মহীৰূহৰ লেখাঃ ৰাজনীতিৰ ধুমুহাৰ গ্ৰাসত ন্যায়পালিকা :: ড° হীৰেন গােহাঁই - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মহীৰূহৰ লেখাঃ ৰাজনীতিৰ ধুমুহাৰ গ্ৰাসত ন্যায়পালিকা :: ড° হীৰেন গােহাঁই

মহীৰূহৰ লেখাঃ ৰাজনীতিৰ ধুমুহাৰ গ্ৰাসত ন্যায়পালিকা :: ড° হীৰেন গােহাঁই

Share This
সামুদ্রিক তৰংগৰ আলােড়নে আৰু ধুমুহা বতাহৰ প্রবল আঘাতে জাহাজৰ ভাৰসাম্যৰ স্থিৰতা নােহােৱা কৰে। কুৰি শতিকাৰ প্রথমার্ধ পর্যন্ত প্রাকৃতিক শক্তিৰ জোকাৰণিত সাগৰত জাহাজ ডুব যােৱা এটা পৰিচিত। কথা আছিল। এতিয়া সমুদ্র যাত্রা প্রায় নিৰাপদ, যদিও যাত্রীবাহী জাহাজ এতিয়া আগৰ দৰে তেনেকৈ নচলে। সি যি নহওক বহু হেজাৰ বছৰ ধৰি জাহাজৰ তল খলপাত গধূৰ ওজন থকা ধাতু বা গ্রেনাইট আদি শিলৰ প্রকাণ্ড খণ্ড ৰখা হৈছিল, প্রতিকূল পৰিস্থিতিতে  জাহাঁজৰ ভাৰসাম্য ৰক্ষাৰ বাবে, যাতে কোনােপিনে জাহাজখনে বিপজ্জনক ভাবে হালি নাযায়। ইংৰাজীত তাৰ নাম 'Ballast'। সাংবিধানিক গণতন্ত্রত এই ‘বেলেস্ত’ হৈছে ন্যায়পালিকা।


সংবিধানৰ মূল নীতি সমূহ যাতে আইনপ্রণয়ণকাৰী লােকসভা, বিধানসভা আদি বিধায়িনীমণ্ডলে উলংঘা নকৰে, আৰু চৰকাৰ তথা কাৰ্যপালিকাই যাতে শাসন-কাৰ্য্যত তাক চেৰাই নাযায়, দেশৰ উচচতম ন্যায়ালয়েই সেইটো নিশ্চিত কৰে। তেনে কোনাে সাংবিধানিক নীতি তথা আইন-বিৰুদ্ধ কাম উচ্চতম ন্যায়ালয়ৰ দৃষ্টিগােচৰ কৰিলেই লেকাম টানি ধৰে, তেনে আইন বা অপশাসন বাতিল কৰে। কিন্তু দেশৰ আপাত-শান্ত চেহেৰাৰ অন্তৰালত সামাজিক শক্তিসমূহৰ যি অহৰহ দুর্বাদল দ্বন্দ্ব চলি থাকে, সি কেতিয়াবা কোনাে সামাজিক শক্তিক উত্তেজিত, উৎসাহিত বা প্রলুব্ধ কৰিলে শান্ত সাগৰৰ ওপৰেদি দুৰ্বাৰ বেগে বলিবলৈ ধৰা মাৰাত্মক ধুমুহাৰ দৰে সংবিধান ভৰিৰে গচকি দৌৰাত্ম্য কৰিবলৈ সি আগবাঢ়ে। যি বুজাবুজিৰ মাজেৰে এখন দেশৰ জনগণে গণতান্ত্রিক শাসন-তন্ত্রৰনীতি-নিয়ম মানি চলিবলৈ সন্মত হয়, সেই বুজাবুজিৰ অৱসান ঘটে। সংবিধান বিপর্যস্ত হয়। এনে সময়ত ন্যায়পালিকাৰ ভূমিকাৰ গুৰুত্ব অপৰিসীম। তাৰ সজাগতাও অনুরূপভাবে তীখৰ হ'ব লাগিব তেতিয়া। 

