চিন্তনঃ কৰ্মস্থলীত যৌন উৎপীড়ন আৰু #MeToo আন্দোলন :: পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ কৰ্মস্থলীত যৌন উৎপীড়ন আৰু #MeToo আন্দোলন :: পাৰভিন চুলতানা

চিন্তনঃ কৰ্মস্থলীত যৌন উৎপীড়ন আৰু #MeToo আন্দোলন :: পাৰভিন চুলতানা

Share This
বিগত বৰ্ষত যেতিয়া বিখ্যাত চলচ্চিত্র প্রযোজক হার্ভে ৱেইনস্টেইনৰ বিৰুদ্ধে ৭০ জনী মহিলাই যৌন উৎপীড়নৰ গুৰুতৰ অভিযোগ উত্থাপন কৰাৰ পিছতেই তাৰানা বার্কে আৰম্ভ কৰা #MeToo আন্দোলনে সংবাদ শিৰোনাম দখল কৰে আৰু বিশ্বজুৰি চৰ্চা লাভ কৰে। তাৰ ঠিক পিছতে হলীউডৰ আৰু বহুকেইজন নামী-দামী তাৰকাৰ বিৰুদ্ধেও এনে অভিযোগ উত্থাপিত হয়। আজি সেই #MeToo আন্দোলন ভাৰতবর্ষতো আৰম্ভ হৈছে আৰু চৰ্চিত হৈছে। যোৱা কিছু দিনত বহু সংখ্যক ভাৰতীয় মহিলাই তেওঁলোকৰ কর্মক্ষেত্রত ক্ষমতাশালী পুৰুষৰ হাতত সন্মুখীন হোৱা যৌন উৎপীড়নৰ বহু কাহিনী খোলা খুলি ভাৱে কোৱা আৰম্ভ কৰিছে।

২০১৭ চনত হার্ভে ৱেইনস্টেইনৰ বিৰুদ্ধে টুইটাৰত আৰম্ভ হোৱা #MeToo আন্দোলন আজি গোটেই বিশ্বত বিয়পি পৰিছে। এলিছা মিলানোই আৰম্ভ কৰা এই আন্দোলন খুব কম সময়ৰ ভিতৰতে হলীউডৰ বহু স্বনামধন্য তাৰকা যেনে গীনেথ পেলট্রো, এশলী জুড, জেনীফাৰ ল’ৰেঞ্চ আৰু উমা থাৰমানৰ সমর্থন লাভ কৰে। বিখ্যাত 'টাইম' আলোচনীয়ে এই আন্দোলনটোক 'Person of the Year' হিচাপেও মনোনীত কৰে। ভাৰতবর্ষত পূর্বৰ মিছ ইন্ডিয়া আৰু বলিউডৰ অভিনেত্রী তনুশ্রী দত্তই শেহতীয়াভাৱে অভিনেতা নানা পাটেকাৰে ২০০৮ চনত হৰ্ণ ওকে প্লিজ নামৰ বলিউডৰ ফিল্ম এটাৰ শুটিংৰ সময়ত অসন্মানজনক আচৰণ কৰা বুলি এক সাক্ষাৎকাৰত অভিযোগ উত্থাপন কৰাৰ পিছত #MeToo আন্দোলনৰ সূচনা হয়। তনুশ্রী দত্তৰ এই সাক্ষাৎকাৰৰ পিছতেই বহুকেইজন চলচ্চিত্র তাৰকা, জনপ্রিয় কৌতুক অভিনেতা, সাংবাদিক আদিৰ নামত বহু মহিলাই সামাজিক গণ মাধ্যমত তেওঁলোকৰ বিৰুদ্ধে যৌন উৎপীড়নৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

ভাৰতত এই আন্দোলনে গতি লাভ কৰে যেতিয়া AIBৰ কৌতুক অভিনেতা উৎসৱ চক্রৱর্ত্তীৰ বিৰুদ্ধে এজনী সহকর্মীয়ে যৌন শোষণৰ অভিযোগ উত্থাপন কৰে আৰু লগতে উল্লেখ কৰে যে অভিযোগ কৰাৰ পিছতো কোম্পানীৰ কর্তৃপক্ষই সেই সম্পৰ্কে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল। তাৰ পিছতে কুইন চিনেমাৰ নির্দেশক বিকাস বাহালৰ বিৰুদ্ধেও একে ধৰণৰ অভিযোগ উত্থাপন কৰে ফেন্টম চিনেমাৰ এক পূর্ব কর্মচাৰীয়ে। বর্ত্তমান চৰকাৰৰ কেন্দ্রীয় মন্ত্রী এম জে আকবৰ, অভিনেতা আলোক নাথৰ বিৰুদ্ধেও এনে অভিযোগ উত্থাপন হৈছে। যৌন উৎপীড়নত কিছু সাংবাদিকৰ নাম আহিছে যদিও বহুকেইজন সাংবাদিকে আকৌ এই আন্দোলনটোক আগুৱাই লৈ যোৱাত এটা গুৰুত্বপূর্ণ ভুমিকাও পালন কৰিছে।

