চিন্তনঃ স্বচ্ছ ভাৰত অভিযানে ঢুকি নোপোৱা ‘আবর্জনা’বোৰ :: পাৰভিন চুলতানা - অসমীয়াৰ সুখ-দুখ

ইউনিকোডত প্ৰকাশিত অনলাইন দৈনিক

xukhdukh.com

Post Top Ad

Responsive Ads Here

চিন্তনঃ স্বচ্ছ ভাৰত অভিযানে ঢুকি নোপোৱা ‘আবর্জনা’বোৰ :: পাৰভিন চুলতানা

Share This
কিছুদিন পূৰ্বে নতুন দিল্লীত নিজ পিতৃৰ মৃতদেহৰ ওচৰত থিয় দি ক্রন্দনৰত হৈ থকা ১১ বছৰীয়া লৰা এজনৰ এক ফটো বহু চর্চিত হৈ পৰিছিল। ভাৰতবৰ্ষৰ লগতে আন্তৰাষ্ট্রীয় স্তৰতো সেই ফটোখনক লৈ তীব্ৰ প্রতিক্রিয়াৰ সৃষ্টি হয়। বহুচৰ্চিত ফটোখনত মৃত ব্যক্তিজন আছিল অনিল নামৰ এজন ছাফাই কর্মচাৰী। দিল্লীৰ এটা নর্দমাত কাম কৰি থকাৰ সময়তে ককালত বন্ধা ৰচিডাল চিঙি সাত মিটাৰ গভীৰ নর্দমাত পৰি ছাফাই কৰ্মচাৰী আনিলৰ কৰুণ মৃত্যু হয়। অনিলৰ পুত্র দিল্লীৰ এক স্থানীয় শ্মশানত পিতৃৰ মৃতদেহৰ ওচৰত থিয় দি কান্দি আছিল। হৃদয়বিদাৰক এই বহুচৰ্চিত ফটোখনে আমাক আকৌ এবাৰ ভাৰতবর্ষৰ 'Manual Scavengers' বা ছাফাই কর্মচাৰীৰ ভয়ঙ্কৰ অৱস্থাৰ কথা মনত পেলাই দিছে।

অনিলৰ মৃত্যুৰ খবৰে আমাৰ মুন্না দাৰ কথাও মনত পেলাই দিলে। আমি সৰু থাকোতে প্রত্যেক ৰবিবাৰে মুন্না দা আমাৰ ঘৰৰ চাৰিওফাল পৰিস্কাৰ কৰি দিছিল। ধুবুৰী পৌৰসভাত ছাফাই কর্মচাৰী হিচাপে কাম কৰা মুন্না দা বহু কষ্টৰ মাজতো নিজৰ লৰা- ছোৱালীক এটা ভাল জীৱন দিয়াৰ চেষ্টা কৰিছিল। মুন্না দা ঈদত মোৰ মাৰ নতুন কাপোৰৰ আৰু বিৰিয়ানীৰ আব্দাৰ কৰিছিল আৰু মা কেতিয়াও বিমুখ কৰা নাছিল। কিন্তু মুন্নাদা ৩০ ৰ ডেওনা পাৰ নকৰোতেই 'ছেপটিক ইন্ফেকশ্যন' হৈ মৃত্যু মুখত পৰিল। দিনৰ পিছত দিন নালা-নর্দমাত ন্যুনতম সুৰক্ষা অবিহনে ছাফাই কাম কৰা মুন্না দাহঁতৰ জীৱনবোৰ অকালতে মৰহি যায়।

