পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১) যো‌ৱা ৬ এপ্ৰিল,২০১৪ তাৰিখে গু‌ৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজ্য চৰকাৰে দাখিল কৰে ডাইনী হত্যাৰ নামত চলি থকা নাৰী নিৰ্যাতনসমূহৰ প্ৰতিৰোধ কৰাৰ বাবে যুগুতো‌ৱা খচৰা বিধেয়কৰ প্ৰতিলিপি ।

এতিয়ালৈকে অনুমোদন নোহো‌ৱা এই বিধেয়কখন ৰাজ্য চৰকাৰে বিধানসভাৰ পৰ‌ৱৰ্তী অধি‌ৱেশনৰ সময়ত বিধানসভাৰ মজিয়াত উত্থাপিত হব । 'ডি প্ৰিভেনছন অ‌ৱ এণ্ড প্ৰটেকশ্বন ফ্ৰম ‌ৱিচ্ছ হান্টিং বিল,২০১৫' নামেৰে জনাজাত এই বিধেয়কখনিৰ মতে ডাইনী হত্যাৰ অপৰাধত যা‌ৱজ্জী‌ৱন কাৰাদণ্ড আৰু মৃত্যুদণ্ডৰো শাস্তিৰ প্ৰস্তা‌ৱ লো‌ৱা হৈছে । এজন লোকক ডাইনী সজো‌ৱাৰ চেষ্টা কৰিলে ৩ৰ পৰা ৭ বছৰ পৰ্যন্ত কাৰা‌ৱাস আৰু ৫০ হাজাৰৰ পৰা ৫ লাখ পৰ্যন্ত জৰিমণা ভৰিব লগা হ'ব পাৰে । আৰু এনে অপচেষ্টাৰ বশ‌ৱৰ্তী হৈ যদি কোনো লোকে আত্মহত্যা কৰিবলৈ বাধ্য হয় , তেন্তে দোষীৰ  সাতবছৰৰ পৰা যা‌ৱজ্জী‌ৱন কাৰাদণ্ড আৰু ১ৰ পৰা ৫ লাখ পৰ্যন্ত জৰিমণা প্ৰদান কৰা হ'ব । এই বিধেয়কমতে কোনো লোকক কোনো বেজ বা অন্য লোকে  ডাইনী আখ্যা দিলে আৰু দুৰ্ভাগ্যৰ বাবে জগৰীয়া কৰিলে ৩-৭ বছৰ কাৰাদণ্ড আৰু ৫০ হাজাৰ টকাৰ জৰিমণা দিয়াৰ ব্য‌ৱস্থা কৰা হৈছে । ইয়াৰোপৰি অন্য সৰু -বৰ কেইবাটাও অপৰাধক এই বিধেয়কে সাঙুৰি লৈছে ।


২) কেন্দ্ৰীয় ড'নাৰ মন্ত্ৰী ডা: জীতেন্দ্ৰ সিং ৰাণাই উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন উগ্ৰপন্থী সংগঠনসমূহৰ দা‌বীসমূহক লৈ চলি থকা শান্তি-আলোচনাৰ শীঘ্ৰে সমাধান হো‌ৱাৰ পোষকতা কৰিছে । তেওঁ কয় যে অঞ্চলটোৰ আৰ্থ-সামাজিক উন্নয়ণৰ ক্ষেত্ৰত সন্ত্ৰাসবাদী কাৰ্য-কলাপ অনতি পলমে বন্ধ হো‌ৱাটো অতিকেই জৰুৰী । এই বিষয়ত তেওঁ গৃহ মন্ত্ৰণালয়ক আহ্বান জনাইছে বুলি জনাইছে । ইতিমধ্যেই প্ৰধানমন্ত্ৰীয়ে ১৫ দিনৰ মূৰে মূৰে অন্ত:ত আঠজন কেন্দ্ৰীয় মন্ত্ৰীয়ে উত্তৰ-পুৰ্বাঞ্চল পৰিদৰ্শন কৰিব লাগিব বুলি নিৰ্দেশ জাৰি কৰিছে ।


