বিশ্লেষণ: নৰেন্দ্ৰ মোদীঃ ভাৰতৰ "মিডিয়াসৃষ্ট ছুপাৰমেন" ডাঃ অজিত কুমাৰ পটঙ্গীয়া - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

test banner
xukhdukh.com ভাল খবৰ, ভাল সমল
বিশ্লেষণ: নৰেন্দ্ৰ মোদীঃ ভাৰতৰ "মিডিয়াসৃষ্ট ছুপাৰমেন"  ডাঃ অজিত কুমাৰ পটঙ্গীয়া

বিশ্লেষণ: নৰেন্দ্ৰ মোদীঃ ভাৰতৰ "মিডিয়াসৃষ্ট ছুপাৰমেন" ডাঃ অজিত কুমাৰ পটঙ্গীয়া

Share This
এসময়ত সাম্য, মৈত্ৰী, স্বাধীনতাৰে সমাজৰ উন্নতিৰ বতৰা কঢ়িয়াই অনা পুঁজিবাদী গণতন্ত্ৰই আজি তাৰ প্ৰগতিশীল ভূমিকা হেৰুৱাই পেলাইছে৷ সেয়েহে পুঁজিবাদী গণতন্ত্ৰৰ প্ৰবক্তাসকলে আজিকালি জনসাধাৰণৰ মন ভুলাবলৈ যি কথা বাৰে বাৰে জনগণৰ সন্মুখত পাগুলি থাকিবলৈ সকলোতকৈ উৎকৃষ্ট হিচাবে গণ্য কৰে, সেইটো হৈছে সংসদীয় নিৰ্বাচনৰ জৰিয়তে ধনী-দুখীয়া সকলো শ্ৰেণীৰ 'ভোটাধিকাৰ' অৰ্থাৎ সকলো শ্ৰেণীৰ জনসাধাৰণ নিজৰ ভোটৰ দ্বাৰা পোনপটিয়াকৈ ৰাইজৰ প্ৰতিনিধি নিৰ্বাচিত কৰাৰ মহান ক্ষমতাৰ অধিকাৰী। 'মহাজন তই মোৰ সকলো নিব পাৰ, কিন্তু এটা বস্তু নিব নোৱাৰ সেইটো হৈছে মোৰ ভোটটো" - জনপ্ৰিয় অসমীয়া লেখকৰ গল্প-উপন্যাসটো পুঁজিবাদী গণতন্ত্ৰত ৰাইজৰ এই ক্ষমতাক সকলোত কৈ উপাদেয় হিচাবে চিত্ৰিত কৰা হৈছে। এক নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে নিৰ্বাচন আহে। কৰ্ম্মহীনতা, শোষণ, মূল্যবৃদ্ধি আদিৰে জৰ্জ্জৰিত জনসাধাৰণক বুজোৱা হয়, সপোন দেখুৱা হয়, ভোট দি চৰকাৰ সলনি কৰক, সুখৰ দিন, আনন্দৰ দিন - 'আচ্চে দিন' তেওঁলোকলৈ নামি আহিব। জনগণে প্ৰতিবাৰেই বিশ্বাস কৰে, ভোট দিয়ে, এচাম শাসকৰ পৰিবৰ্তে আন এচাম শাসকক শাসনত গাদিত বহুৱাই তেওঁলোকে কিছুদিন আশাৰ সপোন ৰছে, তাৰ পিচত তেওঁলোকে আকৌ এবাৰলৈ যেতিয়া প্ৰতাৰিত হয়, তেতিয়া আকৌ এবাৰ তেওঁলোকৰ আশাবোৰ চুৰ্ণ-বিচুৰ্ণ হৈ যায়। ইয়াৰ পাছত তেওঁলোকে নিজৰ কপালত নিজে চপৰিয়াৰ বাহিৰে একো উপায় নাথাকে। আজি সমগ্ৰ বিশ্বত এনে কোনো পুঁজিবাদী দেশ নাই, য'ত এই আশা-নিৰাশা চক্ৰৰ আৱৰ্তনৰ পৰা জনসাধাৰণ বাহিৰত। আমাৰ দেশত কি বিজেপি, কি কংগ্ৰেছ সকলোৰে প্ৰচাৰৰ ফালে লক্ষ্য কৰিলেই এই সত্য পৰিস্কাৰ হৈ পৰিব।
লাখ লাখ কোটি কোটি টকা এই নিৰ্বাচনৰ নামত উৰুৱাই দিয়া হৈ আহিছে। প্ৰাৰ্থীসকলে কোনো উন্নয়ণমূলক কামৰ বাবে নহয়, মাথো প্ৰচাৰৰ চমকৰ জৰিয়তে জনসাধাৰণৰ মন জয় কৰিবলৈ শ কোটি টকাৰো বেছি টকা খৰছ কৰিছে। আধুনিকতম ডিজিটেল প্ৰচাৰ, টেলিভিছনৰ প্ৰচাৰ, বিৰাট বিৰাট জনসভা - তাত নানা ধৰণৰ চমক - সকলোতে জনজীৱনৰ সমস্যাবোৰ সমাধানৰ বাবে নিৰ্বাচনৰ প্ৰাৰ্থীসকলে যাদুকাঠি হাতত লৈ জপিয়াই পৰিছে। মাত্ৰ এবাৰ জনসাধাৰণে ভোটটো দিয়াৰ অপেক্ষা, তাৰ পিছত যাদুৰ বলত সমাজৰ সকলো সমস্যা তেওঁলোকে নোহোৱা কৰি দিব। যিবোৰ দেখি আজি ভাৰতবৰ্ষৰৰ জনগণ হতভম্ব, এই যে ইমান জনহিতৈষীলোকসকল বাৰু নিৰ্বাচনৰ আগলৈকে ক'ত লুকাই আছিল!