আমাৰ ৰাষ্ট্রপিতা মহাত্মা গান্ধীয়ে নিজৰ ঘৰ, চহৰ, দেশ পৰিস্কাৰ কৰাৰ দায়িত্ব সকলোকে লবলৈ উপদেশ দিছিল। কিন্তু স্বাধীনতাৰ সাতটা দশক পিছতো এই দায়িত্ব কেৱল আমি এটা বিশেষ জাতিৰ ওপৰতে জাপি দিছো আৰু সেই জাতি আজিও সমাজৰ একেবাৰে নিম্ন স্তৰত অমানৱীয়ভাৱে জীয়াই থাকিবলগীয়া হৈছে। জাত-পাতত নিমজ্জিত ৰক্ষণশীল সমাজ ব্যৱস্থাৰ বৈষম্যৰ এই চক্র ভেদি তেওঁলোকক ওলাই আহিব দিয়া নাই। ভাৰতবর্ষত ২০১৩ চনত 'Prohibition of Employment As Manual Scavengers and Their Rehabilitation Act' ৰ জৰিয়তে কোনো সা সৰঞ্জাম অবিহনে হাতেৰে নালা-নর্দমা পৰিস্কাৰ কৰাটো বন্ধ কৰা হৈছে। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে আজিও আমাৰ দেশত সেই কাম চলি আছে। ২০১১ চনৰ লোকপিয়ল মতে ভাৰতবর্ষত ২.৬ নিযুত শুকান শৌচাগাৰ আছে। এই শৌচাগাৰবোৰ পৰিস্কাৰ কৰাৰ একমাত্র উপায় হল হাতেৰে পৰিস্কাৰ কৰা। স্বচ্ছ অভিযানৰ শ্লোগান দিয়া আৰু স্বচ্চ অভিযান আঁচনিৰ নামত কোটি কোটি টকা খৰচ কৰা চৰকাৰৰ লগতে আমাৰ তথাকথিত সভ্য সমাজেও যেন ছাফাই কৰ্মচাৰীৰ এই অমানৱীয় আৰু দুৰ্বিসহ জীৱনৰ কথা আওকান কৰি আহিছো! 

২০১৪ চনত মাননীয় প্রধানমন্ত্রীয়ে মন্তব্য কৰে যে পৰিৱেশ লেতেৰা হোৱাৰ বাবে ভাৰতবর্ষত টুৰিজ্ম উন্নত হোৱা নাই আৰু টুৰিজ্ম উন্নত হলে বহু নিবনুৱা চাকৰি পালেহেঁতেন। তেওঁ প্রতিশ্রূতি লৈছিল যে তেওঁৰ চৰকাৰে ৰাষ্ট্রপিতা মহাত্মা গান্ধীৰ ১৫০তম জন্মদিন অর্থাৎ ২০১৯ চনৰ ২ অক্টোবৰৰ ভিতৰতে ভাৰতবর্ষক এটি সঁচা অর্থত পৰিস্কাৰ দেশ হিচাপে গঢ়ি তুলিব। এই লক্ষ আৰু উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিলে স্বচ্ছ ভাৰত অভিযান আৰু ব্যাপক হাৰত প্রচাৰ মাধ্যমৰ জৰীয়তে স্ব-ইচ্ছাই নিজৰ চাৰিওফালক পৰিস্কাৰ কৰাৰ ধাৰণাৰ প্রচাৰ আৰম্ভ হল। টিভিৰ পর্দাত ৰাজনৈতিক নেতাৰ পৰা আৰম্ভ কৰি বহু নামী দামী তাৰকাক হাতত বাঢ়নী লৈ ৰাজহুৱা স্থান পৰিস্কাৰ কৰা দেখা গল। স্বচ্ছ ভাৰত অভিযানৰ অংগ হিচাপে পৌৰসভাবোৰে অধিক সংখ্যক ছাফাই কর্মচাৰীক ঠিকাভিত্তিক নিযুক্তি দিয়া আৰম্ভ কৰিল। স্বচ্ছ ভাৰত অভিযান আঁচনিয়ে চাৰি বছৰ পূর্ণ কৰিলে। পিছে এই আঁচনি কিমান ফলপ্ৰসু হল?? এই অভিযানৰ এক মূল্যাংকণ জৰুৰী।

পশ্চিমীয়া দেশবোৰে প্রযুক্তিবিদ্যাৰ জৰিয়তে আৱর্জনাবোৰ আতৰোৱাৰ ব্যৱস্থা কেতিয়াবাই কৰিছে। উদাহৰণ এটা দিয়া যাওক। লণ্ডনবাসী ১৮৫৮ চনত ‘The Great Stink’ অর্থাৎ ভয়াবহ দুর্গন্ধৰ সন্মুখীন হওঁতে চৰকাৰে লণ্ডন চহৰৰ গোটেই নিকাশী ব্যৱস্থাটো উন্নত কৰাৰ কথা চিন্তা কৰি এক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। এই ব্যৱস্থাই লণ্ডনৰ পানীৰ আন্তঃগাঁথনি সামৰি লয় আৰু থেম্ছ নদীত আৱর্জনা বিসর্জনৰ এক বহনক্ষম উপায় উলিয়াই লয়। তাৰ পিছতেই অতি সোনকালে সকলো ঘৰ আৰু দোকান পাটত শৌচাগাৰ গঢ়ি তোলাটো এক প্রকাৰ অনিবার্য্য হৈ পৰিছিল।

