ৰূপালী পৰ্দাঃ মনোৰঞ্জনৰ ফুল-পেকেজ কেনী বসুমতাৰীৰ 'ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’: কিমান সফল? :: লীলাকান্ত পায়েং - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰূপালী পৰ্দাঃ মনোৰঞ্জনৰ ফুল-পেকেজ কেনী বসুমতাৰীৰ  'ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’: কিমান সফল?  :: লীলাকান্ত পায়েং

ৰূপালী পৰ্দাঃ মনোৰঞ্জনৰ ফুল-পেকেজ কেনী বসুমতাৰীৰ 'ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’: কিমান সফল? :: লীলাকান্ত পায়েং

Share This
মনোৰঞ্জনৰ পৃথিৱীত হেনো তিনিটা বস্তুহে বিক্ৰী হয়। সেয়া হৈছে এণ্টাৰটেইনমেণ্ট, এণ্টাৰটেইনমেণ্ট আৰু এণ্টাৰটেইনমেণ্ট। লোকেল কুংফু খ্যাত কেনী বসুমতাৰীৰ নতুনকৈ ৰিলিজ হোৱা অসমীয়া চিনেমা 'ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’ হৈছে এক কথাত ফুল এণ্টাৰটেইনিং চিনেমা। হহুৱাই হহুৱাই পেটৰ নাড়ী ডাল ডাল কৰি দিব পৰা পৰিচালক কেনীৰ লোকেল কুংফুৰ মছলা এইখন চিনেমাটো বিদ্যমান। যদিও এই চিনেমাখনত ৰহস্যৰ পম খেদাৰ কাহিনী আছে, তথাপি হাস্য-ৰসেৰেও ই চপচপীয়াই।

কেতিয়াবা কোৱা শুনো, অসমীয়া চিনেমালৈ দুৰ্দিন আহিছে। কেতিয়াবা আকৌ এখন দুখন অসমীয়া চিনেমা চাবলৈ হলভৰ্তি দৰ্শক আহিলে শুনো, জয়মতীৰে ৰূপকোঁৱৰে বাটকাটি থৈ যোৱা অসমীয়া চিনেমালৈ আকৌ নৱ-জীৱন আহিল! কিন্তু এটা কথা ঠিক যে, পূর্বৰ তুলনাত বর্তমান অসমীয়া ছবি জগত খনলৈ এক অদ্ভুত পৰিৱর্তন আহি পৰিছে। বর্তমান ছবিঘৰত কিছুমান অসমীয়া ছবি কেতিয়া আহে আৰু কেতিয়া যায় হয়তো বহু দর্শকে নেজানেই, ইমান চ'ছিয়েল মেডিয়া, টিভি, পেপাৰ থকা স্বত্বেও!

ছবিঘৰত অসমীয়া ছবি চলা নাই বুলি বাতৰি ওলায় যদিও, অসমীয়া চিনেমা নির্মাণৰ সংখ্যা কিন্তু কমা নাই। এমেচাৰ তথা নৱ-প্ৰজন্মৰ পৰিচালক-নিৰ্মাতাৰ চিনেমা দেখি এইসকলৰ হাতত অসমীয়া ভাষাৰ চিনেমাৰ ভৱিষ্যত সুৰক্ষিতহে বুলিও মতামত বিজ্ঞজনে দিয়া দেখিবলৈ পোৱা যায়। কিন্তু এটা কথা ঠিক যে ন-পুৰণি বহু অসমীয়া চিনেমা নিৰ্মাতাই দুই-এখন ছবিৰ বাহিৰে 'আজিৰ যুগৰ ইউ-টিউব, নেটফ্লিক্সৰ সোৱাদ পোৱা' দর্শকক সন্তষ্ট কৰি পৰা ছবি নির্মাণ কৰিব পৰা নাই! তাৰ মাজতো বেলেগ বেলেগ Genre ৰ জৰিয়তে অসমীয়া চিনেমালৈ পৰীক্ষা-নিৰীক্ষা চলি থকাটো অতিশয় শুভ লক্ষণ বুলিয়েই গণ্য কৰো। কেনীৰ এই চিনেমাখনো হাস্য আৰু ৰহস্য আৰু একচনৰ Genreৰ এক অন্বেষণেই বুলিব পাৰি।

আমি দর্শক হিচাপে সদায় এখন ভাল অসমীয়া ছবি বিচাৰি ফুৰোঁ। শেহতীয়াকৈএই সপ্তাহত তেনে মন ভৰোৱা এখন অতি সুন্দৰ ছবিৰ দর্শক হ’লো। ডিচেম্বৰ মাহৰ সাত তাৰিখে ছবি গৃহত মুক্তি পালে সুপৰিচালক তথা অভিনেতা কেনী বসুমতাৰীয়ে পৰিচালিত কৰা এখন অসমীয়া ছবি ‘ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’। এজন অসমীয়া ছবিৰ শুভাকাংক্ষী তথা দর্শক হিচাপে ছবিখন চাই খুব তৃপ্তি পালোঁ। ইয়াৰ পূর্বে কেনী বসুমতাৰীয়ে দুখন ছবি লোকেল কুংফু-১ আৰু ২ নির্মাণ কৰিছিল, কেৱল এক-দুই লাখ টকাৰে। লোকেল কুংফু চিৰিজৰ দুয়োখন চিনেমাই  দর্শকৰ মাজত সফলতা লাভ কৰিছিল। ‘ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’ কেনী বসুমতাৰীৰ তৃতীয় খন ছবি। কেনী বসুমতাৰীৰ তিনিখন ছবি দর্শকৰ মাজত সমাদৰ লাভ কৰাৰ কাৰণ হৈছে ছবি তিনিখনত অতি সুন্দৰ ট্রিটমেন্ট দিয়া হৈছে। ক’বলৈ গলে ছবি খনৰ পৰিচালকে দর্শকৰ পছন্দৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। ছবিখন দর্শক হিচাপে চাই থাকোতে ১ ঘণ্টা ৪১ মিনিট সময় কেতিয়ানো পাৰ হৈ গল গমকে নাপালোঁ। 

