মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হিমাৰ সফলতা আৰু ইংলিচ বনাম ভাৰতীয় মানসিকতা
শৈলেন বৰুৱা

(১)
এবাৰ চীনলৈ যোৱা এশজনীয়া ভাৰতীয় সাংবাদিকৰ দলটোত আমি চাৰিজন অসমীয়া ৷ তাৰে আমি দুজন অসমৰ পৰা পোনপটীয়াকৈ আৰু দুজন ৰাজ্যৰ বাহিৰৰ প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰা অসমীয়া ৷ বিদেশত গৈ কি কৰিব লাগিব, নালাগিব আদিৰ সন্দৰ্ভত এদিন আমাক দিল্লীত অৰিয়েণ্টচন প্ৰগ্ৰেম কৰালে ৷ প্ৰতিজনে চীনলৈ কিয় যাব বিচাৰিছে, তাৰ পৰা কি আশা কৰে আদি সন্দৰ্ভতো নাতিদীৰ্ঘ ভাষণ দিব লগা হৈছিল ৷ সেই প্ৰগ্ৰেমৰ সময়তে এজন উত্তৰ ভাৰতীয় IAS বিষয়াই মোক গাজত লগাকৈ কলে - এইবাৰ তোমালোকৰ মন্ত্ৰী আছেতো, সেইবাবে চাৰিজনে চাঞ্চ পালা ৷ আগতে এই দলত অসমীয়া নাথাকেই ৷ ( সেই সময়ত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰূপে আছিল সৰ্বানন্দ সোণোৱাল) কথাষাৰে মোক শেলে বিন্ধাদি বিন্ধিলে ৷ সেই সময়ত মোৰ মগজুলৈ উজাই অহা প্ৰচণ্ড খংটোক দমন কৰি স্বৰ্গতোক্তি কৰাৰ দৰে কলো - এইকথাৰ প্ৰতিবাদ মুখেৰে কৰা অনুচিত ৷ আমি আমাৰ কৰ্মৰ মাজেৰে বুজাই দিব লাগিব যে আমি কোনো ৰাজনৈতিক হস্তক্ষেপত এই দলত স্থান পোৱা নাই ৷ এটা সুযোগলৈ বাট চোৱা যাওক বুলি মনক প্ৰবোধ জন্মালো ৷ তদুপৰি অসমক প্ৰতিনিধিত্ব কৰা আৰু ভাৰতক প্ৰতিনিধিত্ব কৰাৰ ক্ষেত্ৰত মই বিশেষ ভাবে আত্ম সন্মানক গুৰুত্ব দিও বাবে বিভিন্ন ক্ষেত্ৰত সচেতন হৈ থাকো ৷ ( যেনেঃ বিদেশত মই কোনো পৰিস্থিতিতে সুৰাপান নকৰো, কৰা নাই ৷)