ক্ষমতাই মূৰত ধৰিলে সৎ আৰু জ্ঞানী ব্যক্তি বা নেতায়াে অসুৰৰ দৰে কাম কৰে। সেয়ে লিখিত সংবিধানৰ ব্যৱস্থা, যাতে ক্ষমতা হাতত থকা সকলে তাৰ অপব্যৱহাৰ নকৰে। আৰু সংবিধানৰ চিৰজাগ্রত প্ৰহৰী হ’ল ন্যায়পালিকা। এই প্ৰহৰীয়েই টোপনিয়াবলৈ ধৰিলে বুজিব লাগিব ঘােৰ বিপদ সমাগত। অলপতে মেঘালয় উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশে নাগৰিকত্ব সম্পর্কীয় এখন আবেদনত সঁহাৰি দি ৰায়দানত কয় যে যিহেতু ধৰ্মৰ ভিত্তিত দেশবিভাজনৰ দ্বাৰা গঠিত হােৱা পাকিস্তান জন্মৰ পৰাই ইশ্লামিক’ ৰাষ্ট্র, সেয়ে ভাৰতেও স্বাধীনতা লাভৰ সময়তে নিজকে ‘হিন্দু ৰাষ্ট্ৰ বুলি ঘােষণা কৰিব লাগিছিল, আৰু সেয়ে চুবুৰীয়া দেশৰ পৰা ভাৰতলৈ অহা মুছলমানক বাদ দি আন সকলাে লােককে নির্বিবাদে নাগৰিকত্ব দান কৰা উচিত। তেওঁ ৰায় দিওঁতে এই আশাও প্রকাশ কৰে। যে প্রধান মন্ত্ৰীৰ উদ্যোগত সেই বাঞ্ছিত লক্ষ্য শীঘ্ৰে পূৰণ হ'ব।

ই দেখদেখকৈ ন্যায়ালয়ৰ পক্ষে অশােভনীয় আৰু সংবিধানবিৰােধী এক মন্তব্য। ন্যায়াধীশৰ আসনৰ পৰা দিয়া এনে মন্তব্যই দেশৰ ন্যায়-ব্যৱস্থাৰে বিস্তৰ ক্ষতি সাধন কৰাৰ আশংকা আছে। পাকিস্তান যদিও ধৰ্মৰ ভিত্তিত গঠিত হৈছিল, ভাৰতৰ স্বাধীনতা-সংগ্ৰামৰ নেতাসকলে ধর্মভিত্তিক ৰাষ্ট্রৰ ধাৰণা সজ্ঞানে, সজোৰে আৰু দ্বিধাহীনভাবে, বর্জন কৰিছিল। সংবিধান-সভাত তেতিয়া কিছু হিন্দু সাম্প্রদায়িক নেতাই এই ধাৰণাৰ সপক্ষে ওকালতি কৰিলেও অধিকাংশ সদস্যই তাৰ বিৰােধিতা কৰিছিল। আনকি আজি হিন্দুত্ববাদী শিবিৰৰ প্রাতঃস্মৰণীয় দেশনেতা হৈ পৰা চৰ্দাৰ বল্লভভাই পেটেলেও তাৰ সমর্থনত এষাৰ কথাও কোৱা নাছিল। আৰু ভাৰতৰ স্বাধীনতা-সংগ্ৰামৰ অবিশ্বাসী নেতা মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু, সুভাষ চন্দ্র বসু, কোনেও এই বিষাক্ত ধাৰণা গ্ৰহণ কৰা নাছিল। সুভাষ বসুৱে তেওঁৰ সেনাবাহিনীৰ নাম ৰাখিছিল আজাদ হিন্দ ফৌজ’। তাৰ ৰণসংগীত আছিল “কদম কদম বঢ়ায়ে যা/খুছিছে’ গীত গায়ে’ যা” আদি শাৰীৰ উর্দুগন্ধী গীত। হিন্দুত্ববাদী সকলৰ পছন্দ সংস্কৃতগন্ধী ভাষা নহয়। ন্যায়াধীশ গৰাকীৰ মন্তব্য সেয়ে প্রকৃত ইতিহাসৰ বিৰােধী, আৰু হিন্দুত্ববাদী ‘বিকল্প ইতিহাস’ৰ প্রতিফলন মাত্র।