লোকেল কুংফু-১ ত ভিলেইন চৰিত্রত অভিনয় কৰা উৎকল হাজোৱাৰী ‘ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’ ছবিত এজন নিলম্বিত পুলিচ বিষয়াৰ চৰিত্রত অভিনয় কৰিছে। সুব্রিনা ৰায় নামৰ এগৰাকী গাঁৱৰ ছোৱালী এজনী চাকৰিৰ নামত নাৰী সৰবৰাহকাৰী দালালৰ হাতত বন্দী হয়। সুব্রিনা ৰায় নামৰ চৰিত্রত অভিনয় কৰিছে পুনম গুৰঙ। ছবিখনৰ কাহিনী থুলমুলকৈ সুব্রিনা ৰায় নামৰ ছোৱালী এজনীৰ। লোকেল কুংফু-১ ৰ চার্লি নামৰ মুখ্য চৰিত্রত অভিনয় কৰা কেনী বসুমতাৰীক ইন্সপেক্টৰ লক্ষী মদন জ্বালা নামৰ চৰিত্রত ভিলেইনৰ এক নতুন ৰূপত দেখা গৈছে। মণ্টু দেউৰীক এজন দালালৰ চৰিত্রত অভিনয় কৰিছে। আনহাতে ঈপ্সিতা হাজৰৰিকা, শর্মিষ্ঠা চক্রৱর্তী, মৃগেন্দ্রে কোঁৱৰ আৰু সুনীত বৰা আন আন চৰিত্রত অভিনয় কৰিছে।  বাকী কাহিনী ছবি গৃহৰ দর্শকৰ বাবে ৰাখি থলোঁ আৰু সকলোৱে ছবিগৃহত গৈ উপভোগ কৰক। 

ছবিখনৰ কাহিনী অতি সৰল যদিও প্রতিটো ছেকেণ্ডত চাচপেঞ্চ ধৰি ৰাখিবলৈ সক্ষম হৈছে। পৰিচালকে ছবিখনৰ কাহিনী অতি সুন্দৰ ৰূপত আগবঢ়াই নিবলৈ সক্ষম হৈছে। দর্শকে ছবিখনত ছিৰিয়াজ আৰু হাস্যধর্মী দুয়োটা দিশ চাবলৈ সক্ষম হ’ব। ছবি খনৰ সংলাপ অতি সুন্দৰ আৰু হাস্যমধুৰ। পূর্বৰ দুয়োখন ছবিৰ তুলনাত এইখন ছবিৰ কৌশলী উপস্থাপন, কাৰিকৰী দিশ তথা একচনৰ দৃশ্য সমূহ অতি উন্নত মানৰ। আটাইতকৈ উল্লেখনীয় দিশ হ’ল ছবিখনে এক সামজিক বার্তা প্রেৰণ কৰিবলৈ সক্ষম হৈছে। 

অসমৰ পৰা অন্ধকাৰ জগতত প্রতি বছৰে ছোৱালী-মহিলা নিখোঁজ হৈ যায় যি কাহানিও ঘুৰি আহিব নোৱাৰা, গুটখা আদি ৰাগিয়াল জাতীয় বস্তুৱে কিদৰে নৱ-প্রজন্মক আৱৰি ধৰিবলৈ লৈছে আদি দিশ সমূহ অতি চতুৰতাৰে পৰিচালকে অতি সুন্দৰ ভাবে উপস্থাপন কৰিছে। পাছে ৰজনীকান্তৰ ৰৱট ২.০ ছবিখনে কিছু প্রভাৱ নেপেলোৱা নহয়।  তথাপিও হল ভৰ্তি হোৱাৰ খবৰবোৰ পাই আছো।
তথাপিও ক’বলৈ গ’লে চলিত বর্ষৰ শেষৰ ফালে কেনী বসুমতাৰীয়ে দর্শকক দিয়া এখন সুন্দৰ অসমীয়া ছবিৰ ভিতৰত ‘ছাছপেণ্ডেড ইন্সপেক্টৰ বড়ো’ বুলিব পাৰি...।  যিখনত থকা এণ্টাৰটেইনমেণ্টৰ পেকেজৰ বাবেই অসমৰ দৰ্শকে চিনেমাখন চোৱা উচিত বুলি ভাবো আৰু দলে বলে গৈ চিনেমাখন চাই অসমীয়া চিনেমা নিৰ্মাণৰ এই প্ৰচেষ্টাকো উতসাহিত কৰিবলৈ ইয়াৰে আহ্বান জনালো। আমাৰ মতে কেনীৰ এই চিনেমাই পাঁচৰ স্কেলত নুন্যতম ৪.৩ ৰেটিং লাভ কৰিবলৈ সক্ষম হৈছে।
লেখকৰ ফোনঃ৮০১১৭৭৮০৩৮, খণ্ড কাৰিকৰী কার্যনির্বাহক ,কৃষি প্রযুক্তি পৰিচালনা অভিকৰণ 
চেতিয়া গাঁও, ৱার্ড নং-৫, উত্তৰ লখিমপুৰ-৭৮৭০০১, লখিমপুৰ, অসম            

No comments:

Post a Comment