ASD 179_ 30TH MARCH - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ASD 179_ 30TH MARCH

ASD 179_ 30TH MARCH

Share This


অসমীয়াৰ সুখ-দুখ

    সামাজিক যোগসূত্ৰৰ মঞ্চত বাৰ্তাবাহক এক পৃষ্ঠা 
                                      Assamese MID-DAY on Social Media

প্ৰথম বছৰ ১৭৯তম সংখ্যাঃ ৩০মাৰ্চ ২০১৩

( ইউনিকোডত অসমীয়া বাতৰি)


আজিৰ গুৰুত্বপূৰ্ণ খবৰঃ

সুখৰ খবৰঃ
ডাৰবানত হোৱা ব্ৰিকছ চামিটতে চীনা ৰাষ্ট্ৰপতিৰ সতে ব্ৰহ্মপুত্ৰত চীনৰ নদী বান্ধ বিষয়ত আলোচনা চলালে অসমৰ পৰা ৰাজ্য সভাৰ সাংসদ তথা দেশৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙেঃ ব্যক্ত কৰিলে উদ্বিগ্নতা ৷

মানুহৰ পুতৌৰ বিৰুদ্ধে যুঁজিবৰ বাবেই দুবছৰ আগতে এখন ভৰি হেৰুৱা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ভলীবল খেলুৱৈ অৰুণিমা সিনহাই আৰম্ভ কৰিলে এভাৰেষ্ট আৰোহণৰ যাত্ৰা ৷

ৱাশ্বিংটন ডিচি ফিল্ম ফেষ্টিভেললৈ বিদ্যুত কটকী পৰিচালিত অসমীয়া চিনেমা "এখন নেদেখা নদীৰ সিপাৰে" আমন্ত্ৰিত ৷

২০১৩ বৰ্ষৰ উইলিয়ামছন মেগৰ শৈক্ষিক ন্যাৰ "অসম উপত্যাকা সাহিত্য বঁটা" প্ৰদান কবি সমীৰ তাঁতীক ৷

ফেচবুকৰ সফলতাৰ পাছত এইবাৰ মাৰ্ক জুকাৰবাৰ্গেঃ শিক্ষাৰ সংস্কাৰ, প্ৰৱজন আৰু গৱেষণাৰ বিষয়ত সচেতনতাৰ বাবে কাম কৰাটো হব এই দলৰ লক্ষ্য ৷

কাজিৰঙাত ধৰা পৰিল প্ৰাক্তন বিএচএফ জোৱান সহিত তিনিজনীয়া চোৰাংচিকাৰীৰ দল ৷

 বৃহত্তৰ অসমীয়া মাৰোৱাৰী সমাজে অসম সাহিত্য সভাৰ সভাপতিৰ ব্যৱহাৰৰ বাবে দিয়া গাড়ী আনুষ্ঠানিক ভাৱে প্ৰদান কৰিলে মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৷
সাহিত্য সভাৰ গাড়ী চালকৰ ৰূপত মুখ্যমন্ত্ৰী

ডিফু সাহিত্য সভাই দুদিনীয়াকৈ পালন কৰিলে বেজবৰুৱাৰ স্মৃতি দিৱসৰ লগতে ডিফু সাহিত্য সভাৰ ৫৪তম প্ৰতিষ্ঠা দিৱস অসম বিশ্ববিদ্যালয়ৰ ডিফু চৌহদত ৷

প্ৰয়াত হেমলতা দত্তৰ চতুৰ্থ মৃত্যু বাৰ্ষিকী পালনঃ আমগুৰিত মণিমালা দত্তক প্ৰদান কৰিলে হেমলতা দত্ত বঁটা ৷

অলেখ প্ৰত্যাশা কঢ়িয়াই ৰঙাপাৰাৰ পৰা লখিমপুৰ পালেগৈ ব্ৰডগজ ৰেলৰ টেষ্ট ড্ৰাইভ কৰা ইঞ্জিন ৷

আই আই টি গুৱাহাটীৰ ছাত্ৰৰ দলে আয়োজন কৰিলে স্বাস্হ্য পৰীক্ষা তথা সজাগতা অভিযানঃ ৩০০ মানুহৰ অংশগ্ৰহণৰ খবৰ ৷

বিশেষ বচনঃ
মাজুলীৰ উত্তৰ কমলাবাৰী সত্ৰত উপস্থিত হ’লগৈ ৰাজ্যপাল জে বি পাটনায়কঃ ক’লে-"ৰাষ্ট্ৰীয় মঞ্চৰ পৰা আন্তঃ ৰাষ্ট্ৰীয় মঞ্চলৈ সত্ৰীয়া কৃষ্টি সংস্কৃতিক অনন্য স্থান দিছে মাজুলীয়ে"

তেজপুৰত বিজেপিৰ যুৱ সমাৰোহত সৰ্বানন্দ সোনোৱালে ক’লে-"কংগ্ৰেছৰ নেতৃত্বতে চলি আছে ছিণ্ডিকেটৰাজ'

