Saturday, December 10, 2016

পৰ্যবেক্ষণ

গণ-সংগঠনত গণতন্ত্ৰ বনাম একনায়কত্ববাদ 
অজয় লাল দত্ত

বিশ্বৰ ভিতৰতে সৰ্বাধিক জনসংখ্যাই অংশগ্ৰহণ কৰা গণতান্ত্ৰিক দেশ হিচাবে ভাৰতৰ এক সুকীয়া পৰিচয় আছে। বাক্-স্বাধীনতাৰ ক্ষেত্ৰত যথেষ্ট উদাৰতা, বহু দলীয় ব্যৱস্থা, বহু ভাষিক-সম্প্ৰদায়, জাতি-নৃগোষ্ঠীয় ভিন্নতাময় কাৰকেৰে বৈচিত্ৰ্যময় হৈ ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাই ক্ৰমবিকাশৰ বাট বুলিছে। সংসদৰ পৰা পঞ্চায়তীৰাজলৈ সকলো স্তৰতে নিৰ্বাচন তথা সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত সংখ্যাগৰিষ্ঠৰ মতক মান্যতা প্ৰদান তাত্ত্বিক ভাৱে এই প্ৰক্ৰিয়াৰ অন্যতম বৈশিষ্ট্য। স্থানীয় সংস্থা, ৰাজহুৱা সমিতিৰ পৰা ধৰি ৰাষ্ট্ৰীয় স্তৰৰৰ ৰাজহুৱা সংগঠন সমূহো একেই গণতান্ত্ৰিক পদ্ধতিৰে একোখন গৃহীত সংবিধানৰ ভিত্তিত পৰিচালিত হয়। অৱশ্যে দাতব্য ন্যাস আৰু কিছুমান সংস্থা পোনপটীয়াকৈ পৃষ্ঠপোষক তথা প্ৰমোটাৰৰ নীতি বা ইচ্ছাৰ দ্বাৰাই পোনপটীয়াকৈ চলে। একেদৰেই কোম্পানী আইনৰ অধীনত সৃষ্টি হোৱা সংগঠন, সংস্থা সমূহে এই আইনৰ নীতি নিয়ম মানি চলিব লগীয়া হয়, কিন্তু বেছি ভাগ কোম্পানীয়েই ভাৰতীয় কোম্পানীয়েই আইনৰ বিশাল সুৰুঙাৰ অপব্যৱহাৰ কৰাৰ কথা সৰ্বজনবিদিতই। মালিক আৰু সেৱকৰ ধাৰণাৰে সৃষ্ট একালৰ ঔপনিবেশিক শাসনৰ সোৱাদ পোৱা জনতাৰ বাবে কৰ্পৰেট গভৰ্নেন্স শব্দটো এতিয়াও অচিন, আৰু বাস্তৱতো ই চালুকীয়া অৱস্থাতেই থকা বুলি কব পাৰি। যি কি নহওক, নিৰ্দিষ্ট লক্ষ্য, উদ্দেশ্য আৰু পূৰ্ব-ঘোষিত নীতি-নিয়মৰ মাজেৰেই যিকোনো সৰু-বৰ সংগঠন, সংস্থা আদি গঠিত হয় আৰু ও পৰিচালিত হবও লাগে। কিন্তু বাস্তৱত এইক্ষেত্ৰত বিশাল বিচ্যুতি লক্ষ্য কৰা যায়। আৰু বিগত দশকত শিৰোনাম দখলকৰা কেইবালানি বাতৰিয়ে তাকেই উজলাই তোলে।