ইউৰোপত প্ৰদৰ্শন
তনুশ্রী দত্তৰ পিছতে লেখিকা মহিমা কুক্রেজাই AIBৰ উৎসৱ চক্রৱর্ত্তীয়ে তেওঁক নিজৰ গুপ্তাঙ্গৰ ফটো পঠিয়াইছিল বুলি টুইটাৰযোগে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। ইয়াৰ পিছতেই আৰু কেইজন মান মহিলাই আগবাঢ়ি আহি উৎসৱ চক্ৰৱৰ্তীৰ বিৰুদ্ধে অনুৰুপ ধৰণৰ অশালীন ব্যৱহাৰৰ অভিযোগ উত্থাপন কৰে। তাৰ পিছৰে পৰাই টুইটাৰত এনে বহু নিৰ্যাতন আৰু যৌন উৎপীড়নৰ কাহিনী ভৰি পৰিল। বহু মহিলাই মোবাইলৰ স্ক্রিনশ্বট দি প্রমাণ কৰিলে যে বিভিন্ন ক্ষেত্রৰ বহু সনামধন্য আৰু সফল পুৰুষে তেওঁলোকৰ মতৰ অবিহনে তেওঁলোকৰ লগত অশালীন আচৰণ কৰিছে।

এনে গুৰুতৰ অভিযোগৰ ফলাফলো ততাতৈয়াকৈ দেখা গল। অতি শীঘ্রে All India Bakchod (AIB) ৰ প্রতিষ্ঠাপক তন্ময় ভাট আৰু গুৰসিমৰন খাম্বাই কোম্পানীৰ পৰা দুৰত্ব বজাই ৰাখে। উৎসৱ চক্রৱর্ত্তীয়ে নিজৰ মানসিক ভাৰসাম্য হেৰুৱাই পেলাই এনে ব্যৱহাৰ কৰা বুলি কৈছে। টাইমছ অফ ইণ্ডিয়া কাকতৰ জ্যেষ্ঠ সাংবাদিক কে আৰ শ্রীনিভাসক বাধ্যতামূলকভাৱে প্রশাসনিক ছুটি দিয়া হয় যেতিয়া তেওঁৰ বহুকেইজন মহিলা সহকর্মীয়ে তেওঁৰ বিৰুদ্ধে যৌন উৎপীড়নৰ অভিযোগ উত্থাপন কৰে। দ্য ৱায়াৰৰ লগত জড়িত অনু ভূইয়া সাংবাদিক ময়ঙ্ক জেইনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। তাৰ কিছু দিন পিছতে জেইনে বিজনেছ স্টেন্ডার্ডৰ পৰা অৱসৰ লয়। নিজৰ অভিজ্ঞতাৰ কথা মুকলিকৈ কোৱা বহু মহিলাই এটা কথা স্পষ্ট কৰি দিছে যে এই উৎপীড়নৰ বাবে তেওঁলোক দায়ী নহয়। অনু ভূইয়াৰ লগতে আৰু দুজন সাংবাদিক – সন্ধ্যা মেনন আৰু ৰিতুপর্ণা চেটার্জী এনে বহু ঘটনা একত্ৰিত কৰা আৰম্ভ কৰিলে। বহু মহিলাই তেওঁলোকৰ অভিজ্ঞতাৰ কথা এওঁলোকক অৱগত কৰায়। এই মহিলাবোৰৰ আইনী সহায়ৰ ব্যৱস্থাও কৰাৰ দায়িত্ব লৈছে এই সাংবাদিক কেইজনে।

