সাময়িক প্ৰসংগ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আই.এ.এচ. বিষয়া ডি.কে. ৰবিৰ মৃত্যুৰ কথাৰে
ডাঃ বিৰাজ কুমাৰ শৰ্মা
আজি কিছুদিনৰ আগতে কৰ্নাটকত এজন ভাৰতীয় প্ৰশাসনিক সেৱা বিষয়াৰ অস্বাভাৱিক মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশকেই জোকাৰি গৈছে। বহুতে তেওঁৰ এই অস্বাভাৱিক মৃত্যুক আত্মহত্যাৰ পৰিবৰ্তে এক হত্যাকাণ্ড হিচাবে আখ্যা দিব বিছাৰে, কিয়নো ইয়াৰ পূৰ্বে তেওঁ কোলাৰ জিলাত উপায়ুক্ত হৈ থাকোতে ৰাজ্যখনৰ ভূ-মাফিয়াৰ বিৰুদ্ধে সাহসী পদক্ষেপ লৈছিলে আৰু জনস্বাৰ্থবিৰোধী শক্তিসমূহৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈছিলে। তেওঁৰ অস্বাভাৱিক মৃত্যুৰ পিছত স্বাভাৱিকতেই এনেবোৰ কথা চৰ্চালৈ আহিছে আৰু বিৰোধীপক্ষৰ প্ৰবল দাবীৰ ওচৰত সেও মানি চৰকাৰেও এই ঘটনাৰ চি.বি.আই. তদন্ত ঘোষণা কৰিবলৈ বাধ্য হৈছে।

নকলেও হ’ব যে আজি আমাৰ দেশ তথা সমাজত এচাম নিষ্ঠাবান বিষয়া কৰ্মচাৰীয়ে পদে পদে লাঞ্চিত তথা ভাবুকিৰ সন্মূখীন হৈ আহিছে। দুৰ্নীতিৰ বিৰুদ্ধে হুংকাৰ দিয়া আৰু আৰু দেশৰ স্বাৰ্থৰ হকে কাম কৰা এই সুদক্ষ বিষয়াজন আৰু কাহানীও ঘূৰি নাহিব। এনেদৰে দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দি চৰম শাস্তি পোৱা বিষয়াজন অকল কৰ্নাটকৰ ডি কে ৰবিয়েই নহয়, ইয়াৰ পূৰ্বে ২০১৩ চনত মধ্যপ্ৰদেশত এজন আই.পি.এচ. বিষয়া নৰেন্দ্ৰ কুমাৰেও ভূ-মাফিয়াৰ বিৰুদ্ধে সাহসেৰে অভিযান চলাওতেও ৰহস্যজনক ভাবে মাটি কঢ়িওৱা ট্ৰেক্টৰৰ খুন্দাত নিহত হৈছিল আৰু যিটো কথাক হত্যাকাণ্ড বুলি সন্দেহৰ আঙুলি উঠোৱা হৈছিল। উত্তৰ প্ৰদেশৰ ভূ-মাফিয়াৰ বিৰুদ্ধে যুঁজ দিয়াৰ বাবে দূৰ্গাশক্তি নাগপালেও অখিলেখ যাদৱ চৰকাৰৰ পৰা চৰকাৰী শাস্তি পাইছিল আৰু তেওঁৰ স্বামী আই.এ.এচ. বিষয়া অভিষেশ নাগপালকো চাকৰিৰ পৰা নিলম্বন কৰা হৈছিলে।

এনে বহুত উদাহৰণ আছে, যেনে তামিলনাডুৰ চি. উমাশংকৰ, এইমছৰ সঞ্জীৱ চতুৰ্বেদী আদি যিসকলে অন্যায়ৰ বিৰুদ্ধে মাত মাতি চৰকাৰী শাস্তি পাইছিল। শেহতীয়াকৈ ২৩ বছৰত ৪৬বাৰকৈ বদলিৰ নিৰ্দেশ পাই এক প্ৰকাৰ অভিলেখ গঢ়া হাৰিয়ানাৰ অশোক খেমকা সহিতে আন নজনকৈ বিষয়াৰ বদলিকৰণো ইয়াৰ অন্যতম উদাহৰণ। আমাৰ অসমতো চৰকাৰী ব্যৱস্থাটোৰ বিৰুদ্ধে চিঠি লিখি আত্মহত্যা কৰা চৰকাৰী বিষয়াৰ উদাহৰণ আছে। যাৰ বাবে আমাৰ এই দৈত্যকায় দুৰ্নীতিযুক্ত শাসন ব্যবস্থাটোৱে কিছুমান সৎ আৰু অন্যায়ৰ বিৰুদ্ধে যুঁজ দিয়া সুদক্ষ বিষয়াক চৰম পন্থা ল’বলৈ বাধ্য কৰায়।

