মনৰ কথা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আধাৰশিলা স্থাপনৰ বাহুল্য আৰু বহুৱালি
জ্যোতিৰূপম দত্ত
হে মহান মন্ত্ৰী-বিধায়কসকল ! আপোনালোক কোনো দেৱতা নহয় যে আমাসৱৰ দৰে সাধাৰণ ৰাইজে সদায়েই আপোনালোকৰ মিঠা মিঠা আশ্বাসত ভোল গৈ পূজা অৰ্চনা কৰি আপোনালোকক জাপি-মালা-গামোচা পিন্ধাই থাকিম ! নিৰ্বাচনৰ আগতে প্ৰত্যেক সমষ্টিৰ প্ৰতিটো চুকে-কোণে, পাহাৰে-কন্দৰে, বোকা-পানী খচি, পদব্ৰজে ঘুৰি শেঙুণনকা পেন্দুকনা কেইটিক কোলাত তুলি দুগালত তপৰ তপৰ চুমা খোৱা দৃশ্যবোৰ আমি পাহৰি যোৱা নাই ৷ অমুক কৰিম, তমুক কৰিম, ভচুক কৰিম, হেন কৰিম, তেন কৰিম বুলি কোৱা আশ্বাসবোৰো পাহৰা নাই ৷

কথাটো হ’ল যে বৰ্তমান সময়ত শাসনাধিষ্ট দলৰ বহুকেইজন মন্ত্ৰী-বিধায়ককে যতে-ততে নানা আচনিৰ নামত আধাৰশিলা স্থাপন কৰি ৰেকৰ্ড কৰাৰ প্ৰতিযোগিতাত নামি পৰাহে দেখা গৈছে ৷ সাধাৰণ জনতাৰ নিজৰ কষ্টোপাৰ্জিত ধনৰ এটা অংশ কৰ-কাটলৰ নামত চৰকাৰী তহবিলত জমা হয় ৷ চৰকাৰী তহবিলৰ পৰা বিভিন্ন পথ, দলঙ বা ৰাজহুৱা কামৰ নামত আবন্টিত ধনৰ এক বুজন পৰিমাণৰ অংশৰ শৰাধ কৰি জাকজমকতাৰে আধাৰশিলা স্থাপন কৰা সভা পতাৰ কোনো যুক্তি-যুক্ততা নাই ৷ দেখা গৈছে যে আবন্টিত ধনৰ শৰাধ কৰি আধাৰশিলা স্থাপন কৰি একাংশ মন্ত্ৰী-বিধায়কে জাপি-গামোছা সংগ্ৰহ কৰাৰহে প্ৰতিযোগিতাত নামি পৰিছে ৷ যোৱা বহুবছৰ ধৰি সমাজৰ প্ৰতিটো স্তৰত দুৰ্নীতিয়ে পোখা মেলি উন্নয়নৰ সামগ্ৰিক প্ৰক্ৰিয়াটোকে স্থবিৰ কৰি পেলোৱা ৰাজ্যখনৰ সাধাৰণ জনতাই যোৱা বিধানসভাৰ নিৰ্বাচনত বহু আশাৰে জয়যুক্ত কৰা চৰকাৰখনৰ একাংশ জনপ্ৰতিনিধিৰ এনেবোৰ দৃষ্টিকটু কৰ্মকাণ্ডই সকলোকে হতাশ কৰিছে ৷

সাধাৰণ ৰাইজক বুৰ্বক বুলি গণ্য কৰি সভাত উপস্থিত দুই-তিনিজনক চাহ-মিঠাই খুৱাই দুটামান হাতচাপৰি শুনি নিজকে জনপ্ৰিয় নেতা বুলি আকাশত চাং পাতি থকাৰ দিন উকলিল ৷ পথটিৰ নিৰ্মাণকাৰ্য্য ৰাইজৰ চকুৰ আগতেই হব ৷ গতিকেই যিমান পাৰি সোনকালে সুকলমে কোনো দুৰ্নীতি নোহোৱাকৈ নিৰ্মাণকাৰ্য্য শেষ কৰা কথাটোতহে গুৰুত্ব দিয়া উচিত ৷ তাকে নকৰি হেন কৰিম তেন কৰিম বুলি আশ্বাসৰ ফুলজাৰি মাৰি ডিঙিৰ সিৰ ফুলাই নিৰ্বাচনৰ সময়ৰ দৰে ভাষণ দিয়াৰ কোনো দৰকাৰ নাই ৷

আধাৰশিলা স্থাপনৰ দৰে অনুষ্ঠানবোৰ নকৰি ৰাজহুৱা কামবোৰ খৰতকীয়াভাৱেহে আৰম্ভ কৰা উচিত ৷ জৰাজীৰ্ণ পথ এটাৰ মেৰামতিৰ নামত বা নতুন পথ এটিৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠান এটা পাতি জনপ্ৰতিনিধি এজনে ডিঙিৰ শিৰ ফুলাই ভাষণ দি পথটোৰ নিৰ্মাণ প্ৰক্ৰিয়াৰ কথা বুজাই দিয়াৰ গইনা লৈ নিজৰ ফটাঢোল বজাই বাঃ বাঃ লোৱা কথাৰ কোনো যুক্তি যুক্ততা নাই ৷ সেয়ে আকৌ এবাৰ কৈছো, আধাৰশিলা স্থাপন কৰাৰ নামত কৰা বহুৱালিবোৰ বন্ধ কৰক ৷

সমষ্টিসমুহত অতদিনে পৰি থকা ৰাইজৰ কামবোৰ সোনকালে সমাধা হলে সাধাৰণ ৰাইজে আপোনাসৱক নিজেই সন্মান জনাব ৷ গতিকে কেইজনমান চাতুকাৰ, পদলেহনকাৰীৰ চলাহী মিঠা কথাত ভোল গৈ আধাৰশিলা স্থাপন কৰাৰ নামত ৰাজহুৱা ধনৰ শৰাধ নকৰিব ৷ সকলোৱে জনা কথা যে আধাৰশিলা স্থাপন কৰাৰ সভাখনৰ খৰচ পাতিবোৰ সেই প্ৰকল্পৰ নামত আবন্টিত ধনৰ পৰাই জোৰা মৰা হয় ৷ গতিকেই কাম আৰম্ভ নহওতেই ৰাজহুৱা ধনৰ অযথা শৰাধ কৰাৰ কোনো যুক্তি নাই ৷

আমি সকলোৱে ৰাজহুৱা কামবোৰ সুকলমে আৰু সময়মতে সুচাৰুৰূপে সমাধা হোৱাটোহে কামনা কৰো ৷ কাম আৰম্ভ নহওঁতেই ৰাইজৰ সেৱকৰ ডিঙিত মালা-গামোছা পিন্ধোৱা কথাটো কদাপি সমৰ্থন নকৰো ৷

No comments:

Post a Comment