স্বচ্ছ ভাৰত অভিযানেও শৌচাগাৰৰ গঠন আৰু ব্যৱহাৰত গুৰুত্ব আৰোপ কৰিছে। কিন্তু এই অভিযানে চহৰী এলেকাৰ 'ছীৱাৰ' ব্যৱস্থাৰ উন্নয়নত কোনো বিশেষ গুৰুত্ব দিয়া নাই। স্বচ্ছ ভাৰত অভিযানে এফালে স্বচ্ছতাৰ কথা কয় আনফালে নালা-নর্দমা পৰিস্কাৰ কৰাৰ দায়িত্বত থকা ছাফাই কর্মচাৰীৰ দুৰৱস্থাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। বিগত কেইবছৰমানতে বহু সংখ্যক ছাফাই কর্মচাৰী নৰ্দমাত পৰি আৰু নালা-নৰ্দমাৰ অস্বাস্থ্যকৰ পৰিৱেশত কাম কৰাৰ বাবে মৃত্যু মুখত পৰিছে। 'National Commission for Safai Karmachari' ৰ দ্বাৰা গোটোৱা তথ্য মতে- ২০১৭ চনৰ ১ জানুৱাৰীৰ পৰা প্রত্যেক ৫ দিনত গড়ে এজনকৈ সাফাই কর্মচাৰীৰ মৃত্যু হৈছে। উল্লেখযোগ্য যে এই মৃত্যুৰ এটা জাতিভিত্তিক চৰিত্রও আছে। প্রায় সৰহ সংখ্যক ছাফাই কর্মচাৰী বাল্মিকী সম্প্রদায়ৰ।

স্বচ্ছ ভাৰত অভিযানে নাগৰিক সকলক স্ব-ইচ্ছাই পৰিৱেশ পৰিস্কাৰ ৰখাৰ বাবে আহ্বান জনাইছে অথচ স্বচ্ছতাৰ সবাতোকৈ কঠিন কাম অর্থাৎ বিষাক্ত বয়-বস্তুৰে পৰিপূর্ণ নালা-নর্দমা পৰিস্কাৰৰ একচেটীয়া দায়িত্ব কেৱল জাপি দিয়া হৈছে পিছ পৰা জাতি এটাৰ ওপৰত।ভাৰতবর্ষৰ সমাজ ব্যৱস্থাত আৱর্জনা বা জাবৰৰ প্রদূষণ আৰু জাতিৰ লগত এটি সম্বন্ধ আছে। সেইবাবে আৱর্জনা কঢ়িওৱা বা লেতেৰা পৰিস্কাৰ কৰাৰ কাম কিছু বিশেষ জাতিৰ ওপৰত জাপি দিয়া হৈছে। কিন্তু স্বচ্ছ ভাৰত অভিযানে এই মানুহবোৰৰ শাৰীৰিক অৱনতিৰ প্রতি কোনো গুৰুত্ব দিয়া নাই। নতুনকৈ বহুল ভাৱে প্রচাৰিত এই অভিযানে উলোটাকৈ শুকান ঠাইবোৰ বা পূৰ্বৰে পৰা পৰিস্কাৰ ঠাইবোৰক অলপ বাঢ়নীৰে ঝাড়ু দি সংবাদ মাধ্যমৰ সন্মুখত ফটো তোলাৰ সুযোগত পৰিণত কৰাৰ দৰে হৈছে।

বিভিন্ন ঠাইত থকা ডাঙৰ ডাঙৰ ডাষ্টবিনবোৰ আঁতৰাই ছাফাই কর্মচাৰীয়ে হুইচেল বজাই মানুহৰ ঘৰৰ পৰা আৱর্জনা গোটোৱাৰ ব্যৱস্থা কৰিছে চৰকাৰে। কিন্তু এই আৱর্জনা গোটোৱা মানুহবোৰ সৰহ ভাগ অনুসূচিত জাতি অর্থাৎ দলিত বা বাল্মিকী জাতিৰ। স্বচ্ছ ভাৰত অভিযান স্বচ্ছতা অৱলম্বন কৰা সকলোৰে দায়িত্ব কৰি তুলিছে কিন্তু তাৰ ভিতৰতো দায়িত্বৰ ভাগ কৰি দিয়াৰ নিচিনা হৈছে! সেইবাবেই হয়তো কোনো উচ্চপদস্ত চৰকাৰী বিষয়াক কেতিয়াও স্বচ্ছ ভাৰত অভিযানৰ অংগ হিচাপে নালা-নর্দমা পৰিস্কাৰ কৰা দেখা নাযায়। 