আচৰিত কথা যে উৎকট ধর্মীয় সাম্প্রদায়িক চিন্তাৰ ৰহণ থকা এই মন্তব্যৰ পিছত উচ্চতম ন্যায়ালয়ে প্রয়ােজনীয় কঠোৰ ব্যৱস্থা লােৱা নাই। দেশৰ পৰিস্থিতিলৈ চাই এনে ধাৰণা জন্মে যে তেওঁক সাম্প্রতিক পৰিৱেশে এনে বিপজ্জনক মন্তব্য কৰিবলৈ উৎসাহিত কৰিছে। উচ্চতম ন্যায়ালয়ৰ পৰা আমি এতিয়াও ন্যায়াধীশ গৰাকীৰ প্রতি প্রয়ােজনীয় কঠোৰ অনুশাসন-মূলক ব্যৱস্থা আশা কৰোঁ। কিন্তু আমাৰ আশাৰ লগত মিহলি হৈ আছে উদ্বেগ। সকলােৱে জনা কথা যে প্রাক্তন মুখ্য ন্যায়াধীশ দীপক মিশ্রই উচচতম ন্যায়ালয়ৰ গুৰি ধৰি থকা সময়তে গেৰুৱা বাহিনীৰ ৰাজনৈতিক প্রভাৱ ন্যায়পালিকাৰ শীর্ষক্তৰলৈ বিয়পি পৰাৰ সন্দেহ বিভিন্ন গণতন্ত্রবাদী মহলে প্রকাশ কৰিছিল। ক্রমে উচ্চতম ন্যায়ালয়ৰ প্রশ্রয়তে শাসক মহলৰ কেতবােৰ অবৈধ, স্বৈতন্ত্রী আৰু অন্যায় সিদ্ধান্ত আৰু আচৰণ প্ৰৱৰ্তিত হােৱাৰ সন্দেহে সচেতন ৰাইজক বিচলিত কৰিছিল। শেষত ঘটনাই এনে পর্যায় পালে যে চাৰিগৰাকী জ্যেষ্ঠ ন্যায়াধীশে মুখ্য ন্যায়াধীশৰ স্বেচ্ছাচাৰিতাৰ বিৰুদ্ধে বিদ্রোহ ঘােষণা কৰি ৰাজহুৱা সংবাদমেল অনুষ্ঠিত কৰিবলৈ বাধ্য হৈছিল। তাৰ পিছত দীপক মিশ্র কিছু সাৱধান হৈছিল, আৰু ন্যায়পালিকাৰ মহৎ দায়িত্ব সম্পর্কে কিছু সচেতন হৈছিল।

ৰাইজৰ মনত উদ্বেগ আছিল যে তেওঁ অন্যতম বিদ্রোহীন্যায়াধীশ ৰঞ্জন গগৈৰ নাম মুখ্য ন্যায়াধীশ পদৰ বাবে চুপাৰিছ নকৰিবও পাৰে। শেষত জানিবা সেই উদ্বেগ দূৰ কৰি দীপক মিশ্ৰই ৰঞ্জন গগৈৰ নাম আগবঢ়াইছিল। মুখ্য ন্যায়াধীশ ৰূপে শপত গ্ৰহণ কৰি ন্যায়াধীশ গগৈয়েও বৰ্তমানৰ অতি ভয়ানকভাবে বিভাজিত হৈ পৰা জাতীয় জনমত সম্পর্কে উৎকণ্ঠা প্ৰকাশ কৰিছিল। কিন্তু লাহে লাহে ৰাইজৰ আশাৰ বন্তি গছি ম্লান হৈ পৰা যেন বােধ হৈছে। কেইটামান উদ্বেগজনক ঘটনা এই সন্দৰ্ভত উল্লেখ কৰিব পাৰি।  এই কথা সকলাে নিৰপেক্ষ মানুহে জানে যে মহাৰাষ্ট্রৰ ‘ভিমা কৰেগাঁও’নামৰ ঠাইত মিলিন্দ, একটে’ নামৰ এক বর্ণবাদী হিন্দু নেতাৰ উচটনিত এক দলিত সমাৱেশক এদল উন্মত্ত জনতাই আক্রমণ কৰা হিংসাত্মক ঘটনাৰ তদন্তৰ নামত মহাৰাষ্ট্ৰ আৰক্ষীয়ে ভেকোভাওনা কৰি দলিত সমাৱেশৰ লগত জড়িত কৰি দেশৰ পাঁচগৰাকী বিখ্যাত মানৱঅধিকাৰ কৰ্মী তথা আইনবিদকহে ৰাষ্ট্রদ্রোহী ষড়যন্ত্র লিপ্ত বুলি জালিয়াতী কৰা দলিল আৰু মনে সজা তথ্য প্রমাণৰ ভিত্তিত গ্রেপ্তাৰ কৰিছিল। তেওঁলােকক নগৰীয়া নক্সাল’ বুলি দুর্নাম দি প্ৰকাণ্ড অভিযােগপত্র (Charge-Sheet) দাখিল কৰিছিল। ই জনা কথা যে এই গােচৰ বছৰৰ পিছত বছৰ চলি থাকি বহুকাল মূৰত উপযুক্ত সাক্ষ্য-প্রমাণৰ অভাৱত ‘ঘিচূমি’ হৈ যাব।

