰী, নাতি-নাতিনীয়ে অসমীয়া ভাষাটো ক’ব পাৰিলেও লিখিব পঢ়িব নোৱাৰা হ’ল। যিসকলে এই ভাষাত শিক্ষাগ্ৰহণ কৰি আছে সি ভৱিষ্যতে তেওঁলোকৰ বাবে গৌৰৱৰ পৰিবৰ্তে অসামৰ্থ্য আৰু অপমানৰ কাৰণ হ’ব। ইংৰাজী, হিন্দী ভাষাৰ শব্দ অসমীয়া ভাষাৰ মাজে মাজে ব্যৱহাৰ কৰিলেহে আজি যোগাযোগ শুদ্ধ হয়, মান ইজ্জ্বত থাকে!

মহাপু্ৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ শিকনি, এক শৰণ ধৰ্ম সংস্কৃতিও ক্ৰমাত পাহৰি গৈছো। তাৰ পৰিবৰ্তে উত্তৰ ভাৰতীয় গ্লেমাৰাছ, বজাৰমুখী উৎসৱ, বাংলাৰ উৎসৱসমূহ উলহ-মালহেৰে পালন কৰিবলৈ ললো। সেইবাবেই যি শঙ্কৰ-আজানে একতাৰ এনাজৰীৰে অসমীয়াক বান্ধি ৰাখিছিল, তাৰ প্ৰতি শ্ৰদ্ধা দুৰৰে কথা আমি তাক উপলুঙা কৰিবলৈ ধৰিলো। সেইবাবেই আজি ধাৰ্মিক অসহিঞ্চুতা বাঢ়িছে। ধাৰ্মিক মেৰুকৰণ ৰাজনীতিতে সীমাবদ্ধ নাথাকি সমাজ ব্যৱস্থাকো কলুষিত কৰিছে। ধৰ্মৰ ভিত্তিত ঘৃণাৰ খেতিৰ বাবে ৰসাল অসমৰ বিশাল মাটি আজি উৰ্বৰ ভূমি হৈ সাম্প্ৰদায়িক শক্তিবোৰৰ বাবে লোভনীয় হৈ পৰিছে। ই যে কেৱল ধ্বংস আনিব তাকেই সূচাইছে। ইটো কেৱল আৰম্ভণি, আমি যদি সোনকালে সংযত নহওঁ তেন্তে আমাৰ ধ্বংস অনিবাৰ্য্য। আজি অসমে আৰ্থ-সামাজিক অস্তিত্বৰ সংকটৰ ক্ষণ গণিছে আৰু আমি একেলগে তাক ইগনৰ কৰিছো, বজাৰে দিয়া বজৰুৱা সুখ উপভোগ কৰিছো।


ভাষা আন্দোলনৰ পৰা আজিৰ ধৰ্মভিত্তিক আন্দোলনৰ পৰ্যালোচনা কৰিলে কেইটামান পৰিণতি স্পষ্টকৈ ধৰা পৰে। প্ৰথমতে, ভাষা আন্দোলনৰ ফলস্বৰূপে অসমীয়া ভাষাৰ স্বীকৃতি, অস্তিত্ব আৰু বিস্তৃতি হ’ল। কিন্তু অসমীয়া ভাষাৰ অহেতুক প্ৰেমে জন্ম দিলে বহুকেইখন নতুন ৰাজ্যৰ আৰু অসমৰ খণ্ডিতকৰণ এক নিৰৱচ্চিন্ন প্ৰক্ৰিয়া হৈ পৰিল। দ্বিতীয়তে, অসম আন্দোলন আছিল ভাষা আৰু ধৰ্মভিত্তিক চৈতন্যৰ সংমিশ্ৰণত গঢ় লোৱা এটা গণবিক্ষোভ। ইয়াৰ পৰিণতি হিচাপে অসমত আঞ্চলিক দল এটাৰ জন্ম হ’ল সঁচা, কিন্তু তাৰ কুপৰিণাম হিচাপে জন্ম হ’ল সাম্প্ৰদায়িকতাবাদ, সন্ত্ৰাসবাদৰ বীজৰোপন হ’ল, ভৈয়ামৰ জাতি-জনগোষ্ঠীৰ বিচ্ছিন্নবাদী আন্দোলনৰ সূত্ৰপাত হ’ল। যাৰ ফলত অসমীয়া বৃহৎ জাতিগঠন প্ৰক্ৰিয়া চিৰদিনৰ বাবে অসম্ভৱ হৈ পৰিল। তৃতীয়তে, আজিৰ নতুন সাম্প্ৰদায়িক, ধৰ্মভিত্তিক আন্দোলনে অসমীয়াৰ অস্তিত্ব বিপন্ন কৰাৰ উপক্ৰম কৰিছে। আজিৰ এই বিভাজনৰ বটবৃক্ষ সাম্প্ৰদায়িকতাৰ উদ্যানখনত লহপহকৈ বাঢ়িবলৈ ধৰিছে অজস্ৰ পুলি পোখাৰে। এই হাবিখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰিবলৈ প্ৰয়োজন আকাশলঙ্ঘী উচ্চ ব্যক্তিত্বৰ নেতা আৰু স্বাৰ্থৰহিত সংগঠনৰ।

No comments:

Post a Comment