Monday, September 19, 2016

বিশ্লেষণ

বাংলাদেশী শৰণাৰ্থীৰ নাগৰিকত্বৰ প্ৰশ্ন
দীপাংকৰ মল্ল বৰুৱা
[ভাৰতৰ মোদী চৰকাৰে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা হিন্দু লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰাৰ সম্পৰ্কত কিছু পদক্ষেপ গ্ৰহণ কৰা কৰিছে। তাৰ বাবে তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ে ৱেব ছাইটত নাগৰিকত্ব সংশোধনী বিধেয়ক উপলদ্ধ কৰিছে। এই বিধেয়ক সংশোধনীৰ বাবে ৰখা হৈছে আৰু বিষয়টোত এতিয়া ৰাজহুৱা মতামত আহ্বান কৰিছে। দেশৰ ব্যক্তি, দল, সংগঠনে নিজৰ মত প্ৰদান কৰিব পাৰিব। এই মতামতক সম্পূৰ্ণৰূপে গোপনে ৰখা হব বুলিও কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বিবৃতি যোগে প্ৰকাশ কৰিছে।]


শৰণাৰ্থী শব্দটোৰ অৰ্থ হ’ল শৰণাপন্ন বা আশ্ৰয় প্ৰাৰ্থী লোক। কেতিয়াবা একোখন দেশত কিবা কাৰণত এনে পৰিস্থিতিৰ সৃষ্টি হয় যে সেইখন দেশৰ একাংশ নাগৰিকৰ জীৱনৰ প্ৰতি চৰম সংশয় তথা ভাবুকি আহি পৰে আৰু সেই দেশখনত শান্তিৰে বসবাস কৰাটো অসম্ভৱ হৈ পৰে। এনে পৰিস্থিতিত সেই খন দেশৰ পৰা অন্য এনে এখন দেশলৈ মানুহে পলায়ন কৰিবলৈ বাধ্য হয়, যিখন দেশত তেওঁলোকে অন্তত: জীয়াই থকাৰ নিৰাপত্তা লাভ কৰে। ভগনীয়া মানুহবোৰ তেওঁলোকৰ জীৱন আৰু জীৱিকাৰ বাবে নতুন দেশ খনৰ শৰণাপন্ন হয় আৰু প্ৰাণৰ ভয়ত আকৌ নিজৰ দেশলৈ উভতি যাবলৈ ইচ্ছা নকৰে।

ৰাষ্ট্ৰসংঘই ১৯৫১ চনৰ অভিৱৰ্তনত আগবঢ়োৱা সংজ্ঞা অনুসৰি নিজৰ দেশত কোনো জাতি,ধৰ্ম, গোষ্ঠীৰ প্ৰতি আনুগত্য প্ৰদৰ্শনৰ বাবে যদি এজন মানুহে শাস্তি বা মৃত্যু ভয়ৰ সন্মুখীন হ’ব লগীয়া হয়, নিজৰ দেশত চলি থকা যুদ্ধ আৰু হিংসাৰ পৰিৱেশত শান্তিৰে জীৱন যাপন কৰাটো অসম্ভৱ হয় আৰু প্ৰাণৰ মমতাত তেওঁ অন্য এখন দেশৰ শৰণাপন্ন হয় তথা নিজৰ দেশলৈ উভতি যাব নিবিচাৰে, তেওঁকেই শৰণাৰ্থী বুলি গণ্য কৰিব পাৰি। যুগ যুগ ধৰি চুবুৰীয়া ৰাষ্ট্ৰ সমূহৰ পৰা বিভিন্ন কাৰণত ভাৰতলৈ মানুহে প্ৰৱজন কৰিছে আৰু ভাৰতৰ শৰণাপন্ন হৈছে। 

জীৱিকাৰ সুবিধা আৰু জীৱন ধাৰণৰ উন্নত মানৰ সন্ধানতো এখন অনুন্নত দেশৰ পৰা উন্নত দেশলৈ মানুহে স্বাভাৱিক ভাৱে প্ৰৱজন কৰে। অতীজৰে পৰা মানুহৰ এনে প্ৰৱজন চলি আহিছে। নিজৰ দেশত দিনে ৰাতিয়ে পৰিশ্ৰম কৰিও দুবেলা দুমুঠি পেট ভৰাই খাবলৈ নোপোৱা মানুহে মৰণত শৰণ দি হ’লেও এনে এখন দেশলৈ যাবলৈ বিচাৰে য’ত তেওঁলোকৰ শ্ৰমৰ বিনিময়ত পেট ভৰাই খাব পাৰে, নিজৰ আৰু পৰিয়ালৰ বাবে এক উন্নত আৰু সুৰক্ষিত জীৱন পাব পাৰে। ভোক আৰু দাৰিদ্ৰই কোনো সীমা বা আইন নামানে। বাৰ্লিন প্ৰাচীৰত বিদ্যুত সংযোজিত কৰি থোৱাৰ পিছতো মানুহে মৃত্যুভয় নেওচি সেই প্ৰাচীৰ অতিক্ৰম কৰিছিল। সেনাৰ গুলীলৈ প্ৰতি ভয় নকৰি কিউবাৰ পৰা মানুহ এতিয়াও মেক্সিকো বা আমেৰিকা পায়গৈ। দুৰ্ভিক্ষ আৰু মহামাৰীত আক্ৰান্ত উত্তৰ আফ্ৰিকাৰ দুখীয়া দেশ সমূহৰ পৰা টুৰ্কী হৈ ইউৰোপলৈ বহুতো মানুহৰ অবিৰাম সোঁত বৈ আছে। তিব্বতত অত্যাচাৰী শাসনৰ পৰা ৰক্ষা পাবলৈ তিব্বতী শৰণাৰ্থী ভাৰতলৈ আহিয়েই আছে। সেইদৰে চুবুৰীয়া বাংলাদেশ আৰু পাকিস্তানৰ পৰাও বহুতো লোক নানান কাৰণত প্ৰতিবছৰেই ভাৰতলৈ ঢাপলি মেলে।

আজিৰ সময়ত সমগ্ৰ বিশ্বতে শৰণাৰ্থীৰ প্ৰৱজন এক গুৰুতৰ সমস্যা হৈ পৰিছে। ছিৰিয়া, ইৰাক আৰু মধ্য প্ৰাচ্যৰ কেইবাখনো দেশৰ পৰা লাখে লাখে মানুহ গৈ ইউৰোপ ভৰি পৰিছে। গৃহযুদ্ধত বিদ্ধস্ত এইবোৰ দেশৰ মানুহক ফ্ৰান্স, জাৰ্মানী, ইটালী আদি ইউৰোপৰ কেইবাখনো দেশত শৰণাৰ্থী হিচাপে সংস্থাপন কৰা হৈছে। প্ৰাণৰ মমতাত অতি বিপদসংকুল সমুদ্ৰ যাত্ৰা কৰি শৰণাপন্ন হোৱা এই মানুহখিনিক মানৱীয়তাৰ খাতিৰত আশ্ৰয় দিবলৈ ইউৰোপৰ কেইবাখনো দেশ বাধ্য হৈ পৰিছে।

কিন্তু আমাৰ চুবুৰীয়া দেশ বাংলাদেশত বৰ্তমান গৃহযুদ্ধৰ দৰে ভয়ানক পৰিস্থিতিৰ সৃষ্টি হোৱা নাই। সেই দেশৰ পৰা প্ৰাণৰ ভয়ত লাখে লাখে মানুহ আন দেশলৈ পলায়নো কৰা নাই। এতিয়াও বাংলাদেশত হিন্দু সকলে দুৰ্গা পূজা উলহ মালহেৰে, ধুম ধামেৰে উদযাপন কৰে। বাংলাদেশত এতিয়াও অধিকাংশ সাধাৰণ মানুহে সহনশীলতাৰে বাস কৰে। অৱশ্যে মাজে মাজে মৌলবাদী আৰু সন্ত্ৰাসবাদীৰ আক্ৰমণত সংখ্যালঘু লোক নিহত হৈছে। বাংলাদেশত বৰ্তমান অধিস্থিত চৰকাৰে ধৰ্মীয় সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কঠোৰ মনোভাৱ পোষণ কৰি আহিছে। বৰ্তমানৰ বাংলাদেশত সংখ্যালঘু লোকৰ এনে অৱস্থাও হোৱা নাই যে সেইখন দেশত তেওঁলোকৰ জীৱন ধাৰণ অসম্ভৱ হৈ পৰিছে। অৱশ্যে এই কথাও সত্য যে বাংলাদেশ সৃষ্টিৰ সময়ত আৰু তাৰ পিছতো নানান কাৰণত জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে লাখ লাখ লোকে উন্মুক্ত সীমান্তৰ সুবিধা লৈ বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰিছে।