কিন্তু তেওঁলােকৰ গুৰুত্বপূর্ণ ভূমিকাৰ পৰা দেশ তথা জনগণ বঞ্চিত হ’ব, তেওঁলােকৰে জীৱনৰ অমূল্য সময়ৰ ভালেখিনি অথলে যাব। সুস্থ গণতন্ত্রৰ বাবে এনে ঘটনা গুৰুতৰ বিকাৰ। | ৰাষ্ট্ৰৰ এই দৌৰাত্মক নাকী লগাবলৈ উচ্চতম ন্যায়ালয় আগবাঢ়ি আহিব বুলি আমি আশা কৰি আছিলো। কিন্তু আমাক নিৰাশ কৰি অভিযােগপত্ৰৰ লগত দাখিল কৰা অতিৰঞ্জিত অথবা আখ্যানসদৃশ্য ‘তথ্যপ্রমাণ’ সমূহ ঠিক সত্য বুলি নকলেও প্রাথমিক ভাবে (Prima facie) গ্রহণযােগ্য বুলি উচ্চতম ন্যায়ালয়ে ৰায় দিলে। কেৱল তিনিজনীয়া বিচাৰপীঠৰ ডি, ৱাই চন্দ্রচূড়ৰ বিসম্বাদী ৰায়তহে আমাৰ বােধেৰে এই অপুৰ্ঘাত গােচৰৰ চক্ৰান্তমূলক আৰু অসত্য স্বৰূপ উন্মােচিত হৈছে। নগৰীয়ানক্সাল’ নিৰ্মাণৰ ফন্দী এতিয়া মজবুত হল।
শেহতীয়াকৈ ৰাফাল-চুক্তিৰ দুৰ্নীতিৰ সম্পর্কে উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত নিৰপেক্ষ তদন্তৰ বাবে অনুৰােধ জনাই দেশৰ সন্মানিত প্রাক্তন বিত্তমন্ত্রী যশৱান্ত সিংহ, প্রখ্যাত সাংবাদিক আৰু প্রাক্তন কেন্দ্রীয় মন্ত্রী অৰুণ শ্ৰেীৰি আৰু আগশাৰীৰ আইনজীৱী প্রশান্ত ভূষণে যি জনস্বার্থজড়িত গােচৰ তৰিছিল, তাক উচচতম ন্যায়ালয়ে কিছু ৰূঢ়ভাবে প্রত্যাখ্যান কৰিছে।

ৰায়দানত মুখ্য ন্যায়াধীশসহ তিনিজনীয়া বিচাৰপীঠে কৈছে যে সকলাে তথ্য পৰীক্ষা কৰি আৰু চৰকাৰৰাে মতামত লৈ এই সিদ্ধান্তত উপনীত হৈছে যে অনিয়ম বা দুর্নীতিৰ কোনাে তথ্যগত প্রাথমিক প্রমাণ পােৱা নগ'ল। অতএব উচচতম ন্যায়ালয়ৰ তত্ত্বাৱধানত কোনাে স্বতন্ত্র অনুসন্ধানৰ প্রয়ােজন নাই।