এয়া অতি পৰিতাপৰ কথা যে এফালে চৰকাৰে এক স্বচ্ছ ভাৰত গঢ়ি তোলাৰ কথা কৈছে আনফালে স্বচ্ছতাৰ বাবে কাম কৰা ছাফাই কর্মচাৰীৰ দৈনন্দিন কৰুণ মৃত্যু ঘটিছে। ছাফাই কর্মচাৰীৰ সমস্যা সমাধান নকৰাকৈ আমি স্বচ্ছ ভাৰত অভিযান কেতিয়াও সফল কৰি তুলিব নোৱাৰোঁ। স্বচ্ছ ভাৰত অভিযানৰ কার্যসূচী হিচাপে ভাৰতবৰ্ষৰ লগত অসমৰ প্রত্যেকখন বিদ্যালয়, মহাবিদ্যালয়ত ছাত্র-ছাত্রীৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা দেখা যায় নতুবা স্বচ্ছতাৰ গুৰুত্ব আলোচনা কৰা দেখা যায়। কিন্তু সৰহ সংখ্যক বিদ্যালয়, মহাবিদ্যালয়ত কোনো নিয়মীয়া ছাফাই কর্মচাৰীৰ পদ নাই। ছুইপাৰ বা ছাফাই কর্মচাৰীক ঠিকাভিত্তিক নিযুক্ত কৰা হয়। সঁচা অর্থত বিদ্যালয়-মহাবিদ্যালয়সমূহত পৰিস্কাৰ- পৰিচ্ছন্ন পৰিবেশ গঢ়ি তোলাৰ প্রথম পদক্ষেপ হল স্থায়ী ছাফাই কর্মচাৰী নিযুক্তি দিয়া।

স্বচ্ছতা অভিযানে মুক্ত ঠাইত শৌচ কৰা বন্ধ কৰাৰ বাবে বিভিন্ন পদক্ষেপ লৈছে। কিন্তু তাৰ পিছতো বিভিন্ন সাংবাদিকৰ প্রতিবেদনত দেখা গল যে চৰকাৰী নীতিৰ অধীনত শৌচাগাৰ গঠন কৰাৰ পিছতো সেই শৌচাগাৰবোৰ ব্যৱহৃত হোৱা নাই। আনকি বাহিৰত শৌচ কৰা সকলক লাজ দিয়া নীতিও গ্রহণ কৰা হল। কিন্তু দুর্ভাগ্যজনকভাৱে এই লাজ দিয়াৰ নামত বহু সাধাৰণ মানুহৰ লগত বেয়া ব্যৱহাৰ কৰা হৈছে। উদাহৰণস্বৰূপে- শৌচ কৰাৰ সময়ত লাজ দিয়াৰ নামত মহিলাৰ ফটো তুলা ইত্যাদি লজ্জাজনক কাৰ্য! মানুহক লাজ দি নতুবা জোৰ কৰি নহয় বৰঞ্চ বিভিন্ন সজাগতা মূলক কামৰ জৰিয়তে হে মানুহবোৰক শৌচাগাৰ ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব লাগিব।

স্বচ্ছতাৰ লগত জড়িত আন এটা গোট হল কুড়াৱালা বা ৰেগ পিকার্ছ। ভাৰতবর্ষত প্রত্যেকদিন এক মেট্রিক টন আৱর্জনা উৎপাদন হয়। এই আৱর্জনাবোৰ একগোট কৰি ইয়াৰ recycling ৰ ব্যৱস্থা কৰে এই কুড়াৱালাসকল। All India Kabadi Mazdoor Mahasanghৰ শশি ভুষণ পণ্ডিতৰ মতে এই আৱর্জনা গোটোৱা মানুহবোৰ ন্যুনতম নিৰাপত্তা, বেতন আৰু প্রযুক্তিগত শিক্ষা অবিহনে এক অস্বাস্থ্যকৰ পৰিবেশত কাম কৰে। তেওঁলোকৰ কামক আনুষ্ঠানিক ৰূপ দি আৰু তেওঁলোকক কিছু প্ৰশিক্ষণ দিলে স্বচ্ছ অভিযানৰ ক্ষেত্রত ভাৰতবৰ্ষব বহুখিনি আগবাঢ়ি যাব পাৰিব।