কেন্দ্ৰীয় চৰকাৰে ধৰ্মীয় উন্মাদনা আৰু নিৰ্যাতনৰ বলি হৈ পাকিস্তান আৰু বাংলাদেশৰ পৰা পলায়ন কৰি ভাৰতলৈ অহা ধৰ্মীয় সংখ্যালঘু সকলক কোনো নথি পত্ৰ নোহোৱাকৈ ভাৰতত আশ্ৰয় আৰু নিৰাপত্তা প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন কৰিবলগীয়া কথা যে, চুবুৰীয়া দেশৰ পৰা যি সকল লোক প্ৰাণৰ মমতাত অসমৰ মাটিলৈ আহিছে তেওঁলোকক, অৰ্থাৎ বাংলাদেশী হিন্দু সকলক শৰণাৰ্থী হিচাপে স্বীকৃতি দিবলৈ পূৰ্বৰ চৰকাৰৰ শাসনকালতে অসম চৰকাৰৰ কেবিনেটে সিদ্ধান্ত গ্ৰহণ কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰস্তাৱ প্ৰেৰণ কৰা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়েও তেওঁৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত বাংলাদেশৰ পৰা অহা হিন্দু শৰণাৰ্থী সকলক ভাৰতৰ বিভিন্ন প্ৰদেশত সংস্থাপিত কৰাৰ প্ৰতিশ্ৰুতি দিছিল। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চুবুৰীয়া দেশ সমূহৰ পৰা ভাৰতলৈ অহা অমুছলমান লোক সকলক সংস্থাপিত কৰাৰ অৰ্থে সংসদত বিধেয়ক উত্থাপন কৰিছে। অৱশ্যে প্ৰায় সকলো বিৰোধী দলে চৰকাৰৰ এই পদক্ষেপৰ বিৰোধিতা কৰিছে।

এই কথা সঁচা যে চুবুৰীয়া দেশৰ ধৰ্মীয় উন্মাদনাৰ বলি হৈ কিছু সংখ্যক লোকে ভাৰতলৈ আশ্ৰয় বিচাৰি আহিছে। কিন্তু সকলো হিন্দু আৰু আন ধৰ্মীয় সংখ্যালঘুৱে কেৱল ধৰ্মীয় উন্মাদনাৰ বলি হৈ ভাৰতলৈ আহিছেনে? যিবোৰে জীৱিকা বা উন্নত জীৱন বিচাৰি ভাৰতলৈ আহিছে তেওঁলোককো ধৰ্মীয় উন্মাদনাৰ বলি বুলি সৰলীকৃত কৰাটো সমীচিন নে? কেৱল ধৰ্মীয় পৰিচয়ৰ বাবে কোনো বাচ বিচাৰ নকৰাকৈ এচাম লোকক ভাৰতীয় নাগৰিকত্ব আগবঢ়োৱাটো কেতিয়াও যুক্তিসংগত হ'ব নোৱাৰে।

সেইদৰে যিসকল মুছলমানে জীয়াই থকাৰ তাড়নাত উপায় বিহীন হৈ সীমা পাৰ হৈ আহিছে আৰু চৰ চাপৰিক খেতি বাতি কৰি জীৱন নিৰ্বাহ কৰিছে মানবীয়তাৰ দৃষ্টিৰে তেওঁলোকেও একে সুবিধা দাবী কৰিব নোৱাৰিব নেকি? তেওঁলোকৰ বাবেও মানৱ জীৱনৰ মূল্য একেই নহয় জানো? কেৱল ধৰ্মীয় পৰিচয়ৰ বাবে কোনো বাচ বিচাৰ নকৰাকৈ এচাম লোকক সদায় বিদেশীৰ লেবেল লগাই থোৱাটো 'সৱকে সাথ, সবকে বিকাশ'ৰ শ্লোগান দিয়া চৰকাৰৰ লক্ষণ হ'ব নোৱাৰে।

