Saturday, April 4, 2015

জীৱনৰ অনুভৱ

ডিগ্ৰীধাৰী বনাম অন্ধবিশ্বাস
জ্যোতি প্ৰকাশ নাথ
ৰাতিপুৱাই ৱাটছএপত মেছেজ এটা আহিল কিবা 'জয় বাবা শিৱ' জাতীয়। নুমলীগড়ৰ কোনোবা মন্দিৰৰ পূজাৰীক নাগ দেৱতাই দেখা দি কৈছে কলি যুগত পাপীক ধ্বংস কৰিবলৈ তেওঁ পুনৰ জনম ল'ব। লগতে তেওঁৰ নাম লৈ যিয়ে ১০০ জন মানুহলৈ এই মেছেজ পঠিয়াব তাক ভগৱানে সহায় কৰিব। কোনোবাই ১০০ টা মেছেজ পঠাই এক লাখ টকা পালে। কোনোবাই ৭০ টা মেছেজ পঠাই ব্যৱসায়ত বহুত লাভ কৰিছে। আৰু যিজনে মেছেজ পোৱাৰ ২৪ ঘণ্টাৰ পিছতো কালৈও ফ'ৰৱাৰ্ড নাই কৰা তেওঁৰ ভয়ঙ্কৰ বিপদ হৈছে। এনেকুৱা মেছেজ আমি সকলোৱে প্ৰায়ে বিভিন্ন সময়ত পাই থাকো। কিন্তু মন কৰিবলগীয়া কথা হৈছে এই মেছেজ আহিছে আমাৰ এগৰাকী বন্ধুৰ পৰা যিয়ে গণিত বিষয়ত মাষ্টাৰ ডিগ্ৰী লৈ বৰ্তমানে চৰকাৰী বিভাগ এটাত কনিষ্ঠ বিজ্ঞানী হিচাপে কৰ্মৰত। বন্ধুক কলো, বোলো এইবোৰ কি পঠিয়াইছ হেৰৌ! তেওঁ বোলে "মোৰ ভগৱানৰ ওপৰত বিশ্বাস আছে"। বন্ধুৰ লগত আৰু বিশেষ আলাপ নকৰি সেইভাগ তেনেকৈয়ে এৰা হ'ল।

ভগৱান বিশ্বাস কৰা বা পূজা অৰ্চনা কৰিলে বুলিয়ে মানুহে এনেকুৱা নাভূত-নাশ্ৰুত কথাও বিশ্বাস কৰিব লাগেনে? সৰুৰে পৰা বিজ্ঞান শিক্ষাৰে শিক্ষিত ব্যক্তি এগৰাকীয়ে যদি এইবোৰ কথা যুক্তিৰে বিচাৰ কৰি নাচায় অশিক্ষিত মানুহ এজনে বাৰু কি কৰিব। গণিতৰ স্নাতকোত্তৰ এজনে সাধাৰণ মেছেজ এটা পঢ়ি ভগৱানৰ ৰোষৰ বলি হ'ব বুলি ভয় খালে। তেওঁক ভণ্ড বাবা এজনে বাৰে ভচহু কথাৰে ভয় খুওৱাতো অত্যন্ত সৰু কথা। এই বিষয়ত ইতিমধ্যে যথেষ্ট আলোচনা বিলোচনা বিভিন্ন মাধ্যমত বিভিন্ন সময়ত হৈ গৈছে আৰু বোলছবি আদিও নিৰ্মাণ হৈছে। সেয়ে ইয়াৰ বিচাৰৰ দায়িত্ব আমি পাঠকৰ ওপৰতে এৰিলো।

এনে সময়তে কথা এটা মনলৈ আহে, আমাৰ সমাজত শিক্ষিত মানুহ এজনৰ শিক্ষাকালত লাভ কৰা জ্ঞানৰ প্ৰভাৱ নিজৰ জীৱনত নপৰে নেকি? কিয়নো আমাৰ জনৈক বন্ধুৰ দৰে অনেক উদাহাৰণ আমি বাস্তৱ জীৱনত পায়েই থাকো। বিজ্ঞান শিক্ষাৰে শিক্ষিত ডেকা লৰা এজনে 'এই মেছেজ ফৰৱাৰ্ড নকৰিলে ভস্ম হৈ যাব, ধ্বংস হৈ যাব' আদি বাৰে ভচহু কথা লিখা থকা মেছেজ এটা পঢ়ি ভয় নাখাই অতি সাধাৰণ যুক্তিৰে বিছাৰ কৰি চোৱাৰ মানসিকতাহে থকাৰ প্ৰয়োজন আছিল। মেছেজ দিয়া মানুহজনে কেনেকৈ গ'ম পালে যে মেছেজটো ফৰৱাৰ্ড নকৰিলে ভগৱানৰ ৰোষত পৰিব লাগিব, তেওঁক ভগৱানে নিজে আহি কৈ গৈছে নেকি কথাটো। এতিয়া কথাটো এনেদৰে হে ভাবিবলৈ আমি বাধ্য হৈছো যে পঢ়ি থকা কালচোৱাত সমস্ত কিতাপ আদি কিবাকৈ নাকে কাণে গুজি ডিগ্ৰীটো লোৱাৰ পাছত আৰু সেইপিনে পৰি নমস্কাৰ। সেই জ্ঞানৰ যদি কিবা দৰকাৰ আছে সেয়া অকল চাকৰিৰ দৰ্খাস্ততহে।

সাম্প্ৰতিক সময়ত আমাৰ সমাজৰ অধোনতিৰ অন্যতম এক কাৰণ হিচাপে আমাৰ ডিগ্ৰীৰ আলংকাৰিক শিক্ষা লোৱাৰ মানসিকতাক আঙুলিয়াব পৰা যায়। ডিগ্ৰীটো লৈ ভাল চাকৰি কৰি জীৱনটো কটোৱাৰ মানসিকতাই লাহে লাহে দকৈ শিপাইছে আমাৰ মনত। আৰু এয়া এদিন দুদিন বা এবছৰৰ ভিতৰত গঢ়ি উঠা মানসিকতা নহয়, স্বাধীনতাৰ প্ৰায় পিছৰ দুটা দশকৰে পৰা ক্ৰমান্বয়ে আমাৰ মানুহৰ মনত এই ভাবে ক্ৰিয়া কৰিব আৰাম্ভ কৰিছিল। সাম্প্ৰতিক সময়ত ইয়াৰ কুপ্ৰভাৱ আমি বাৰুকৈয়ে উপলদ্ধি কৰিছো। তাৰ বাবে আমি আমাৰ শিক্ষা ব্যৱস্থাক দোষাৰোপ কৰ নে সমাজ ব্যৱস্থাক সেয়া এক চিন্তনীয় বিষয়। আমাৰ বিস্বাস এই বিষয়ত আৰু অধিক চিন্তা চৰ্চা তথা আলোচনাৰ থল আছে। আশা কৰো আমাৰ আলোচনাই পাঠকৰ মনত সমস্যা সমাধানৰ নতুন চিন্তাৰ উদ্ৰেক কৰিব। ডিগ্ৰী বা চাৰ্টিফিকেটখনেই শিক্ষাৰ সৰ্বস্ব নহওক শেষ বিন্দু নহওক, বিচাৰ বিবেচনা সমৃদ্ধ মন গঢ়াৰ লক্ষ্যতো শিক্ষা উপনীত হওক, তাকেই কামনা কৰিলো।

No comments:

Post a Comment