কাৰ্যক্ষেত্ৰত এনেকুৱা ৰাজহুৱা সংগঠন অথবা সংস্থা সমূহ দিনক দিনে এমুঠিমান লোকৰ নিয়ন্ত্ৰণলৈ চিৰদিনৰ বাবে গুচি যোৱা যেন প্ৰতিচ্ছবিও দুখলগাকৈ প্ৰত্যক্ষ কৰিব লগা হয়। সংগঠনটোৰ নাম লোৱাৰ লগে লগেই একোজন নেতাৰ প্ৰতিচ্ছবিহে মানুহৰ মনলৈ ভাঁহি অহাৰ অৱস্থাও হয়গৈ। অলিম্পিক কমিটি মানেই কালমাদী, ক্ৰিকেট মানেই পাৱাৰ-ডালমিয়া, কোনো এটা ৰাজনৈতিক দল মানেই এজন নেতাৰ পূজন, কৰ্মচাৰী সংগঠন মানেই অমুক, সাহিত্য সভা মানে তমুক ইত্যাদি! এই ৰোগত আক্ৰান্ত কেৱল ৰাজনৈতিক দলেই নহয়, সাহিত্য, ক্ৰিকেট, ফুটবল, কৃষক, শ্ৰমিক আদিৰ সংগঠন সমূহো এনেকুৱা কেৰোণত জৰ্জৰিত হোৱা দেখা গৈছে আৰু সৰ্বত্ৰ চৰ্চিত হৈছে। যাৰ ফলত যি প্ৰকৃত লক্ষ্য উদ্দেশ্যৰে গঠন হৈছিল, সেই সামাজিক ভূমিকা পালন কৰাৰ পথৰ পৰা সংগঠনটো ক্ৰমাত বিচ্যুত হৈ পৰে। এনে ক্ষণত ব্যক্তিবিশেষৰ বা শ্ৰেণী বিশেষৰ স্বাৰ্থ ৰক্ষাটোহে সৰ্বোপৰি হৈ উঠে। ধনে-জনে শক্তিশালী হৈ পৰা এনেকুৱা নেতৃত্ব লোৱা মানুহৰ মাজতে একনায়কত্ববাদী মনোভাৱ ঠন ধৰিবলৈ ধৰে আৰু চলে বলে কৌশলে সংগঠনটো নিজৰ কব্জাত কৰি লোৱাতহে মনোনিবেশ কৰে।

এইখিনিতে প্ৰায় ডেৰদশক পূৰ্বে অসম ইঞ্জিনীয়াৰিঙ কলেজৰ তদানীন্তন অধ্যক্ষ গৰাকীয়ে কোৱা এষাৰ আপ্তবাক্য মনলৈ আহিছে। সিদিনা সন্ধিয়া ছাত্ৰ একতা সভাৰ মাজত আভ্যন্তৰিণ সংঘাতৰ ফলত সাধাৰণ সম্পাদকে পদত্যাগৰ ভাবুকি দিছিল। তেতিয়া বাকী সম্পাদক সকলকো একেখন টেবুলত বহাই তেওঁ কৈছিল-‘Nobody is essential in this world’! তেখেতৰ স্পষ্ট কথা, কাইলৈ যদি অধ্যক্ষও নাথাকে তেন্তে উপাধ্যক্ষই দায়িত্ব লব, সাধাৰণ সম্পাদক নাথাকিলে সহকাৰীয়ে। কাৰো ওপৰত ভৰসা কৰি পৃথিৱীখন চলা নাই, সময়ে সকলোৰে বিকল্প উলিয়াই লবই। কোনোবা এগৰাকী পদত থাকিলেও ৰাতিপুৱাব, কলেজ বাচ আহিব, ক্লাছ হব, নাথাকিলেও! চাৰে দিব বিচৰা কঠোৰ বাৰ্তাটো আমি সহৃদয়তাৰে গ্ৰহণ কৰিছিলো আৰু সংঘাত সামৰি নিজৰ দায়িত্ব চমজি লবলৈ বাধ্য হৈছিলো। কিন্তু এই কথাখিনিকে যেন আমাৰ দেশৰ নেতা, সংগঠক আদিয়ে মানি লবলৈ টান পায়। বুজিও নুবুজা সাজিবলৈ চেষ্টা কৰি, নিজকে কোনো সংগঠনৰ বাবে দেশৰ বাবে অত্যাৱশ্যকীয়, নহলেই নহব, বিকল্পবিহীন হিচাবে প্ৰতিপন্ন কৰিবলৈ অহোপুৰুষাৰ্থ কৰে। যাৰ ফলতে একনায়কত্ববাদী মানসিকতাই গোজেই গজালি হৈ মতৰ ভিন্নতাক প্ৰথমে অস্বীকাৰ আৰু পাছলৈ সহমত প্ৰকাশ নকৰা সকলক বহিস্কাৰ কৰাৰ দৰে পদক্ষেপ লোৱাৰ খবৰবোৰ দৃষ্টিকটুভাৱে সৃষ্টি হয় আৰু সংগঠনৰ ভাৱমূৰ্তি জনমানসত ম্লান হয়।