অসমৰ বাবে বাংলাদেশী নাগৰিকৰ সমস্যাটো আন ৰাজ্যতকৈ পৃথক। ১৯৮৫ চনত স্বাক্ষৰ হোৱা কেৱল অসমৰ বাবে প্ৰযোজ্য অসম চুক্তি অনুসৰি ১৯৭১ চনৰ ২৫ মাৰ্চৰ আগতে অসমলৈ অহা জাতি ধৰ্ম নিৰ্বিশেষে লাখ লাখ লোকক ইতিমধ্যে ভাৰতীয় নাগৰিক হিচাপে স্বীকাৰ কৰি লোৱা হৈছে। কিন্তু এই তাৰিখৰ পিছত অবৈধ ভাৱে আহি অসমত বসবাস কৰা জাতি ধৰ্ম নিৰ্বিশেষে সকলো বিদেশীকেই চিনাক্ত কৰি বহিষ্কাৰ কৰাৰ নিৰ্দেশ অসম চুক্তিত আছে। সেয়েহে ১৯৭১ চনৰ পিছত অহা একাংশ বিদেশী লোকক অসমত সংস্থাপিত কৰিলে অসম চুক্তিৰ নায্যতা ভংগ হ’ব বুলি অভিযোগ উত্থাপিত হৈছে।

আজিকালি কিছুমান নেতাৰ মুখত প্ৰায়ে শুনা যায় যে ২০ লাখ হিন্দু বাংলাদেশীক কেন্দ্ৰীয় চৰকাৰে অসমত সংস্থাপন দিব বিচাৰিছে। কি তথ্যৰ ভিত্তিত অসমত ২০ লাখ হিন্দু বাংলাদেশী আছে বুলি কোৱা হৈছে সেয়া জনা নাযায়। এই তথ্য যদি শুদ্ধ হয়, আৰু আমি যদি ধৰি লওঁ যে সমান সংখ্যক মুছলমান বাংলাদেশী আৰু ৫ লাখমান অন্য ধৰ্মৰ বাংলাদেশী অসমত আছে, তেন্তে অসমত থকা বাংলাদেশীৰ সংখ্যাটো ৪৫ লাখ মান হ'ব। (অৱশ্যে এই কথা বেলেগ যে, ইমান বছৰ ধৰি চৰকাৰে তিনি হাজাৰজন বাংলাদেশীও বিচাৰি উলিয়াব পৰা নাই।)

অসম চুক্তি অনুসৰি ১৯৭১ চনৰ পিছত অহাখিনিহে বাংলাদেশী, গতিকে ১৯৭১ চনৰ পৰা ২০১৬ চনলৈ এই ৪৫ বছৰত গড়ে এক লাখকৈ ৪৫ লাখ বাংলাদেশী অসমত গোট খাইছে বুলি ধৰি হিচাপটো মিলাই থব পাৰি। এতিয়া অসম চুক্তি ৰূপায়ন কৰিবলৈ হ'লে এই ৪৫ লাখ লোকক অসমৰ পৰা উলিয়াই পঠিয়াব লাগিব।

ধৰি ল'লোঁ কাইলৈ অসম চুক্তি মতে অসমত থকা ৪৫ লাখ বাংলাদেশীক খেদি পঠিওৱাৰ সিদ্ধান্ত লোৱা হ'ল।

কোনো এখন ৰাষ্ট্ৰই ৪৫ লাখ মানুহক ঘৰ দুৱাৰ উচ্ছেদ কৰি গৰু ছাগলীৰ দৰে আন এখন দেশলৈ খেদি পঠিওৱাৰ দৰে ঘটনা আজিৰ সময়ত সংঘটিত হ'ব পাৰেনে? বাংলাদেশৰ দৰে জনবহুল দেশ এখনে এই ৪৫ লাখ লোকৰ বোজা বহন কৰিবলৈ ৰাজী হোৱাটো সম্ভৱনে? তেনে ঘটনা সংঘটিত হ’লে নিৰীহ মুছলমানৰ ওপৰত অত্যাচাৰ হোৱা বুলি বিশ্বৰ মুছলমান ৰাষ্ট্ৰসমূহে গৰজি নুঠিবনে? সেইদৰে ভাৰতৰ পৰা হিন্দুলোকক খেদি পঠিওৱাটোৱে সমগ্ৰ দেশতে অস্থিৰতাৰ সৃষ্টি নকৰিবনে? হিন্দু আৰু মুছলমান উভয়ৰে মৌলবাদী শক্তিসমূহে তাণ্ডৱ সৃষ্টি নকৰিবনে? তেনে পৰিস্থিতি হ'বলৈ হ'লে মানৱ অধিকাৰ ৰক্ষাৰ সংস্থাসমূহে ভাৰতক সুদায় এৰিবনে?