আনহাতে এচামে সামাজিক স্বাৰ্থতকৈ ব্যক্তিস্বাৰ্থক প্ৰাধান্য দি চকু মুদি নিৰৱে এইবোৰ সহ্য কৰি গৈছে বা নিজেই প্ৰত্যক্ষ বা পৰোক্ষভাবে দুৰ্নীতিত নিমজ্জিত বা দুৰ্নীতিৰ যোগেদিয়েই ক্ষমতা পাবলৈ সক্ষম হৈছে বাবে হয় হুজুৰ মানসিকতাৰে এচাম ঘোঁচখোৰ লোকৰ ওচৰত নিৰ্লজ ভাবে মুৰ দোৱাই আহিছে। কাৰণ অন্যায়ৰ প্ৰতিবাদ কৰিলেই বিষয়াজন হ’ব লগা হয় এচাম তথাকথিত খাদী পোছাক পৰিধান কৰা জনপ্ৰতিনিধিৰ ৰোষৰ বলি, যাৰ পৰিনতি হয় বদলি, ভূৱা অভিযোগেৰে নিলম্বন ইত্যাদি। এয়াই আজিৰ চৰকাৰী খণ্ডৰ প্ৰকৃত স্বৰূপ।

দেশত পৰিবৰ্তন আনিবৰ বাবে অকল দল বা চৰকাৰ সলনি হ’লেই নহব ।সলনি হ’ব লাগিব প্ৰশাসন যন্ত্ৰৰো, য’ত থাকিব লাগিব এচাম সৎ, সুদক্ষ, দূৰ্নীতিমুক্ত প্ৰশাসনীয় বিষয়াৰে গঠিত এটি প্ৰশাসন যন্ত্ৰ। ইয়াৰ বাবে নিৰ্বাচন নিকা হ’ব নালাগে, নিকা হ’ব লাগে বাচনি প্ৰক্ৰিয়া। আমি অসমৰ ক্ষেত্ৰতেই দেখিছো, ৰাজ্যৰ বিভিন্ন বিভাগৰ প্ৰশাসনিক বিষয়া সকলক বাচনি কৰা হয় অসম লোকসেৱা আয়োগৰ দ্বাৰা যাৰ বিতৰ্কিত কাৰ্য্যকালাপ আৰু সময়ে সময়ে অভিযোগ অহা ক্ৰুতিপূৰ্ণ বাছনি প্ৰক্ৰিয়া, উৎকোচ লোৱা আদি ঘটনাৰ সম্পৰ্কে হয়তো নতুনকৈ দোহৰাৰ প্ৰয়োজন নাই। এনেদৰে যদি এক নিকা বাচনি প্ৰক্ৰিয়াৰে যোগ্য প্ৰাৰ্থী এজনৰ পৰিবৰ্তে আয়োগৰ সদস্যক সন্তুষ্ট কৰি পিছ দুৱাৰেৰে এজন প্ৰাৰ্থী বাচনি হৈ ৰাজ্যৰ সেৱা আগবঢ়াবলৈ আহে, তেনে এজন বিষয়াৰ পৰা আমি ভবিষ্যতে কিবা আশাব্যঞ্জক সাফল্য আশা কৰিব পাৰিমনে, দুৰ্নীতিৰে বাচনি হোৱা এজন বিষয়াৰ পৰা আমি দক্ষতা আৰু সততা আশা কৰিব পাৰিমনে ?

এনেদৰে আওঁপকীয়াকৈ প্ৰশাসন যন্ত্ৰটো আজি দিনে দিনে দুৰ্নীতিত নিমজ্জিত হৈ গৈ আছে | কিন্তু যিয়ে নিজৰ মেধাশক্তি আৰু দক্ষতাৰ বলেৰে ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া হোৱাৰ সুযোগ পাইছে, তাৰ মাজতো যি মুষ্টিমেয় সৎ বিষয়া-আমোলা আছে, তেওঁলোকৰ সততা, সাহসিকতা আৰু দক্ষতাৰ বাবেই আজিও আমাৰ প্ৰশাসন যন্ত্ৰটো সম্পূৰ্ণ ধ্ধংস নহৈ মৰি মৰিও জীয়াই আছে। ইয়াৰ অন্যথাই দেশ আৰু সমাজ কোনোবা কালেই ধ্ধংস হৈ বিক্ৰী হৈ গ’লহেতেন।

No comments:

Post a Comment