চিন্তনঃ আধৰুৱাহে হ'ব নেকি বিজেপিৰ কংগ্ৰেছমুক্ত ভাৰতৰ সপোন? ::মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ আধৰুৱাহে হ'ব নেকি বিজেপিৰ কংগ্ৰেছমুক্ত ভাৰতৰ সপোন? ::মণিকংকনা দাস

চিন্তনঃ আধৰুৱাহে হ'ব নেকি বিজেপিৰ কংগ্ৰেছমুক্ত ভাৰতৰ সপোন? ::মণিকংকনা দাস

Share This
অপ্ৰতিৰোধ্য নৰেন্দ্ৰ মোদী, TINA-There Is No Alternative ফৰ মোদী! এয়াই আছিল কেইদিনমান আগলৈকে দেশৰ জনপ্ৰিয় মেডিয়াৰ আলোচনা আৰু প্ৰচাৰ প্ৰপাগাণ্ডা। কিন্তু এতিয়া নতুনকৈ প্ৰশ্ন চলিছে, সঁচাকৈ কোন হ’ব দেশৰ আগন্তুক প্রধানমন্ত্রী, মােদী নে ৰাহুল গান্ধী? ২০১৯ চনত অনুষ্ঠিত হ'বলগীয়া দেশৰ সাধাৰণ নির্বাচনৰ বাবে আৰম্ভ হৈছে আলােচনা-বিলােচনা। বিশেষকৈ পাঁচখন ৰাজ্যৰ শেহতীয়া বিধানসভা নির্বাচনৰ ফলাফলৰ পাছতে এই চর্চাই গতি সলাইছে। ইয়াৰ আগলৈকে বিজেপিক প্রত্যাহ্বান জনাব পৰাকৈ বর্তমান সময়ত দেশত কোনাে এটা বিৰােধী দল নাই বুলিয়ে ভবা হৈছিল যদিও এই পাঁচখন ৰাজ্যৰ নির্বাচনী ফলাফলে সকলাে কথা নতুনকৈ ভাবিবলৈ বাধ্য কৰােৱাইছে। মধ্যপ্রদেশ, ৰাজস্থান, ছত্তিশগড়, তেলেংগান আৰু মিজোৰামৰ নির্বাচনী ফলাফলত স্পষ্টকৈ দেখা গৈছে যে বিজেপিৰ প্ৰতি মােহভংগ হৈছে জনতাৰ। সকলােৱে নামিছে বিকল্পৰ সন্ধানত৷ দিল্লীত চন্দ্ৰবাবু নাইডুৰ সমন্বয়তাত গঠন হোৱাৰ দিশে কুচকাৱাজ চলিছে ঐক্যবদ্ধ বিৰোধী ঐক্যৰ। 
দেখা গৈছে যে, মিজোৰাম আৰু তেলেংগানাত আঞ্চলিকতাবাদী দলক বিকল্প হিচাপে পােৱাত ভােটদাতাই সেই দলকে বিশ্বাসত লৈছে৷ আনহাতে বিজেপিয়ে শাসন চলাই থকা দেশৰ হিন্দী বলয়ৰ তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যত আন কোনাে বিকল্প নাপাই জনতাই সুযােগ দিছে কংগ্ৰেছক। মুঠতে এই পাঁচ ৰাজ্যৰ নিৰ্বাচনত সম্পূৰ্ণৰূপে ধৰাশায়ী হৈছে বিজেপি। মিজোৰাম আৰু তেলেংগানাত দলটোৱে মাত্র এখনকৈ আসনতে সন্তুষ্ট থাকিবলগীয়া হৈছে। তেনেদৰে ৰাজস্থানত বসুন্ধৰা ৰাজে, ছত্তিশগড়ত ৰমণ সিং আৰু মধ্যপ্রদেশত শিৱৰাজ সিং চৌহানৰ জনপ্রিয়তা থকাৰ পাছতাে মােদীৰ ঢৌৰ প্রতি ৰাইজৰ মনােভাব সলনি হােৱাৰ বাবেই বিজেপিয়ে এই ৰাজ্যকেইখনত পৰাজয় স্বীকাৰ কৰিবলগীয়া হৈছে বুলি বিভিন্ন বিশ্লেষকে মতামত দাঙি ধৰিছে। কেন্দ্রীয় চৰকাৰখনে তথা প্রধানমন্ত্রী মােদীয়ে দুখীয়া সাধাৰণ শ্ৰেণীৰ বিপৰীতে পুঁজিপতি ধনিক শ্ৰেণীৰ স্বাৰ্থত কাম কৰা, জি এছ টি আৰু বিমুদ্ৰাকৰণেৰে সাধাৰণ শ্ৰেণীৰ মূৰত ৰামটাঙোন শােধােৱা, কৃষকবিৰােধী কাম-কাজ, ধৰ্মৰ নামত দেশত এক অস্থিৰ পৰিৱেশৰ সৃষ্টি কৰা আদি কাৰকে ভােটাৰ ৰাইজক যথেষ্ট প্ৰভাৱিত কৰা বুলি ৰাজনৈতিক বিশ্লেষকে মন্তব্য কৰাও শুনা গৈছে। লগতে কোৱা হৈছে যে প্রধানমন্ত্রীৰ উপৰি বিজেপিৰ ভিতৰচ'ৰাত গা কৰি উঠা অহংভাৱে শিক্ষিত ভােটাৰসকলৰ মনত যথেষ্ঠ ক্রিয়া কৰিছে। যাৰ বাবে বহু ৰথী-মহাৰথীয়ে উদাত্ত ভাষণেৰে প্রচাৰ চলােৱাৰ পাছতাে পাঁচ ৰাজ্যত উদ্ধাৰ কৰিব নােৱাৰিলে বিজেপিক। যেন লাহে লাহে নিষ্প্রভ হ'বলৈ ধৰিছে মােদীৰ ঢৌ। ইয়াৰ বিপৰীতে এই নির্বাচনত গােপনে উজলি উঠা এটা নাম হ’ল ৰাহুল গান্ধী।