আমেৰিকান লেখক জন চি. মেক্সৱেলে এজন সুদক্ষ নেতাৰ সংজ্ঞা দিছে, এইদৰে- A leader is one who knows the way, goes the way, and shows the way. এনেকুৱা নেতা গঢ় লোৱা বা পোৱাটো সমাজৰ বাবেই সৌভাগ্যৰ কথা। প্ৰকৃত নেতাই সহযোগী সকলক সময়মতে প্ৰশিক্ষণ দি ভৰসাযোগ্য সাৰথিৰ সৃষ্টি কৰি লয় আৰু এনে সুযোগ্য দ্বিতীয় লাইনৰ নেতা সৃষ্টিৰ সক্ষমতাকো শীৰ্ষনেতাৰ এক গুণ বুলিয়েই আখ্যা দিব পাৰি। কিন্তু বেছিভাগ নেতাই এনে নেতৃত্ব বিকাশৰ কাম কৰিব পৰাৰ গুণ নাথাকে বা নোৱাৰে, তেওঁলোকে অজানিতে নেতৃত্বৰ ভাৰ অচিৰেই কোনোবাই কাঢ়ি নিব বুলিহে শংকাত ভোগে। অসমৰ পটভূমিলৈ চালে অখিল গগৈৰ কৃষক মুক্তিৰ সংগ্ৰামখনৰ ক্ষেত্ৰতো তেওঁলোক ৰাজনৈতিক ক্ষেত্ৰলৈ যাব বুলি কৰা ঘোষণাৰ পাছতো কিন্তু ১২৬টা সমষ্টিত থিয় হব পৰাকৈ বিগত সময়চোৱাত নেতৃত্বৰ বিকাশ হৈ নুঠা কথাটোৱেই তেওঁলোকৰ সংগঠনটোক এই ক্ষেত্ৰত অসহায় কৰি পেলোৱাহেন অনুভৱ হয়। ইয়াৰ বিপৰীতে, প্ৰতিষ্ঠাকালৰ শুভাকাংখী, পৰামৰ্শদাতা আনকি সহযোগীও ক্ৰমাত এই সংগঠনৰ পৰা নেতাৰ একনায়কত্ববাদী মনোভাৱৰ কথা সমালোচনা কৰি ওলাই অহাটোও এক লক্ষণীয় কথাই নহয়নে? এই কথাটোৱে কিন্তু অসমত এক বিকল্প ৰাজনৈতিক শক্তিৰ উত্থানৰ পথটোকে ৰুদ্ধ কৰিছে, যিটো ৰাজহুৱা স্বাৰ্থৰ বাবে অনুকূল নহয়।

একেদৰেই কিছুদিন আগলৈকে অসম ক্ৰিকেট সন্থা মানেই সৰ্বেসৰ্বা বিকাশ বৰুৱা ধৰণৰ এটা ধাৰণা নাছিল নে? অৱশেষত যেনিবা কিছু প্ৰাক্তন খেলুৱৈৰ সংঘবদ্ধ প্ৰচেষ্টা, ন্যায়িক যুঁজ আৰু ৰাজ্যত শাসকীয় দলৰ পৰিবৰ্তনে সেই স্থিতাৱস্থাৰো অন্ত পেলালে। এতিয়া কি অসমত ক্ৰিকেটৰ ক্ষেত্ৰৰ খেল, চৰ্চা, ৰাজ্যিক দলৰ প্ৰদৰ্শন আদি স্থবিৰ হৈ গৈছে জানো? নিশ্চয়কৈ হোৱা নাই, বৰঞ্চ ভাল প্ৰদৰ্শনৰ বাতৰিহে দেখিবলৈ পাইছো। কিন্তু এই সা-সলনিয়ে সংস্থাটোৰ কেৰোণ সমূহ যে সমূলঞ্চে আঁতৰ কৰিব পাৰিছে, তাক ন-দি কব নোৱাৰি, তাৰ বাবে মৌলিক সংস্কাৰৰ প্ৰয়োজনীয়তা নিশ্চয় আছে। কিন্তু সংস্থা একোটাক দীৰ্ঘদিন একোজন ব্যক্তিকেন্দ্ৰিক কৰি ৰখাৰ পৰা মুক্ত কৰাৰ এই এক সফল উদাহৰণ।