অকল প্ৰচাৰৰ জোৰ থাকিলেই নহ'ব, সুদক্ষ অভিনেতাও হ'ব লাগিব। আজিৰ নিৰ্বাচনী প্ৰচাৰ বাস্তৱতে এখনি সুপৰিকল্পিত নাটক, আজিৰ টেলিভিছনৰ অনুস্থানৰ ভাষাত যাক কোৱা হয় 'ৰিয়েলিটি শ্বো'। ইয়াৰ বাবে দল আৰু প্ৰাৰ্থীসকলে দেশৰ জনসাধাৰণৰ মুখা-মুখি সাক্ষাৎকাৰ, চেম্পল চাৰ্ভে, জনমত সমীক্ষা ইত্যাদিৰ যোগেদি তেওঁলোকৰ জ্বলন্ত সমস্যাসমূহ চিহ্নিত কৰিবলৈ নানা এজেন্সি আৰু বিশেষজ্ঞ নিয়োগ কৰে। পুঁজিবাদত বিশ্বাসী দলসমূহৰ অধিকাংশ নেতা আৰু প্ৰাৰ্থীয়েই যিহেতু সমাজৰ উচ্চ, সুবিধাভোগী শ্ৰেণীৰ পৰা অহা আৰু গণ সংগ্ৰামৰ লগত কোনো সম্পৰ্ক নথকা, গতিকে তেওঁলোকৰ জনগণৰ প্ৰকৃত দুখ-বেদনাৰ প্ৰতি কোনো অভিজ্ঞতা নাথাকে। এই বিশেষজ্ঞসকলেই হৈছে তেওঁলোকৰ ভৰষা। তাৰপিচত সাধাৰণ মানুহৰ সমস্যাবোৰকলৈ এটি আকৰ্ষণীয় পেকেজ তৈয়াৰ কৰা হয়। বাস্তৱ জীৱনৰ দৰিদ্ৰতা, বেকাৰিত্ব, আধাপেটিকৈ খোৱা বা অনাহাৰে থকাৰ দু:খবৰবোৰৰ প্ৰতি নেতাবোৰৰ থকা সহানুভূতি অত্যন্ত কৌশলৰে প্ৰচাৰ কৰা হয়। বিভিন্ন ধৰণৰ ফ্লেস্ক, কাট-আউট, শ্লোগান, গান, চিনেমা, ভিডিঅ', টিভিত নানা টক শ্ব, সঁচাসঁচিকৈ কেমেৰাৰ সন্মুখত মানুহক হাজিৰ কৰি প্ৰতিবেদনত নমা বা বাতৰিকাকতৰ পাতত 'ৰিয়েল লাইফ ষ্টৰি'ৰ আকাৰে এইবোৰ প্ৰচাৰ কৰি মানুহৰ চকু সিক্ত কৰি তোলা হয়। সেই সময়তে জনসভাত নেতাসকলৰ কন্ঠ যেতিয়া যেনেকৈ প্ৰয়োজন হয় তেনেকৈ নিখুট ভাবে কেতিয়াবা ওপৰলৈ উঠে বা কেতিয়াবা তললৈ নামে, কেতিয়াবা চকু সিক্ত হৈ উঠে, শ্ৰোতাসকলে তাক অবাক হৈ শুনে। মানুহৰ জীৱনৰ সমস্যা, তেওঁলোকৰ উদ্বেগ, অন্ধকাৰময় অতীত আৰু আশাহীন ভৱিষ্যতৰ ছবি তেওঁলোকে ছুই যায়। কিন্তু শেষ পৰ্য্যন্ত এটায়েই কথা অমুকক ভোট দিলে সকলো সমস্যাৰ সমাধান। আৰু কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই। এই 'ডিজিটেল' প্ৰচাৰৰ সকলোখিনিয়েই পৰিচালনা কৰে মঞ্চৰ আৰত থকা প্ৰচাৰ আৰু মেনেজমেন্টৰ বিশেষজ্ঞসকলে। বৃহৎ একচেটিয়া পুঁজিপতি গোষ্ঠী, কৰ্পোৰেট গোষ্ঠীৰ প্ৰয়োজন অনুসৰি একো একোটা নিৰ্বাচনত এনেদৰেই 'বিকাশ পুৰুষ' বা 'সকলোৰে আনন্দ সৰ্বানন্দ' নামৰ একো একোজন বেলুনৰ দৰে ফুলোৱা ফোপোলা ভাৱমূৰ্তিৰে ছুপাৰমেন বা ষ্ট্ৰংমেনক তৈয়াৰ কৰা হয়। চাৰিওফালৰ পৰা চেপা মাৰি ধৰা সমস্যাৰ মাজত দিশহাৰা অসহায় মানুহে ইয়াৰ মাজতেই আশাৰ কিৰণ দেখে। নিৰ্বাচনত কাক ভোট দি জিকোৱাৰ দৰকাৰ তাক প্ৰচাৰ মাধ্যমৰ দ্বাৰা মানুহৰ মনত সুমুৱাই দিয়ে একচেটিয়া পুঁজিপতি গোষ্ঠী, কৰ্পোৰেট গোষ্ঠীয়ে। পুঁজিপতি শ্ৰেণীয়ে এই পথৰেই তেওঁলোকৰ প্ৰয়োজনক চৰিতাৰ্থ কৰে। ইয়াৰ লগত যুক্ত হয় প্ৰশাসনৰ কাছৰাজি। আমেৰিকাই হওঁক বা ভাৰতেই হওঁক, কোনো পুঁজিবাদী দেশৰ তথাকথিত পবিত্ৰ নিৰ্বাচন আৰু সংসদীয় গণতন্ত্ৰ ইয়াৰ পৰা আজিৰ দিনত মুক্ত থাকিব নোৱাৰে। তাৰ পাছত নিৰ্বাচন পাৰ হৈ যায়, চৰকাৰ বদলি হওঁক নহওঁক, অচিৰেই আৰু ঘন অন্ধকাৰৰ গ্ৰাসত আশাৰ সামান্য কিৰণো মানুহৰ সন্মুখৰ পৰা হেৰায় যায়।