এতিয়া প্রশ্ন হৈছে যে যিবােৰ তথ্যৰ আধাৰত উচ্চতম ন্যায়ালয়ে এই ৰায় দিলে, সেইবােৰ তথ্যৰ উৎস কি? যিহেতু চৰকাৰ নিজেই অভিযুক্ত, চৰকাৰে নিজে দাখিল কৰা তথ্য সম্পর্কেও সন্দেহ পােষণ কৰাৰ প্ৰয়ােজন আছিল। গুচৰীয়াসকলে দিয়া তথ্য বিবেচনা কৰা হৈছিল নে? ৰায়টোৰ পৰা নিম্নলিখিত তথ্যগত ভুল কিছুমান উদ্ঘাটন কৰিব পাৰি ।

(১) চৰকাৰে দাখিল কৰা তথ্যৰ পৰা উচ্চতম ন্যায়ালয়ে এই সিদ্ধান্ত কৰিছে যে দেশৰ সর্বোচ্চ ক্ষমতাসম্পন্ন হিচাব-পৰীক্ষকে (CAG) ৰাফাল চুক্তি সম্পর্কে দিয়া প্রতিবেদন সংসদৰ ৰাজহুৱা হিচাব সমিতিয়ে পাইছে আৰু তাৰ এক সম্পাদিত ৰূপ সংসদ সদস্যসকলৰ হাতত পৰিছে। কিন্তু সংসদৰ ৰাজহুৱা হিচাব কমিটীৰ অধ্যক্ষ মল্লিকার্জুন খৰ্গেই কৈছে যে সেই তথ্য সঠিক নহয়। CAGৰ প্রতিবেদন তেওঁৰ হাতত পৰা নাই, সংসদলৈকো তাৰ সম্পাদিত ৰূপ অহা নাই।

এতিয়া বিপাঙত পৰি চৰকাৰে উচ্চতম ন্যায়ালয়ক জনাইছে যে মহামান্য ন্যায়াধীশ সকলে তেওঁলােকে দিয়া শপতনামাৰ ভুল ব্যাখ্যা কৰিছে। তিনিগৰাকী বিদগ্ধ আইনবিদে এই ধৰণৰ ভুল কৰিব, কথাটো বিশ্বাস নহয়। নে চৰকাৰে ইচ্ছাকৃতভাবে দ্ব্যর্থবােধক ‘তথ্য’ দাখিল কৰিছিল ? 

(২) চৰকাৰে জনাইছিল যে উদ্যোগপতি অনিল আম্বানিৰ প্রতি ৰাফাল চুক্তিত কোনাে পক্ষপাতিত্ব কৰা হােৱা নাই। কাৰণ অভিযােগকাৰী সকলে কোৱা ধৰণে চুক্তি স্বাক্ষৰ কৰাৰ মাত্র ১২ দিন পূর্বে ৰাফাল বিমানৰ নির্মাণকাৰী ফ্ৰান্সৰ ডাছাউ কোম্পানিৰ ভাৰতীয় সহযােগী হিচাবে অনিল আম্বানিয়ে কোনাে ব্যৱসায় প্রতিস্থান গঠন কৰা নাই। ২০১২ চনতে ডাছাউ কোম্পানিয়ে আম্বানিৰ লগত বাণিজ্যিক সম্পর্ক স্থাপন কৰিছিল।

কিন্তু ফাদিল হৈছে যে ২০১২ চনত সম্পর্ক স্থাপন কৰি পিছত ডাছাউ কোম্পানিয়ে সম্পর্ক ছেদ কৰা কোম্পানিটো আছিল অনিল আম্বানিৰ ভ্ৰাতৃ আৰু ঘােৰ প্রতিদ্বন্দ্বী মুকেশ আম্বানিৰ কোম্পানিহে!!