একেদৰেই অসম সাহিত্য সভাৰ নিৰ্বাচনত জিকিবলৈ পৰমানন্দ ৰাজবংশী বাহিনীৰ সৈতে আপোচ নকৰিলে কোনো উপায় নাই ধৰণৰ ইমেজ সৃষ্টিয়ে দীৰ্ঘদিনৰ পৰা অসমৰ সাহিত্য কৰ্মী সকলৰ মনত উদ্বেগৰ সৃষ্টি কৰি আহিছে। নিৰ্বাচনৰ প্ৰাক্-ক্ষণত বোকা ছটিওৱা বাতৰিৰ বাহিৰে কোনো ন্যায়িক বা সাংগঠিনক তদন্তৰ দ্বাৰা এই লবীটোক পৰাভূত কৰিব নোৱাৰাৰ বাবেই এই জাতীয় সংগঠনটোৰো গৰিমা হ্ৰাস হোৱা বুলি সচেতন মহলে মত প্ৰকাশ কৰে। সেই লবীৰ সৈতে আপোচ কৰিহে নিৰ্বাচিত হোৱা শীৰ্ষ নেতাই সংস্কাৰৰ কথা কবই বা কেনেকৈ, বা গৰিমা হ্ৰাস কৰা কাৰক সমূহক সমূলঞ্চে আঁতৰ কৰাৰ বাবে পদক্ষেপ লবইবা কেনেকৈ? এনে বিড়ম্বনাৰ মাজতে সভাৰ পুঁজি বিষয়ক খেলিমেলিলৈ ইংগিত দি এগৰাকী গাণনিকে প্ৰধান সম্পাদক ৰাজবংশী আৰু এগৰাকীক আত্মহত্যালৈ ঠেলি দিয়াৰ অভিযোগ তুলি আত্মহনন কৰা কাৰ্যই ৰাইজৰ চকু কপালত তুলিলে। প্ৰথমে আশা কৰা মতেই, সভাই আভ্যন্তৰিণ তদন্তৰ কুচ-কাৱাজেৰে কথাটো ইমানতে অন্ত কৰি পেলাবৰ যো-জা কৰিছিল যদিও সংবাদ মাধ্যম ও ৰাজহুৱা হেঁচাত আৰক্ষীয়ে ন্যায়িক জিম্মালৈ অভিযোগ উঠাসকলক আনিবলৈ বাধ্য হয়। কোনো এগৰাকী ব্যক্তি ব্যক্তিগত গোচৰতো ২৪ঘণ্টাতকৈ অধিক কাৰাগাৰত বা আৰক্ষী জিম্মাত থাকিলে, তেওঁক ততালিকে নিলম্বন কৰাটো চৰকাৰী নিয়ম। কিন্তু এই কেচত তেনেধৰণৰ বাতৰি প্ৰচাৰিত নোহোৱাটো আচৰিত কথাই নহয়নে? লগতে সাহিত্য সভাৰ নামক কলংকিত কৰাকৈ সৃষ্টি হোৱা এনে ঘটনাৰাজিৰ আলমতে এইগৰাকী ব্যক্তিক সভাৰ মজিয়াৰ পৰা চিৰদিনলৈ নিষিদ্ধ কৰি পেলাব নালাগেনে? ব্যক্তিতকৈ সংস্থা উৰ্ধত, এই কথাষাৰি প্ৰযোজ্য কৰাৰ সময় কিন্তু সভাৰ বাবে সমাগত। শতবাৰ্ষিকীৰ প্ৰাক্-ক্ষণত ব্যক্তিগত দুৰ্বলতাৰ উৰ্ধলৈ গৈও কাৰ্যনিৰ্বাহক সভা বা শীৰ্ষতম পদবীধাৰীয়ে এই প্ৰত্যাহ্বান গ্ৰহণ কৰিব লাগিব।