গতিকে অসম চুক্তিৰ আধাৰত হিন্দুৱে হওক বা মুছলমানেই হওক, কোনো বিদেশীকে অসমৰ পৰা খেদি পঠিওৱা যে অসম্ভৱ সেই কথা বহলাই নকলেও হ'ব। তিনিটা দশক জুৰি কৰিব নোৱৰা কাম অসম চুক্তিৰ আধাৰত ভৱিষ্যতেও যে কৰিব পৰা যাব সেয়া সন্দেহাতীত হৈ থকা নাই। সেয়েহে চুক্তি স্বাক্ষৰ হোৱাৰ তিনিটা দশক পাৰ হৈ যোৱাৰ পিছত এই কথা মানি লোৱাটো প্ৰয়োজন হৈ পৰিছে যে অসম চুক্তিৰ আধাৰত অসমৰ পৰা বিদেশী বিতাৰণ এতিয়া প্ৰায় অসম্ভৱ। বিভিন্ন ৰাজনৈতিক দলৰ সদিচ্ছাৰ অভাৱতে বিদেশীক বহিষ্কাৰ কৰাতো দূৰৰে কথা বিদেশী চিনাক্তকৰণেই হোৱা নাই। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কামো প্ৰায় স্থবিৰ হৈ পৰিছে। বাংলাদেশী সকলক ধৰ্মৰ আধাৰত বিভাজিত কৰি ৰাজনৈতিক দলসমূহৰ ভোটকেন্দ্ৰিক টনা আজোঁৰা চলি থকালৈ অসমৰ পৰা বিদেশী খেদাটো সম্ভৱ নহয়। সেয়েহে এতিয়া অসমৰ বিদেশী সমস্যাটো সমাধান কৰাৰ বাবে ব্যতিক্ৰমী চিন্তাৰ প্ৰয়োজন হৈছে।

মন কৰিবলগীয়া যে, বিশ্বৰ বহুতো দেশত বিভিন্ন কাৰণত আশ্ৰয়প্ৰাৰ্থী বিদেশী সকলক শৰণাৰ্থীৰ মৰ্যদা প্ৰদান কৰা হয়। কিন্তু তেনে লোকক সহজতে ৰাজনৈতিক অধিকাৰ বা ভোটাধিকাৰ প্ৰদান কৰা নহয়। কিন্তু ভাৰতত ৰাজনৈতিক দলবোৰে বিদেশী সকলক ভোটবেংক হিচাপে ব্যৱহাৰ কৰাৰ স্বাৰ্থত তেওঁলোকক শৰণাৰ্থী হিচাপে স্বীকৃতি দিয়াতকৈ ভোটাধিকাৰ দিয়াতহে আগ্ৰহী হৈ আহিছে। সেয়েহে কেন্দ্ৰীয় চৰকাৰে বিদেশী সকলক শৰণাৰ্থীৰ মৰ্যদা দিয়াৰ প্ৰস্তাৱ আদৰণীয়। কিন্তু এখন ধৰ্ম নিৰপেক্ষ দেশত ধৰ্মৰ আধাৰত বিদেশীৰ ভাগ বতৰা কৰাটো আৰু এই বিষয়ত আইন প্ৰনয়ণ কৰাটো অনুচিত আৰু অশোভনীয়। ইয়াৰ পৰিৱৰ্তে ভাৰতত যিসকল বিদেশী লোকে বিভিন্ন কাৰণত ভাৰতত নিগাজীকৈ থাকিবলৈ আগ্ৰহী, জাতি ধৰ্ম নিৰ্বিশেষে তেনে সকলো বিদেশী লোককে চৰকাৰে শৰণাৰ্থী হিচাপে আবেদন কৰিবলৈ সুবিধা প্ৰদান কৰা উচিত। তেনে কৰিলে বিদেশী চিনাক্তকৰণ প্ৰক্ৰিয়াটো হয়তো আপোনা আপুনি সমাপন হ'ব। উন্নত ৰাষ্ট্ৰসমূহত থকা ব্যৱস্থাৰ অনুকৰণত তেনেদৰে চিনাক্ত হোৱা বিদেশী সকলক 'কাম কৰাৰ বাবে অনুপতিপত্ৰ' প্ৰদান কৰি এক নিৰ্দিষ্ট সময়লৈ ভাৰততে বসবাস কৰাৰ অনুজ্ঞা (ভিছা) প্ৰদান কৰিব লাগে। এনে অনুজ্ঞা পত্ৰৰ সময়ে সময়ে পুনৰীক্ষণ হ’ব লাগে। পৰিস্থিতি অনুসৰি এনে অনুজ্ঞা পত্ৰ বাতিল আৰু প্ৰয়োজন সাপেক্ষে ম্যাদ বৃদ্ধিৰ ব্যৱস্থা থাকিব লাগে। অনুজ্ঞা পত্ৰ বাতিল হোৱা সকলক নিজ দেশলৈ ঘূৰাই পঠিওৱাৰ ব্যৱস্থা কৰিব লাগে। অৱশ্যে অসমৰ দৰে সৰু ৰাজ্যই যাতে শৰণাৰ্থীৰ ভাৰ অকলে বহন কৰিবলগীয়া নহয়, তাৰ বাবে শৰণাৰ্থী সকলক ভাৰতৰ আন ৰাজ্যবোৰত ভগাই লোৱাৰ ব্যৱস্থা হোৱাটো অতি প্ৰয়োজনীয়। চৰকাৰে শৰণাৰ্থী পঞ্জীকৰণৰ কেন্দ্ৰ স্থাপন কৰিব বিচৰা দেশৰ ১৬ খন জিলাৰ ভিতৰত অসমৰ এখনো জিলা নথকাটো চৰকাৰৰ এক সুনিশ্চিত পদক্ষেপ বুলিব পাৰি।