নৰেন্দ্ৰ মোদী এজন সু-বক্তা, সু-দক্ষ অভিনেতা, যাৰ মাজত এক গণসন্মোহনী শক্তি আছে। সেই কাৰণেই তেওঁ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী হোৱাৰ দৌৰত যোগ্য হিচাবে তেওঁৰ দল বিজেপিৰ ওচৰত বেছি গ্ৰহণযোগ্য। বিজেপি দল আজি বিশ্বত হিন্দু ধৰ্ম্মীয় ৰক্ষণশীল চিন্তাধাৰা, তথাকথিত আৰ্য্য ৰক্ত আৰু হিন্দী বলয়ৰ আধিপত্যবাদ, ধৰ্ম্মীয় গোৰামী, উগ্ৰ জাতীয়তাবাদ, পাকিস্থানৰৰ প্ৰতি ঘৃণা বিয়পোৱা, যুদ্ধৰ হুঙ্কাৰ আৰু পুঁজিপতি তোষণকাৰী নীতিৰ বাবে বিশেষভাবে পৰিচিত।

ভাৰতৰ জনগণ আজি তীব্ৰ অৰ্থনৈতিক আৰু সামাজিক সংকটত বিপৰ্যস্ত। বাঢ়িছে মানুহৰ মাজত বৈষম্য। দেশৰ মুঠ সম্পদৰ অধিকাংশৰেই মালিক দেশৰ ১৩৬ কোটিতকৈয়ো অধিক জনগণৰ মাত্ৰ ১ শতাংশতকৈয়ো কম মানুহ। একচেটিয়া পুঁজিৰ দপদপনি ক্ৰমাগত বাঢ়ি আহিছে। বৃহ্য বহুজাতিক কৰ্প'ৰেছনবোৰ আৰু বেচিকৈ দৈত্যকায় হৈ উঠিছে। আন হাতেদি শিল্প শ্ৰমিকসকলৰ মজুৰি দিনে দিনে কমিছে। কমিছে কামৰ সুযোগ সুবিধা। বৰ্ত্তমান ভাৰতবৰ্ষত চৰকাৰী পৰিসংখ্যা অনুযায়ী নিবনুৱাৰ সংখ্যা হৈছে ৬.১ শতাংশ। বেচৰকাৰী পৰিসংখ্যা মতে ইয়াৰ পৰিমাণ বহুত বেছি। কৰ্মৰত মানুহৰ মাজত গৰিষ্ট সংখ্যক হৈছে অস্থায়ী কৰ্মচাৰী, আৰু পাৰ্ট-টাইম শ্ৰমিক। 

বৰ্ত্তমানেও ভাৰতবৰ্ষত নিবনুৱা সমস্যা কমাৰ কোনো লক্ষণ দেখা যোৱা নাই বৰঞ্চ ক্ৰমে জটিলহে হৈ পৰিছে। লাখ লাখ কৰ্ম্মচাৰীয়ে কাম হেৰোৱাৰ ভয়ত সদায় উদ্বেগৰে দিন কটাব লগীয়া হৈছে। কাৰখানাৰ পিছত কাৰখানা বন্ধ হৈ আছে। শ্ৰমিকসকলৰ আজি কাম কৰা ঠাই কমি গৈছে। ভাৰতবৰ্ষ আজি এখন ধৰুৱা দেশত পৰিণত হৈছে যি অকল ঋণৰ ওপৰতে তিষ্ঠি থাকিব লগা হৈছে। 

ভাৰতবৰ্ষত আজি সামাজিক ক্ষেত্ৰখন চূড়ান্ত অৱক্ষয়ৰ গৰাহত। বেপৰোৱা ধৰণৰ উচ্ছলতা, অশ্লীলতাৰ প্ৰতি উদাৰ, অবাধ যৌন বিকৃতি, হিংস্ৰতা, অতি-স্বাধীনতাৰ তত্ত্বৰে সমাজখন পুতি গন্ধময়, কদৰ্য্য পেলোৱা হৈছে। ই দেশৰ সাধাৰণ মানুহৰ জীৱনলৈ কঢ়িয়াই আনিছে অভূতপূৰ্ব সামাজিক আৰু সাংস্কৃতিৰ সংকটৰ বিজাণু। এই অনৈতিক অমানবীয় পৰিকল্পনাত আছে এক অধ:পতিত নৈতিক সাংস্কৃতিক ধ্যানধাৰণা। ভাৰতবৰ্ষৰ প্ৰকৃত সংস্কৃতিৰ লগত ইয়াৰ কোনো মিল নাই। কৃত্ৰিম এই সংস্কৃতিৰ জন্ম ক্ষয়িষ্ণু পুঁজিবাদী অৰ্থনীতিৰ মুনাফাৰ লোভ আৰু বৈজ্ঞানীক মানসিকতাৰ পৰা বিচ্যুত প্ৰযুক্তিৰ হাতত ধৰি। ইয়াৰ মূল কথা হল কনজুমাৰিজিম বা ভোগবাদ। লেকামহীন উপভোগ আৰু বিকৃতি। ইয়াৰ লগতে সমানে বাঢ়িছে বৰ্ণবিদ্বেষ, জাতিগত ঘৃণা। ইয়াৰ ভয়াবহ পৰিণতিয়ে ভাৰতবৰ্ষক, দেশৰ মানুহক ভালপোৱা সকলক ভবাই তুলিছে। শিক্ষা অনুস্থানসমূহত শিক্ষক তথা ছাত্ৰ-ছাত্ৰীৰ মানসিক বিকৃতি, যৌনতা আদিয়ে অভিভাবকসকলক অস্থিৰ কৰি তুলিছে। কিন্তু সন্মুখত সঠিক পথ দেখুৱাৰ দৰে শক্তি তেওঁলোকে ভাৰতবৰ্ষত দেখা নাই। ইয়াৰ সুযোগ লৈ মোদীৰ দৰে লোকসকলক জনগণৰ সন্মুখলৈ আনি ঐতিহ্যবাদ, ৰক্ষণশীলতাৰ প্ৰচাৰ চলোৱা হৈছে। 

