ASD 177 28TH MARCH 2013 - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 177  28TH MARCH 2013

ASD 177 28TH MARCH 2013

Share This
অসমীয়াৰ সুখ-দুখ
                       সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
Assamese MID-DAY on Social Media
প্ৰথম বছৰ ১৭৭তম সংখ্যাঃ ২৮মাৰ্চ ২০১৩

আজিৰ শীৰ্ষ বাতৰিঃ


১. দীৰ্ঘ-জীৱনৰ ৰেকৰ্ড গঢ়ি থৈ গ’ল মৰিগাঁৱৰ পোনা কোঁৱৰেঃ চৰকাৰী নথিয়ে প্ৰমাণ কৰা মতেই ১৩৫ বছৰ জীয়াই থাকি, পাঁচটা প্ৰজন্মৰ সংসাৰ দেখি বিদায় মাগিলে অসমৰ আটাইতকৈ দীৰ্ঘজীৱি ব্যক্তিজনে ৷

২. অসমৰ মৰিগাঁৱৰ পৰম্পৰাগত জীৱনধাৰণৰ আৰ্হি স্বৰূপ তথা খিলঞ্জীয়া তিৱা গাঁও বাৰীবন্ধাই পালে ৰাষ্ট্ৰীয় শিৰোনামত স্থানঃ সেই গাঁৱৰ ৰাইজৰ গড় আয়ুস ৯০বছৰ!

হোলি গীতেৰে মুখৰিত অসমঃ ফটো সৌজন্যঃ ডেমক্টিক্স.কম

৩. বন্দুক এৰি হাতত বাঁহী লৈ শান্তিৰ সন্ধানত অৰণ্যৰ পৰা ওলাই আহিল শোণিতপুৰৰ যুৱকঃ বন্দুকেৰে নহয়, সেই কথা সোঁৱৰিলে ১৬বছৰতে আলফালৈ যোৱা যুৱকজনে ৷

৪. দেশত বাঢ়িছে “মাত্ৰ অনলাইন মেগাজিন, বাতৰি-কাকত, জাৰ্নাল”: আৰ্থিক দুৰৱস্থাত পৰি হেৰাই যোৱা বহু আলোচনীৰ পুনৰ জীৱন প্ৰদানৰ বাবে প্ৰকাশকে বিচাৰি লৈছে অনলাইনৰ পথ ৷

৫. ধৰ্মীয় মৌলবাদীৰ বিৰুদ্ধে বাংলাদেশী নৱ-প্ৰজন্মৰ জনজাগৰণক ভূয়সী প্ৰশংসা কৰিলে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মানিক চৰকাৰেঃ ত্ৰিপুৰাৰ বাংলাদেশ মিচনে আয়োজন কৰে স্বাধীনতা দিৱসৰ কাৰ্যসূচীও ৷

৬. নগালেণ্ড এক্সপ্ৰেছৰ পৰা জব্দ হ’ল ৫৬৬ ৰাউণ্ড একে-৪৭, ৯এম এম পিষ্টল আদিৰ গুলীঃ পুলিচে ধৰিলে হোজাই ষ্টেচনত ৷

৭. অসম ৰাজ্যিক মহিলা আয়োগে আৰক্ষীৰ সহযোগত অতি সোনকালেই আৰম্ভ কৰিব চৌবিশ ঘ্ণ্টাৰ মহিলা হেল্প লাইনঃ নাৰী নিৰ্যাতনৰ ঘটনা ৰোধিবৰ বাবে আদৰণীয় প্ৰদক্ষেপ ৷

৮. অষ্ট্ৰেলিয়াৰ ডাৰৱানত হোৱা পঞ্চম BRICS সন্মিলনে দিলে নতুন উপহাৰঃ ব্ৰাজিল, ভাৰত, ৰাচিয়া, চীন আৰু দক্ষিণ আফ্ৰিকাৰ নেতৃত্বত আৰম্ভ হব ৱৰ্ল্ড বেংক আৰু আইএমএফৰ প্ৰতিদ্বন্দী স্বৰূপ ব্ৰিকচ ডেভেলপমেণ্ট বেংক ৷