চলচ্চিত্র নির্মাতা বিকাশ বাহালৰ বিৰুদ্ধে অভিযোগ উত্থাপন হোৱাৰ পিছতে অনুৰাগ কাশ্যপে ফেন্টম ফিল্মছ বন্ধ কৰাৰ সিদ্ধান্ত লয়। পিছে বাহালৰ অধিবক্তাই কাশ্যপৰ এনে ব্যৱহাৰৰ কাৰণ কর্মজনিত ঈর্ষা বুলিহে ওলোটাকৈ অভিযোগ উত্থাপন কৰে। তদুপৰি আন বহু কেইজন চলচ্চিত্র তাৰকাৰ ওপৰতো এনে অভিযোগ উত্থাপন হয়। লেখিকা বিনীতা নন্দাই জনপ্রিয় বয়োজ্যেষ্ঠ অভিনেতা অলোক নাথৰ বিৰুদ্ধে ধর্ষণৰ অভিযোগ উত্থাপন কৰিছে। এসময়ৰ জনপ্রিয় টিভি ধাৰাবাহিক তাৰাৰ লেখিকা নন্দাৰ মতে যেতিয়া তেওঁ এই ঘটনাৰ বিষয়ে বহু বছৰ আগতে বাতৰি কাকতক সাক্ষাৎকাৰ দিছিল তেতিয়া কোনো সহকর্মী তেওঁৰ সমর্থনত আগুৱাই অহা নাছিল। ওলোটাকৈ তেওঁ কাম নোপোৱা হৈছিল। কিন্তু আজি বিনিতা নন্দাৰ সপক্ষে বহুতে ওলাই আহিছে। তাৰাৰ অভিনেত্রী নভনীত নিশানো নন্দাৰ সপক্ষে মাত মাতিছে। নন্দাৰ পিছতে আলোক নাথৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে অভিনেত্রী সন্ধ্যা মৃদুলে। আলোক নাথক সাংবাদিকে এই সম্পৰ্কে প্রশ্ন কৰাত এতিয়ালৈ তেওঁ কোনো স্পষ্টিকৰণ দিয়া নাই। ওলোটাকৈ বিনিতাৰ কর্মজীৱনত তেওঁক আগুৱাই যোৱাত নাথে বহুত সহায় কৰিছে বুলিহে অলোক নাথে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। উল্লেখনীয় যে তেওঁ বিনিতাৰ অভিযোগ খণ্ডন কৰা নাই। অলোক নাথৰ ওপৰিও চলচ্চিত্র প্রযোজক সাজিদ খানৰ বিৰুদ্ধেও বহুতে এনেকুৱা অভিযোগ উত্থাপন কৰে।

পিছে #MeToo আন্দোলন কেৱল চলচ্চিত্র জগততে সীমিত হৈ থকা নাই। ৰাজনীতি আৰু সংবাদ মাধ্যমৰ লগত জড়িত একাংশ স্বনামধন্য মানুহ এনে অভিযোগত অভিযুক্ত। সদ্যহতে বিজেপি নেতা তথা সাংবাদিক এম জে আকবৰৰ নামতো এনে অভিযোগ উত্থাপিত হৈছে। সাংবাদিক প্রিয়া ৰমণীয়ে ২০১৭চনত Vogue মেগাজিনৰ বাবে লিখা এটি প্রবন্ধত আকবৰৰ নাম উল্লেখ নকৰাকৈ তেওঁৰ অভিজ্ঞতাৰ কথা কৈছিল। সাক্ষাৎকাৰ লোৱাৰ সময়ত কেনেকৈ এম জে আকবৰে এটা অস্বস্তিকৰ পৰিবেশৰ সৃষ্টি কৰিছিল সেই কথা লিখিছিল। তাৰ পিছত ৰমনী যদিও কিছু মাহৰ আবে আকবৰৰ অধীনত কাম কৰিছিল তেওঁ সেই তিক্ত অভিজ্ঞতাৰ কথা পাহৰা নাছিল।কিছুদিন পূর্ব ৰমনীয়ে টুইটাৰত আকবৰৰ নাম ৰাজহুৱা কৰে। বৈদেশিক মন্ত্রনালয়ৰ পৰা এম জে আকবৰৰ বিষয়ে কোনো ধৰণৰ স্পষ্টিকৰণ দিয়া হোৱা নাই। এই প্রবন্ধ লিখাৰ সময়ত আকবৰে নিজৰ পদত্যাগ কৰাৰ খবৰ পোৱা গৈছে। একে সময়ত হিন্দুস্থান টাইমছৰ ৰাজনৈতিক সম্পাদক প্রশান্ত ঝা পদত্যাগ কৰে যেতিয়া তেওঁৰ এক পূর্বৰ সহকর্মী অভন্তিকা মেহতাই তেওঁৰ বিৰুদ্ধে বাৰে বাৰে সম্পর্ক স্থাপনৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

এছিয়াৰ কোনো এখন দেশত...
পশ্চিমীয়া দেশবোৰক যেনেকৈ যোৱা বছৰ #MeToo আন্দোলনে জোকাৰি গৈছিল; ভাৰতবৰ্ষত সেই ক্ষণ যেন এতিয়া আহিছে। দিনে দিনে এনে বহু ঘটনা সন্মুখলৈ আহি আছে যত বহু পুৰুষে নিজৰ ক্ষমতাৰ অপব্যৱহাৰ কৰি কোনো মহিলাৰ ওপৰত উৎপীড়ন চলাইছে। লগতে এনে বহু কথা ওলাই আহিছে যে আজিৰ দিনতো য'ত বহু মহিলা শিক্ষিত হৈ ওলাই আহি কর্মক্ষেত্রত যোগদান দিছে কিন্তু কর্মস্থান তেওঁলোকৰ বাবে এতিয়াও সঁচা অর্থত সুৰক্ষিত নহয়।

নিজৰ যৌন উৎপীড়নকাৰীৰ নাম লৈ তেওঁক লাজ দিয়া আৰু তেওঁলোকক নিজৰ কর্মৰ বাবে জবাবদিহী কৰা প্রচেষ্টা এইটো প্রথম নহয়। পূৰ্বেই এবাৰ এটা বহু প্রচাৰিত তালিকাৰ জৰিয়তে এনে যৌন উৎপীড়নৰ ঘটনা সন্মুখলৈ আহিছিল। পিছে সেই তালিকাত থকা ভুক্তভোগীৰ নাম ৰাজহুৱা কৰা হোৱা নাছিল। লগতে সেই সময়ত বহুতে প্রশ্ন উত্থাপন কৰিছিল যে কর্মস্থানত যৌন হিংসা আৰু উৎপীড়নৰ অন্ত পেলাবলৈ হলে কেৱল উৎপীড়কৰ নাম উত্থাপন কৰি লাজ দিয়াটো যথেষ্ট নহয়। আইনী প্রক্রিয়াৰ সহায়ত এওঁলোকৰ শাস্তি হোৱা উচিত আৰু অভিযোগবোৰ প্রমাণ হোৱাৰ আগতে মিডিয়া ট্রাইল হোৱা অনুচিত।

সেই তালিকাত উল্লেখিত বহুকেইজন শিক্ষাবিদে নিজৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰিছিল আৰু কোনো এজনৰে তেনেকুৱা কোনো দৃষ্টান্তমূলক শাস্তি হোৱা নাছিল। পিছে এইবাৰৰ আন্দোলনৰ ৰেহ-ৰূপ কিছু সুকীয়া। এইবাৰ যিসকল মহিলাই নিজৰ ভয়াবহ অভিজ্ঞতাৰ কথা কৈছে, সেইসকলৰ কোনেও লজ্জিত অনামিকা হৈ থকা নাই। প্রত্যেক জনে নিজৰ পৰিচয় দি নিজৰ উৎপীড়কক জবাবদিহী কৰিছে। এইটো কৰাৰ কাৰণে যেনেকৈ সাহসৰ দৰকাৰ লগতে এটা সংবেদনশীল পৰিবেশৰো দৰকাৰ। কোৱা বাহুল্য যে বহু মহিলাই এনে শক্তিশালী পদত থকা বহু পুৰুষৰ সত্যতা উদঙাই দিয়াৰ বাবে বিভিন্ন ভাৱে তেওঁলোক আক্রমণ বলি হবলগীয়া হৈছে।