দুই প্ৰতিবেশী দেশৰ মাজত সীমান্ত সমস্যা পৃথিবীৰ বহু দেশৰ মাজতে আছে। কিন্তু সেই বিৰোধক ক্ষমতাসীন দলে নিৰ্বাচন জিকাৰ স্বাৰ্থত যেতিয়া উগ্ৰ ৰাষ্ট্ৰীয়তাবাদৰ দিশে পৰিচালিত কৰে, বিৰোধক পৰিণত কৰে বিদ্বেষলৈ আৰু এই বিদ্বেষক যেতিয়া 'দেশপ্ৰেম' বুলি ৰাজনৈতিক ভাৱে অপৰিপক্ক জনতাক শিকাব খোজা হয় - সি সমগ্ৰ ভাৰতবৰ্ষৰ জনসাধাৰণৰ বাবে অত্যন্ত দুখ:জনক। ইয়াৰ লগতে যেতিয়া যুক্ত হয় দেশৰে এক অশান্ত অঞ্চলত সেনাক হত্যা কৰা উগ্ৰপন্থী সংগঠনক প্ৰতিবেশী পাকিস্থান চৰকাৰে সহায় কৰাৰ অভিযোগ, তেতিয়া সকলো যুক্তি-বুদ্ধিৰ মৃত্যু হয়। লাগিলে দেশত দাৰিদ্ৰ, বেকাৰত্ব, অভাৱৰ জ্বালা যিমানেই নাথাকক, শাসক যিমানেই মিছলীয়া, সাম্প্ৰদায়ীক বুলি প্ৰমাণিত নহওঁক, পাকিস্থানৰ ওচৰতো মোৰ দোৱাব পৰা নাযায়। সেয়েহে দেশত এতিয়া এটা আৱাহা তৈয়াৰ কৰা হৈছে যে - দেশবাসীয়ে এতিয়া যুদ্ধ বিছাৰিছে, প্ৰতিশোধৰ জোৱাৰত ভাহি যাওঁক সন্ত্ৰাসবাদৰ পৃষ্ঠভূমি পাকিস্থান। তেজৰ নৈ বৈ যাব! যাওঁক। সহ্যৰটো এটা সীমা থকা উচিত। কিন্তু শেষত লাভ হ'ব কাৰ? এইপাৰৰ নে সীপাৰৰ জনসাধাৰণৰ? নে যুদ্ধাস্ত্ৰ ব্যৱসায়ীবোৰৰ? সেইয়া ভাবিবলৈ কাৰো সময় নাই যে - ভাৰতবৰ্ষত এতিয়া ৫ বছৰৰ মূৰত নিৰ্বাচন আহিছে, আৰু ভাৰত-পাকিস্থানত যুদ্ধৰ এই আৱাহা সৃষ্টি এতিয়া শাসকীয় দলৰ লাভজনক নিৰ্বাচনী বিজ্ঞাপন।

বিজেপি দলৰ বাবে এইয়া কোনো নতুন কথা নহয়। বিজেপি দলৰ সততাৰ প্ৰতীক অটল বিহাৰী বাজপেয়ীৰ প্ৰধানমন্ত্ৰীত্বৰকালতো নিৰ্বাচন জিকিবৰ বাবে এই টেকনিক খটুৱা হৈছিল। পিছে আমাৰ জনগণৰ স্মৃতিশক্তি বৰ দুৰ্বল। ক'ত মনত থাকিব? গতিকে এতিয়া দেশ ৰক্ষাৰ স্বাৰ্থত এটা ঘোৰ মিছলীয়া, কাম নকৰা, সাম্প্ৰদায়ীক দলকে ভোটতো দিব লাগিব, নহ'লে যেন পাকিস্থানৰ তলতীয়া হৈ যাম আমিবোৰ?

মোদীৰ দৰে নেতা আৰু বিজেপিৰ দৰে এটা অতি সাম্প্ৰদায়ীক দলৰ উত্থান আজি বিশ্ব পৰিস্থিতিত কোনো বিচ্ছিন্ন ঘটনা নহয়। পুঁজিবাদী সমাজব্যৱস্থা আজি ইমান চূড়ান্ত অৱক্ষয়ৰ ফালে আগবাঢ়িছে যে মোদীৰ দৰে পচ্ছাদমুখী ঐতিহ্যবাদী চিন্তাৰ প্ৰতিনিধি অথচ বীৰৰসৰে পূৰ্ণ, মিছা গৰিমা, মিছা প্ৰচাৰত দক্ষ, ছুপাৰমেন ভাবমূৰ্ত্তি সম্পন্ন প্ৰতিনিধিসকলেই হৈছে এতিয়া পুঁজিবাদী গণতন্ত্ৰ ৰক্ষাৰ একমাত্ৰ সম্বল। 

