সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সুখ-দুখৰ বতৰা

সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ

১. অসমত অচিৰেই ঘোষিত হব জনসংখ্যা নীতি। দুটা সন্তানৰ অধিক সন্তান থকা লোকসকলক চৰকাৰী সা-সুবিধাৰ পৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰা হব বুলি বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। প্ৰতিটো বিধানসভা সমষ্টিতে ছোৱালী মহাবিদ্যালয় স্থাপন কৰাৰ লগতে পাঠ্যপুথিতো জনসংখ্যা নিয়ন্ত্ৰণৰ পাঠ থাকিব আৰু সংখ্যাধিক সন্তানৰ পিতৃ-মাতৃক পঞ্চায়ত নিৰ্বাচনতো প্ৰতিদ্বন্দিতা কৰিবলৈ নিদিয়াৰ বাবে নীতি তৈয়াৰ কৰা হব বুলিও প্ৰকাশ পাইছে।

২. মুছলিম পাৰ্ছনেল বৰ্ড সংবধিনাত উৰ্ধতন নহয় বুলি স্পষ্ট কৰি দিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে। তিনি তালাকক অসাংবিধানিক আখ্যা দি ইয়াৰ যোগেদি মুছলিম মহিলা সকলৰ অধিকাৰ হৰণ কৰা হৈছে বুলিও ন্যায়ালয়ে মত প্ৰকাশ কৰিছে। অৱশ্যে এই সিদ্ধান্তৰ বিৰুদ্ধে বহু সংগঠনে উচ্চতম ন্যায়ালয়লৈ যাব বুলিও বাতৰি প্ৰকাশ পাইছে।

৩. অসমত নাগৰিকপঞ্জী উন্নীতকৰণৰ বাবে মডেলিটি সংশোধনৰ বাবে অসম চৰকাৰে উচ্চতম ন্যায়ালয়ত আবেদন জনাব বুলি প্ৰকাশ কৰিছে ৰাজ্যৰ শিক্ষা ও বিত্ত মন্ত্ৰীয়ে। অসম বা ভাৰতত ধাৰাবাহিক ভাৱে বাস কৰাৰ তথ্য থাকিলেহে নাম অন্তৰ্ভুক্তকৰণৰ বাবে ব্যৱস্থা লোৱা হব বুলিও বাতৰি প্ৰকাশ পাইছে।

৪. অহা ২০১৭বৰ্ষৰ পৰাই নামৰূপৰ গেছ ভিত্তিক বিদ্যুত প্ৰকল্প আৰু বঙাইগাঁৱৰ তাপ বিদ্যুত প্ৰকল্পত উতপাদন আৰম্ভ হব বুলি সুখবৰ লোকসভাত প্ৰকাশ কৰিলে কেন্দ্ৰীয় শক্তিমন্ত্ৰীয়ে।

৫. গুৱাহাটীৰ সৰুসজাইত কালিৰে পৰা আৰম্ভ হৈছে প্ৰম এলিট(ছিনিয়ৰ) পুৰুষ ৰাষ্ট্ৰীয়া বক্সিং চেম্পিয়নশ্বিপ। উদ্বোধনী অনুষ্ঠানত অংশ লয় প্ৰাক্তন কেন্দ্ৰীয় খেলমন্ত্ৰী তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

৬. অসমৰ শিক্ষা বিভাগে চৰকাৰী মাদ্ৰাছা সমূহক শুকুৰবাৰৰ পৰিবৰ্তে দেওবাৰে বন্ধ ৰাখিবলৈ আনুষ্ঠানিক নিৰ্দেশনা জাৰি কৰিছে।

৭. গুৱাহাটীত আৰ এন বৰুৱা-প্ৰতিভা বৰুৱা সোঁৱৰণী জীৱনজোৰা বঁটা গ্ৰহণ কৰে দৈনিক অসম কাকতৰ সম্পাদক ৰাধিকা মোহন ভাগৱতীয়ে। ভাষণ প্ৰসংগত তেখেতে যুৱ প্ৰজন্মৰ সাংবাদিকৰ প্ৰমূ্ল্যৰ অৱক্ষয় ঘটা বুলিও মন্তব্য কৰে।

৮. কাজিৰঙাৰ আয়’ৰা ৰিজৰ্টত ৩-১১ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছে চিল্ক এণ্ড ডাই ফেষ্টিভেল। বাঁহ, বেত, হস্ত-শিল্পকে ধৰি বিভিন্ন সামগ্ৰীৰ বিক্ৰী মেলা, থলুৱা শিল্পীৰ শিল্প প্ৰদৰ্শনী, সাংস্কৃতিক কাৰ্যসূচী আদিৰে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত এই মেলাই পৰ্যটক সকলক আপ্লুত কৰিছে।

৯. অসমত এতিয়াৰে পৰা কৃষি সঁজুলি বিচাৰি মন্ত্ৰী বিধায়কৰ কাষ চপাৰ প্ৰয়োজন নাই বুলি মন্তব্য কৰিছে কৃষিমন্ত্ৰী অতুল বৰাই। অহা ১৩-১৮ ডিচেম্বৰলৈ কৃষক শিবিৰ অনুষ্ঠিত কৰি টেক্টৰ, পাৱাৰ টিলাৰ আদি বিতৰণ কৰিবলৈ পদক্ষেপ লোৱাৰো সুখবৰ প্ৰকাশ পাইছে।

১০. একাদশ যোৰহাট গ্ৰন্থমেলা ৫-১৫ ডিচেম্বৰ পৰ্যন্ত আয়োজিত হৈছে। বিমুদ্ৰাকৰণৰ ফলত হোৱা নগদ ধনৰ নাচনিৰ মাজতো কিন্তু গ্ৰন্থপ্ৰেমীৰ উমাল সঁহাৰিয়ে বিক্ৰেতা সকলক সুখী কৰিছে। আজি সন্ধিয়া কৰুণাধৰ বৰুৱা সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াৰো আয়োজন কৰা হৈছে।

No comments:

Post a Comment