পাপ্পু- আজি কিছুদিন আগলৈ হাঁহিৰ খােৰাক দিয়া এটা লঘু চৰিত্ৰ হিচাপে বহুতে গণ্য কৰি আহিছিল ৰাহুল গান্ধীক। ৰাজনৈতিক ক্ষেত্ৰখনত তেওঁৰ অদক্ষতাৰ বাবেই হাঁহিয়াতৰ পাত্ৰ হৈ উঠিছিল গান্ধী-নেহৰু পৰিয়ালৰ এইজন পুত্র৷ প্রধানমন্ত্রী মােদীৰ ভাষাৰে ৰাহুল গান্ধী ‘শেহজাদা' অর্থাৎ যুৱৰাজ। পৰিয়ালতান্ত্রিক ৰাজনীতিৰে আহি ৰাহুলে ২০০৪ চনতেই লােকসভাৰ সাংসদ হিচাপে নির্বাচিত হৈছিল যদিও প্ৰতিটো খােজতে তেওঁৰ অপৰিপক্কতা আৰু অদক্ষতা পৰিলক্ষিত হৈছিল। ২০১৪ চনত প্ৰথমবাৰৰ বাবে টেলিভিছনৰ আছুতীয়া সাক্ষাৎকাৰ এটাত অংশগ্রহণ কৰি ৰাহুলে যিধৰণে পাতলীয়া উত্তৰ দিছিল তাৰ পাছৰে পৰা তেওঁ ‘পাপ্পু’ নামেৰে অধিক চৰ্চিত হৈছিল। ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনৰ সময়ত মােদী ঢৌত সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰা শতিকাপ্রাচীন কংগ্ৰেছ দলটোৰ সভাপতি হিচাপে এইজন ‘পাপ্পু’কে বিগত বৰ্ষত দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। এই দায়িত্ব গ্রহণ কৰাৰ পাছতে যেন লাহে লাহে ব্যক্তিত্ব সলনি হ'ব ধৰিছিল ৰাহুল গান্ধীৰ। অতি সংগােপনে তেওঁ ৰণনীতি তৈয়াৰ কৰি শেহতীয়া পাঁচ ৰাজ্যৰ নিৰ্বাচনত তিনিখনতেই সফলতাৰ মুখ দেখিবলৈ সক্ষম হৈছে। এইজন ৰাহুল গান্ধীয়ে বিগত সময়ত বিমুদ্ৰাকৰণ, জি এছ টি, মূল্যবৃদ্ধি আদিক লৈ চৰকাৰক প্রতিদিনে ক্ষুৰধাৰ সমালােচনা কৰি আহিছে। কৃষকৰ অধিকাৰৰ ক্ষেত্ৰতাে তেওঁ মাত দিয়াত অগ্রণী ভূমিকা গ্ৰহণ কৰিছে। প্ৰতিখন নির্বাচনী প্রচাৰ সভাতে ধনিক শ্ৰেণীৰ চৰকাৰ বুলি মােদী চৰকাৰখনক আক্রমণ কৰাৰ লগতে কৃষি অর্থনীতি ধ্বংস কৰা আৰু নিবনুৱা সমস্যাৰ ক্ষেত্ৰত চৰকাৰখনে কোনাে পদক্ষেপ গ্রহণ নকৰা বুলি সমালােচনা কৰা দেখা গৈছিল। মােদী চৰকাৰৰ বৃহৎ দুর্নীতি হিচাপে ৰাফেল চুক্তিক লৈও ৰাহুল গান্ধীয়ে ধাৰাবাহিক সমালােচনা কৰি আহিছে। যাৰ বাবে হয়তাে দুখীয়া, সাধাৰণ শ্ৰেণীৰ জনতাই কংগ্ৰেছক