চাৰি বছৰ পূৰ্বে বহু গুৰুত্বপূৰ্ণ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি স্বচ্ছ ভাৰত অভিযান আঁচনি গ্ৰহণ কৰা হৈছিল। তাৰে ভিতৰত এটা উল্লেখযোগ্য লক্ষ্য আৰু উদ্দেশ্য আছিল স্বচ্ছতাৰ প্রতি মানুহৰ দৃষ্টিভংগী পৰিবর্ত্তন কৰা। স্বচ্ছতাৰ প্রতি থকা আসোঁৱাহবোৰ আতৰ কৰিব নোৱাৰিলে এই অভিযান সফল হব নোৱাৰে। সুকীয়াভাৱে লোৱা পদক্ষেপ যেনে; কোনো বিশেষ ৰাস্তা বা নদী পৰিস্কাৰ কৰাৰ পদক্ষেপ সফল কৰাৰ বাবে লাগতীয়াল সমস্যাবোৰো সমাধান কৰিব লাগিব। যেনেকৈ গংগা নদী পৰিস্কাৰ কৰাৰ অভিলাষী আৰু বহু কোটি টকীয়া অভিযানে বহু প্রত্যাহ্বানৰ সন্মুখীন হৈছে কাৰণ চহৰৰ আৱর্জনাবোৰ সঠিক ভাৱে ব্যৱস্থাপনা কৰা নহয় আৰু গংগাৰ পানী প্রদূষিত কৰে। লগতে কাণপুৰৰ চামড়াৰ উদ্যোগত উৎপাদিত আৱর্জনাবোৰো গংগা নদীতে পেলোৱা হয়। 

চৰকাৰে আৰম্ভ কৰা স্বচ্ছ ভাৰত অভিযানে বহু দিশ সামৰি বহু কৰণীয় আছে। কিন্তু তাৰ বাবে এই অভিযানে গুৰুত্ব প্রদান কৰা বিষয়বস্তুবোৰৰ পুনঃ চিন্তনৰ দৰকাৰ। দেশখনক পৰিস্কাৰ কৰি ৰখা ছাফাই কর্মচাৰী, কুড়াৱালা আদিক আওকাণ কৰি এই অভিযান সফল হব নোৱাৰে। কেৱল এদিনৰ বাবে আমি সাফাই কর্মচাৰীৰ কামক গুৰুত্ব প্রদান কৰি বাকি সময়ত তেওঁলোকক ন্যুনতম মর্য্যাদা প্ৰদান নকৰিলে, তেওঁলোকৰ অর্থনৈতিক, শাৰীৰিক নিৰাপত্তা আৰু উন্নতিৰ কথা চিন্তা নকৰিলে, তেওঁলোকৰ কর্মক সামাজিক কালিমাৰ পৰা মুক্ত নকৰিলে-এই অভিযানৰ লক্ষ্য অসম্পূর্ণ হৈ থাকি যাব। লগতে নালা-নর্দমা পৰিস্কাৰ কৰাৰ কাম বিভিন্ন প্রযুক্তিবিদ্যাৰ সহায়ত যন্ত্ৰচালিত কৰি ইয়াক এক বিশেষ জাতিৰ কামৰ ধাৰণাৰ পৰা মুক্ত কৰিব লাগিব। যেতিয়ালৈকে দেশত সেনিটেশ্যনৰ কাম কৰাৰ নামত ইমান সংখ্যক মানুহ মৃত্যুক আকোঁৱালি লব লগীয়া হব, যেতিয়ালৈকে আমাৰ আৱর্জনা, লেতেৰাবোৰ আনৰ মৃত্যুৰ কাৰণ হৈ থাকিব আৰু যেতিয়ালৈকে চৰকাৰী নীতিবোৰে এই সত্যতাক উপলব্ধি কৰি ইয়াৰ বাবে ব্যৱস্থা গ্রহণ নকৰিব, তেতিয়ালৈকে আমি স্বচ্ছ ভাৰত অভিযানক এক সফল অভিযান বুলিব নোৱাৰো। 




লেখাটি লেখিকাৰ নিজা ব্লগঃ http://parvinsultana.blogspot.com/2018/10/blog-post.html টো প্ৰকাশ পাইছে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here

Pages