সংগঠন একোটাত ব্যক্তিৰ গুৰুত্ব যেতিয়াই অতিপাত বৃদ্ধি পাবলৈ ধৰে, তাৰ লক্ষণ সাধাৰণতে ৰাইজে সংগঠনটোৰ কৰ্মকাণ্ডতে প্ৰতিফলিত হোৱা দেখিবলৈ পায়। যেনে-ব্যক্তি এগৰাকীক কিবা সা-সুবিধা দিবৰ বাবে আবতৰীয়া সংবিধান সংশোধন। ব্যক্তিৰ শক্তি ইমানেই বৃদ্ধি পায় যে তেওঁৰ ইচ্ছা অনুসৰি সংবিধান সংশোধন কৰিলেও সাধাৰণ সদস্য সমাজে তাৰ বিৰোধিতা কৰিব নোৱাৰে বা বিৰোধিতা কৰি সংগঠনত টিকি থাকিব নোৱাৰে। এয়াও একনায়ত্ববাদৰ সূচনাৰ আগজাননী স্বৰূপেই। ই লাগিলে এক ব্যক্তি এক পদ নীতি নিজৰ সুবিধাৰ বাবে বলবত কৰি পুনৰ নিজৰ সুবিধাৰ বাবে সংশোধন কৰা অৰিবন্দ কেজৰীৱালেই হওক বা অসম গণ পৰিষদৰ অতুল বৰাই হওক, বেমাৰ কিন্তু একেটাই! একেদৰেই সাহিত্য সভাত উপ-সভাপতিৰ পদ এবাৰ অলংকৃত কৰাৰ পাছত পুনৰ সাধাৰণ সম্পাদক হবলৈ অহা পৰমানন্দ ৰাজবংশীৰ উদ্দেশ্যপ্ৰণোদিত প্ৰস্তাৱেৰে সাহিত্য সভাৰ সংবিধান সংশোধনো একেই বেমাৰৰে বৰ্হিঃপ্ৰকাশ নাছিলনে?

সৰ্বভাৰতীয় স্তৰত, ক্ৰিকেটৰ ক্ষেত্ৰতো উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰি ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ সংস্কাৰ সাধন আৰু ৰাজনৈতিক নেতাক খেল প্ৰশাসনৰ পৰা আঁতৰ কৰাৰ বাবে দিয়া লোধী কমিটিৰ পৰামৰ্শৱলীও আচলতে ৰাজহুৱা সংগঠনৰ এনে ক্ষতিকৰ ৰোগ নিৰাময়ৰ বাবে এটা দৃষ্টান্তমূলক ৰায়েই। দেখা যায় যে কিছুমান নেতাই লবী সৃষ্টিৰে ক্ৰমাত শক্তিশালী হৈ সংগঠনটোৰ ভিতৰত একনায়কত্ববাদৰ সূচনা কৰা চৰিত্ৰ সমূহে, প্ৰথমেই সংগঠনটোৰ আভ্যন্তৰীণ গণতন্ত্ৰক পংগু কৰি পেলায়। ৰাজহুৱা সংস্থাবোৰক নিজা বাপতিসাহোন সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিবলৈ লয়। ৰাজনৈতিক দল সমূহৰ ক্ষেত্ৰতটো ই আৰু এখোপ চৰাহে আৰু নেতৃত্বও পৰিয়ালৰ বংশানুক্ৰমিক অধিকাৰ হস্তান্তৰৰ ফৰ্মূলাৰে যেন ৰূপায়িত হয়। তামিলনাডুৰ কৰুণানিধিৰ দল, সৰ্বভাৰতীয় কংগ্ৰেছ, পাঞ্জাৱৰ আকালী, উত্তৰ প্ৰদেশৰ যাদৱ কুল এনে বংশগত ৰাজনীতিৰ প্ৰধান ধ্বজধাৰক। দেশৰ বহুতো মন্দিৰ, ন্যাস, সত্ৰ আদিকে ধৰি সংস্থা সমূহতো উত্তৰাধিকাৰ নিৰ্বাচনত যোগ্যতাৰ মুকলি প্ৰতিযোগিতাতকৈ বংশগত কাৰকৰ প্ৰভাৱ অধিক দেখা যায়। 