৩) থলু‌ৱা শিল্প আৰু পৰম্পৰাৰ প্ৰতি শ্ৰদ্ধা জনাই শিপিনীসকলক উৎসাহিত কৰিবৰ বাবে চৰকাৰে আইণ প্ৰণয়ন কৰি হস্ততাঁতৰ বাহিৰে বিদ্যুৎচালিত তাঁতশালত গামোচা উৎপাদন কৰাটোত বাধা নিষেধ কৰিছে । তৎস্বত্তেও ৰাজ্যখনত বহিৰাগত বহু কোম্পানী তথা ব্য‌ৱসায়ীয়ে মুনাফা লাভৰ আশাত এনে যন্ত্ৰত উৎপাদিত গামোচা ক্ৰয়-বিক্ৰয় কৰাৰ অভিযোগ উত্থাপিত হৈছে । সেয়ে এইবেলি কৰ বিভাগে জাননী জাৰি কৰিছে যে ব্য‌ৱসায়ীসকলে হস্ততাঁতত উৎপাদিত গামোচাৰ বাদে অন্য ধৰণে উৎপাদিত গামোচাৰ বিক্ৰী নকৰে বুলি লিখিতভা‌ৱে স্বীকাৰোক্তি প্ৰদান কৰিব লাগিব ।


৪) ' আই.এন.এছ কালভেৰী' নাম দিয়া ভাৰতৰ প্ৰথমখন 'স্কৰপেন' প্ৰযুক্তিৰ ছাৱমেৰিণ পৰ্যবেক্ষণৰ বাবে সাজু হৈ উঠিছে ।
'ডিআৰডিঅ'' নামৰ ভাৰতীয় সুৰক্ষা সংস্থাটো‌ৱে নিৰ্মাণ কৰা প্ৰযুক্তি আৰু ফ্ৰান্সৰদ্বাৰা প্ৰস্তুত হো‌ৱা আৰ্হিৰ এনে মুঠ ছখন স্কৰপেন ছা‌ৱমেৰিণ ভাৰতে নিৰ্মাণ কৰি নৌসেনাক সমৃদ্ধ কৰিব অহা ইং. ২০১৯ বৰ্ষৰ ভিতৰতে ।


৫) মুম্বাইত জন্মগ্ৰহণ কৰা ২৮ বছৰীয়া টেনিছ খেলু‌ৱৈ ছানিয়া মিৰ্জাই মাৰ্টিনা হিংগিছৰ সতে যুটি বান্ধি মিয়ামিত অনুষ্ঠিত হো‌ৱা অ'পেন টেনিছ টুৰ্নামেন্টৰ মহিলাৰ যুটীয়া শাখাত চূড়ান্ত বিজয়ী হিচাপে খ্যাতি অৰ্জন কৰিছে । ছানিয়াৰ ব্যক্তিগত কেৰিয়াৰত এইয়া হ'ল ২৫ তম ডাব্লিউ.টি.এ. খিতাপ ।


৬) ৰাছিয়াত অনুষ্ঠিত হো‌ৱা বিশ্ব মহিলা দবা চেম্পিয়নশ্বীপত ভাৰতৰ গ্ৰেণ্ড মাষ্টাৰ দ্ৰোনবল্লী হৰিকাই যুটিয়াভা‌ৱে ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয় । উল্লেখ্য যে অন্ধ্ৰ প্ৰদেশৰ গুন্টুৰ জিলাৰ ২৪ বছৰীয়া এই যু‌ৱতীগৰাকীয়ে ইং. ২০১১ বৰ্ষতে গ্ৰেণ্ডমাষ্টাৰ খিতাপ অৰ্জন কৰিছিল ।


