সাম্প্ৰতিক প্ৰসংগঃ আস্থা বনাম বৈষম্যৰ ৰাজনীতিঃ সৱৰীমালা মন্দিৰত নাৰীৰ প্ৰৱেশৰ প্ৰশ্নত :: মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সাম্প্ৰতিক প্ৰসংগঃ আস্থা বনাম বৈষম্যৰ ৰাজনীতিঃ সৱৰীমালা মন্দিৰত নাৰীৰ প্ৰৱেশৰ প্ৰশ্নত :: মণিকংকনা দাস

সাম্প্ৰতিক প্ৰসংগঃ আস্থা বনাম বৈষম্যৰ ৰাজনীতিঃ সৱৰীমালা মন্দিৰত নাৰীৰ প্ৰৱেশৰ প্ৰশ্নত :: মণিকংকনা দাস

Share This
দেশত শাসনাধিষ্ঠিত চৰকাৰখন তথা দলটোৱে যেতিয়া ন্যায়পালিকাৰ নিদের্শ মানিবলৈ অনিচ্ছা প্ৰকাশ কৰি পৰম্পৰা ৰক্ষাৰ নামত কুসংস্কাৰ বাহাল ৰাখিব বিচৰাসকলক সমর্থন দিয়, তেতিয়াই আৰম্ভ হয় এক অস্থিৰ অৱস্থা। সংবাদ শিৰোনামত ভগৱানৰ পূজা-অর্চনা আৰু মহিলাৰ অধিকাৰৰ প্রসংগ। যোৱা ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা সঘনাই সংবাদ শিৰোনাম দখল কৰি অাছে সবৰীমালাৰ আয়াপ্পা মন্দিৰত মহিলাক প্রৱেশৰ অনুমতি দিয়া বিষয়টোৱে। সবৰীমালা মন্দিৰত উচচতম ন্যায়ালয়ে মহিলাক প্রৱেশৰ অনুমতি দিয়াৰ পাছৰে পৰা উত্তপ্ত হৈ উঠিছে সমগ্র দক্ষিণ ভাৰতৰ ৰাজনীতি। উল্লেখ যে সুদীর্ঘ কালৰ পৰা কেৰালাৰ অন্যতম প্রাচীন তথা বিখ্যাত সবৰীমালা মন্দিৰৰ ভিতৰত ১০ বছৰ বয়সৰ পৰা ৫০ বছৰ বয়সৰ ভিতৰৰ মহিলাক প্রৱেশ কৰিবলৈ দিয়া হোৱা নাছিল। কিন্তু যোৱা ২৮ ছেপ্টেম্বৰত দেশৰ মহামান্য উচচতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দানেৰে ৰজঃস্বলা হােৱা বয়সৰ মহিলাক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়া কার্য বেআইনী বুলি ঘোষণা কৰাৰ পাছত কেৰালাত সৃষ্টি হৈছে অৰাজকতাৰ।

দেশৰ অন্যতম বিখ্যাত সবৰীমালা মন্দিৰত প্রতি বছৰে লাখ লাখ ভক্তৰ আগমন ঘটে। বছৰৰ নিৰ্দিষ্ট কিছুমান সময়তহে এই মন্দিৰটো ভক্তৰ বাবে মুকলি হয় আৰু সেই সময়ছােৱাত মন্দিৰ চৌহদ ভিৰ কৰে বৃহৎ সংখ্যক ভক্তই। বিভিন্ন জনে বহু ধৰণৰ যুক্তি দর্শালেও পুৰণি কোনাে বিশ্বাস অনুসৰি ৰজঃস্বলা হোৱা বয়সৰ মহিলাসকলক এই মন্দিত প্রৱেশৰ অনুমতি দিয়া হোৱা নাছিল সুদীর্ঘ সময়ৰ পৰা। কিন্তু সময়ৰ অগ্ৰগতিৰ লগে লগে মহিলাৰ দেহৰ পৱিত্ৰতা অপৱিত্ৰতাৰ বিচাৰ কৰি তেওঁলােকক মন্দিৰৰ ভিতৰত প্রৱেশ কৰিবলৈ নিদিয়া বিষয়টো মহিলাসকলৰ বাবে আত্মসন্মানৰ কথা হৈ উঠে। পূৰ্বতে বহুক্ষেত্ৰত পুৰুষতান্ত্রিক সমাজ ব্যৱস্থাই মহিলাক অৱদমন কৰি ৰখাৰ দৰে আজিৰ এই সময়তো মহিলাক মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নিদিয়া কথাটো গ্রহণযোগ্য হ'ব নোৱাৰে। এয়া যেন ভয়ংকৰ লিংগ বৈষম্যতাৰ নিদর্শন। 