আকৌ এবাৰ বিশ্বাসত ল'ব বিচাৰিছে।এইখিনিতে উল্লেখনীয় হ’ব যে ৰাহুল গান্ধীয়ে তেওঁৰ ব্যক্তিত্বত সহনশীল চৰিত্ৰ এটাও ফুটাই তােলাৰ চেষ্টা চলাইছে। ৰাজস্থানত নির্বাচনী প্ৰচাৰ চলাবলৈ গৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মােদীয়ে কংগ্ৰেছৰ কোনগৰাকী মহিলা নেত্ৰীয়ে বৃদ্ধ-বিধৱা পেন্সনৰ নামত আঁচনিৰ সুযােগ লৈ আছে সেইধৰণে প্রশ্ন কৰাৰ পাছত সকলােৱে ভাবিছিল যে হয়তাে ৰাহুল গান্ধীয়ে ইয়াৰ প্রত্যুত্তৰ দিব। কিন্তু এইক্ষেত্ৰত ৰাহুলে সম্পূর্ণ নীৰৱ ভূমিকা গ্রহণ কৰি দেখুৱায়। একেদৰে ২০১৩ চনত এই পাঁচ ৰাজ্যৰ নিৰ্বাচনত বিজেপিয়ে বৃহৎ সফলতা অর্জন কৰাৰ পাছত নৰেন্দ্ৰ মােদীয়ে টুইটাৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কৈছিল যে বিজেপিয়ে কংগ্ৰেছমুক্ত ভাৰত এখন গঢ়াৰ দিশে আগবাঢ়িছে। ইয়াৰ বিপৰীতে এইবাৰ পাঁচ ৰাজ্যৰ নির্বাচনী ফলাফলত হিন্দী বলয়ৰ তিনিখন গুৰুত্বপূৰ্ণ ৰাজ্যত কংগ্ৰেছে সফলতা লাভ কৰাৰ পাছত ৰাহুল গান্ধীয়ে সংবাদমেল সম্বােধন কৰি নিজকে যথেষ্ট সহনশীল আৰু সংযত হিচাপে দেখুৱাইছিল। তেওঁ কৈছিল যে বিজেপি আৰু কংগ্ৰেছৰ চিন্তাধাৰা, আদর্শ ভিন ভিন। কিন্তু কংগ্ৰেছে কোনাে এটা চিন্তাধাৰাকে দেশৰ পৰা মুক্ত কৰিব নিবিচাৰে। তাৰ বিপৰীতে সেই চিন্তাধাৰাৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবেহে তেওঁলােক আগ্রহী। ইয়াৰ পাছত অগ্নিপৰীক্ষা হিচাপে তিনিখন ৰাজ্যৰ মুখ্যমন্ত্রী বাছনিৰ ক্ষেত্ৰতাে ৰাহুল গান্ধীয়ে তেওঁৰ দক্ষতাৰ পৰিচয় দিয়াৰ লগতে গােটেই দলটোকে বিভাজিত নােহােৱাকৈ ৰাখিবলৈ সক্ষম হৈছে। এনেকৈয়ে এতিয়া এসময়ৰ ‘পাপ্পু’ৱে দেশৰ ৰাজনীতিত এজন সম্ভাৱনাময় নেতা হােৱাৰ দিশে অগ্ৰসৰ হৈছে। ৰাহুলে কংগ্ৰেছৰ সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ সময়ত দেশৰ চাৰিখন ৰাজ্যত দলটোৰ শাসন আছিল যদিও তেওঁৰ সভাপতি হিচাপে এবছৰ সম্পূৰ্ণ হােৱাৰ সময়ত ছখন ৰাজ্যলৈ শিপাবলৈ সক্ষম হৈছে কংগ্রেছ। ক'ৰবাত ক্ষমতা হেৰুৱালেও ক'ৰবাত নতুনকৈ ক্ষমতা লাভ কৰিছে দলটোৱে। এয়া নিশ্চয়কৈ ৰাহুল গান্ধীৰ বাবে এক বৃহৎ সফলতা৷