৭) এখন বিজ্ঞান বিষয়ক আলোচনীত বনৰীয়া হাতীক খেদিবৰ বাবে সদৰি কৰা অভিন‌ৱ পন্থাটো আদৰি ল'বলৈ উত্তৰ-পূ‌ৱবাসীক আহ্বান জনাইছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । আলোচনীখনত প্ৰকাশ যে বন্যহস্তীৰ আক্ৰমণ ৰোধ কৰিবৰ বাবে মৌপালন অতিকেই ফলপ্ৰসু । অধ্যয়নৰ পৰা এই কথা নিশ্চিত হৈছে যে মৌৰ আক্ৰমণ হাতীয়ে কেতিয়াও সহ্য কৰিব নো‌ৱাৰে আৰু সেয়ে মৌ থকা ঠাইসমূহত হাতীয়ে সাধাৰণতে ভ্ৰমণ নকৰে । যাঠি-জোং বা বন্দুকৰ ভয় দেখু‌ৱাৰ সলনি এনে প্ৰাকৃতিক উপায়হে অ‌ৱলম্বন কৰিবৰ বাবে প্ৰধানমন্ত্ৰীজনে দেশৰ জনতাক আহ্বান জনায় ।


৮) মধ্য প্ৰদেশৰ পেনছ ৰাষ্ট্ৰীয় উদ্যানত যো‌ৱা ৩০ মাৰ্চৰ পৰা ১ এপ্ৰিললৈকে অনুষ্ঠিত হো‌ৱা 'কিডছ ফৰ টাইগাৰ' শীৰ্ষক বন্যপ্ৰাণী সংৰক্ষণ বিষয়ক কৰ্মশালাত অংশ গ্ৰহণ কৰি তেজপুৰ মহৰ্ষি বিদ্যালয়ৰ ছাত্ৰী কৃষ্টি ডেকা আৰু গু‌ৱাহাটী ফেকাল্টি স্কুলৰ ছাত্ৰী ৰুণা বৰু‌ৱাই 'টাইগাৰ এম্বেছাদৰ' সন্মান লাভ কৰি ৰাজ্যখনলৈ গৌৰ‌ৱ কঢ়িয়াই আনিছে ।


৯) চীনৰ এখন সৰু গাঁ‌ৱত ১৯৭০ চনত জন্মগ্ৰহণ কৰা এগৰাকী মহিলাই কাৰখানাৰ শ্ৰমিক হিচাপে কৰ্মজী‌ৱনৰ পাতনি মেলিছিল । নাম তেওঁৰ 'হাওঁ কুইয়েনফেই' । তে‌ৱেঁই হৈছে বৰ্তমানে এপল আৰু চেমচাঙৰ দৰে নামী দামী কোম্পানীৰ স্মাৰ্টফোনৰ বাবে প্ৰয়োজনীয় টাচ্ছ স্ক্ৰীণসমূহৰ যোগান দিয়া কোম্পেনী লেন্স টেক্ন'ল'জীৰ অধ্যক্ষা । মুঠ ৮০০ কোটি মাৰ্কিন ডলাৰ সম্পত্তিৰে চীনৰ আটাইতকৈ ধনী মহিলা হিচাপে তেওঁ বৰ্তমানে চিহ্নিত হৈছে ।


১০) ভাৰতীয় চাইক্লিং ফেডাৰেছনে চলিত মাহৰ ১ৰপৰা ৩০ তাৰিখলৈকে নতুন দিল্লীত অনুষ্ঠিত কৰা ইন্ড'ৰ চাইক্লিং ভেল'ড্ৰামত অসমৰ প্ৰতিশ্ৰুতিপূৰ্ণ চাইক্লিষ্ট অনু চুতীয়াই ইতিমধ্যে যোগদান কৰিছে ।এই শি‌ৱিৰটোৰ জৰিয়তেই আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলসমূহৰ বাবে খেলু‌ৱৈ বাচনি কৰা হ'ব ।
যুগুতালে- অৰুণজ্যোতি দাসে

No comments:

Post a Comment