তেওঁলোকৰ যোগেদিয়েই প্ৰকৃত সমস্যা আৰু তাৰ সমাধানৰ পথৰ পৰা মানুহৰ দৃষ্টি ঘুৰাই নিয়াৰ চেষ্টা পুঁজিবাদী গণতন্ত্ৰৰ ৰক্ষকসকলে কৰি আছে। যাৰ নমুনা আমাৰ ভাৰতত সাম্প্ৰদায়িক নেতাসকলক পূঁজিবাদী প্ৰচাৰ যন্ত্ৰৰ দ্বাৰা জনগণৰ সন্মুখলৈ আনি কেনেকৈ মিছা গৰিমা, ভুৱা প্ৰচাৰৰে মোদীক 'ছুপাৰমেন" হিচাবে উপস্থাপন কৰা হৈ আহিছে সেইয়া সকলোৱে দেখিছে। কংগ্ৰেছ পৰিচালিত ইউপিএ চৰকাৰৰ অপশাসন, সীমাহীন দুৰ্নীতি আৰু জনস্বাৰ্থবিৰোধী ভূমিকাৰ ফলত যোৱা লোকসভা নিৰ্ব্বাচনৰ আগে আগে দেশৰ বিভিন্ন ঠাইত জনতাৰ ক্ষোভ আন্না হাজাৰে দুৰ্নীতি বিৰোধী সত্যাগ্ৰহী আন্দোলনৰ অংশ গ্ৰহণৰ মাজৰে প্ৰকাশ পাইছিল। দেশৰ জনগণে যাতে দুৰ্নীতি বিৰোধী সত্যাগ্ৰহী আন্দোলনৰ পৰা জংগী পুঁজিবাদী শোষণৰ বিৰোধী আন্দোলনত ফাটি পৰিব নোৱাৰে তাৰ বাবে জনগণক বিপথে পৰিচালিত কৰিবলৈ পুঁজিপতি আৰু কৰ্পৰেট সন্থাসমূহৰ চক্ৰান্তত বাতৰিকাকত, টিভি আদিৰ বিপুল প্ৰচাৰৰ সহায়ত মুছলমান, খ্ৰিষ্টিয়ান আদি সংখ্যালঘূৰ তেজৰে বিভিন্ন সময়ত হাত ৰাঙলি কৰা সাম্প্ৰদায়িকতাবাদৰ পুৰোহিত 'হিন্দুত্ববাদী'সকল জনগণৰ সন্মূখত ত্ৰাণকৰ্ত্তা হিচাবে উপস্থাপন কৰাৰ ফলত যোৱা লোকসভা নিৰ্বাচনত তেওঁলোক দেশৰ শাসন ক্ষমতাত অধিষ্ঠিত হোৱাত সফল হ'ল। 

তেওঁলোকক ক্ষমতাত বহুৱাবলৈ তেওঁলোকৰ বিষয়ে কিমান ধৰণৰ মিছা প্ৰচাৰ চলোৱা হৈছে সেইয়া হয়তো বহুতে আজি বুজি পাইছে। আনকি অলৌকিকতাত বিশ্বাসী ভাৰতীয়সকলৰ মাজত কিছুমান নেতাক অৱতাৰ বনাবলৈ তেওঁলোকে শিশু অৱস্থাত ঘৰিয়ালৰ লগত যুঁজ কৰাৰো মুখৰোছক কাহিনী প্ৰচাৰ কৰা হৈছিল। মোদীজিক 'বিকাশ পুৰুষ','উন্নষণৰ ভগিৰথী','মানুহৰ ৰজা','নেতাৰ নেতা' আদি বহতো শুনিবলৈ সুন্দৰ বিশেষণৰে সংবাদমাধ্যমত বিভূষিত কৰা হৈছিল। বৃহ্য পুঁজিপতিসকলে কেনেদৰে তেওঁলোকৰ পছন্দক প্ৰচাৰৰ দ্বাৰা, টকা দি, আমোলাতন্ত্ৰক কামত লগাই দেশৰ মানুহৰ ওচৰত তেওঁলোকক হিৰ' বনাই তেওঁলোকৰ পছন্দক দেশৰ মানুহৰ পছন্দত পৰিণত কৰি তেওঁলোকক নেতা হোৱাৰ পথ প্ৰশস্ত কৰিলে ইয়েই তাৰ উদাহৰণ। প্ৰচাৰৰ দ্বাৰা মোদিৰ আমোলৰ গুজৰাটক প্ৰায় স্বৰ্গৰাজ্য বনোৱা হৈছিল। যেন গুজৰাটত কোনো দাৰিদ্ৰ নাই, বেকাৰ নাই - ৰাজ্যজুৰি জনজীৱনত 'স্বৰ্গসুখ' বিৰাজমান। যাতে দেশৰ অন্যান্য অংশৰ মানুহে ভাবে, মাত্ৰ নৰেন্দ্ৰ মোদিক প্ৰধানমন্ত্ৰীৰ আসনত দেখা পালেই তেওঁলোকৰ মোক্ষ লাভ হ'ব। এই প্ৰচাৰ যে কিমান ডাঙৰ মিছা প্ৰচাৰ আছিল সেইয়া আজি বহুতো মানুহে ধৰিব পাৰিছে। কিছু ধনী, পুঁজিপতি আৰু উচ্চ মধ্যবিত্তৰ বাহিৰে বাকীসকলৰ দুদৰ্শা, গাঁৱৰ হতদৰিদ্ৰ মানুহ, অসংখ্য কৃষকৰ আত্মহত্যা আদিৰে (Farmer Suicides in Gujarat – Facts and Figures vs Gujarat Government’s Fiction By Pratik Sinha) গুজৰাটৰ প্ৰকৃত ছবি আজি মানুহৰ সন্মুখলৈ লাহে লাহে আহিছে। যাক দেখি প্ৰেছ কাউন্সিল অব্ ইণ্ডিয়া পৰ্যন্তই ক'বলৈ বাধ্য হৈছে যে গুজৰাট আৰু মোদীকলৈ মিডিয়াৰ এই প্ৰচাৰ আচলতে বহুক্ষেত্ৰতেই 'পেইড নিউজ', অৰ্থ্যা টকা বা নানা ধৰণৰ সুযোগ-সুবিধাৰ বিনিময়ত তৈয়াৰী কৰা। গণতন্ত্ৰৰ অন্যতম স্তম্ভ বুলি খ্যাত সংবাদমাধ্যমত এচামে এনেদৰে বৃহৎ একচেটিয়া পুঁজিপতি, কৰ্পো'ৰেটৰ হীন স্বাৰ্থৰ তোষামোদ কৰিবলৈ গৈ আজিৰ দিনত কালিমালিপ্ত হৈছে। 