চীনৰ ভূমিত IAS বিষয়াজনক প্ৰত্যুত্তৰ দিয়াৰ এক সোণালী সুযোগ মিলিল ৷ এটা বেংকুইট পাৰ্টী- মিটিঙত চীন আৰু ভাৰতৰ যুৱক যুৱতীয়ে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী প্ৰদৰ্শন কৰিলে ৷ তাৰ ভিতৰত আমাৰ অসমৰ এগৰাকীয়ে সত্ৰীয়া নৃত্য প্ৰদৰ্শন কৰিলে ৷ অদূৰত বহি আমি কেবাজনেও ধূমায়িত কফিৰ কাপ হাতত লৈ এই কাৰ্যসূচী উপভোগ কৰাৰ লগতে আলোচনা কৰি আছো ৷ চাঞ্চ পাই মই সত্ৰীয়া নৃত্যৰ বিষয়ে বকলা মেলিলো ৷ মোৰ কাষত কেবাজনো উত্তৰ ভাৰতীয় যুৱকৰ লগতে সেই বিশেষ IAS বিষয়াজন বহি আছে ৷ মই আৰম্ভ কৰিলো ৷ আজি তোমালোকে ৰামদেৱক চিনি পোৱা, কিন্তু শংকৰ দেৱক চিনি নোপোৱা ৷ আজিৰ পৰা ৫০০ বছৰ পূৰ্বে শংকৰদেৱে এই সত্ৰীয়া নৃত্যৰ জৰিয়তে যিবোৰ মুদ্ৰা বা অংগ সঞ্চালন প্ৰৱৰ্তন কৰিছিল সেইবোৰেই এতিয়া ৰামদেৱে যোগ বা প্ৰাণায়ম বুলি প্ৰদৰ্শন কৰি ফুৰিছে ৷ ৰামদেৱৰ প্ৰায় আটাইবোৰ আসন 'মাটি আখৰা' নামৰ সত্ৰীয়া নৃত্যত বিদ্যমান ৷ অসমীয়া মানুহ উদাৰ আৰু দূৰদৰ্শী বাবে এতিয়াও ৰামদেৱক 'চোৰ' সজোৱা নাই ৷ মোৰ কথা যদি মিছা এবাৰ মাটি আখৰা চাই লবা আৰু সত্যতা প্ৰতিপন্ন কৰি লবা ৷ কেন্দ্ৰীয় চৰকাৰে অসমীয়া যুৱক যুৱতীক যে এই দলত অন্তৰ্ভুক্ত কৰিছে তাৰ গূঢ়াৰ্থ সত্ৰীয়া নৃত্য চাই বুজি লোৱা ৷ সাংস্কৃতিক ভাবে আমি কিমান ধনী আমাৰ বিহু দেখিলে গম পাবা ৷ চাৰা ভাৰতত আমাৰ বিহু আৰু তাৰপিছত পঞ্জাৱীৰ ভাংৰাই দেহ মন ৰোমাঞ্চিত কৰাৰ বিপৰীতে আৰু কিবা নৃত্য আছেনে? বহু ভাৰতীয় লেখক তথা মুধাফুটা সাংস্কৃতিক কৰ্মীয়ে আমাৰ বিহুক দেশৰ ভিতৰতে শ্ৰেষ্ঠ নৃত্য বুলি আখ্যা দি গৈছে ৷ .... আৰু বহুত কিবা কিবি কলো ৷ তোমালোকে অসমৰ কথা নাজানে, নিশিকা, জানিবলৈ ইচ্ছা নকৰা ৷ কেৱল জংঘলী বুলি ভাবা ৷ যিখন দিল্লীৰ পৰা তোমালোক আহিছা সেই দিল্লীৰ এসময়ৰ শাসনকৰ্তা মোগলক অসমীয়াই ১৭ বাৰ যুদ্ধত ঘটুৱাইছিল ৷ বিহাৰ পৰ্যন্ত দৌৰাই দৌৰাই খেদিছিল মোগলক ৷ পুনেৰ NDAত জিলিকি থকা অসমীয়াজনকো তোমালোকে নাজানা ৷ মোৰ কথা যদি বিশ্বাস হোৱা নাই 'বাহাৰিস্তান-ই-গাইবী' নামৰ বুৰঞ্জীখন পঢ়িবা ৷..... চেঁচা হৈ পৰা কফিৰ কাপবোৰ হাততে ৰৈ গল ৷ IAS বিষয়াজনে মোলৈ ভেবা লাগি চাই ৰল.....
(২)
চীন ভ্ৰমণৰ সময়তে আন এক আড্ডাত মহাৰাষ্ট্ৰফালৰ এগৰাকী উচ্চশিক্ষিত যুৱতীয়ে সুধিলে - ইয়াত মাও মাও বুলি শব্দ এটা শুনি আছো ৷ মাও কি? মাও কোন ৷ মোৰ ভূমি চুই কৰ্ণত হাত দিয়া অৱস্থা ৷ তৎস্বতেও বিনয়ী ভাবে কলো - এই কথাটো আমাৰ মাজতে যি কলা, চীনা মানুহৰ আগত মাও কোন নুসুধিবা কিন্তু ৷ কিয় বুলি যুৱতীয়ে ভ্ৰূ কোচ খুৱাই সুধিলে ৷ পুনৰ সানুনয়ে কলো - ভাৰতৰ মাটিত কোনোবা বিদেশীয়ে মহাত্মা কি বা কোন বুলি কলে তোমাৰ কেনেকুৱা লাগিব? চীনৰ মাটিতো মাও কোন বুলি কলে চীনাসকলৰো একে লাগিব ৷
( ৩)
চীনত আমাৰ দলটোৱে বাছত ভ্ৰমি ফুৰিছো ৷ এদিন হঠাতে আমাৰ ভাৰতীয় দলৰে এগৰাকী যুৱতীয়ে ( বিবাহিত) নিজ ছীটৰ পৰা উঠি আহি মোৰ কাষৰ খালি হৈ থকা ছীটটোত বহিব পাৰিম নেকি সুধিলে ৷ মই য়েছ বুলি কলো ৷ বহি লৈয়ে তেওঁ কলে যে আগতে বহা ঠাইত তেঁও আমাৰে সতীৰ্থ ভাৰতীয় জনৰ লগত একেলগে বহি থাকিবলৈ আনইজি ফিল কৰিছে ৷ মই অবাক ৷ একেটা পৰিয়ালৰ দৰেই আমি একেখন বাছত ঘূৰি ফুৰিছো ৷ অথচ আমাৰে এজনৰ লগত আন এগৰাকীয়ে বহি থাকিবলৈ আন ইজি ফিল কৰিছে !! মই কেৰাহীকৈ চাই দেখিলো - তেৰা উত্তৰ ভাৰতীয় ৷ মই যুৱতীগৰাকীক সুধিলো- তেওঁ তোমাক মিছ বিহেভ কৰিছে নেকি? যদি কৰিছে তেন্তে আমাৰ দলপতিক অভিযোগ দিও ৷ যুৱতীয়ে কলে - মিছ বিহেভ বুলি কব নোৱাৰি, কিন্তু তেওঁৰ মটিভ ভাল নহয় ৷ যিবোৰ কথা মোক সুধিছে, সেইবোৰ ভদ্ৰ মানুহৰ মুখত ওলাব নাপায় ৷ এইবাৰলৈ অভিযোগ নিদিও, কাৰণ আমি বিদেশত আছো ৷ আমাৰ ভাৰতীয় চৰিত্ৰক লৈ বিদেশত হুলস্থুল এখন নলগাও দিয়ক ৷ মই 'বাৰু' বুলি বিষয়টো সামৰিলো ৷

