পলকতে সুখ-দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ-দুখৰ বতৰা

পলকতে সুখ-দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. লণ্ডনৰ নেচাৰেল হিষ্ট’ৰী মিউজিয়াম আৰু বিবিচি ৱাইল্ড লাইফে আয়োজন কৰা চলিত বৰ্ষৰ “ৱাইল্ড লাইফ ফটোগ্ৰাফাৰ অৱ দ্যা ইয়েৰ” শীৰ্ষক বিশ্বৰ সন্মানীয় খিতাপ লাভৰ পথত অগ্ৰসৰ হৈছে অসমৰ তেৰ বছৰীয়া কিশোৰী স্বাতী মহন্তই। বন্যপ্ৰাণীৰ আলোচিত্ৰ সংগ্ৰহৰ দুৰ্বাৰ হেঁপাহ থকা কিশোৰগৰাকীয়ে প্ৰতিযোগিতাৰ ফাইনেলিষ্ট হোৱাৰ সুখবৰো প্ৰকাশ পাইছে। দিল্লীৰ প্ৰেছিডিয়াম স্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী স্বাতী সুদক্ষ বন্যপ্ৰাণী ফটোগ্ৰাফাৰ তথা অ’এনজিচিৰ বিষয়া ৰূপাংকৰ মহন্ত আৰু মনোৰমা গোস্বামীৰ কন্যা।

২. তিনিদিনৰ ভিতৰতে অসম বন্ধৰ দৰে বন্ধৰ আহ্বান প্ৰতিৰোধৰ বাবে ৰাজ্য চৰকাৰে কি খচৰা যুগুতাই উলিয়াইছে বিচাৰপীঠত দাখিল কৰিবলৈ ৰাজ্য চৰকাৰ নিৰ্দেশ দিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। অৰুণ পাঠক নামৰ নাগৰিকে দাখিল কৰা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ ভিত্তিতে বন্ধৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিব বুলি জনোৱা চৰকাৰক অতি সোনকালে খচৰা দাখিল কৰিবলৈ নিৰ্দেশ দিয়াৰো বাতৰি প্ৰকাশ পাইছে।

৩. বহাগ বিহুৰ পিছতেই চাৰিজনকৈ নতুন মন্ত্ৰীক অসম মন্ত্ৰী সভাত স্থান দিব মুখ্যমন্ত্ৰীয়ে। বৰাকৰ পৰা এজন মন্ত্ৰী লোৱা হব পাৰে বুলি সূত্ৰত প্ৰকাশ। তাৰ পাছতে অহা ২৬ এপ্ৰিলত তেখেতে শিক্ষাবিষয়ক অধ্যয়নৰ বাবে অষ্ট্ৰেলিয়ালৈ যাব বুলিও খবৰ প্ৰকাশ পাইছে।

৪. কালি লখিমপুৰৰ জাপিসজীয়াত উন্মোচিত হয় কোটি টকীয়া ৰেচম লাট ভঁৰালৰ। হস্ততাঁত ৰেচম আৰু সাংস্কৃতিক মন্ত্ৰী বিস্মিতা গগৈয়ে এই মুগাৰ লাট ভঁৰালটোৰ পৰা জিলাখনৰ মুগা শিল্পৰ সাধক সকলে পোনে পোন ইয়াৰ পৰা উপকৃত হব পাৰিব বুলিও মত প্ৰকাশ কৰে।

৫. সকলো জৰুৰীকালীন সেৱাৰ বাবে মাত্ৰ এটা নম্বৰ ডায়েল কৰাৰ বাবে ১১২ নম্বৰ সেৱাৰ প্ৰৱৰ্তন কৰিবলৈ আগবাঢ়িছে ভাৰতৰ দূৰসংযোগ তদাৰকী বিভাগ ট্ৰায়ে। এই উদ্যম বাস্তৱত পৰিণত হ’লে আৰক্ষী, অগ্নিনিৰ্বাপক বাহিনী, এম্বুলেঞ্চ আদিৰ বাবে এই এটা নম্বৰত ফোন কৰিলেও উপলদ্ধ হব বুলিও সুখবৰ প্ৰকাশ পাইছে।

৬. মেৰী কমৰ পাছত এইবাৰ ৰূপালী পৰ্দালৈ আহিব অৰুণাচলৰ দুটা সন্তানৰ মাতৃ আৰু তিনিবাৰকৈ এভাৰেষ্ট জয় কৰি অভিলেখ গঢ়া অঞ্জু জামছেনপা নামৰ পৰ্বতাৰোহী গৰাকীৰ জীৱন। প্ৰসিদ্ধ পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে এই ছবিখন পৰিচালনা কৰিব আৰু ইয়াৰ বাবে ৪০কোটি টকাৰ বাজেট নিৰ্ধাৰণ কৰি অঞ্চুৰ জীৱনৰ লগতে তেওঁৰ কঠোৰ শ্ৰম আৰু সাফল্যৰ আঁৰৰ ব্যক্তি তেওঁৰ স্বামী তথা নিপুণ স্কাই-ড্ৰাইভাৰ, পৰ্বাতাৰোহী ছেৰিং বাংগেৰৰ প্ৰেৰণাদায়ক ব্যক্তিত্বও উজ্বলাই তুলিবলৈ খোজাৰ হৈছে বুলি সুখবৰ পোৱা গৈছে।

৭. আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে “প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা”ৰ শুভ উদ্বোধন কৰে। ক্ষুদ্ৰ উদ্যোগ সমূহ, কুটীৰ শিল্পৰ বিকাশৰ জৰিয়তে দেশত ১২ কোটিতকৈ অধিকজনে সংস্থাপন লাভ কৰা ক্ষেত্ৰখনক সৱলীকৰণ কৰাৰ বাবেই কেন্দ্ৰীয় চৰকাৰে এই যোজনা আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

৮. আজি ৰাষ্ট্ৰপতিয়ে দেশৰ পদ্ম সন্মান সমূহ প্ৰদান কৰিছে। অসমৰ পৰা ছবি পৰিচালক জাহ্নু বৰুৱাই পদ্মভূষণ, প্ৰকৃতিবিদ যাদৱ পায়েঙ আৰু সাহিত্যিক ডঃ লক্ষ্মীনন্দন বৰাই পদ্মশ্ৰী সন্মান লাভ কৰাৰ সুখবৰ। অমিতাভ বচ্চনক পদ্ম-বিভূষণ সন্মান  প্ৰদান কৰা হৈছে।

৯. আজি বিটিচিত অনুষ্ঠিত হৈছে নিৰ্বাচন। প্ৰায় বিশ লাখ ভোটাৰে ৩১৫গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্ণয়ৰ বাবে অংশ লৈছে নিৰ্বাচনী প্ৰক্ৰিয়াত।

১০. কালি অসমৰ লগতে গোপন স্থান সমূহত আলফাই প্ৰতিষ্ঠা দিৱস পালন কৰে। বিগত তিনিটা দশকত সশস্ত্ৰ সংগ্ৰামত আত্ম-বলিদান দিয়া হাজাৰ হাজাৰ তেজাল অসমীয়া যুৱকৰ ত্যাগৰ কথা স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱাৰো বাতৰি প্ৰকাশ পাইছে।

No comments:

Post a Comment