মোদী ডাঙৰীয়াই ক্ষমতাত বহিয়েই 'মিনিমাম গভৰ্নমেন্ট'ৰ শ্লোগান দি মুষ্টিমেয় কিছু আমোলাৰ সহায়ত নিজৰ হাতত ক্ষমতা কুক্ষিগত কৰিছে। তেওঁলোকৰ সংগঠন আৰএছএছ আৰু বিজেপিয়ে দেশৰ মানুহৰ মাজত সাম্প্ৰদায়িক বিদ্বেষ, যুগৰ অনুপযোগী ঐতিহ্যবাদ, কুপমণ্ডুকতা, মিছা জাতীয় গৰিমাৰ প্ৰচাৰত নামিছে। সঠিক ইতিহাসক জনসাধাৰণৰ পৰা আৰ কৰি অতীতক বিকৃত কৰি মিছা গৌৰৱ প্ৰচাৰ কৰিছে। জাত-পাতৰ ভিত্তিত ঘৃণা বিয়পাই আৰু ধৰ্ম্ম সম্প্ৰদায়গত বিভেদ বঢ়াবলৈ তাৰ সৰ্বশক্তি নিয়োগ কৰিছে। কোনোবাই বিৰোধিতা কৰিলেই তাৰ গাত গণতন্ত্ৰক সন্মান কৰিব পৰা ডিএনএ নোহোৱা, প্ৰতিক্ৰিয়াশীল, বিষাক্ত ভাইৰাছ, জাতীয় বিৰোধী আৰু দেশদ্ৰোহিতাৰ ছাপ লগাই দিছে(আমাৰ অসম কাকতত এজনে মোৰ গাতো এই ছাপ লগোৱাৰ অসফল চেষ্টা কৰিছিল)। কাৰণ 'বিকাশ পুৰুষ'ৰ ফোপোলা ভাৱমূৰ্তিৰ বেলুন ইতিমধ্যে ফুটি চেপেটে হৈছে। মানুহক ভুলাৱলৈ আৰু তেওঁলোকক ভাতৃঘাতী সংঘৰ্ষৰ পিনে লৈ গৈ জনগণৰ ঐক্য শেষ কৰি দিয়াৰ পথত নিয়াৰ উদ্মাদনা সৃষ্টিৰ বাহিৰে তেওঁলোকৰ সন্মুখত আৰু অন্য পথ নাই। বিজেপি ক্ষমতাত বহাৰ পাছৰ পৰা ভাৰতীয় স্বাভিমানৰ নামত শিক্ষাৰ ক্ষেত্ৰক তেওঁলোকৰ হিন্দুত্ববাদী ৰাজনীতিৰ এজেণ্ডা অনুসৰি গঢ় দিবলৈ ককালত টঙালি বান্ধি লৈছে। মানুহৰ মাজত ধৰ্মীয় সম্প্ৰদায়গত বিভেদ সৃষ্টিৰ অন্যতম হাতিয়াৰ হিচাবেই তেওঁলোকে উগ্ৰ হিন্দুত্বৰ ঢ়ৌ সৃষ্টি কৰিব বিছাৰিছে। পিচে ই অকল ভোটবেঙ্কৰ নিৰ্ব্বাচন জিকাৰ ৰাজনীতিৰ কৌশল বুলি ভাবিলে ভূল হ'ব। এই সৰ্বনাশী যড়যন্ত্ৰ লক্ষ্য বহু দূৰ বিস্তৃত। বিজেপিৰ ধৰ্ম্মীয় পুনৰোত্থানৰ লক্ষ্য হৈছে চৌদি আৰব, ইৰাণ আদি দেশৰ মানুহৰ দৰে আমি ধৰ্ম্ম-কৰ্ম্মত মতি হৈ 'সকলো ঈশ্বৰৰ বিধান', 'আপোন ভালেই জগত ভাল' বুলি সকলো ধৰণৰ অন্যায়-অত্যাচাৰ স্বাভাৱিক বুলি মানি লৈ তাক মূৰ পাতি চলি যাম আৰু সমগ্ৰ বিশ্বৰ শোষক পুঁজিপতি-ক'ৰ্প'ৰেটবোৰে আমাক লুটিপুটি খাব। ইয়াৰ জৰিয়তে পুঁজিপতি-বহুজাতিক কৰ্প'ৰেটসন্থা-ক'লাবেপাৰী শ্ৰেণীৰ শোষণৰ বিৰুদ্ধে মানুহৰ প্ৰতিবাদী সত্তাটোক ধ্বংস কৰিবলৈ মানুহক প্ৰকৃত 'মানুহ' হিচাবে গঢ়ি উঠাৰ প্ৰক্ৰিয়াটোকে নোহোৱা কৰি এক ধৰ্ম্মান্ধতাৰ বাতাৰৰণ সৃষ্টিৰে দেশত এসময়ৰ জাৰ্মাণীৰ দৰে স্বৈৰতন্ত্ৰ বা ফেচীবাদী সমাজ ব্যৱস্থা আনিবলৈ বিছৰা হৈছে।

আজি পুঁজিবাদে অক্টোপাছৰ দৰে মানুহক শোষণ কৰি শেষ কৰি দিছে। লগতে এই শোষণমূলক সমাজব্যৱস্থা টিকাই ৰাখিবলৈ গণতন্ত্ৰৰ আৱৰণ গাত লৈছে। জনগণৰ প্ৰকৃত পছন্দৰ পৰিবৰ্তে পুঁজিপতিসকলৰ নিয়ন্ত্ৰিত পছন্দৰ ভিত্তিত জনপ্ৰতিনিধি ঠিক কৰা আৰু তেওঁলোকৰ গাত গণতন্ত্ৰৰ ছাপ মাৰি জনসাধাৰণক আভুৱা ভৰাই হৈছে আজিৰ পুঁজিবাদী গণতন্ত্ৰৰ সংসদীয় ব্যৱস্থা আৰু ইয়াৰ নিৰ্বাচন। ইয়াৰ যোগেদি অৰ্থনেতিক-ৰাজনৈতিক ক্ষমতা মুষ্টিমেয় পুঁজিপতি, কৰ্পৰেটৰ হাতত কেন্দ্ৰীভুত হয়। শোষণত বিপৰ্যস্তহৈ কোঙা হোৱা জনগণে তাক বাধা দিব নোৱাৰে। অসংগঠিত অৱস্থাত তেওঁলোক ইমানেই শক্তিহীন। তাৰ উপৰিও তেওঁলোকৰ মাজৰ বিভেদৰ বাতাবৰণে তেওঁলোকক আৰু ছত্ৰভঙ্গ কৰি দিয়ে। ইয়াৰ ওপৰতে গঢ়ি উঠে ফেচিবাদ। সেয়াহে আজিৰ দিনত পুঁজিবাদী গনতন্ত্ৰৰ ওচৰত নিৰ্বাচন হৈছে ফেচিবাদৰ ভিত্তি তৈয়াৰ কৰাৰ অন্যতম মাধ্যম। নতুন নতুন ৰূপৰে, নতুন কৌশলৰে ইয়াক জনগণৰ ওচৰলৈ কাষ চপাই অনা হয়। বিশ্বত সমাজবাদী বিপ্লৱৰ ৰূপকাৰ লেনিনে এনেয়ে কৈ যোৱা নাই - 'পুঁজিবাদী গণতন্ত্ৰত নিৰ্বাচন হৈছে প্ৰতি ৫ বছৰৰ মূৰে জনগণক কোনে শোষণ কৰিব, সেইয়া নিদ্ধাৰণ কৰাৰ অধিকাৰ।' পুঁজিবাদী গনতন্ত্ৰত তথাকথিত পৱিত্ৰ ৫ বছৰীয়া উৎসৱ নিৰ্বাচনৰ পৰা প্ৰতাৰণাৰ বাহিৰে আৰু বেচি কিবা পোৱাৰ আশা নাই। 
হোৱাটছএপ: ৯৪৩৫৭০৪০৯০, লেখাটি অসমীয়া খবৰ কাকততো প্ৰকাশ পাইছে।

No comments:

Post a Comment