যৌন হিংসা বা উৎপীড়নৰ প্রভাৱ ঘটনাৰ লগে লগে শেষ হৈ নাযায়। তনুশ্রী দত্তৰ দৰে অভিনেত্রীৰ কর্মজীৱন অসময়তে অন্ত পৰিছিল এনে ঘটনাৰ বাবেই। তনুশ্রীৰ অভিযোগক নাকচ কৰা সকলে প্রশ্ন কৰিছিল যে কিয় তাই ইমান বছৰ এই ঘটনাৰ বিষয়ে সৰৱ হোৱা নাছিল। কিন্তু সেই সময়ত তনুশ্ৰীয়ে কথাটো কোৱাৰ বাবে নানা পাটেকাৰৰ সমর্থকসকলে তেওঁৰ গাড়ী ভাঙি দিয়াৰ চেষ্টা কৰা ভিডিও সহজলভ্য। আনকি তনুশ্ৰীয়ে নির্দেশক বিবেক অগ্নিহোত্রীক ঘটনাটো কোৱাৰ পিছতো তেওঁ কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। তনুশ্রীৰ পিছতে আৰু বহু মহিলাৰ অভিযোগকো তুচ্ছ তাচ্ছিল্য কৰে কিছু মানুহে। কিন্তু আজিৰ দিনত এটা গুৰুত্বপূর্ণ ইতিবাচক পৰিবর্ত্তন হল যে বহু মহিলা, পুৰুষ এই ভুক্তভোগীসকলৰ সপক্ষে ওলাই আহিছে। ভুক্তভোগীসকলক আশ্বস্ত কৰা হৈছে যে তেওঁলোকৰ এনে অভিজ্ঞতাৰ বাবে তেওঁলোক জগৰীয়া নহয়। লাজ, সংকোচ হোৱা উচিত উৎপীড়কৰ, ভুক্তভোগীৰ নহয়।

পিছে এই আন্দোলনক সমর্থন কৰা বহু প্রগতিশীল সমাজ কর্মীয়ে আন এক গুৰুত্বপূর্ণ দিশ উনুকিয়াই দিছে। শিক্ষিত, নিজ ক্ষেত্রত সফল আৰু চহৰাঞ্চলৰ মহিলাসকলে নিজৰ অভিজ্ঞতাৰ বিষয়ে মাত মতাতো বহু বিৰোধিতাৰ সন্মুখীন হব লগা হয়। তেনে ক্ষেত্রত আমি চিন্তা কৰা উচিত যে শিক্ষাৰ পৰা বঞ্চিত, পিছ পৰা প্রান্তীয় জাতি, সম্প্রদায় আৰু নিম্ন শ্রেণীৰ মহিলাৰ বাবে এনে অভিজ্ঞতাৰ কথা মুকলিকৈ কোৱা আৰু যৌন উৎপীড়নৰ বাবে ন্যায় বিচৰা একপ্রকাৰে অসম্ভৱ। ভাৰতবর্ষৰ #MeToo আন্দোলন সঁচা অর্থত সেই দিনা হে সফল হব যিদিনা কোনো কন্ঠ ৰুদ্ধ হৈ থাকি নাযাব। এটা কথা মনত ৰখা উচিত যে যদিও বহু অভিযুক্তই নিজ পদৰ পৰা পদত্যাগ কৰিছে, তেওঁলোকে কাম কৰা অনুষ্ঠানবোৰে তেওঁলোকৰ বিৰুদ্ধে কোনো শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা নাই। আনকি যেতিয়াই ভুক্তভোগীসকল এনে ঘটনালৈ কর্তৃপক্ষৰ ওচৰ চাপিছিল, তেওঁলোকে কোনো ধৰণৰ সহায় আৰু সঁহাৰি পোৱা নাছিল। স্ব-ইচ্ছাই পদত্যাগ কৰিলে সেইসকলক নিজৰ অপৰাধৰ বাবে জবাবদিহী কৰা নহব। এইবাৰ কিন্ত বহু মহিলাই আইনী প্রক্রিয়াৰ সহায় লোৱাৰ সিদ্ধান্ত লৈছে। এয়া আন্দোলনৰ এক গুৰুত্বপূৰ্ণ আৰু যোগাত্মক দিশ। বিশাখা জাজমেন্ট অনুসৰি কর্মস্থান মহিলাৰ বাবে কিমান খিনি সুৰক্ষিত কৰি তোলা হৈছে, সেইটো মূল্যায়ন কৰাটো আজিৰ প্ৰেক্ষাপটত জৰুৰী আৰু যিমানখিনি অভাৱ আৰু সীমাবদ্ধতা থাকি গৈছে সেইখিনি পৰিপূর্ণ কৰা অত্যাৱশ্যকীয়। এনে আনুষ্ঠানিক পদক্ষেপে আন্দোলনটোৰ পৰিপূৰক হিচাপে কাম নকৰিলে #MeToo আন্দোলন কেৱল সামাজিক মাধ্যমতেই সীমিত হৈ থাকিব নতুবা মিডিয়াৰ টি আৰ পি বৃদ্ধি কৰা বাতৰি হিচাপেই সীমাবদ্ধ হৈ থাকিব।
 লেখিকাৰ ফোনঃ ৮০১১৯০৩৬২৩

No comments:

Post a Comment