সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসমীয়া ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ১৮১ সংখ্যক ওপজা দিন পালিত হ’ল গুৱাহাটীত। সশ্ৰদ্ধ সোঁৱৰণৰ লগতে জীৱন আৰু কৰ্মৰাজিৰ আলোকপাতেৰে উন্মোচিত হ’ল ‘যুগাগ্ৰগামী’।

২. শিশু সম্পৰ্কীয় শীৰ্ষ সন্মিলনত ৰাষ্ট্ৰপতি ভৱনত বিদেশী প্ৰতিনিধি সমাজক অসমৰ মান্যবস্ত্ৰ গামোচাৰে সম্বৰ্ধনা জনোৱাৰ সুখবৰ। অসমৰ গামোচাই ৰাষ্ট্ৰপতি ভৱনতো সমাদৰ লাভ কৰাত সুখী হৈছে অসমীয়া সমাজ।

৩. বোকাখাতৰ ৰঙাগড়া হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ টংকেশ্বৰ পেগুৱে ভৰবাৰিষা নাও ডুবি বিপদত পৰা এগৰাকী মহিলাক নিজৰ প্ৰাণকো তুচ্ছ কৰি সাঁতুৰি প্ৰাণ ৰক্ষা কৰাৰ বাবে ৰাষ্ট্ৰীয় সাহসিকতা বঁটাৰ বাবে নিৰ্বাচিত হৈছে। নাৰমাৰী গাঁৱৰ ৰাইজে এই সাহসিকতাৰ ঘটনাক পোহৰলৈ অনাৰ বাবে স্থানীয় সাংবাদিক সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।

৪. অচিৰেই আত্মজীৱনীমূলক গ্ৰন্থ লিখি উলিয়াব অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। কালি যোৰহাট গ্ৰন্থমেলাত উপস্থিত হৈ তেখেতে ‘নাথুৰাম গডছে-গান্ধীক কিয় হত্যা কৰিছিল’ গ্ৰন্থও ক্ৰয় কৰে। গ্ৰন্থমেলা প্ৰাংগনত কালি চাৰিখনকৈ গ্ৰন্থ উন্মোচিত হয়। 

৫. মাজুলীৰ বৰটানী গাঁৱৰ প্ৰচাৰবিমুখ, আদৰ্শ শিক্ষক, সুদক্ষ অভিনেতা, শিশুবন্ধু উপাধিৰে বিভূষিত বয়োজ্যেষ্ঠ ব্যক্তি মহেন্দ্ৰ বৰাৰ জীৱনৰ কৰ্মৰাজিক সামৰি ‘প্ৰাৰ্চুয্যময় জীৱন’ নামৰ এখনি গ্ৰন্থ উন্মোচিত হয়। গ্ৰন্থখনি সম্পাদনা কৰিছে তেখেতেৰ জীয়াৰী তথা উপন্যাসিকা জুৰি বৰা বৰগোহাঞিয়ে।

৬. সোণাৰি জুনিয়ৰ কলেজত কেৰিয়াৰ সজাগতাৰ বাবে এক কেৰিয়াৰ আৰু প্ৰেৰণাদায়ক কাৰ্যসূচীৰ আয়োজন কৰাৰ সুখবৰ। এই অনুষ্ঠানত সমল ব্যক্তিহিচাবে ডম্বিধৰ টায়ে অংশগ্ৰহণ কৰে। কলেজখনে গ্ৰন্থৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ ৬-৮ ডিচেম্বৰলৈ সাঁচিপাত গ্ৰন্থমেলাৰো আয়োজন কৰে।

৭. অসম শৈক্ষিক কেন্দ্ৰই আয়োজন কৰা যোৰহাট গ্ৰন্থমেলাত আজি শিশু সকলৰ মাজত সাধুকোৱা প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে। যোৰহাট মইনা পাৰিজাতৰ এই আয়োজনে শিশু সকল মানসিক উতকৰ্ষ সাধনত সহায় কৰিব বুলিও আশা কৰা হৈছে।

৮. কামৰূপ জিলাৰ মান্দাকাটা অঞ্চলত মালাৰটুক গাঁৱৰ লংকেশ্বৰ নাথ পৰিয়ালে মাহিলী ২৫হাজাৰ টকা পৰ্যন্ত অৰ্জন কৰি স্বাৱলম্বীতাৰ আদৰ্শ দেখুওৱাবলৈ সক্ষম হৈছে। এই প্ৰশংসনীয় পদক্ষেপক প্ৰকাশ কৰিছে নিয়মীয়া বাৰ্তাই।

৯. শিৱসাগৰ জিলাৰ কোঁৱৰপুৰ মৌজাৰ বোকাবিলবাসী ৰাইজে অহা ১৯-২২জানুৱাৰীলৈ সদৌ অসম ভিত্তিক এখনি প্ৰদৰ্শনীমূলক ভাওনা সমাৰোহৰ আয়োজন কৰিছে। বোকাবিল পথাৰৰ শংকৰ-আজান সমন্বয় ক্ষেত্ৰত উদযাপনৰ বাবে আয়োজক কমিটিয়ে প্ৰস্তুতি দ্ৰুত কৰি তুলিছে।

১০. অসমৰ চুকে-কোণে থকা শ্বহীদ বেদী সমূহ চাফ-চিকুণ কৰি ৰখাৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিব। নতুন প্ৰজন্মক অসমীয়া জাতিৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ সকলৰ সৈতে পৰিচয় কৰি দিয়াৰো ব্যৱস্থা কৰা হব বুলি কালি চৰকাৰী শ্ৰদ্ধাঞ্জলি দিৱসৰ অনুষ্ঠানত ঘোষণা কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

No comments:

Post a Comment