আধুনিক সমাজ ব্যৱস্থাত মহিলাৰ অধিকাৰৰ দাবী কৰি এই বিষয়েটা অৱশেষত আদালতৰ মজিয়ালৈ নিয়া হৈছিল। বিষয়টোক অাদালতলৈ নিয়া অধিবক্তাসকলেও সময়ে সময়ে বহু ভয়-ভাবুকিৰ সন্মুখীন হৈ আহিছিল। ধর্মীয় পৰম্পৰা আৰু লিংগসমতাৰ মাজৰ যুঁজখনৰ অন্তত জয়ী হ'ল লিংগসমতা। দেশৰ উচচতম ন্যায়ালয়েও মহিলাসকলৰ সপক্ষত ৰায়দান দিবলৈ বাধ্য হ'ল। ভাৰতীয় সংবিধানৰ সমঅধিকাৰ, লিংগসমতা, ধৰ্মৰ অধিকাৰ আদিৰ ভিত্তিত মহামান্য ন্যায়ালয়ৰ পাঁচজনীয়া বিচাৰপীঠে দিয়া ৰায় কার্যকৰী কৰিবলৈ কেৰালাৰ শাসনত থকা বাঁওপন্থী চৰকাৰখন অগ্ৰসৰ হৈছে। কিন্তু ইয়াৰ লগে লগে সৃষ্টি হৈছে অস্থিৰ এক পৰিৱেশৰ। ধর্মীয় অাৱেগক লৈ ৰাজনৈতিক দলাবোৰে আৰম্ভ কৰিছে নিকৃষ্ট ৰাজনীতিৰ খেল। উল্লেখনীয় যে উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক নিদের্শনাৰ পাছত যােৱা ১৭ অক্টোবৰত প্ৰথমবাৰৰ বাবে মন্দিৰৰ দুৱাৰ খোল খাইছিল। সাংবাদিকসহ কেইবাগৰাকীও মহিলাই সিদিনা মন্দিৰৰ ভিতৰত প্ৰৱশ কৰিবলৈ যাওঁতেই উত্তপ্ত হৈছিল পৰিস্থিতি। বৃহৎসংখ্যক ভক্ত তথা মন্দিৰ পৰিচালনাৰ সৈতে জড়িত লোকসকলে শতিকা প্রাচীন নিয়ম উলংঘা কৰি মহিলাক মন্দিৰৰ ভিতৰত প্রৱশ কৰাত বাধা অাৰোপ কৰিছিল। আনকি মহিলাসকলৰ ওপৰত চলোৱা হৈছিল অত্যাচাৰ। ইয়াৰ পাছত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠী চালনা কৰিছিল। মন্দিৰৰ শীর্ষ পূজাৰীয়েও নিয়মৰ উলংঘা হ'লে মন্দিৰৰ দুৱাৰ বন্ধ কৰাৰ হুংকাৰ দিছিল। মুঠতে এফালে ধর্মীয় বিশ্বাস আৰু অানফালে ন্যায়ালয়ৰ নিদের্শনাই সমগ্র কেৰালাক অস্থিৰ কৰি তুলিছে। পুৰণি পৰম্পৰা অব্যাহত ৰাখিব বিচৰাসকলৰ সমৰ্থনত থিয় দিছে বিজেপি আৰু আৰ এছ এছ। মুখ্যমন্ত্রী পিনাৰায়ী বিজয়ান নেতৃত্বাধীন বাওঁপন্থী চৰকাৰখনে হিন্দু ধর্ম আৰু পৰম্পৰাক লুপ্ত কৰিব বিচাৰিছে বুলি অভিযোগ কৰিছে বিজেপিয়ে। 

আনহাতে বিজেপিক সমালোচনা কৰি বাওঁপন্থী চৰকাৰখনে বাৰম্বাৰ অতিযােগ কৰিছে যে অযোধ্যাৰ দৰে সৱৰীমালাতো অৰাজক পৰিস্থিতিৰ সৃষ্টি কৰিব খুজিছে বিজেপিয়ে৷ সবৰীমলাৰ প্রসংগত ৰাজ্য চৰকাৰখনৰ নিষ্ঠুৰতাৰ বিৰুদ্ধে কেৰালত বৃহসংখ্যক প্রতিবাদকাৰীয়ে বিক্ষোভ প্রদর্শন কৰিছে। এই প্রতিবাদত সমর্থন জনাইছে বিজেপিয়ে। অানকি 'ছেভ সবৰীমালা ৰথযাত্রা' নামেৰে ২ ২ দিনীয়া এক বিশাল যাত্ৰাৰ নেতৃত্ব দিছে কর্ণাটকৰ প্রাক্তন মুখ্যমন্ত্রী তথা বিজেপিৰ নেতা বি এছ য়েডুৰাপ্পাই। মধুৰ সিদ্ধিবিনায়ক মন্দিৰৰ পৰা আৰম্ভ হােৱা এই যাত্ৰা অহা ৩০ নৱেম্বৰত সবৰীমালাত উপস্থিত হৈ সামৰণি পৰিব। য়েডুৰাপ্পাৰ এই ভূমিকাৰ পাছত তেওঁক দাক্ষিণাত্যৰ 'অাদৱানি' বুলিও সমালোচনা কৰা হৈছে। যিদৰে আজিৰ পৰা ঠিক ২৮ বছৰ পুর্বে সেই সময়ৰ বিজেপিৰ সভাপতি লালকৃষ্ণ আদৱানিয়ে ৰাম মন্দিৰ আন্দোলনৰ সমৰ্থনত ৰামৰথ যাত্ৰাৰ নেতৃত্ব দিছিল, ঠিক সেইদৰে এইবাৰ দাক্ষিণাত্যত সবৰীমালা মন্দিৰৰ ক্ষেত্ৰত একেই ভুমিকা লৈছে য়েডুৰাপ্পাই। আনকি বিজেপিৰ ৰাষ্ট্রীয় সভাপতি অমিত শ্বাহেও সবৰীমালাৰ প্রতিবাদকাৰীসকলক মুকলিকৈ সমর্থন জনাইছে। বিজয়ান চৰকাৰখনে সবৰীমালা মন্দিৰৰ ঐতিহ্য ধবংস কৰিব বিচাৰিছে বুলি অলপতে বিজেপিৰ সভাপতিগৰাকীয়ে মুকলিকৈ এক ভাষণত ব্যক্ত কৰিছে। হিন্দু মন্দিৰৰ বিৰুদ্ধে এয়া ৰাজ্য চৰকাৰৰ ষড়যন্ত্ৰ, সবৰীমালাৰ অনন্য নিয়ম বাহাল থাকিব লাগে বুলিও অমিত শ্বাহে প্রকাশ কৰিছে। অানহতে এই ক্ষেত্ৰত সুবিধাজনক স্থিতি গ্রহণ কৰি অহা দেখিবলৈ পোৱা গৈছে কংগ্ৰেছক। উল্লেখনীয় যে অহা ১৭ নৱেম্বৰত পুনৰ দুৱাৰ খোল খাব সবৰীমালা মন্দিৰৰ। মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবলৈ নাম পঞ্জীয়ন কৰিছে পাঁচ শতাধিক মহিলাই। কিন্তু প্রৱেশ কৰিব পাৰিবনে তেওঁলােকে ? মহাৰাষ্ট্ৰৰ ঐতিহাসিক শনি মন্দিৰ, হাজি আলী দৰগাহৰ পাছত এইবাৰ দাক্ষিণাত্যৰ সবৰীমালাৰ মন্দিৰত মহিলাৰ প্রৱেশৰ বাবে ন্যায়ালয়ে বাট মুকলি কৰি দিছে যদিও দেশৰ শাসনত অধিষ্ঠিত হৈ থকা দলটোৱে ন্যায়ালয়ৰ নির্দেশ অমান্য কৰা দেখিবলৈ পোৱা গৈছে। যিসময়ত পুৰুষৰ সমানে নাৰীক আগুৱাই নিবলৈ খোদ প্রধানমন্ত্রী নৰেন্দ্র মােদীয়ে বিভিন্ন ধৰণৰ আঁচনি মুকলি কৰি অাকৰ্ষণীয় শ্লোগান দিছে, তেনে সময়ত সবৰীমালা মন্দিৰৰ ক্ষেত্ৰত প্রধানমন্ত্রীগৰাকীয়ে মৌনতা অৱলম্বন কৰি অহাটো ৰহস্যৰ বিষয় হৈ উঠিছে। শাসনত থকা চৰকাৰ তথা দলটোৱে যদি ন্যায়পালিকাৰ নির্দেশ অমান্য কৰি প্রতিবাদকাৰীসকলক সমর্থন দিয়াটো কিমান দূৰ গ্ৰহণযোগ্য? ইতিমধ্যে বিভিন্ন মহলে উচ্চতম না্যয়ালয়ক উক্ত ৰায়দান পুনৰ বিবেচনা কৰিবলৈ অাবেদন দাখিল কৰিছে। এই আবেদন শুনানি গ্রহণ কৰি মহামান্য ন্যায়ালয়ে মহিলাৰ অধিকাৰৰ এই প্ৰসংগত ধৰ্মীয় পৰম্পৰাৰ সমুখত নতশিৰ হ’ব নেকি?
ফোনঃ ৯৭০৭১-৬৭৪৫০

No comments:

Post a Comment