(৩) ৰাফাল বিমানৰ প্রতিযােগিতা তথা যুদ্ধক্ষেত্ৰত কাৰ্যকাৰিতা সম্পর্কে উচ্চতম ন্যায়ালয়ে বাসুসেনা বাহিনীৰ উচ্চ পর্যায়ৰ বিষয়াৰ মন্তব্য গ্রহণ কৰাৰ পিছত এই সিদ্ধান্তত উপনীত হৈছে যে বিমানখনৰ প্রয়ােজন অতি জৰুৰী কাৰণ বৰ্তমান ভাৰতীয় বায়ুসেনা বাহিনীৰ যুদ্ধবিমানবোেৰ শত্রুদেশৰ যুদ্ধ বিমানতকৈ বহুত পিছপৰা। এই বিষয়ে সাধাৰণ নাগৰিক হিচাবে আমাৰ ধাৰণা যে বায়ুসেনাৰ কৰ্মৰত বিষয়াই চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে মতপ্রকাশ কৰাৰ কোনাে সম্ভাৱনা নাই। আজিকালিৰ ভাষাত তেওঁলােকৰ ভাষ্যত ‘Conflict of Interest' থকাৰে আশংকা আছে। দ্বিতীয়তে নতুন এখন চুক্তিত এই চৰকাৰে স্বাক্ষৰ কৰাৰ কিছুকাল মাত্র পূর্বে ডাছাউ কোম্পানিয়ে ভাৰতীয় সহযােগী হিচাবে ৰাষ্ট্ৰীয় খণ্ডৰ HAL (Hindusthan Aeronautics Ltd)ৰ লগত বুজাবুজিৰ ৯৫ শতাংশ সম্পূর্ণ হৈছিল। এই উক্তি কোম্পানি প্রধান বিষয়াৰ। পূর্বৰ চৰকাৰে কৰা চুক্তিৰ আলমতে এইখিনি হৈছিল। সেয়ে এই চৰকাৰে অত্যাধুনিক বিলম্ব হােৱাৰ বিষয়ে কৰা ওজৰ আপত্তিও ভিত্তিহীন। | উচ্চতম ন্যায়ালয়ে এইটোও কৈছে যে প্রতিক্ষা সম্পর্কীয় কথাত ৰাষ্ট্ৰীয় নিৰাপত্তা’ (National Security)ই সর্বাধিক গুৰুত্ব পােৱা উচিত। অৱশ্যে। কিন্তু যদি এনে প্রতিক্ষা সম্পর্কীয় সিদ্ধান্তত কিবা দুর্নীতি প্রবেশ কৰে, তেন্তে সেই সুৰুঙাৰে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বিপদ ঘটাব পৰা অপশক্তিয়েও বাট পােনাব পাৰিব।

উচ্চতম ন্যায়ালয়ৰ মহামান্য ন্যায়াধীশ সকল ব্যক্তি হিচাবে তথা ন্যায়াধীশ হিচাবে নিষ্কলুষ আৰু সাধু, কোনাে সন্দেহ নাই। আইন হিচাবেও তেওঁলােক অগ্রগণ্য। সেয়ে তেওঁলােকৰ পৰা ৰাজনীতিৰ বা
মাৰলিয়েও তমােময় কৰি পেলােৱা দেশৰ তথা গণতন্ত্রৰ এই দুর্যোগৰ দিনত আমি অধিক সজাগতা কামনা কৰাটো নিশ্চয় ভুল নহয়। | 

(অৰূপ বৰবৰাৰ যুক্তিবিৰােধ)
অৰূপ বৰবৰা যে এজন মেধাবী আইনজীৱী আৰু সমাজ-সচেতন নাগৰিক, কোনাে সন্দেহনাই। কিন্তু তেওঁৰ ওকালতিয়ে আমাক ফান্দত পেলালে বুলি ভাবিব নােৱাৰিলোঁ। তেওঁৰ মতে বিজেপিৰ অশুভ চৰিত্ৰ আৰু ভূমিকাৰ বিৰুদ্ধে নির্বাচনৰ আগে-আগে ছগৰাকী মহিলাকে ধৰি পচপন্ন গৰাকী শিল্পী-সাহিত্যিক, সাংবাদিক আৰু সচেতন নাগৰিকৰ স্বাক্ষৰিত যিখন আবেদন আমি ৰাইজক দিছিলোঁ, সেইটো সুচিন্তিত আৰু সঠিক পদক্ষেপ নাছিল। কাৰণ, (১) কোনাে বিকল্প | নির্দেশ নকৰাত ৰাইজ বিভ্রান্ত আৰু বিক্ষুব্ধ হৈছিল; (২) আমাৰ গােহাৰি মানি লােৱা হ'লে নির্বাচন-পৰৱৰ্তী কালত ‘ঘোঁৰা-বেপাৰ’ হ’লহেঁতেন। (৩) সৰহসংখ্যক ৰাইজে পিছত আমাৰ সেই গােহাৰি। | সমুচিত আছিল বুলি কোৱাটো অস্পষ্ট। কেই লাখ, কেই হেজাৰ, বা কেই শ? (৪) ৰাইজৰ অভিভাৱকৰ ভূমিকা যদি আমি লােৱাই নাছিলোঁ, বিজেপিক ভােট নিদিবলৈ কোৱাটোও জানাে ৰাইজৰ অভিভাৱকগিৰি নহ’ল? প্ৰথমতে কৈ থওঁ সমূহীয়া গােহাৰিখন প্রকাশ হােৱাৰ পূর্বে বিজেপি-হাৱা খৰবেগে চলিবলৈ ধৰাত তাৰ এমাহমান আগৰ পৰা আমাৰ শিতানত ‘তপত খােলাৰ পৰা জ্বলা জুইলৈ’ আদি বিভিন্ন। শিৰােনামাৰ লেখাত আমি ৰাইজক একে সকীয়নি দি আহিছিলোঁ।

কংগ্ৰেছৰ প্ৰবল দুর্নীতি আৰু ক্রমবর্ধমান স্বেচ্ছাচাৰ ৰাইজৰ তেতিয়া অসহ্য হৈছিল যদিও বিজেপিৰ দৰে ঢােলে-দগৰে আন কোনাে দলেই ওলাই আহিব পৰা নাছিল। কিন্তু তেওঁলােকৰ প্রত্যেকৰে নিজা নীতি আদর্শ জনাজাত আছিল, তাৰ মাজৰ পৰা ৰাইজে পছন্দ মতে দল আৰু প্রার্থী বাছি ভােট দিব পাৰিলেহেতেন। ৰাইজৰ সেই গণতান্ত্রিক অধিকাৰক স্বাক্ষৰকাৰী সকলে সন্মান কৰিছিল। আনহাতে বিজেপিৰ ভয়াবহ গণতন্ত্রবিৰােধী আদর্শ আৰু গণতন্ত্রনাশী কাৰ্যসূচী ৰাইজক জনােৱা আমাৰ জৰুৰীকর্তব্য বুলি ভাবিছিলোঁ। কাৰণ সেই কথা বহুতৰ বাবে অজ্ঞাত আছিল। সকলাে নির্বাচন-পৰৱৰ্তী বুজাবুজি ‘ঘোঁৰা বেপাৰ নহয়। বিজেপিৰ ৰথযাত্রাত ভেটা দিবলৈ লগ লগা কথাটোক চিধাই ঘোঁৰা-বেপাৰ বুলি উৰাই দিয়াও ঠিক নহয়। কিছু ঘোঁৰা-বেপাৰ হয়েই, দুটামান ঘটিয়া ঘোঁৰাক নাকী লগাবলৈ আন উপায় নাথাকে। কেই লাখ বা হেজাৰ, জোখাৰ সাধ্য আমাৰ নাই। কিন্তু সভাইসমিতিয়ে যােৱা ডেৰ-দুই বছৰে অসংখ্য মানুহে আমাক কৈছে যে আমি কোৱা কথাষাৰ ফলিয়ালে। বাটে-ঘাটে বহু মানুহে এতিয়াও উপযাচি আহি কথাটোৰ বাবে আমাৰ শলাগ লয়। আমাৰ আবেদন মনত থকা বাবেই ৰাইজ পতিয়ন গৈছে যে আমাৰ বিশ্লেষণ সঠিক আছিল।

No comments:

Post a Comment