অৱশ্যে শৰণাৰ্থীৰ পঞ্জীয়নৰ অৰ্থ এয়া নহয় যে সেইসকলে সাধাৰণ নাগৰিকে ভোগ কৰা সকলো সুবিধা উপভোগ কৰিব। শৰণাৰ্থী সকলক অন্তত: ৰাজনৈতিক অধিকাৰৰ পৰা নিলগত ৰখাটো বাঞ্চনীয়। এই ক্ষেত্ৰত চৰকাৰে ৰাজনৈতিক লাভালাভৰ উৰ্ধলৈ গৈ সিদ্ধান্ত লোৱা উচিত। বিশ্বৰ বহুতো দেশত থকা ব্যৱস্থাৰ দৰে শৰণাৰ্থীৰ মৰ্যদা প্ৰাপ্ত লোকসকল ৰাজনৈতিক অধিকাৰ আৰু মাটি সম্পত্তি কিনাৰ অধিকাৰৰ পৰা বঞ্চিত হোৱা উচিত। তেওঁলোকৰ সতি সন্ততিয়েও যাতে ভোটাধিকাৰ কেতিয়াও পাব নোৱাৰে তাৰ বাবে সুনিৰ্দিষ্ট আইনী ব্যৱস্থা কৰিব লাগে। মানৱ অধিকাৰৰ দিশৰ পৰা এনে ব্যৱস্থা বৈষম্যমূলক হ’লেও বিদেশী লোকসকলক সংস্থাপিত কৰিবলৈ হ’লে দেশৰ নাগৰিকৰ স্বাৰ্থত এনে কঠোৰ ব্যৱস্থা হাতত ল’বই লাগিব। অন্যথা শৰণাৰ্থী সংস্থাপনৰ প্ৰক্ৰিয়াটো আকৌ ভোটকেন্দ্ৰিক ভেকোভাওনাত পৰিণত হ’ব। অৱশ্যে এই প্ৰক্ৰিয়া ফলপ্ৰসু হ'বলৈ হ'লে সীমান্ত সম্পূৰ্ণ ভাৱে ছীল হ'ব লাগিব আৰু অবৈধ ভাৱে বিদেশীৰ প্ৰৱেশ চিৰকাললৈ বন্ধ হ’ব লাগিব।

দীৰ্ঘদিনীয়া অসমৰ বিদেশী সমস্যাটোৰ হয়তো এনেদৰে বাস্তৱসন্মত সমাধান বিচাৰিব নোৱাৰিনে? হিন্দু বাংলাদেশীক শৰণাৰ্থী হিচাপে সংস্থাপন কৰৰ বিৰোধিতা কৰাতকৈ ভাৰতত নিগাজীকৈ থাকিব বিচৰা সকলো ধৰ্মৰ বাংলাদেশীক ৰাজনৈতিক অধিকাৰহীন শৰণাৰ্থী হিচাপে স্বীকৃতি দিবলৈহে দাবী জনোৱা উচিত।

No comments:

Post a Comment