এয়াই একাংশ ভাৰতীয়ৰ চৰিত্ৰ! বিদেশৰ মাটিতো সতীৰ্থক অনাহকত মনোকষ্ট দিয়াৰ অভিপ্ৰায় ৷

তেনে একাংশই হিমা দাসক সলসলীয়া ইংৰাজী কব নোৱাৰে বুলি টুইট কৰি ৰাজহুৱাভাবে অপমান কৰে ৷ হিমাই ৰাষ্ট্ৰসংঘত ভাষণ দিবলৈ যোৱা নাই যে তেওঁৰ হেল্টিং ইংৰাজীয়ে আমাক ভাৰতীয় হিচাপে লজ্জানত কৰিলে ৷ হিমাৰ কাম দৌৰা ৷ দৌৰি দৌৰি তেঁও ৰেকৰ্ড কৰিলে ৷ এই ৰেকৰ্ডত সতীৰ্থ অপমানিত(?) হৈ উদেশ্যপ্ৰণোদিত ভাবে মনোকষ্ট দিলে ৷ যিটোৱে একাংশ ভাৰতীয়ৰ চৰিত্ৰ প্ৰকট কৰি তুলিলে ৷ অসম তথা উত্তৰ পূবৰ প্ৰতি একাংশ ভাৰতীয়ৰ মনোভাব কেনে আৰু তেওঁলোকৰ ইতিহাস চেতনা কেনে তাক ওপৰত ব্যক্তিগত অভিজ্ঞতাত কৈ আহিছো ৷ হিমাৰ ঘটনাটো দেখাত সৰু হলেও তাৰ মাজত লুকাই আছে মুখাপিন্ধা একাংশ ভাৰতীয়ৰ প্ৰকৃত মুখখন ৷ ভৱিষ্যতেও এনে ঘটনা নঘটিব বুলি কব নোৱাৰি, কিন্তু অসমীয়া সাজু থাকিব লাগিব জোকৰ মুখত চূণ দিবলৈ ৷ ভাৰতীয় যিকোনো দলত প্ৰতিনিধিত্ব কৰা অসমীয়া সজাগ আৰু সচেতন হব লাগিব ৷ কৰ্মৰ জৰিয়তে অসমীয়াই প্ৰমাণ কৰিব লাগিব - আমি শ্ৰেষ্ঠ নিজ কৰ্মত.....

2 comments: