মনৰ কথাঃ আপোনাৰ ফেচবুকৰ একাউন্টো হেক হৈছে নেকি? :: সুৰজিত নেওগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ আপোনাৰ ফেচবুকৰ একাউন্টো হেক হৈছে নেকি? :: সুৰজিত নেওগ

মনৰ কথাঃ আপোনাৰ ফেচবুকৰ একাউন্টো হেক হৈছে নেকি? :: সুৰজিত নেওগ

Share This
ফেচবুকৰ একাউণ্ট হেকিং... মাজে মাজে ফেচবুকত এই শব্দ দুটা ব্যৱহাৰ কৰি বহুতে নিজৰ একাউন্ট 'হেক' হোৱা বুলি দুখ কৰা, ক্ষেদ প্ৰ্কাশ কৰা দেখা পাওঁ.... দেখি শুনি কথা দুটামান ক'বলৈ মন গৈছে এই সংক্রান্তত...

সদা বিস্তৃত তথ্য-প্ৰযুক্তিৰ দুনীয়াখন আচলতে বিশ্ব ব্ৰহ্মাণ্ডৰ দৰেই বিশাল। এই বিষয়ে পঢ়ি থকা দিনৰ পৰা আজিলৈ যোৱা ৩০ বছৰে এক বৃহৎ বেচৰকাৰী প্ৰতিস্থান মুখ্য তথ্য-প্ৰযুক্তি বিষয়া হৈ থকাৰ সুবাদত অকপতে স্বীকাৰ কৰো যে এই জগতখনৰ ওপৰত মোৰ জ্ঞান জ্ঞান তেনেই সীমিত, কিজানি এক শতাংশতকৈও বহু কম। অৱশ্যে মোৰ পেচাৰ অংগ হিচাপে আমাৰ প্ৰ্তিস্থানৰ সকলো ব্যৱহাৰকাৰিৰ তথ্য-প্ৰযুক্তি সম্পৰ্কীয় সকলোধৰণৰ তথ্য, ডাটাৰ নিৰাপত্তাৰ গুৰুদায়িত্ব বহন কৰিবলগীয়া হোৱা বাবে এই বিষয়ত নিৰন্তৰ চিন্তা-চৰ্চা কৰি থাকিব লগীয়া হয়। 'হেকিং' ইয়াৰে এক এৰাব নোৱাৰা অংশ।
প্ৰ্থমতে কওঁ, 'একাউন্ট হেকিং' বৰ এটা সহজ কাম নহয়। হেকিং কৰাৰ সামৰ্থকণ সাধাৰণ ঘটীৰাম-বাটিৰামে কৰিব নোৱাৰে; ইয়াৰ বাবে এই বিশেষ বিষয়ত বিস্তৃত জ্ঞান লাগে। তীক্ষ্ণ মগজু, বুদ্ধিমত্তা আৰু প্ৰ্য়োজনীয় কাৰিকৰি জ্ঞান হলেহে 'একাউন্ট হেকিং'ৰ বিশেষজ্ঞ হ'ব পাৰি। গতিকে এনে বিশেষজ্ঞই ফেচবুক একাউন্ট হেকিং কৰিবলৈ যাব বুলি ভবাতো মূৰ্খামীহে হ'ব কিজানি...

দ্বিতীয়তে যিসকল সঁচা অৰ্থত হেকাৰ, তেওঁলোকে কিবা এক বিশেষ উদ্দেশ্য আগত ৰাখিহে হেকিং কৰে। (১) অৰ্থনৈতিক লাভালাভ, (২) ৰাজনৈতিক লাভ, (৩) শত্ৰুৰ দেশৰ গোপন তথ্য ফাদিল (৪) কোনো বিশেষ, ভিআইপি ব্যক্তিগত তথ্য আহৰণ আদি কথাৰ বাবে সাধাৰণতে হেকিঙৰ সহায় লোৱা হয়।

এতিয়া আপোনালোকে নিজেই চিন্তা কৰকছোন, আপোনাৰ ফেচবুক একাউন্টটো ওপৰত উল্লেখিত ৪ টা প্ৰ্ধান কাৰকৰ কোনটোৰ বাবে কোনোবা বিশেষজ্ঞ হেকাৰে 'হেক' কৰিব? আপুনিও নিশ্চয় বুজিছে...!! অৱশ্যে আপুনি যদি কিবা সাংঘাটিক বিশেষ ব্যক্তি হয়, মানে ধৰক উগ্ৰপন্থী জাতীয় তেতিয়া সুকীয়া বাৰু... আপুনি আশা কৰেনে যে এজন হেকাৰে কেৱল আপোনাৰ ফটো, আপোনাৰ সাধাৰণ ব্যক্তিগত তথ্য জানিবৰ বাবেই আপোনাৰ একাউন্ট হেক কৰিব?? মানে 'খাই দাই কাজ নাই' টাইপ কথা....