৯. কবিগুৰুৰ শান্তি নিকেতনত হাজাৰ হাজাৰ দেশী বিদেশী লোকে উদযাপন কৰিলে ৰঙৰ খেলাঃ এই বিশ্ব ভাৰতী বিশ্ববিদ্যালয়তে কবিগুৰুৱে ফল্গুৎসৱক নতুন নামাকৰণ কৰিছিল “বসন্ত উৎসৱ” নামেৰে ৷

১০. অকল ইন্দিৰা কিয়ঃ মন্ত্ৰী গৌতম ৰয়ে এইবাৰ ঘোষণা কৰিলে নিজৰ বিধায়িকা পত্নী মন্দিৰা ৰয়ৰ নামেৰে তেখেতে প্ৰতিনিধিত্ব কৰা আলগাপুৰ বিধান সভা সমষ্টিত বিপিএল পৰিয়ালৰ বাবে “মন্দিৰা আৱাস যোজনা” ৷

১১. অহা ২৯ তাৰিখে ২বজাৰ পৰা গুৱাহাটীৰ চেণ্ট যোচেফ গীৰ্জাত আগবঢ়াব গুড ফ্ৰাইডেৰ সেৱা ৷

১২. বৰদোৱাত পাঁচ দিনায়ী কাৰ্যসূচীৰে চলি আছে দৌলোৎসৱঃ আজি গোঁসাই ফুৰোৱা কাৰ্যসূচী ৷

দুখৰ খবৰঃ
১. হোলিৰ আনন্দ উৎসাহৰ মাজতে দেশৰ আন প্ৰান্তত দুৰ্ঘটনাত প্ৰাণ গ’ল বহুজনৰঃ অসমত নিহত সাতজন, অন্ধ্ৰ পৰ্দেশত ডুবিল ২৭জন৷

২. তামিলনাডুৰ ৰাইজে তুলিলে শ্ৰীলংকাত তামিল ঈলমৰ দাবীঃ শ্ৰীলংকান ক্ৰিকেটাৰক নিষিদ্ধ কৰাৰ পাছত খেলুৱৈৱে নিজেই তালৈ যাবলৈ কৰিলে অস্বীকাৰ ৷

৩. শিলিগুড়িত হেৰোৱা নাৰী উদ্ধাৰ হ’ল গুৱাহাটীৰ আমিনগাঁৱতঃ ৰহস্যৰ গোন্ধ পাইছে আৰক্ষীয়ে ৷
ভগ্নী তথা সাংসদ প্ৰিয়া দত্তক কাষত লৈ উচুপিলে মুন্না ভায়ে

৪. সংবাদ মাধ্যমৰ আগত কান্দোনত ভাগি পৰিল মুন্না ভাইঃ সঞ্জয় দত্তই তুলিছে সহানুভূতিৰ ঢৌ, তথাপি ক’লে সঠিক সময়ত ন্যায়ালক সন্মান কৰি তেওঁ কৰিব আত্ম-সমৰ্পণ ৷


৫. বৰাক উপত্যাকা যেন এতিয়াও অৱহেলিতঃ আক্ষেপ কৰিলে ৰাজ্যৰ ৰাজ্যপাল পাটনায়কে ৷

ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয়
১. বিট্টি মহান্তিৰ পলায়ন কেচক লৈ কংগ্ৰেছে কৰিলে উৰিষ্যাৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী ৷

২. পাকিস্তানি কিশোৰী মালালা ইউচুফলৈ আত্ম-জীৱনীৰ বাবে ৩ নিযুত ডলাৰৰ চুক্তিৰ প্ৰস্তাৱ ৷

৩. অহা ২০১৪ নিৰ্বাচনত কিং-মেকাৰৰ হব খুজিছে মূলায়াম সিঙঃ ৰাজনৈতিক বিশ্লেষকে তুলিলে আঙুলি ৷

No comments:

Post a Comment