শেহতীয়াকৈ কমল নাথে মুখ্যমন্ত্ৰীৰ চকীত বহিয়েই কৃষক সকলৰ ঋণ মাফৰ প্ৰতিশ্ৰুতি পালনৰ ফাইলত চহী কৰিও দেশৰ ৰাজনীতিত 'মোদীৰ মিছা প্ৰতিশ্ৰুতি' বনাম 'কংগ্ৰেছৰ প্ৰতিশ্ৰুতি পালন'ৰ উদাহৰণ দাঙি ধৰে। তাৰ পাছতে দেশৰ কেইবাখনো ৰাজ্য চৰকাৰেও ইমান দিনে কান নিদিয়া বিষয় 'কৃষকৰ ঋণ মাফ' বিষয়ত চিন্তা চৰ্চা কৰা দেখিবলৈ পোৱা গৈছে, অসমৰ কেবিনেটেও এই বিষয়ত সিদ্ধান্ত লোৱা বুলিও বাতৰি প্ৰকাশ পাইছে। কালি সংবাদমেলত ৰাহুল গান্ধীয়ে দেশৰ কৃষক সকলৰ সমস্যাক কংগ্ৰেছ তথা বিৰোধী দল সমূহে দাঙি ধৰাৰ দায়িত্ব ললেই আৰু কৃষকৰ ঋণ মাফ কৰি নিদিয়া পৰ্যন্ত প্ৰধানমন্ত্ৰীক জিৰণি অথবা টোপনি যাব নোৱাৰাকৈ প্ৰতিবাদ কৰি যাব বুলিও স্পষ্ট কৰি দিয়ে। দেশৰ কৃষক, শ্ৰমিক, ক্ষুদ্ৰ দোকানীৰ সমস্যাক লৈ মূৰ নঘমাই কেৱল ২৫টামান বিলিয়নাৰ পুঁজিপতিৰ স্বাৰ্থক লৈ চৰকাৰপ্ৰধান কেৱল ব্যস্ত থকা বুলিও অভিযোগ তোলে। দেশৰ বেছিভাগ কৃষক, শ্ৰমিক, ক্ষুদ্ৰ দোকানীৰ সমস্যাক লৈ এইবাৰ কংগ্ৰেছ আৰু সন্মিলিত বিৰোধীয়ে ৰাইজৰ মন জিনিবলৈ কৌশল ৰচিছে, আৰু ইয়েই বিজেপি চৰকাৰক যে প্ৰত্যাহ্বান জনাব সেয়া স্পষ্ট হৈ পৰিছে। লগতে ২০১৯ৰ সাধাৰণ নিৰ্বাচন যে এই প্ৰেক্ষাপটে অতিশয় আকৰ্ষণীয় কৰি তুলিব সেই কথাও কিন্তু নিশ্চিত পৰিছে।
লেখাটি পূৰ্বতে নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে। ফোনঃ ৯৭০৭১-৬৭৪৫০

No comments:

Post a Comment