সংস্থা সমূহৰ তথাকথিত নিৰ্বাচন সমূহতো ভাৰতীয় গণতন্ত্ৰৰ সাধাৰণ নিৰ্বাচনৰ আঁসোৱাহ সমূহৰ ক্ষুদ্ৰ সংস্কৰণ দেখিবলৈ পোৱা যায়। উদাহৰণস্বৰূপে শিক্ষক সংস্থাৰ নিৰ্বাচনৰ প্ৰাক্-সন্ধ্যাও প্ৰতিনিধিৰ শিবিৰে শিবিৰে প্ৰলোভনৰ টোপোলাই সমাজলৈ কি ইংগিত দিয়ে? কৰ্মচাৰী সংস্থাতো কেইবাদশক ধৰি একেকেইজন নেতাই কেনেকৈ ক্ষমতা খামুচি থাকে? এইবোৰ প্ৰশ্নৰ উত্তৰ বিচাৰিলে, নিৰ্দিষ্ট সময়ত নিৰ্বাচন অনুষ্ঠিত নকৰি কাৰ্যকাল দীঘলীয়া কৰাৰো উদাহৰণ পোৱা যায়। সদৌ অসম ছাত্ৰ সন্থাৰ নিৰ্বাচনৰ ক্ষেত্ৰতে মৰাণ অধিৱেশনত দায়িত্ব লোৱা তপন গগৈ-শংকৰ প্ৰসাদ ৰয়ৰ যুটিৰ দশকজোৰা নেতৃত্বই সৌ-সিদিনা ৰাজনৈতিক পথাৰৰ ৰাস্তা উলিয়াইহে পদ আজৰি কৰিলে।পুনৰ নেতৃত্ব নিৰ্বাচনৰ ক্ষেত্ৰতো তৃণমূলীয় কৰ্মীৰ অভিমততকৈ সৰ্বেসৰ্বা ধৰণৰ নেতৃত্বৰ ইচ্ছাহে শেষ পৰ্যন্ত পূৰণ কৰিব লগা হয়। গণতান্ত্ৰিক পদ্ধতিৰ নিৰ্বাচন হৈ পৰে কেৱল ফৰ্মেলিটিহে! ভাবুকি, প্ৰলোভন, আপোচ আদিৰ হেঁচাত কোনোবাই শেষ হাঁহি মাৰিলেও প্ৰকৃততে গণতন্ত্ৰই হাৰ মানিবলৈ বাধ্য হয়। যদিও কমিটিয়ে শেষ সিদ্ধান্ত লোৱা বুলি প্ৰচাৰিত হয়, আন-অফিচিয়েলি হলেও দল-সংগঠন সমূহ একোজন নেতাৰ ইচ্ছাৰেই পৰিচালিত হয়, এই অভিযোগৰ পৰা বাওঁপন্থী-সোঁপন্থী দল অথবা মমতা বাহিনী কোনো এটায়েই মুক্ত নহয়! 

জুহালত গঢ়িলেহে কমাৰশালত গঢ়িব পাৰি। সৰ্ব-ভাৰতীয় গণতন্ত্ৰ, পঞ্চায়তীৰাজৰ পৰা আৰম্ভ কৰি সকলো ৰাজনৈতিক-অৰাজনৈতিক সংগঠন সংস্থা সমূহৰ গণতান্ত্ৰিক প্ৰমূল্যৰ ওপৰতহে প্ৰতিষ্ঠিত। সেয়ে ইয়াক শক্তিশালী কৰিবলৈ হ’লে মাইক্ৰ-লেভেলৰ পৰাই ৰূপান্তৰৰ কাম আৰম্ভ হব লাগিব। ৰাজহুৱা কাম বা সংস্থা-সংগঠনত সংবিধানেই সৰ্বোচ্চ, কোনো ব্যক্তিয়েই অত্যাৱশ্যকীয় নহয় এই কথা প্ৰতিষ্ঠা কৰিব লাগিব। বিকল্প নেতৃত্বৰ বিকাশৰ কামো নিৰৱচ্ছিন্ন ভাৱে সমাজে কৰি যাব লাগিব। সৰু সংগঠন সমূহৰ পৰাই একনায়কত্ববাদৰ সূচক আঁসোৱাহ সমূহ আঁতৰ কৰি সৰ্বাত্মক ৰূপ দিব পাৰিলেহে প্ৰকৃতাৰ্থত ভাৰতক গণতান্ত্ৰিক ব্যৱস্থাক অধিক কৰ্মঠ আৰু শক্তিশালী ৰূপ দিব পৰা যাব সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment