শ্ৰদ্ধাঞ্জলিঃ গংগা ৰক্ষাৰ বাবে শ্বহীদ হোৱা পৰিৱেশবিদ জি ডি আগৰৱালালৈ :: মণিকংকনা দাস - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

শ্ৰদ্ধাঞ্জলিঃ গংগা ৰক্ষাৰ বাবে শ্বহীদ হোৱা পৰিৱেশবিদ জি ডি আগৰৱালালৈ :: মণিকংকনা দাস

শ্ৰদ্ধাঞ্জলিঃ গংগা ৰক্ষাৰ বাবে শ্বহীদ হোৱা পৰিৱেশবিদ জি ডি আগৰৱালালৈ :: মণিকংকনা দাস

Share This
বিগত ২০১৪ চনত বাৰানসীৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ গৈ বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উদাত্ত কণ্ঠৰে কৈছিল যে তেওঁক গংগা মায়ে মাতিছে, সেয়ে তেওঁ বাৰানসীলৈ আহিছে৷ কিন্তু গংগা মাৰ এইজন সুপুত্ৰ প্ৰধানমন্ত্ৰী হৈ থকা সময়তে 'গংগা ৰক্ষা'ৰ দাবীত এজন ব্যক্তিয়ে আমৰণ অনশন কৰি মৃত্যুক সাৱতিবলগীয়া হ'ল আজি৷ কিমান দুৰ্ভাগ্যজনক! প্ৰফেচাৰ জি ডি আগৰৱালে ১১০দিনীয়া অনশনৰ অন্তত অৱশেষত মৃত্যুক আঁকোৱালি ল'লে৷ এক কথাত গণতান্ত্ৰিক প্ৰতিবাদৰ এই প্ৰক্ৰিয়াৰে শ্বহীদ হ'ল আগৰৱালা দেৱ।

এই অনশন তেওঁৰ ব্যক্তিগত স্বাৰ্থৰ নাছিল৷ ভাৰতৰ আয়ুস ৰেখা গংগা নদী পৰিষ্কাৰ আৰু প্ৰদূষণমুক্ত কৰাৰ দাবীতে তেওঁ অনশনত বহিছিল যোৱা ২২জুনৰ পৰা৷ এই সময়ছোৱাত তেওঁ খাইছিল মাত্ৰ মৌ আৰু পানী৷ শৰীৰ ক্ৰমশঃ দুৰ্বল হৈ আহিছিল, কিন্তু মন একেটা দাবীতে অটল আছিল৷ ৰুৰকি আই আই টিৰ পৰা ইঞ্জিনীয়াৰিঙৰ ডিগ্ৰীধাৰী তথা পৰৱৰ্তী সময়ত কানপুৰ আই আই টিৰ প্ৰফেচাৰ আগৰৱাল আছিল দেশৰ এজন অন্যতম পৰিৱেশবিদ৷ ইন্দিৰা গান্ধীৰ সময়তে তেওঁক চেণ্ট্ৰেল পলিউশ্বন কণ্ট্ৰ'ল ব'ৰ্ডৰ প্ৰথমজন সদস্য সচিব হিচাপে নিযুক্তি দিয়া হৈছিল৷ এজন সিদ্ধ পুৰুষলৈ ৰূপান্তৰ হৈ 'অবিৰল' আৰু 'নিৰ্মল' গংগাৰ বাবে সময়ে সময়ে সজোৰে প্ৰতিবাদ কৰি আহিছিল আগৰৱালে৷ 

মোদী শাসনলৈ অহাৰ পাছতে গংগা নদীৰ দায়িত্ববাহী মন্ত্ৰণালয় আৰু বিভাগৰ নাম সলনি কৰা হ'ল৷ আয়োজন কৰা হ'ল নমামী গংগাৰ ৷ কিন্তু প্ৰকৃততে কিমান পৰিষ্কাৰ হ'ল সেই গংগাজল? ডাঙৰ প্ৰশ্ন৷ মন্ত্ৰী ঊমা ভাৰতীয়ে ঘোষণাই কৰিছিল- যদিহে ২০১৮চনৰ অক্টোবৰলৈ গংগা পৰিষ্কাৰৰ প্ৰতিখন আঁচনি কাৰ্যকৰী নহয়, তেন্তে মহা উপবাসৰ পৰা মহাপ্ৰয়াণ কৰিব তেওঁ৷ ২০১৮ চনৰ অক্টোবৰ মাহতে মহাপ্ৰয়াণ ঘটিল, কিন্তু ঊমাৰ নহয়, আগৰৱালৰ৷ 

এইখিনিতে কৈ থওঁ যে আগৰৱালৰ সৈতে অন্নশন বহি ৰাজনীতি কৰাৰ চেষ্টা চলাইছিল হৰিশ ৰাৱটেও৷ উত্তৰাখণ্ডৰ প্ৰাক্তন কংগ্ৰেছী মুখ্যমন্ত্ৰীজনে জুলাই মাহত গৈ আগৰৱালৰ সৈতে অন্নশন বহিছিল৷ কিন্তু কিয়? তাৰ উত্তৰ ৰাইজেই দিব৷

গংগা মাৰ সুযোগ্য সন্তান মোদী লৈ কেবাখনো পত্ৰও লিখিছিল আগৰৱালে৷ যি কথা তেওঁ খোদ কৈ গৈছে৷ কিন্তু নাহিল, কোনো এখনৰে উত্তৰ নাহিল৷ আৰু এনেকৈয়ে গংগা ৰক্ষাৰ যুঁজত শ্বহীদ হ'ল এজন স্থিতপ্ৰজ্ঞ ব্যক্তি৷ গান্ধীবাদী আদৰ্শৰ, এজন প্ৰকৃত সিদ্ধ পুৰুষ, প্ৰফেচাৰ আগৰৱাল সদায়ে অমৰ হৈ ৰওঁক ৷

No comments:

Post a Comment