আচলতে কি জানে? তথ্য অনুসৰি ফেচবুক ব্যৱহাৰকাৰীৰ ৮০%ৰেই একাউন্টবোৰ কোনোবা বন্ধু, নিজৰ ল'ৰা-ছোৱালী, কোনো আত্মীয় আদিয়ে খুলি দিয়ে, য'ত নেকি একো একোটা 'পাচৱৰ্ড'ৰ প্ৰয়োজন। মহিলাসকলৰ ক্ষেত্ৰত এয়া হয়তো ৯৫% তকৈও বেছি। এইযে পাচৱৰ্ডটো, সেইটো বেছিভাগ সময়তেই তেনেকৈয়ে থাকি যায়। কেতিয়াবা 'লগ আউট ' হৈ (নতুন মবাইল আদি লোৱাৰ পিছত) পুনৰবাৰ একাউন্টত সোমাবৰ বাবে যেতিয়া 'পাচৱৰ্ড'ৰ প্ৰয়োজন হয় তেতিয়া ৯৯% ৰে মনত নাথাকে। তেতিয়া উপায় নতুন একাউন্ট অথবা 'পাচৱৰ্ড ৰিচেট'। আৰু খেলিমেলি লাগে তেতিয়াই।

আপুনি ভাবকছোন, আপোনাৰ 'পাচৱৰ্ড'টো আপানাক বাহিৰে গোটেই চুবুৰীটোৱে জানে !!! কেনে মজা কথা, আপুনি কিমান উদাৰ ব্যক্তি... হে হে হে !! গতিকে??? কিবা ক'ম জানো আৰু? 

দ্বিতীয়তে, সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল, আপুনি কেতিয়া মৰিব, আপুনি বুঢ়ী (বুঢ়া) হলে কাৰ নিচিনা হ'ব, আপোনাৰ ভবিষ্যতে কাৰ লগত বিয়া হ'ব, আপোনাৰ কিমান বয়সত কেই কোটি টকা আপুনি উপাৰ্জন কৰিব, কোন চেলিব্ৰিটিৰ লগত আপুনি সৰুতে এৰা-এৰি হৈছিল আদি ফৰফৰাই কোৱা 'এপ'বোৰ যে... এইবোৰ যেতিয়া আপুনি আপোনাৰ মবাইলত (পিচ, লেপটপত) ডাউনলোড কৰে তেতিয়া অকণমান মন কৰিবছোন 'সিহঁতে' কি বিচাৰে?? আপোনাৰ মবাইলত থকা আপোনাৰ ফোন নম্বৰ লিষ্ট, আপোনাৰ ফেচবুক একাউন্টৰ তথ্য, আপোনাৰ হুৱাটচআপৰ তথ্য, আপোনাৰ অৱস্থিতি, আপোনাৰ গেলেৰীৰ ফটো, ভিডিঅ' সকলো লাগে; এইবোৰৰ অধিকাৰ আপুনি দিলেহে আপোনাৰ তাত 'এপ'টো ডাউনলোড হ'ব। এটা কথা জানিব, এই দুনীয়াত একো বস্তু ফ্ৰীতে নাপায়; কিবা দিলেহে কিবা পায়। আপুনি আপোনাৰ সমস্ত তথ্য দি আপুনি কেতিয়া মৰিব সেইটো গ'ম পালে...!!! হয়নে?? 

চলতে আপোনাৰ একাউন্ট হেক কৰিবলগীয়া নাথাকেই কাৰো... কোনে নিজৰ অমূল্য সময় খৰচ কৰি আপোনাৰ অদৰকাৰি একাউন্ট হেক কৰিব...?? অৱশ্যে আপুনি যদি কাৰোবাক মৰমতে বা বিশ্বাসত আপোনাৰ পাচৱৰ্ডটো দি থৈছে তেতিয়া হয়তো তেওঁ কেতিয়াবা কেতিয়াবা আপোনাৰ হৈ ভুমুকী মাৰি কিবা ধেমালী কৰি থাকিব পাৰে... আপুনি গমেই নাপাব... আপুনি নিজেই কাৰোবাক পাচৱৰ্ড দি থৈছে অথবা সমষ্ট তথ্য দি থৈছে.. 'আ বেল মুঝে মাৰ' বুলি .... !! তাৰ পিছত ফেচবুকত ইনাই বিনাই কান্দি থাকি কি লাভ কওকছোন... !!

উপায়?? সাৱধানীৰ মৰণ নাই...
(১) আপোনাৰ পাচৱৰ্ড মাজে মাজে সলনি কৰি থাকিব।
(২) আপোনাৰ পাচৱৰ্ড আপোনাৰ বাদে কোনেও নাজানিব। মৰিলে নিজে নিজে একাউন্ট বন্ধ হৈ যাব, চিন্তা নকৰিব।
(৩) ফাল্টু 'এপ'বোৰ ডাউনলোড কৰি নিজৰ ব্যক্তিগত তথ্য গোটেই পৃথিৱীক বিনা পইচাত যোগান নধৰিব।
(৪) যথোচিত সাৱধানতা অৱলম্বন কৰাৰ পাছতো কিবা সন্দেহজনক কাৰ্য দেখিলে তৎক্ষণাৎ 'চাইবাৰ ক্ৰাইম' বিভাগত যোগাযোগ কৰিব। আজিকালি দুৰ্বৃত্তক ধৰা তেনেই সহজ কাম।

মনৰ কথাখিনি সকলোৱে বুজি পোৱাকৈ চিধাচিধিকে কলো, বেয়া নাপায় যেন।

No comments:

Post a Comment