শ্ৰমিক নেতা হত্যাৰ গোচৰত অভিযোগৰ আঙুলি সম্দৰ্ভত বিধায়ক ৰাজু চাহুৰ বক্তব্য-"মোৰ বিৰুদ্ধে চলিছে গভীৰ ষড়যন্ত্ৰ" ৷

চিন্তনীয় খবৰঃ

অসমত প্ৰতিদিনে গড়ে দহজেন চলায় আত্মহত্যাৰ চেষ্টাঃ বিগত দশকত ৬০০ চৈধ্য বছৰ অনুৰ্ধ আৰু ৯০০ জ্যেষ্ঠ নাগৰিকৰ আত্মহত্যাৰ তথ্যই মানসিক স্বাস্থ্যক লৈ তুলি ধৰিছে ভয়ঙ্কৰ ছবি ৷

ৰাজ্যজুৰি শ্ৰমিক নেতা গংগাৰাম ক’লৰ হত্যাকাণ্ডৰ তীব্ৰ প্ৰতিবাদঃ ৰাজনৈতিক হত্যা আখ্য দিলে অগপই, ন্যায়িক তদন্ত দাবী কিলে বিজেপিয়ে, বন্ধত স্থবিৰ হ’ল উজনি অসমৰ জনজীৱন ৷


স্থিৰ হোৱা নাই সিদ্ধান্তঃ চমক দি নিযুক্তি দিয়া ৬৬০০ ঠিকাভিত্তিক শিক্ষকৰ কি হব চাকৰি!

গোলাঘাটত দণ্ডাধীশৰ গাড়ীৰ ভিতৰৰ পৰা অভিসাৰঃ চাৰিজন যুৱক আৰু এগৰাকী নাৰীৰ ভিতৰত গ্ৰেপ্তাৰ হ’ল দুজন ৷

নগাঁৱৰ চামৰলিত নৃশংস হ্ত্যাকাণ্ডৰ খবৰঃ স্বামীয়ে শিৰচ্ছেদ কৰিলে পত্নীৰ ৷

পৌৰ নিগমৰ বিৰুদ্ধ আদালত অৱমাননাৰ গোচৰঃ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি মন্ত্ৰীৰ আত্মীয়ক দিলে পদোন্নতি ৷

বিধান সভা এৰি দিল্লীত বাহৰ পাতি থকা স্বাস্থ্য তথা শিক্ষা মন্ত্ৰীয়ে লাভ কৰিলে ছোনিয়া গান্ধীৰ সাক্ষাৎ: আলোচনা সন্দৰ্ভত দুয়ো পক্ষই দিলে ভিন্ন মন্তব্য ৷

বুঢ়ীদিহিঙত নিৰ্মিত দলঙৰ নামাকৰণক লৈ বিতৰ্কঃ নাৱৰীয়া হৰে সোনোৱালৰ নামেৰে প্ৰসিদ্ধি লভা হৰেঘাটক চৰকাৰী বিষয়াই কৰি পেলালে শৰাইঘাট ৷

গোৰেশ্বৰত ডাইনী সন্দেহত এজন প্ৰহাৰ কৰাৰ চিন্তনীয় খবৰ ৷

চান্দা বিচাৰি যান বাহন আগচি ধৰোতেই হ’ল দুৰ্ঘটনাঃ চাংসাৰিত উত্তেজনা

ৰাষ্ট্ৰীয় খবৰঃ
ব্যৱসায়িক কৰ ফাঁকিৰ অভিযোগত ন’কিয়া কোম্পানীলৈ আয়কৰ বিভাগে দিলে ২০০০কোটি টকাৰ জাননী ৷

অৱশেষত সূৰ্যনেলীৰ দলবব্ধ ধৰ্ষণৰ ঘটনা সন্দৰ্ভত ৰাজ্য সভাৰ উপাধক্ষ্য জে পি কুৰিয়ানলৈ আদালতে জাৰী কৰিলে জাননী ৷

আন্তঃ ৰাষ্ট্ৰীয়ঃ
ইটালিয়ান নাবিকৰ কেচ পুনৰীক্ষণৰ বাবে চৰকাৰে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাক দিব দ্বায়িত্ব ৷

উচ্চতম ন্যায়ালয়তঃ
শহুৰৰ পৰা বিয়াৰ ছমাহৰ পাছত ব্যৱসায়ৰ বাবে ধন দাবী কৰিলে সেয়া যৌতুকৰ দাবী বুলি গণ্য কৰা নহব বুলি ৰায় দিলে উচ্চতম ন্যায়ালয়ে ৷
বজাৰঃ
মাৰুতীয়ে নতুনকৈ মুকলি কৰিলে SX4 গাড়ীঃ আৰম্ভণি মূল্য ৭.৩৮ লাখ টকা ৷


No comments:

Post a Comment